সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৪ ]

তুমি যেতিয়াই ময় শ্ৰমকৈ যি আনিচিলোঁ তাৰ আটাই খনিকে নি এনে নিৰ্ম্মৰমিয়াল হলা তোতিয়াই তুমি নোহাৱা কৈ জাম, আরু তোমাৰ নিচিনা এনে নিৰ্দয় ভাইয়ে সৈতে জোৱাত কৈ এই বনত সুকাই মৰাই ভাল।

 এলেঞ্জোৱে এই কথাত খঙ্গন কৰি ভায়েকক অতি আদ ৰকৈ সাপট মাৰি এই কলে বোল হে মোৰ প্ৰিয় পিজাৰো তুমি ইমান আপদত পৰি ইমান শ্ৰমকৈ অনা বস্তু ময় স্বৰূপ কৈ নিম বুলি পতিয়াই চানে? মোৰ প্ৰিয় ভাইৰ প্ৰতি এনে নিৰ্ম্মৰমিয়াল হোৱাত কৈ পৃথিবীৰ এটাই সোনেই যদি গুচে তেও ভাল। কিন্তু তোমার ধনলৈ ইমান লোভ দেখি সেই দোষ সংশোধন কৰি তোমাৰ উপকাৰ করিবলৈ ইচ্ছা কৰিচিলোঁ, তুমি এতিয়া শিকিলা যে যি শ্ৰম আরু ভবিষ্যদ্বিবেচনা তুমি ঘৃণা কৰিচিলা সেয়েই নহলে তোমাক সুকাই মৰাৰ পৰা যি সোন আনিচা সি ৰাখিৰ নোৱাৰিলে হঁতন, এতেকে তোমাৰ ধন লৈ জোৱা, আগলৈ তাক যি ৰূপে ব্যৱহাৰ করিব পাই তাকো জানিলা।

 পিজাৰোৱেও ককায়েকৰ মৰমত বৰ আচৰিত হৈ দেখি শিকি জানিলে যে সোনতকৈ শ্ৰম ভাল।

 পিচে সিবিলাকে স্পানিয়া দেশ আকৌ নিৰ্ব্বিঘ্নে পালেগৈ, বাটত পিজাৰোৱে ককায়েকক্ সদাই তাৰ আদখিনি ধন দিব খুজিচিল কিন্তু তেঁও এই সমিধান দিচিল বোলে ময়

সোন নোহোৱাকৈ মোৰ আহাৰ মিলাব পাৰিম।