পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১২২)


যি কৰিব লাগে তাক আজ্ঞা কৰে, কাৰ হাত তেঁওক ৰক্ষা কৰি বলৈ মেলে? আরু তেঁও অসত্কৰ্ম্ম কৰিলেই বা কোনে দণ্ড কৰে ঈশ্বৰ ৰজাৰ ওপৰতো ৰজা; তেঁওৰ মুকুট ৰশ্মিৰ, তেঁওৰ সিংহাসন তৰা বোৰৰ ওপৰত, তেঁও ৰজা সকলৰ ৰজা, প্ৰভুৰ প্ৰভু তেঁও আমাক জীবলৈ আজ্ঞা দিলে জীওঁ, আরু মৰিব দিলে মৰোঁ, গোটেই পৃথিবীতে তেঁওৰ ৰাজত্ব আরু সকলো সৃষ্টিতে তেঁওৰ চকু।

 ঈশ্বৰ আমাৰ ৰখিয়া হেতুকে তেঁওৰ পিচে২ জাম, তেঁও আমাৰ পিতৃ, এতেকে আমি প্ৰীতি কৰিম, ঈশ্বৰ আমাৰ ৰজা এতেকে তেওক মাণ্য কৰিম।

CHILD OF REASON

জ্ঞানৰ পুত্ৰ অৰ্থাৎ মনুষ্য।

 হে জ্ঞানৰ পুত্ৰ কৰ পৰা আহিলা? তোমাৰ চকুৱে কি দে খিলে আৰু তোমাৰ ভৰি কোন পিন লৈ গৈছিল।

 ময় পথাৰৰ মাজে২ ফুৰিচিলোঁ, জন্তু বোৰ মোৰ চাৰিও ফালে ফুৰিচিল, আৰু কেত্‌বোৰ গছৰ তলত জিৰাই ছিল, ধান বোৰ গজি আহিব লাগিছিল, আৰু পথাৰ বোৰ শৰৎ কালত ৰূপে জিলিকিচিল।

 তুমি তাতকৈ আন একো নেদেখিলা নে? হে জ্ঞানৰ পুত্ৰ পালটা;কিয়নো এই বোৰতকৈও ডাঙ্গৰ বস্তু আছে; ঈশ্বৰ পথাৰতে আচিল, তুমি তেঁওক নে দেখিল নে? তেঁওৰ কান্তি