পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬৬ )


ডুব মৰা ঘন্টা বৰ আৱশ্যকীয় যন্ত্ৰ কিয়নো সি নহলে যি স্তু পানিৰ তলত কৰিব নোৱাৰি তাৰ দ্বাৰা কৰিব পাৰি। সি

দেখিবলৈ ঘণ্টাৰ নিচিনা আরু পা নিৰ তললৈ পেলাই দিলে না বাগৰিবলৈ তলত গধুৰ বস্তু বান্ধি দিয়ে। তাৰ ভিতৰত যি বায়ু থাকে, তাৰ নিমিত্তে ভিতৰলৈ পানি সোমাব নোৱাৰে সেই ঘণ্টাৰ ভিতৰতে মানুহ জায় আৰু বাহিৰৰ পৰা এডাল ন লিনে ভাল বায়ু ভিতৰলৈ দিয়ে সেই নিমিত্তে মানুহ বোৰ পানিৰ তলতে যিমান পৰ ইচ্ছা তিমান থাকিব পাৰে। ডুব মৰা ঘণ্টাৰ দ্বাৰা পানিৰ তলৰ কোনো ঠাইকে চাব পাৰি; আৰু সাগৰৰ তলৰ পৰ্ব্বতকো উৰাৰ পাৰি যদি বোলা পানিৰ তলত নো কেনেকৈ খাবেৰে সিল উৰাই তেন্তে কওঁ শুনা। ডুব মৰা ঘণ্টাৰ ভিতৰত জোৱা মানুহ বোৰে সিলত গাঁত কৰি এহাত মান দিঘল এটা বগি তামৰ টোটা কৰি সেই গাঁতত দি বালি ওপৰত দিয়ে। পিচে সেই খাবৰ টোটাৰ মুৰত এটা বগি তামৰ চুঙ্গা লগায় আৰু সেই ঘণ্টা ওপৰলৈ আনি থাকে আরু ন চুঙ্গা লগাই থাকে, পিছে বগি তামৰ চুঙ্গা পানিৰ বাহিৰে ওলায় তাতে সেই নলিৰে এডোখৰ