( ১৮৩ )
গমি চালে যে তীৰ লাহে২ পূব ফালে গৈছে; তাতে সিহঁতৰ ভৰষা হল যে এই পিনে গলে ভাৰতবৰ্ষৰ বাট পাম। পিচে কলম্বচে আমেৰিকা খণ্ড প্ৰকাশ কৰাৰ পাঁচ বচৰৰ মুৰত পোৰ্ত্তুগলৰ ৰজাৰ আজ্ঞা ক্ৰমে ১৪৯৭ শঁকৰ জুলাই মাহৰ আঠ্দিন জোৱাত গামা নামে এটা বৰ নাবিক পৰ্ত্তুগলৰ টেগচ নৈৰ পৰা জাহাজ মেলি অলপ কালৰ মুৰত আফ্ৰি কাৰ দক্ষিণে উত্তমাশা অন্তৰীপ পালেগৈ তাতে দেখে যে পৰ্ব্বতৰ নিচিনা হৈ সমুদ্ৰৰ ঢৌ উঠি্চে ইয়াকে দেখি নাবিক বিলাকে গামাৰ ভৰিত পৰি কলে বোলে এই সমুদ্ৰেৰে জাব নোৱাৰি এতেকে ইয়াৰে পৰা উভতি বলা; গামাই এই কথা নুশুনি জাহাজ চলাবৰ আজ্ঞা দিলত নাবিক হঁতে মনে২ খঙ্গ কৰি ঠ্টি পাতিলে, তাতে গামাই বুজ পাই ঘাই নাবিক কেইটাক লোৱা দি বন্দি কৰি আপুনি ভায়েকে সৈতে হালি ধৰি উত্তমাশা অন্তৰীপ ঘুৰিলে। কিচূ দিনৰ মুৰত মুষলমান হঁতৰ এখন উপদ্বীপ পাই তাৰে পৰা জাহাজ মেলি আন এখন উপদ্বিপ পাই তাৰে পৰা জাহাজ মেলি আন এখন উপদ্বিপ পালে, তাতো নেথাকি একে বেলিয়ে ভাৰতবৰ্ষৰ পিনে জাহাজৰ মুখ পালটাই দক্ষিণ দেশৰ কালিকট নগৰ পালে। কিছু কালৰ মুৰত আকৌ দেশলৈ
গুচিগল,গামাৰ অহাত দুবচৰ দুমাহ লাগিচিল। ইউৰোপৰ লোক বিলাকৰ উত্তমাশা অন্তৰীপ অৰ্থাৎ কেপ ঘুৰি সমুদ্ৰ
ভ