পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯২ )

পালে সকলোৱে ভগাই নিয়া তেতিয়াহে তোমোলাকৰ চিত্তত আনলৈ প্ৰীতি থকা বুলি জানিম, কিন্তু যি লৰা গোমোঠা্‌ মুৱাহৈ আনক মাৰিবলৈ হাত দাঙ্গে আরু পৰৰ বস্তু কাঢ়ি নিয়ে তাৰ চিত্তত প্ৰীতি নাই। তাৰ মন খঙ্গেৰেই ভৰা, সি আপোনাক হে প্ৰীতি কৰে আন কাকো নাজা- নে হে প্ৰিয় লৰা বিলাক, তোমোলাকে এনে কথা কেতি- য়াও ন কৰিবা।

 আকৌ যেতিয়া কোনো লৰাই আনৰ নাৱে কুকৰ্ম্মৰ সলনি গোচৰ দিয়ে তেতিয়াও তাৰ চিত্তত প্ৰীতি নথকা বুলি জানি, কিয়নো তোমাৰ কোনো কুকৰ্ম্মৰ কথা আনে কলেতুমি ভাল পাবানে? প্ৰিয় লৰা সকল, তোমোলাকে মিলে প্ৰীতিয়ে নেথাকিলে আরু আপোনাকহে মৰম কৰি আনক ভাল নাপালে আমি বৰ বিষম পাঁওঁ; কিন্তু দন্দ হাই নকৰি সক লোৱে সকলক প্ৰীতি আরু সহায় কৰি থাকিলে বৰ সন্তোষ পাওঁ। তোমোলাকে আমাক বিসাদ দিব খোজানে? তেনে ইচ্ছা ন কৰিব পোৱা তেন্তে আমি হৰ্ষ কৰিলে ভাল পোৱা যদি সকলোতকৈ আগেই ঈশ্বৰক অসন্তুষ্ট ন কৰিবলৈ পুরু ষাৰ্থ কৰা আৰু তোমোলাকৰ মনত খঙ্গ উঠিলে এক মুহূৰ্ত্তক মনে থাকি আপোনা আপুনি কবা বোলে হে ঈশ্বৰ মোৰ মনৰ পৰা এই বৈৰীক গুচুৱা; তেঁও অৱশ্যে তোমোলাকৰ কথা শুনি মনক নম্ৰ কৰিব আরু সদাই ভাবিবা হেনে ঈশ্বৰ সকলো ঠাইতে আচে আরু সুকৰ্ম্ম কুকৰ্ম্ম দেখি আচে!