পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯ )


পাঁচিচে, পণ্ডিতে এই কথা শুনি তামুলিক কলে বোলে তোমাৰ পেটত যিমান তেল ধৰে তিমান খাই জোৱা; এই কথাত তামুলিয়ে পাৰে মানে তেল খাই ৰজাৰ আগলৈগলত ৰজাই তাক চুন খূৱবৰ আজ্ঞা দিলে। দূত সকলে তাক ভালেমান চুন খূৱালে কিন্তু তেলৰ গুণত সি নমৰিল, পাচ দিনা সি ৰজাৰ আগলৈ গলত তেঁও সুধিলে বোলে তয় চুন খাই কেনেকৈ জিলি? তাতে তামুলয়ে নিবেদন করি জনালে বোলে স্বৰ্গদেৱে যেতিয়া বন্দিক আনিবলৈ পাঁচিচিল তেতিয়া কে নোৱা দেশৰ পণ্ডিত এজনাই মোক চুন খাব দিচিল সেই দেখি ময় জিলোঁ। ৰজাই এই কথা শুনি পণ্ডিতক অনাই বৰ সমাদৰ কৰিলে কিন্তু ৰজাৰ কোঁৱৰে সেই নগৰৰ মানুহত চিনাকি দিলত সেই ৰজাই শুনি মোৰ দেশ লবৰ মনে ই আহিছে বুলি তাক বন্দি সালত বন্দি কৰি থলে।

 তাৎপৰ্য—বিদ্যাৎ বাজে আন কোনো বস্তুৰ পৰা সকলো ঠাইতে মান্য পোৱা নেজায়, এতেকে সদাই বিদ্যাভ্যাস কৰাহে ভাল; ধনৰ পৰা কেতিয়াবা আপদত পৰা যায় কিন্তু বিদ্যাৰ দ্বাৰা সদাই সুখ হয়।

THE BoY AND THE Cuckoo.

এক লৰা আরু এক কুলি চৰাইৰ কথা।

 এটা বৰ কটূ ভাষী লৰা আচিল, আন লৰাই সৈতে ৰঙ্গ কৰোঁতে অলপতে গালি পাৰিচিল সিএদিন বাপেকে সৈতে