পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৮ )

লাকৰ বচন নেমানি অনেকে প্ৰাণ হেৰাইচে আরু কেত বোৰ খোৰা কোঙ্গাও হৈচে।

 এটা সরু লৰাই মাক বাপেকৰ হাক নেমানি পিঠা আরু মিঠই বুটলি ফুৰিচিল পিচে এদিন তেনেকৈ বোটলাত এন্দু ৰৰ ফাঁদত হাত পৰি বৰকৈ কাটিলে।

 এঠা্ই‌ত কেতবোৰ লৰা গোটই এটা নাদৰ পাৰত ধেমালি কৰিব লাগিচিল; মাক বাপেকে নাদৰ ওচৰলৈ জাবলৈ সিহঁতক হাক দিচিল কিন্তু তেও এটা লৰাই কোখ- ৰলৈ গৈ নাদত ভুমুকি দি চাঁওতে পৰিব ধৰিলত এজনি তিৰোতা লৰিগৈ তাৰ কাপৰত ধৰিলে কিন্তু লৰৰ বেগত থিতাপি হব নোৱৰাত লৰাৰ পিচত তাইও পৰিল।

 নাদ টোত পানি বৰ দ নাচিল দেখি তাই অলপ সুৰ্ত্তি পাই লৰাটো কোলাত লৈ থিয় দিলে পিচে সিহঁতৰ এটাহ শুনি মানুহে জখলা লগাই সিহঁতক জিয়াই তুলিলে, কিন্তু তেও গাত বৰ কৈ ঘা লাগিচিল। নাদ বোৰ নেঢাকি থোৱা বৰ বেয়া, কিন্তু সেই দেখি যে লৰাই মাক বাপেকৰ যে আজ্ঞা নুশুনিব এনে নহয়।

BROTHERS AND SISTERS.

ভয়েক ভনিয়েকৰ কথা।

 তোমাৰ ভাই আরু ভগিনীক মৰম কৰা, তেঁও বিলাকক