পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪৯ )


আচে;আরু কলিকতাৰ লালদিঘিৰ চাৰিও ফালে যেনেকুৱা বৰ সুন্দৰ২ ঘৰ আচে তেনে প্ৰায় এশ চাৰি কোনিয়া পল্পী আচে। তাত পকি ঘৰ দুই লক্ষ মান আছে, আরু এই দেশত যেনেকৈ নিলগৰ পৰা পানি আনিব লগে লণ্ডন নগৰত তেনে নহয়, নগৰৰ মাজেৰে যে তেমস্‌ নদী বৈচে তাৰে ওচৰত একোটা এনেহে কল কৰি থৈছে যে সেই কলেৰে নগৰৰ প্ৰতি ঘৰলৈকে সিহৰ নলিৰে পানি জায়॥

 লণ্ডন নগৰত কুৰি লক্ষ মানুহ আচে আরু এই লোক বিলাকে প্ৰতি বচৰে আহৰাদিৰ নিমিত্তে সাত অৰ্ব্বুদ টকা ব্যয় কৰে।

 এই নগৰত প্ৰায় সাত আঠশ গিৰিজা ঘৰ আছে আরু লৰা বিলাকক পঢ়াবলৈ পাঁচ ছয় হেজাৰ পঢ়া শালি আছে। মানুহৰ কুকৰ্ম নিবাৰণ কৰিবলৈ, আরু বিদ্যা বৃদ্ধিলৈ, বুঢ়া আরু অসমৰ্থ প্ৰতিপাললৈ, দুখিয়া মানুহৰ নৰিয়া হলে বিনাধনে ঔষধ দিবলৈ অনেক সম্প্ৰদায় আছে। কনা খোৰাৰ উপকাৰলৈ, আরু গৰ্ভৱতী তিৰোতাৰ প্ৰসৱত সহা য়লৈ, আরু অন্য দয়ালু কৰ্ম্মলৈ এই নগৰত অসংখ্য সম্প্ৰ দায় আচে সৰ্ব্বমুঠ্ত‌ এনে উপকাৰক হেজাৰ ডেৰ হেজাৰ সম্প্ৰদায় হব।

 লণ্ডন নগৰ ৰাজধানী হেতুকে তাত চটা ৰাজ গৃহ আছে। মহা সোধৰ ঠাই নটা, আরু সরু ৪২ দুকুৰি দুটা আছে; তাতে নগৰৰ মানুহৰ সোধ সোধে। ব্যৱস্থা শিকিবলৈ চাইটা মহা