পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭)

 কোনো মানহৰ সুখ দেখি হিংসা নকৰিবা, কিয়নো তাৰ মনত বা কি দুখ আচে তাক তুমি নেজানা।

 বিদ্যা উপাৰ্জ্জন কৰিবলৈ শ্ৰম কৰিলে তোমাৰ সম্ভ্ৰম হব।

 ঈশ্বৰক ভয় কৰা, কিয়নো তেঁও সকলোৰে সৃষ্টি কৰ্ত্তা আরু ৰক্ষক।

 দুখিয়া মানুহক অপমান নকৰিবা কিয়নো তাৰ দুখ দেখি আমি মৰম হে কৰিব পাঁও।

 তুমি এডাঁৰৰ ভিতৰত কি হয় নাজানা, এতেকে এক মুহূ ৰ্ত্তক কালো এনেই নে খেদাৱা।

 কাল কালৈ কো বাট চাই না থাকে।

 তুমি সোনকালে মৰিবা, এতেকে যি কেই দিন জীয়াই থাকা সেই কেই দিন সৎকৰ্ম্ম কৰিবা।

 তোমাৰ বনক হে তুমি ঠেলিবা, কিন্তু বনে তোমাক ঠেলিব নিদিবা।

 তুমি যদি নিৰ্ব্বিঘ্নে থাকিব খোজা তেন্তে কাৰো নিন্দা কথা নকবা।

 তোমাৰ মিত্ৰক প্ৰশংসা কৰিবা,কিন্তু আপোনাক নকৰিৱা।

 বেয়া মানুহে সৈতে সঙ্গ কৰাতকৈ অকলে থকাই ভাল।

 পৰা পক্ষত তুমি কাকো বেজাৰ নি দিবা।

 তোমাৰ সময় সদ্‌কৰ্ম্মত লগোৱা, কিয়নো কাল এবেলি

গলে আৰু উভতি নাহে।