১০৪
THE WAGES OF SIN IS DEATH.”
পাপৰ বেতন মৃত্যু।
এই বচন তোমোলাকে ভালকৈ বুজা নাই হেন পাঁও, এতেকে ময় বুজাই কওঁ শুনা। তোমোলাকে বেতন (অৰ্থাৎ দৰমাহা) বুলি অনেক বেলি শুনিব পোৱা, কিয়নো তোমোলাকৰ পিতৃয়ে কোনোবা মানুহৰ ঘৰত বন কৰি বনৰ বেচ ধন অনা দেখিচা; সেই যে ধন তাকে বেতন বোলে! সিবিলাকে যি গৃহস্থৰ বন কৰে তাৰ তৰ পৰা ধন পাব পাই আৰু সেই ধনকে বেতন বোলে কিয়নো সি ন্যায় কৈ আৰ্জা।
কিন্তু জানিবা, যে ধনত বাজে আন বেতনো আচে আরু তোমোলাকৰ পিতৃ মাতৃ সকলে পৃথিবীৰ যি গৃহস্থৰ বন কৰে তাত বাজে আরু আন গৃহস্থো আচে; এটা গৃহস্থ আছে তাৰ নাম পাপ, (এই নাম শুনিব পোৱা) সেই পাপ নামে গৃহস্থে তোমোলাক সকলোকে চাকৰ ৰাখিব খোজে আরু সি তাৰ চাকৰ হঁতক যি বন কৰিব দিয়ে তাৰে নাম পাপ, অৰ্থাৎ সকলো বিধৰে দুষ্টামি দুৰ্ভাৱনা আৰু কুকৰ্ম ইত্যা- দি। সিও তাৰ চাকৰ বোৰ তাৰ বন কৰাৰ সলনি বেতন দিয়ে কিন্তু ময় নিশ্চয় জানো যে সি যি বেতন দিয়ে সি অতি বেয়া আরু তাৰ দৰমহা খাবলৈ ময় তোমোলাকক বৰকৈ হাক দিওঁ কিয়নো সি তাৰ চাকৰ বোৰক বেতন মৃত্যু দিয়ে; সেই মৃত্যু শৰীৰৰ নহয়, কিন্তু জীবাত্মাৰ মৃত্যু, অৰ্থাৎ জীব
আ নৰকত যি যাতনা পায়।