পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭৬ )


ধানী নামহে থাকিল; কিন্তু কলিকাতহে ৰাজধানী হল। তেও মুৰ্শিদাবাদ মাজ ঠা্ই‌ দেখি কটল লোৱা ঠা্ই‌ আচিল, কিন্তু শেষত সিওগুচি কলিকাতাহে ৰাজধানী থাকিল।

⸻⸻

OF THE CITY OF BENARES.
কাশী নগৰৰ কথা।

 বাৰানসী প্ৰদেশত কাশী নগৰ আচে; আরু তাত বাৰা আৰু নসী নামে দুখন নদী থকাত সংস্কৃত ভাষাত তাক বাৰানসী বোলে। এই নগৰৰ ওচৰত গঙ্গা নদী দুই ক্ৰোশ লৈকে ধনুৰ নিচিনাকৈ বেঁকাহৈ গৈচে, সেই বেঁকা তীৰৰ ওপৰতে কাশী নগৰ। তীৰৰ ওপৰৰ বাটৰ পৰা তলৰ পানি লৈকে নানা বিধৰ গৃহ সাজিচে, তাতে নদীৰ সিপাৰৰ সমান ঠাইত থিয় হলে গোটেই খন নগৰকে দেখি আরু মাজে২ কুলৰ পৰা বাটলৈকে ৩০ পদ ওখ অনেক ঘাট বৰ২ সিলেৰে সাজিচে। এই নগৰৰ আলিবোৰ এনেহে ঠে্ক‌ যে ঘোৰা হাতিত জোৱা মানুহ বোৰে বৰ কষ্ট পায় আরু আলিৰ দুইও কোখৰৰ ঘৰ বোৰ লগালগি আরু শিলেৰে চতলা লৈকে বান্ধিছে। সকলোৰে ওপৰৰ তলৰ সমুখৰ পিনে বাৰান্দা আৰু চাৰিও ফালে খিলিকি আচে তাৰে নিমিত্তে সুন্দৰকৈ বতাহ লাগে কিন্তু আলিৰ মানুহ নেদেখি। আলিৰ দুই কোখৰৰ ঘৰ বোৰ এনেহে ওচৰা ওচৰি যেই ফালৰ ঘৰৰ পৰা সিফাললৈ এডোখৰ কাঠ্‌