পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫৯ )


মাৰি সুমাই তললৈ আৰু ওপৰলৈ চলি থকা কৰিলে, আরু সেই মাৰিৰ তলে ওপৰে ভাপ-দিলত উঠি পৰি থাকে সেই মাৰি এডাল বৰ ডাঙ্গৰ কাঠ এডালত বান্ধি দিয়াত কাঠ্‌ ডালকো তললৈ ওপৰলৈ লৰাই থাকে ইয়াৰে দ্বাৰা কৰ্ম্ম কাৰক সকলে ঘিলা বোৰ ঘুৰাই আৰু যি কৰ্ম্মকে কৰোঁ বোলে তাকে কৰিব পাৰে।

 ভাপৰ কলৰ আচৰিত বল, তাৰ দ্বাৰা হেজাৰে২ কৰ্ম্ম কৰিব পাৰি। ভাপৰ গাড়ি ভাপৰনাও তাৰেই চলায় আরু কাপৰ ইত্যাদিও তাৰেই কৰে। ভাপৰগাড়িত সকলোতকৈ সোনকালে জাব পাৰি আরু সি অতি আচৰিত। ভাপৰ গাড়ি যি বাটে জার সেই বাটো সামান্য নহয় তাক ৰেইল ৰোড বোলে ৰোইল বোড কৰিবৰ নিমিত্তে আলিটো সমান কৰে কেতিয়াবা২ পৰ্ব্বতকো কাটি সমান কৰিব লাগে, পিচে ওপৰত লো পোন আরু দিঘল কৰি পাতি গাড়িৰ ঘিলা সো মাই জাবলৈ লোব কৰে।

 ভাপৰ গাড়ি খনত মানুহ নেজায়, কিন্তু ঘোঁৰাৰ সলনি সি পিচত বান্ধি দিয়া সাত খন ৰথ টানি নিয়ে পিচত বান্ধি

দিয়া বোৰত মানুহ আরু কললৈ নাগ মাটি নিয়ে। ভাপৰ