পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১২১)

 ঈশ্বৰ মেৰ চাগ ৰখিয়াৰো ৰখিয়া, তেঁও সকলোৰে ওপৰত ৰক্ষক আরু সকলোকে প্ৰতিপাল কৰে, আমি সকলোৱে তেঁও ৰখা পাল আরু গচ পুলি ইত্যাদি সকলোকে আমালৈ হে কৰিচে।

 মাকে তেঁওৰ কেচুৱা লৰাক চেনেহ কৰে কোলাতলৈ খুৱাই ধুৱাই বৰ বেথাকৈ তোলে, সি শুলে তেঁও ৰখি থাকে, সদাই সজকথা শিকাই, এখকো না পাহৰে আরু নিতৌ ডাঙ্গৰ হয় মানে বৰ ৰঙ্গ পায়।

 কিন্তু মাকৰনো পিতৃ মাতৃ কোন? তেঁওকনো কোনে ভাল বস্তুৰে প্ৰতিপাল কৰে আরু অতি মৰমকৈ ৰাখে? কাৰ হন্তেনো তেঁও দুখৰ পৰা ৰক্ষাপায় আরু তেঁও নৰিয়া পৰি লেনো কোনে ভাল কৰে?।

 ঈশ্বৰ মাকৰো পিতৃ, মাতৃ কিয়নো তেঁও সকলোকে স্ৰজিচে; মুনিহ তিৰোতা আদি কৰি যি সকল এই পৃথিবীত জীয়াই আছে সকলো তেঁওৰ সন্তান, আরু তেঁও সকলোকে মৰম কৰে, ৰজাই তেঁওৰ প্ৰজা সকলক শাসনকৰে, তেঁওৰ মুৰত সোনৰ মুকুট আরু হাতত ৰাজদণ্ড আছে; সিংহাসনত বহি তেঁও চাৰিও ফালে আজ্ঞা পঠায়, প্ৰজা সকলে তেঁওক ভয় কৰে, তাহাঁতে সজ কৰ্ম্ম কৰিলে তেঁও ৰক্ষাকৰে আরু অসজ কথা কৰিলে দণ্ডকৰে।

 কিন্তু ৰজাৰ ওপৰতনো ৰজা কোন? আৰু কোনেনো তেঁও