সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )


চৰাই বিকা ঠা্‌ইলৈ গৈ দেখিলে যে এটা সজাত কুলি এটা আৰু এটাত কাঠ্‌ ঠো্কো‌ৰা এটা বেচিবলৈ আনিচে সেই দুই ওটা চৰাইয়েই মাজে২ মাতিচিল তাকে শুনি মানুহে কুলীটক হে কিনিলে কিন্তু সিটো চৰাইৰ মাত বেয়া দেখি কেৱে নিকি- নিলে; ইয়াক দেখি সেই লৰাৰ বাপেকে কলে বোলে চোৱা কটুভাষী হোৱাৰ এই দুৰ্গুণ; এই উপদেশ পাই সেই লৰাই তেতিয়াৰে পৰা অতি ভাল হল৷

 তাৎপৰ্য্য-কটুভাষীক কেৱে আদৰ নকৰে মিষ্টভাষীক সকলোৱে ভাল পায়।

THE WHITE ANT.

উঁইৰ কথা।

 এক লৰাই নানা বিধৰ পুথি দেখি বিদ্যা শকিবলৈ বৰ ভয় কৰি ভাবিলে বোলে ময় ইমান পুথি কেনেকৈ পঢ়িম আৰু নপঢ়িলেই বা কেনেকৈ বিদ্যা হব, ইয়াকে ভাবি২ গাঁৱৰ মুৰলৈ গৈ উঁইৰ এদম মাটি তোলা দেখি সুধিলে বোলে তোৰ গা দেখোঁ কোমল আরু সরু, তয়নো ইমান মাটীৰ দম কেনেকৈ কৰিলি তাতে উঁইয়ে উত্তৰদিলে বোলে ময় এটা সজ লৰাক পঢ়িব দেখি ইয়াকে শিকিচোঁযি মানুহে আলাহ নকৰি যত্ন কৰে সি সরু হলেও ডাঙ্গৰ কৰ্ম্ম কৰিব পাৰে।