পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২২ )


কৰ? তাতে, কমাৰে হাঁহিঁ কলে বোলে যেনে নিশিকিলে বিদ্যা নহয় তেনে ইয়াকো নঘহিঁলে ধাৰ নুঠে; এই কথা শুনি সেই লৰাই অধ্যাপকৰ তলৈ সদাই গৈ শাস্ত্ৰৰ কথা কোৱা কুই কৰি শেষত অতি বিদ্যাৱন্ত হয়৷

 তাৎপৰ্য—সদাই পণ্ডিতে সৈতে থাকিলে বুদ্ধি হয়, আরু শাস্ত্ৰৰ কথা শুনি অল্প কালতে বিদ্যাও হয়৷


A TYRANNICAL KING AND THE ANGEL OF DEATH

দৌৰাত্মকাৰী রজা আরু জম দূতৰ কথা।

 এদিন এক বৰ দুষ্ট ৰজা সিংহাসনও বহি আচিল এনেতে অতি ভয়ঙ্কৰ মূৰ্ত্তিৰে এটা মানুহক তেঁওৰ ঘৰৰ দুৱাৰেৰে সোমাই অহা দেখিলে। কিছু মান পৰৰ মুৰত সি আহি সিংহাসনৰ ওচৰত থিয় দিলত ৰজাই বৰ ভয় পাই আসনৰ পৰা নামি সুধিলে, বোলে “হেৰ মানুহ, তোক মোৰ ঘৰলৈ এনে উখামুখাকৈ আহিব কোনে দিলে? দুতেকলে এই ঘৰৰ গৰাকিয়ে মোক আহিব দিচে! মোক কেৱে বাহিৰ কৰিব নোৱাৰে ৰজাৰ তলৈ আহিবলৈ কাৰো আজ্ঞা মোক নেলাগে, ময় ৰজাকো আরু তাহাঁতক বেৰি থকা ৰক্ষক বিলাককো ভয় নকৰোঁ, মোক কোনো দুষ্ট ৰজাই গুচাব নোৱাৰে, আরু মোৰ হাতৰ পৰা কেৱে সাৰিব নোৱাৰে, ময় মনুষ্যক সখ আরু বন্ধু বৰ্গৰ পৰা বঞ্চিত কৰোঁ; ৰজাই