পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯১)
 

“LOVE ONE ANOTHER.’’

পৰস্পৰ প্ৰীতি কৰা”।

 পৃথিবীৰ মধ্যত সকলো বস্তুত কৈ প্ৰেম মিঠা ঈশ্বৰ প্ৰেম স্বৰূপ আরু ঈশ্বৰে যি সকল কৰিচে তাক দেখিলে এই কথা আমি স্বৰূপ বুলি জানো--ঈশ্বৰ সদাই দয়াময় আরু তেওৰ সৃষ্টিৰ সকলোকে দয়া কৰে।

 হে প্ৰিয় লৰা সকল, তোমোলাকেও ঈশ্বৰৰ দৃষ্টান্ত দেখি চলিব নোখোজানে? যদি বাঞ্ছা কৰা তেন্তে ঈশ্বৰে তোমোলাকৰ চিত্তত এই গুণ দিব আরু আমি পৰসপৰ যিমান প্ৰীতি কৰোঁ তিমান সুখীও হম। যি মানুহে খঙ্গ কৰে আরু আনক ভাল নাপাই সি কেতিয়াও সুখী হব নোৱাৰে, সি সদাই খঙ্গ মুৱাহৈ অসন্তোষ কৈ থাকে; কিন্তু যাৰ চিত্তত প্ৰীতি থাকে সি হৰ্ষ আরু নম্ৰহৈ থাকি আপুনি যিমান সুখ ভোগ কৰে আনকো তিমান সুখী কৰিবলৈ পুরুষাৰ্থ কৰে।

 পৰস্পৰ প্ৰীতি কৰা অৰ্থাৎ সকলোৰে প্ৰতি মৰমিয়াল হোৱা। তোমাৰ চিত্তত এই সদগুণ দিবলৈ আগৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা পিচে তোমাৰ সকলো কথাতে আরু কৰ্ম্মতে এই গুণ প্ৰকাশ কৰিবা আরু যি বস্তু দেখা (কিট পতঙ্গাদিও) তাক মৰম কৰিবা। মৰমিয়াল লৰাই মাখিকো নোজো কাই; যেতিয়া লৰাহঁত তোমোলাক সকলোৱে দন্দ খৰি য়াল ন কৰি মিলে প্ৰীতি যে উমলি থাকা আরু ভাল বস্তু