পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০৫ )


দেওয়ানী বিচাৰৰ ঠা্ই‌ কম্পানিৰ নাই, আরু ফৌজদাৰিৰ গোচৰৰ আপিল শুনিবলৈকো এটাইতকৈ শ্ৰেষ্ঠ সোধৰ ঠাই আচে তাকে সদৰ নিজামত আদালত বোলে, এই দুই আদালতৰ আপীল ইংগ্লণ্ড দেশৰ ৰজাৰ তত হে হব পাৰে। চাৰিও ৰাজধানীত একোটাকৈ চাৰিটা সদৰ দেওয়ানী জারু সদৰ নিজামত আদালত আচে আরু তাত প্ৰতি ৰাজধানীৰ তলতিয়া প্ৰদেশৰ গোচৰৰ আপীল হয়। এই সকলত বাজে খাজানা সাধিবলৈ প্ৰতি জিলাত একো জন কলেকটৰ আরু ঠা্ই‌য়ে২ তেঁওৰ সহকাৰীও আচে; চাৰি পাঁচ জিলাৰ কলেক্‌টৰৰ ওপৰত একো জন কমিচনৰ আচে আরু এই সকলোৰে ওপৰত ৰাজধানীত সদৰ বোৰ্ড অফ্ ৰেবিনিউ আচে। জি নগৰত ৰাজধানী অৰ্থাৎ কলিকাতা মান্দ্ৰাজ বম্বাই।

 এই নগৰত বাস কৰা মানুহৰ গোচৰ সুধিবলৈ ইংগ্লণ্ডৰ ৰজাৰ একোটা আদালত আচে তাকে সুপ্ৰিম কোৰ্ট বোলে,আরু সেই আদালততে ইংগ্লণ্ডৰ পৰা অহা সকলো সাহাবৰ গোচৰ সোধ হয়। সুপ্ৰিম কোৰ্টৰ ওপৰত কম্পানিৰ একো ক্ষমতা নাই আৰু তাত কম্পানিৰ সকলো বোৰ ইংৰাজৰ চাকৰৰ সোধ হব পাৰে।

⸻⸻

OF THE GOVERNMENT OF ENGLAND.
ইংগ্লণ্ড দেশৰ ৰাজ্য শাসনৰ কথা।

 ইংগ্লণ্ড দেশৰ শাসন কৰ্ত্তা ৰজা আরু পাৰ্লিমেণ্ট। ৰজা