পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৫ )


তেতিয়াৰে পৰা সোৰোপা গুচি বৰ শ্ৰমি হৈ সিহঁতৰ বাপে কৰ নিচিনাকৈ খেতি কৰি সুখকৈ প্ৰবৰ্ত্তি থাকিল।


OF OUR DUTY TO GOD.
ঈশ্বৰৰ প্ৰতি আমাৰ কৰ্ত্তব্য কৰ্ম্ম।

 যি মহৎ ঈশ্বৰে স্বৰ্গ আরু পৃথিবী সৃষ্টি কৰিচে তেঁৱেই মোকো কৰিচে; তেঁও ৰাতিয়ে দিনে মোক আপদৰ পৰা ৰক্ষা কৰে আরু সদাই মোৰ হিত চিন্তে, এতেকে ময় তেওক জানিবলৈ আৰ তুষ্ট কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিৰ পাঁও।

 এই মহৎ ঈশ্বৰক সন্তোষ কৰিবলৈ ময় তেঁওৰ প্ৰতি আরু মনুষ্যেৰ প্ৰতি মোৰ যি কৰ্ত্তব্য কৰ্ম্ম তাকে কৰিব পাঁও।

 ঈশ্বৰৰ প্ৰতি মোৰ এই কৰ্ত্তব্য় কৰ্ম্ম অৰ্থাৎ তেঁওক আৰাধনা কৰা, ভয় কৰা, প্ৰেম কৰা, মান্য কৰা আরু তেঁওৰ গুণানুবাদ কৰা ইত্যাদি।

 মনুষ্যেৰ প্ৰতিও ময় এই কৰ্ম্ম কৰিব পাও। অৰ্থাৎ পিতৃ মাত্ৰিক মান্য কৰা, সদাই সঁচা কথা কোৱা আরু সৎহোৱা, আরু সকলোকে দয়া কৰা ইত্যাদি। ময় যদি এই বোৰ কৰোঁ তেন্তে ঈশ্বৰ মোৰ পিতৃ আৰু হিতৈষী চিৰকাললৈকে হব, কিন্তু ময় ঈশ্বৰক ভয় বা প্ৰেম নকৰিলে মোক পাপী আরু দুষ্ট বুলি ক্ৰোধ কৰিব।

 ময় ঈশ্বৰৰ ক্ৰোধক অতি ভয় কৰোঁ কিয়নো তেও মোৰ দেহ নষ্ট

কৰিব পাৰে। আরু মোৰ জীবাত্মাকো নৰকত