পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৮)

বোলে আমাৰ সকলোৰে পিতৃ যে আমাত সন্তুষ্ট হৈছে, তেঁও মোৰ দুখকো দেখে আরু দুখ সান্ত্বনা কৰিব, তেঁও মোৰ অভাবকো জানে আরু তাক গুচাব, ময় নৰিয়া পৰিলে বা পিতৃ মাতৃ হীন হলে তেঁও দেখি থাকে,আরু ময় জানো যে সময়ৰ মুৰত তেঁও মোলৈ সান্ত্বনা পঠিযাব, তেঁও যেন পৰম বন্ধু মোৰ অভাব দেখিবলৈ আঁতৰত নাই, সেই দেখি মোৰ দুখৰ সলনি ভাবনা কৰিব নাপাঁও, কিয়নো তেঁও দেখি আচে আরু মোক ৰক্ষা কৰিবলৈ তেঁওৰ হাত অৱশ্যে মেলিব।

 এই সকল অতি সুন্দৰ চিন্তা, এতেকে নিশ্চয় জানিবা যে ঈশ্বৰে তোমোলাকক সদাই দেখি থাকে আরু সেই নিমিত্তে সুকৰ্ম্ম কৰা নে অকৰ্ম্ম কৰা তাকে দেখে, এই সকল কথা গুলি সদাই চলিবা আৰ যিহৰ পৰা ঈশ্বৰ ওচৰত আছে বুলি জানিলে অসন্তোষ ন হৈ হৰ্ষ হয় তাকে কৰিবা।


“FEAR GOD."

“ঈশ্বৰক ভয়কৰা”

 হে প্ৰিয় লৰা সকল আমি তোমোলাকও বিনয় কৰি কও ঈশ্বৰক ভয় কৰা; ঈশ্বৰ কেনে জ্ঞানী আরু মহিমাবন্ত আরু তোমোলাক কেনে সরু তাকে মনত ৰাখিবলৈ সদাই পুরুষাৰ্থ কৰা, আমাৰ মহৎ ৰক্ষক যে ঈশ্বৰ তেঁও তোমোলাকক নৰখা হলে তোমোলাকৰ শৰীৰ আরু আতমা এক