পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯৯ )


ভাৱনাত তেঁওৰ পবিত্ৰ নামলৈ ভয় আরু প্ৰেম কৰিবৰ মতি দিয়ক, তাৰে পৰা তোমোলাক ইহকাল পৰকালত সুখী হবা৷

“Spark not evil one of another.’’

“ আনৰ নিন্দা কথা নকবা।”

 তোমোলাক সকলোৱে অকাৰণে পৰৰ কুকৰ্ম্মৰ কথা নকৈ ঈশ্বৰৰ গুণানুবাদ আরু সৎ কথা কলে ময় বৰ সন্তোষ পাঁও কোনো লৰাই কাৰো দোষৰ কথা কব নাপাই, কিন্তু পৰস্পৰ এনেহে প্ৰীতি কৰিব পোৱা যে তোমোলাকৰ লগৰিয়াই দোষ কৰিলে অসন্তোষ কৰি আনকো তাৰ কথা কব নিদিবা; কিয়নো তুমি কুকৰ্ম্ম কৰিলে আন কোনো দুষ্ট লৰাই তোমাৰ কথা এটাইৰে আগতকৈ ফুৰিলে ভাল পোৱা নে? কেৱে এই পঢ়াশালিত বা আন কোনো ঠা্ই‌ত অকৰ্ম্ম কৰিলে তোমোলাকৰ ভিতৰৰ অনেকে সেই কথা কবলৈ ভাল পোৱা, কিন্তু এনেকৈ কেতিয়াও কাৰো কথা নকবা। কোনো লৰাই তোমাক জোকালে বা গালি পাৰি- লে তুমি সহিহে থাকিবা আরু তাক ক্ষমা কৰিবা, কিন্তু অধ্যাপক গোচৰ দিওঁ গৈ নুবুলিবা, কিয়নো তোমো- লাক সকলোৱে একে জন পিতৃৰে পৰা হৈচা আৰু সক লোৱে ভাই ককাই হোৱা; এতেকে ভাই ককাইৰ প্ৰতি এনে কৰা বেয়া।