পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬৪)


চটা বা আঠো্টো‌ই তাক মেলি ধৰে, পিচে যি মানুহ বোৰ আন কোন পিন ওলাই জাব নোৱাৰে সিহঁত খিলিকিৰে তাতে জাপ মাৰি পৰে তুমি ভাবিব পৰা যে কেৱে দুতলা পকিৰ পৰা খিলিকেৰে জাপ মাৰি পৰিবলৈ সাহ নকৰিব; কিন্তু এনে নহয়, ময় অনেক মানুহক তলত ধৰিবলৈ একো নথকাতো ওপৰৰ পৰা জাপ মাৰি বৰ দুখ পোৱা দেখিচোঁ; আরু এবিধ যন্ত্ৰ আচে তাক এডাল দিঘল মাৰিৰ মুৰত জৰি লগাই তাতে এটাবৰ পাচি বান্ধি কৰে। পিছে ঘৰত জুই লাগিলে মানুহ তলৰ জুইৰ নিমিত্তে সাৰিব নোৱাৰিলে সেই মাৰিডাল থিয় কৰি আলিৰ মানুহ বোৰে সেই পাচিটো ওপৰৰ খিলিকিলৈ তোলে, পিচে ঘৰৰ ভিত ৰত থকা মানুহ বিলাক তাতে উঠি্লে‌ পাচি নমাই আনে। যদি জুই লগা ঘৰৰ মানুহ কেৱে নৰিয়া বা পাচিত উঠিবলৈ ভয় কৰে তেন্তে মাটিতে পাচিত এটা মানুহ উঠি ওপৰত থকা মানুহ বোৰক নমাই আনে।

 অগ্নিৰ যন্ত্ৰৰ দ্বাৰা জুই নুমাই। কাঠৰ সাজ এবিধত অতি সোন কাল কৈ পানি ভৰায় পিচে তাৰ চালৰ নলি এডালৰ দ্বাৰা পানিওপৰলৈ উধাই পঠিয়াই চালৰ নলিৰ মুখতে ধাতুৰ নলি এটা থাকে পিচে যন্ত্ৰনিয়া মানুহে সেই নলি জুই লগা পিনে টোঁৱাই দিলে পানি বোৰ এনে বেগে জাৰ্য যে বৰ ওখ ঘৰো ঢুকি পাইগৈ।

 অগ্নিত লগা যন্ত্ৰৰ বিবৰণ কলোঁ এতিয়া ময় পানিত লগা