পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭৩ )


ৰাজধাণী। কলিকাতা নগৰ বৰ বাণিজ্যৰ ঠা্ই‌ নানা দেশৰ মানুহ আহি বেপাৰ কৰে। আৰু গঙ্গা নদীত সদাই দুশ তিনি শ জাহাজ নুগুচে। এই নগৰ বিদ্যাৰো প্ৰধান স্থান; তাত ভালে মান পঢ়াশালি আচে সেই সকল প্ৰায় ইংৰাজি ভাষাহে অধ্যয়ন হয়। কলিকাতাৰ সিপাৰে বিচপৰ কলেজ নামে এখন প্ৰধান পঢ়াশালি আচে আৰু নগৰতো হিন্দুক লেজ সংস্কৃত কলেজ হাইস্কুল ইত্যাদি অনেক পঢ়াশালি আচে তাৰ দ্বাৰা কলিকাতা বাসী ভালে মান ৰঙ্গালিয়ে বি দ্যা শিকি সভ্য হব লাগিচে আৰু আমি ভৰসা কৰোঁ যে অলপ কালৰ মুৰতে কলিকাতাৰ লোক সকলো সভ্যতাত ইউৰোপৰ মানুহ বিলাকৰ সমান হব।

⸻⸻

OE THE CITY OF DACA.
ঢাকা নগৰৰ কথা।

 ঢাকা নগৰ বুঢ়ি গঙ্গা নদীৰ পুব পাৰে আরু নদী তাৰ ওচৰে জোৱাৰ নিমিত্তে বাণিজ্য কৰিবলৈ বৰ ভাল ঠা্ই‌ কিয়নো এই নদীৰে সকলো লৈকে অহা জোৱা কৰিব পাৰি। এই নগৰ গঙ্গাৰ মুখৰ পৰা মুঠে পঞ্চাশ ক্ৰোশ দূৰ আরু কলিকাতাৰ পৰা তবে ৯০ ক্ৰোশ, নাৱে নৈৰ পাবৰ নিমিত্তে প্ৰায় ২০০ ক্ৰোশ দূৰ হব।

 সোনাৰ গাঁওৰ পিচতে ঢাকা বঙ্গ দেশেৰ ৰাজধানী হল আরু সি তৃতীয় নগৰ বুলি বিখ্যাত। তাৰ চাৰিও ফালৰ মাটি