সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৮)


 ৰজাই পিচে ঘোৰাৰ পৰা নামিলত সিও নামিল আৰু দুইও সেৱা কৰা কৰি, আকৌ ঘোৰাত উঠিলত ৰাজাই কলে বোলে আমাৰ লগত বলা কিয়নো তুমি আমাৰ আলহি, এই কথাত আগত সৈন্য বোৰ পিচত সিবিলাক দুইও কথা কোৱা কুই কৈ গৈ নগৰ পালত সকলোৱে তাত সোমাল; ৰজাই নামি সিয়েসৈতে হাতত ধৰা ধৰি কৈ গৈ তাক আপোনাৰ ওচৰতে এখন সোণৰ সিংহাসনত বহুৱালে, পিচে ৰজাই মুখৰ কাপৰ গুচাত দেখিলে যে তেঁও ৰজা নহয় কিন্তু সূৰ্য্য যেন কন্যা এটি।

 সেই ডেকা মানুহে ধন সোন ঐশ্বৰ্ষ বিভুতি আৰু কন্যাৰ ৰূপ দেখি বৰ আচৰিত হোৱা দেখি কন্যায় মাত লগালে বোলে হে ৰজা ময় এইঠাইৰ কুঁৱৰি, আৰু যি বোৰ সৈন দেখিচা সেই বোৰ সকলোৱে তিৰোতা তাহাঁতৰ মাজত এটাও মুনিহ নাই; আমাৰ ইয়াত মুনিহ বোৰে খেতি কৰে ঘৰ বান্ধে আৰু আনৰ বন কৰে কিন্তু তিৰোতা হে পাত্ৰ মন্ত্ৰি আরু ৰণুয়া।

 এই কথা শুনি সি বৰ আচৰিত হল আৰু সিবিলাকে কোৱা কুই কৰোঁতে ৰাজমন্ত্ৰি কেতবোৰ মানুহে সৈতে আহিল, তাইও পকি মুৰি বুঢ়ি আচিল। কুঁৱৰিয়ে তাইত কলে বোলে পুৰোহিতক আনা, তাতে তাই সেই আজ্ঞা পালিবলৈ গলত তেঁও সেই ডেকা মানুহত বৰ আদৰকৈ কলে বোলে ময় তোমাৰ ভাৰ্য্যা হলে সন্তোষ পোবানে?