পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯৮ )


জানিবা যি চুৰ কৰে সি ঈশ্বৰৰ ক্ৰোধৰ তলতিয়া হব আরু তাৰ প্ৰতিফলো পাব।

লৰাহঁত নিশ্চয় কৈ জানিবা যে সরুলৰা এটিয়ে লাটিম চুৰ, কৰিলে যিমান পাপ, চোৰ এটাই ৰাতি সিন্ধি খানি এটো পোলা সোন চুৰ কৰি বন্দি সালত যাতনা পাই মৰাও তাৰ সমানেই পাপ; আরু যি সৰুৰে পৰা বেজি চুৰ কৰে সি ডাঙ্গৰ হলেও লাহে২ বৰ অকৰ্ম্ম কৰি সেষত মহা দুৰ্গতিত পৰে। তোমোলাকে যি কৰ্ম্ম কৰা সকলোতে সৎ হব পোৱা।

এই সকল উপদেশ সদাই মনত ৰাখিবা আৰু ঘৰতো এই কথাকে কবা আরু তোমাৰ পিতৃ মাতৃকো তোমাৰ কৰ্ম্মৰ দ্বাৰা সৎবুলি দেখুৱাবা। তুমি যদি পঢ়াশালিত পৰৰ কিবা বস্তু পোৱা তেন্তে তেতিয়'ই তোমাৰ অধ্যাপকক সোধাই দিবা; কোনো সরু লৰাক ভুরুকিয়াই তাৰ কোনো বস্তু নিবলৈ ইচ্ছা নকৰিবা; সিলৰা মানুহ একো নেজানে দেখি ভুরুকিয়াব নোপোৱা কোনো মানুহে বাটত কিবা বস্তু পেলাই জোৱা দেখিলে তুমি তেতিয়াই সেই বস্তু তাৰ গৃহ- স্থক সোধাই দিবাগৈ, কিয়নো ঈশ্বৰৰ আজ্ঞা নানিবৰ নিমিত্তে তোমাৰ প্ৰতি আনে যেনে কৰিলে তুমি ভাল পোৱা তুমিও তাৰ প্ৰতি তেনে কৰিবা।

 হে প্ৰিয় লৰা সকল ঈশ্বৰে তোমালাকক আশীৰ্ব্বাদ কৰক, আৰু ৰাতিয়ে দিনে তোমোলাকৰ কথা কৰ্ম্ম আরু