পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬০ ]

লগত জাব লৈ প্ৰাৰ্থনা কৰি কলে বোলে আমি যি খনি সোন পাঁও তাৰ আদ খিনি তুমি নিবা।

 পিজাৰোৰ ককায়েক্‌ আলঞ্জোৰ বৰ সন্তোষী স্বভাব আচিল আরু বৰ বিবেচক আচিল, তেঁও এই অভিলাষ ভাল নেপাই নানা বিপদৰ কথা আরু সোন পোৱা নোপোৱাৰ অনিশ্চয়ৰ কথা কৈ ভায়েকক নে জাবলৈ পৰামৰ্শ দিলে।

 কিন্তু তেঁওৰ পৰামৰ্শ পিজাৰোৱে নুশুনা দেখি তেঁও - তাৰ লগত জাবলৈ মানতি হল, কিন্তু এই কথা কলে বোলে মোক সোনৰ ভাগো নেলাগে, আরু আন একোকে নালাগে অকল মোৰ বয় বস্তু খনি তোমাৰ জাহাজত নিবলৈ দিবা।

 পিচে পিজাৰোৱে তাৰ যি আচিল সকলোকে বেচি এখন জাহাজ কিনি আরু আন২ কেতবোৰ সোন পাবলৈ আশা কৰা মানুহে সৈতে যাত্ৰা কৰিলে, কিন্তু এলঞ্জোৱে হলে অকল নাঙ্গল, কোৰ, কুঠা্ৰ‌, ধানৰ বিধান, আরু নানা বিধৰ সাকৰ গুটি ইত্যাদি খেতিৰ সামগ্ৰিত বাজে আন একোকে নললে। সিজাৰোৱে এই বোৰ বস্তু প্ৰবাসলৈ নিব নলগা বুলি পেটে ককায়েকৰ কথাত হাহিঁ তেঁওক মুখে একো নুবুলিলে।

 বৰ সুন্দৰ বতাহ পাই সিহঁত কিচু দিন গৈ সোন পোৱা ঠাইৰ ওচৰত ঠাইত জাহাজ লগালে গৈ।

 তাৰে পৰা যি সোন পাবলৈ আশা কৰিচিল তাকে জানি