পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৫৬)


বায়ুৰ ভাৰ মাপক যন্ত্ৰে বতৰ খৰ হয়নে চেঁচা হয় তাকে নিৰ্ণয় কৰে। এটা নলি কৰি ৰ পৰা বায়ু উলিয়াই মুখত সোপাদি এখন সাত ৰসথৈ তাতে সেই নলিটোদি এই যন্ত্ৰ কৰে; পিচে, বায়ু খৰ হলে ৰস বোৰ নলিৰে উজায় কিন্তু খৰ নহলে তেনেই থাকে। ইয়াৰ দ্বাৰা সেই নলিৰ গাত দিয়া অঙ্ক চাই সকলোৱে বৰখুন হবনে খৰ দিব জানিব পাৰে। এইটো বৰ আচৰিত ন হয়নে? তুমি পৰ্ব্বত উঠিলে এই যন্ত্ৰৰ দ্বাৰা কিমান ওখত আচা কব পাৰা, কিয়নো যিমান ওখলৈ উঠা্‌ তিমানকৈ বায়ুও পাতল হৈ পিৰাক ঠে্লি‌ নলিলৈ তোলাগুচে।

 তাপ মাপক যন্ত্ৰে কিমান জাৰ কিমান গৰমি তাকে নিৰ্ণয় কৰে, তাক বুজাই কঁও শুনা। ৰস তপতালে বিয়লি চেঁচাত যিমান ঠাই লাগে তপতত তাতকৈ। অধিক ঠাই ব্যাপে লারুৰ নিচিনা ঘুৰ নিয়া এটা সাজত ৰস ভৰাই তাতে এটি প্ৰায় সূতাৰ নিচিনা সরু নলি লগায়,

পিচে বায়ু চেঁচা হলে ৰস বোৰ সাজৰ মধ্যতে থাকে কিন্তু তপত হলে সেই নলিৰে ওপৰলৈ উঠে। এতিয়া তোমো