পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩ )

বিদ্যা শিকিবলৈ টান দেখি ভাল নাপাব পাৰা কিন্তু কিছু মান শ্ৰম কৰি বিদ্যাৰ অলপ্ স্বাদ বুজিৱ পাৰিলে, পিচে তোমাৰ পঢ়িবলৈ আপুনি অভিলাষ হব। অজ্ঞানে এই শ্ৰমকে সহিব নোৱাৰি অৱশেষত মূৰ্খ হয়।

 কিন্তু হে প্ৰিয় লৰা সকল, বিদ্যাৰ দ্বাৰা তোমোলাকে যিবোৰ উপদেশ পোৱা সেই উপদেশ সকল শুনিলেই নহয়, কিন্তু যেনে শুনা তেনেকৈ চলিবও লাগে। লৰা কালত তোমালাকৰ মন গোটেই কোমল, যি পিনে নিয়া সেই পিনেই জাব, আরু তেতিয়াই যদি সজ্‌বাটে নিয়া ডাঙ্গৰলৈ সৎ হবা কিন্তু অসজ বাটে নিলে ডাঙ্গৰলৈকো অসৎ হবা; এতেকে সৰুৰে পৰা সদাই ভাল কথা মনত সাঁচি থবা।


SELECT SENTENCES.

নানা বচন।

 ঈশ্বৰক সকলো চিত্তে সৈতে প্ৰেম কৰিবা, আরু আনকো আপোনাৰ নিচিনা দেখিবা।

 তোমাৰ পিতৃ মাতৃক মান্য কৰিবা আরু সকলো কথাতে সিবিলাকৰ আজ্ঞা মানিবা।

 তুমি কেতিয়াও মিচা কথা নকবা, কিয়নো যি মিচা কয় সি তাৰ প্ৰতিফল পাব।

 আনৰ ভাল বস্তু দেখি লোভ ন কৰিবা, আরু তাক চুৰ কৰিবলৈ হাত নে মেলিবা।