সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০২ )


সনন্দ দিচে তাৰ দ্বাৰা সিবিলাকে ১৮৫৪ শঁকলৈকে ৰাজ্য শাসন কৰিব পাৰিব সেই কাল গলে ইংগ্লণ্ডৰ ৰজা প্ৰজাই কম্পানিৰ গাৰ পৰা ৰাজত্ব গুচাবও পাৰিব বা ৰাখিবও পাৰিব। এতিয়া আমাৰ অধিপতি কোন জানিলা।

 এই দেশ কেনেকৈ শাসিত হৈচে কঁও শুনা। অনেক মানুহেৰেই কম্পানি, আরু সেই মানুহ বিলাকৰ ভাগ আচে সিবিলাককে কোৰ্ট অফ প্ৰোপ্ৰাইয়েটৰচ বোলে; ( অৰ্থাৎ অধিকাৰ বিলাকৰ সমাজ') কিন্তু সকলো বিলাকেই কৰ্ম্মত প্ৰবৃত্ত হব নোৱাৰে হেতুকে সিবিলাকৰে ভিতৰৰে চৌব্বিশ জনক বাচি কম্পানিৰ সকলো কৰ্ম্মৰ ভাৰ দিয়ে, আরু সেই চৌব্বিশ জনকে কোৰ্ট অফ ডাইৰেক্টৰচ অৰ্থাৎ কৰ্ম্ম কাৰক বিলাকৰ সমাজ বোলে, আৰু সেই চৌব্বিশ জন সময়ে২ সলনি হয়। কোৰ্ট অফ ডাইৰেকটৰচে কম্পানিৰ ভাৰত বৰ্ষৰ ৰাজ্য শাসনৰ সকলো কৰ্ম্মকে কৰে কিন্তু ভাৰতবৰ্ষৰ ৰাজ্য শাসনত একে অন্যায় নহবলৈ আরু ইংগ্লণ্ড দেশীয়ৰ উন্নতিলৈ ইংগ্লণ্ড ৰাজ্যৰ ঘাই বিষয়া কেই জন মানৰ এক সমাজ আচে তাকে বোৰ্ড অফ্ক‌ন্ট্ৰোল বোলে; সিবিলাকেই কম্পানিক সকলো কৰ্ম্মতে চলায় আরু ভাৰতবৰ্ষৰ পৰা কোনো কাকত্‌ গলে বা ভাৰতবৰ্ষ লৈ কোনো কাকৎ আহি লে সিবিলাকৰ দ্বাৰাই হে আহিবজাব পাই, আরু এখেত থকা অধিপতি বিলাকলৈ কোৰ্ট অফ ডাইৰেকৰচে সিবি লাকৰ অনুমতি নোহোৱাকৈ কোনো আজ্ঞা দিপঠা্ব‌