পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৫৭)


লাকে-বায়ু ভাৰ মাপক আরু তাপ মাপক বস্ত্ৰ কি বুুজিলা;এই বোৰ পূৰ্ব্বৰ ইংগ্লণ্ডৰ মানুহ বোৰে নেজানিছিল॥

 ময় যি কঁও তাক মনত ৰাখিব পাৰিলে তুমি অনেক জানিবা,কিন্তু সেই নিমিত্তে গপ্‌ নকৰিবা, যদি তুমি সদ্ব্যৱহাৰ কৰা তেন্তে যিমান শিকা তিমান ভাল, কিন্তু জ্ঞানীহৈ দুষ্ট হোৱাতকৈ হোজাহৈ ধাৰ্ম্মিক হোৱাই ভাল। ময় যিমান অধিক দিন জিওঁ তিমান অধিককৈ পতিয়াম যে সুদ্ধ আরু মৰমিয়াল চিত্ত বৰ বিদ্যা আরু গুণতকৈ ভাল, আরু পৃথিবীৰ গোটেই বোৰ বিদ্যাই মনুষ্যক যিমান সুখী কৰে ঈশ্বৰক ভয় কৰি তেঁওৰ আজ্ঞা পালন কৰিলে তাতকৈ অধিক সুখী কৰে॥


MICROSCOPE, TELESCOPE, STEAM ENGINE,
STEAM CARRIAGE, STEAM BOATS, BALLON,
AIRIAL SHIP, AND MARINER'S COMPASS

সুক্ষ্ম দৰ্শন যন্ত্ৰ, দূৰ দৰ্শন যন্ত্ৰ, বাষ্পীয় অৰ্থাৎ
ভাপৰ কাল, বাষ্পীয় গাৰি, বাষ্পীয় নাও,
বালুন অৰ্থাৎ আকাশলৈ উঠা্‌ যন্ত্ৰ, বায়ুৰ জাহাজ,
নাবিকৰ কম্পাচ অৰ্থাৎ দিগ্‌ নিৰূপন যন্ত্ৰ
ইত্যাদিৰ বিবৰণ।

 সূক্ষ্ম দৰ্শন যন্ত্ৰ নানা বিধৰ আৰ্চিৰে কৰে, সুদা চকুৰে কোনো বস্তু চালে যিমান ডাঙ্গৰ দেখি এই যন্ত্ৰেৰে চালে তাতকৈ ভালে মান ডাঙ্গৰ দেখি।