পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৮)

কৰে কিন্তু তেঁও সকলো ভাষাকে বুজে আরু শুনে আরু তেঁও সকলোকে ৰক্ষা কৰে; কেৱে ইমান ডাঙ্গৰ নহয় যে তেঁও ৰক্ষা নকৰিব।

 হে আফ্ৰিকা দেশৰ তিৰোতা তুমি বন্দি সালত থাকি বিলাপ কৰিচা, আরু তোমাৰ নৰিয়া সন্তানৰ ওপৰত পৰি শোক কৰিচা, তোমাক আনে যদিও নেদেখে তেও ঈশ্বৰে দেখে, আরু আন কেৱে যদি দয়া নকৰে তেও ঈশ্বৰে কৃপা কৰে দুখিয়া আরু অনাথ সকলোৱে আপোনাৰ দুখত পৰি তেঁওলৈ আটাহ পাৰি আশ্ৰয় প্ৰাৰ্থনা কৰা তেঁও আৱশ্যে তোক শুনিব।

 হে ৰজা শতে২ দেশৰ ওপৰত ৰাজত্ব কৰা হয়, তোমাৰ অঙ্গ মৃত্যুৰ নিচিনা ভয়ানক, তোমাৰ সৈন্যে দেশ জোৰে,তেও তোমাৰ ওপৰত কেৱে নাই বুলি দৰ্প নকৰিবা; কিয়নো ঈশ্বৰ তোমাৰ ওপৰত আচে, তেঁওৰ পৰাক্ৰমী বাহু তোমাৰ ওপৰত, আৰু তুমি কুকৰ্ম্ম কৰিলে তেঁও তোমাক নিশ্চয় দণ্ড কৰিব।

 হে পৃথিবীৰ নানা দেশীয় মানুহ সকল, ঈশ্বৰক ভয় কৰা;হে মনুষ্যৰ বংস সকল পৰম প্ৰভু পৰমেশ্বৰৰ নাম লোৱা। ঈশ্বৰে সৃষ্টি নকৰা যদি কেৱে আচে তেন্তে সেইয়ে মোন তেঁওক নভজক, তেঁও আশীৰ্ব্বাদ নকৰা যদি কোনো আচে সি তেঁওৰ গুণানুবাদ নকৰক।