পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০৬ )


সকলোৰে ওপৰত আরু তেঁওৰ ভালে মান ক্ষমতা; তেঁও যুদ্ধ আৰু সন্ধি কৰিব পাৰে আরু সকলো বিষয়তে যোগ্য অযোগ্য চাই মানুহ নিযুক্ত কৰিবও পাৰে আরু ভাঙ্গিবও পাৰে, কিন্তু এই সকলো কৰ্ম্মকে ব্যৱস্থাৰে হে কৰিব পাই অন্যায়কৈ কাকো দণ্ড বন্ধ কৰিব নোৱাৰে। এক ৰজা মৰি লে। তেঁওৰ বৰ পুতেক ৰজা হয় পুতেক নেথাকিলে জিয়েক হয় কিন্তু সন্তানাদি নেথাকিলে লাগতিয়াল বঙহেই ৰাজত্ব পায়।

 পাৰ্লিমেণ্ট দুই সভাৰে এক সমূহৰ, আরু এক বৰ২ বিষয়াৰ সভা। সমূহৰ সভাত প্ৰায় চশ পঞ্চাশ জন মানুহ আচে, আরু সেই মানুহ বোৰক এই দৰে বাচি আনে; ইংগ্লণ্ড, স্কটলণ্ড, আইৰলণ্ড আরু উৱেলচ্‌ দেশৰ প্ৰতি প্ৰদেশৰ মানুহ বোৰে এজন বা অধিক মানুহক প্ৰতিনিধিকৈ পাৰ্লিমেণ্টৰ সমূহ সভাৰ সভাস্থ কৰি পঠা্য়‌, আরু অনেক লোকে সভাস্থ হবলৈ ইচ্ছা কৰিলে যাক পঠা্ব‌লৈ অধিক মানুহে সম্মত দিয়ে সেয়েই সভাস্থ হৈ জায় কোনো প্ৰদেশে এজন কোনো২ বোৰে চাৰি পাঁচ জন সভাস্থপঠা্য়‌, আরু কোন২ নগৰৰ মানুহেও পাৰ্লিমেণ্টলৈ সভাস্থ পঠি্য়া‌ই; এই বোৰ সভাস্থ একে লগহৈ মেল কৰে আরু সেই সভাকে হাউচ্‌ অফ কমনচ্‌ বোলে।

 বিষয়াৰ সভা এনে। আমাৰ দেশত যেনে ডাঙ্গৰিয়া ফুকন বৰুৱা আরু ৰাজখোৱা ইত্যাদি বৰ বিষয়া আচিল তেনেকৈ