সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০১ )

জানা; কিন্তু অকল বুজিলেই বা শুনিলেই নহয় যেনে শুনা আরু বুজা তেনে চলিবও লাগে। আনৰ বস্তু লৈ ইচ্ছা কৰা বৰ বেয়া আরু এনে দুৰ্মতি কোনো লৰাৰ মনত থাকিব না পাই, তোমাৰ যদি এনে মতি হয় তেন্তে তাক তোমাৰ তৰ পৰা নিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা অকল পাপ যে এটা বস্তু আচে তাতে মাথোন সন্তুষ্ট নহবা ( আমাত যি পাপ থাকে তাক যিমান সোনকালে পাৰোঁতিমান সোনকালে এৰাবৰ যত্ন কৰিব পাঁও কিন্তু তোমাৰ আন কোনো বস্তু থাকিলে তাত সন্তুষ্ট হবা, কি যনো ঈশ্বৰে তোমালৈ যি ভাল আরু উপযুক্ত তাকে হে দিচে।

 তুমি কোনো লৰাৰ হাতত এটি বৰ চিকোন পুতলা বা আন কোনো বস্তু দেখি “সেই বস্তুটি মোৰ হলহঁতন” তেহে এনে বুলি নাভাবি কবা বোলে লৰাই যি বস্তু পায় তাতে সন্তুষ্ট হব পাই আরু ঈশ্বৰে মোক যি সকল দিচে তাৰো ময় যোগ্য নহওঁ তুমি যেতিয়া পৰলিয়া চাউলৰ ভাত খোৱা, কিন্তু তোমাৰ চুবুৰিয়া কেৱে পায়সকে আদি কৰি নানা ভাল দ্ৰব্য খায়, তেতিয়া তুমি এনেকৈ নুবুলিবা বোলে মোৰ খোৱা বস্তু বেয়া ময় ইয়াতকৈ ভালকৈ খাব খোজোঁ আরু অমুকে মোতকৈ ভাল বস্তু খায় কিন্তু তুমি যিহকে পোৱা তাকে খাই সন্তুষ্ট হবা।

 যি বস্তু পাবলৈ তুমি ইচ্ছা কৰা তাকে চাই বহি নে থাকিবা আরু যি মানুহৰ সেই বস্তু তাৰো গুৰিত সদাই না থাকিবা,