(৭৭)
মটুক এটা হাতত লৈ তাৰ কোখৰলৈ আহি তাকে পিন্ধালে,
পিচে সিহঁতে তাক সেই আচৰিত জাহাজত তুলি আকৌ
পাল তৰি সাগৰেৰ জাব ধৰিলে।
এই বোৰ কথাত সেই ডেকা মানুহে এই কলে বোলে ময় স্বৰূপকৈ ইয়াক সমাজিক বুলি ভাবিচিলোঁ আৰু সিহঁতে নো মোক কলৈ নিয়ে তাৰো ভু নাপালোঁ, পিচে আমি সাগৰৰ তীৰ দেখা পালত দেখিলোঁ যে পাৰত ৰনুৱা বোৰ ৰণৰ সাজ কাচি আছে; কিন্তু সিহঁত কিমান তাক ঈশ্বৰে হে জানে। আমি তীৰ পালত সিহঁতে মোৰ তলৈ হিৰা পান মুক্তাৰ বন কৰা তলচাই সৈতে চাৰিটা ঘোৰা আনিলে তাৰা এটাত ময় উঠি্লোঁ, ই কেইটা লগে২ গল। মোৰ মুৰত দণ্ড চত্ৰ ধৰিলে, আগত ঢোল খোল বজালে আৰু ৰণুৱা বোৰ সোঁও ফালে আৰু বাঁও ফালে দুসাৰি হৈ আগে২ গল ময় পিচে২ গলোঁ; এনেতে ময় ভাবিলোঁ বোলো ময় সাৰেই আছোঁ নে টোপনিতেই আচোঁ কিন্তু সমাজিক দেখিচোঁ বুলি স্বৰূপ হেন ভাবি গৈ পিচে এখন বৰ পথাৰ পালোঁগৈ, তাতে ৰজাৰ নগৰ এখন আরু ফুলৰ বাৰী নানা বিধৰ বৃক্ষ আরু নৈ দেখিলোঁ আরু চৰাই বোৰে ঈশ্বৰৰ গুণানুবাদ কৰা শুনিলোঁ। এনেতে সেই নগৰৰ পৰা ঢল অহাৰ নিচিনাকৈ পথাৰ খন ভৰি সৈন্য ওলাল, পিচে সিহঁতৰ মাজৰ পৰা এজনা ৰজা কেইটামান পাত্ৰ মন্ত্ৰিয়ে সৈতে ঘোৰাত উঠি্ মোৰ গুৰিলৈ আহিল।