পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২০৩ )


নোৱাৰে। ভাৰতবৰ্ষৰ পৰা কোনো কথা জনালে তাৰ প্ৰতি বিহিত আজ্ঞা দিবলৈ ডাইৰেকটৰ সকলে পলম কৰিলে বোৰ্ড অফ কন্ট্ৰোলে বিহিত সমিধান দিব পাই, তাকে ডাইৰেকৰচে পঠা্ব‌ পাই সংক্ষেপে কব লাগিলে, কম্পা নিয়ে ভাৰতবৰ্ষৰ প্ৰজাক কিবা অন্যায় কৰে বুলি এই সমাজে ইংগ্লণ্ডৰ ৰাজ্য দ্বাৰা হৈছে।

 এই সকল কৰ্ম্ম কাৰক ইংগ্লণ্ডত হে আচে কিন্তু ভাৰতবৰ্ষত থাকি শাসন কৰিবলৈ আন২ বিষয় আচে। ভাৰতবৰ্ষত কম্পানিৰ এটাই খনি দেশকে চাৰি ৰাজ ধানীকৈ ভাগ কৰা হৈচে, অৰ্থাৎ বঙ্গাল ৰাজধানী বা ফোৰ্ট উলিয়ম, ফোৰ্ট সেইন্ট জৰ্জ্জ বা মান্দ্ৰাজ,বম্বাই আরু আগ্ৰা ৰাজধানী। এই চাৰি ৰাজধানীৰ তলতিয়া একো খণ্ডকৈ ৰাজ্য আচে আরু প্ৰতি ৰাজধানীতে একো জন গবৰ্ণৰ অৰ্থাৎ শাসন কৰ্ত্তা আৰু তিনি জন মন্ত্ৰি থাকে। বঙ্গ ৰাজধানীৰ তলতিয়া বঙ্গাল বেহাৰ উৰিস্যা অসমদেশ আৰাকান ইত্যাদি,এইৰূপে সি তিনি খনৰো তলতিয়া দেশ আচে, এই কেউ খন ৰাজধা নীৰ ওপৰত এজনা অধিপতি আচে তেঁওকে ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেল বোলে, তেঁও চাৰিও ৰাজধানীৰ অধিকাৰ, আরু বঙ্গ ৰাজধানীৰো গবৰ্ণৰ। এঁওৰ বৰ ক্ষমতা আরু তেঁওৰ কেই জনা মন মন্ত্ৰি আছে সেই মন্ত্ৰিয়ে সৈতে গবৰ্ণৰ জেনেৰলক সুপ্ৰিম গবৰ্নমেণ্ট অৰ্থাৎ মুখ্য শাসন কৰ্ত্তা বোলে; এই মুখ্য শাসন কৰ্ত্তাই ভিন্ন দেশৰ ৰজাৰ সম্পৰ্কীয়