( ১৯৮ )
পালেহি তাতে ৰণ লগাত মহগড়ত স্বৰ্গদেও ঘাটি ১৭৪৪ শঁকত ভটিয়াই পৰ দেশলৈ গল এনেতে মানৰ সেনাপতিয়ে কম্পানিৰ ৰাজ্যৰ গুয়ালপাড়াত থকা ডেৰিড্ছন সাহাবলৈ চন্দ্ৰ কান্তৰজা আশ্ৰয়দিলে বলকৈ যতে থাকে তাৰে পৰা আনিবৰ আজ্ঞা পাইচোঁ বুলি কাকৎ লেখাত ঢাকাত থকা কম্পানিৰ চিপাহিৰ অধিপতিলৈ মানে কাকৎ লেখাৰ দৰে সীমাত জোকালে সিহঁতক খেদি পঠা্বৰ আজ্ঞা হল, আরু স্কট সাহেবকো লাগে মানে সৈন্য দিবৰ আজ্ঞা হল। ইয়াকে শুনি মানে অসমৰ পিনৰ সীমা লঙ্ঘন নকৰিলে হয় কিন্তু কাচাৰৰ পিনে কম্পানিৰ সীমাত জোকালত মান ৰজাই সৈতে কম্পানিৰ ৰণ কৰা ১৮২৪ ইং শঁকৰ ৫ মাৰ্চত নিশ্চয় হল, আরু গুয়ালপাড়াত থকা সৈন্য অসম দেশলৈ ক্ৰমে উজাই আহি গুয়াহাটী কলিয়াবৰ
ইত্যাদি ঠাইয়ে২ মান হঁতক ৰণত ঘটুৱালে, আরু ১৭৪৬ শঁকৰ ২১ মাঘত আরু ই ১৮২৫ সনৰ ২ ফিব্ৰুআৰিত ৰঙ্গপুৰ নগৰ ললেহি। তাৰে পৰা অসম দেশত মানৰ অধিকাৰ গুচি কম্পানিৰ অধিকাৰ হল, অৱশেষত ইংৰাজি ১৮২৭
শঁক ২৪ ফিব্ৰুআৰিত মান ৰজাই কম্পানিয়ে সৈতে সন্ধি কৰি অসম দেশ একে বেলিয়ে এৰি দিলে।
অসম দেশ মানৰ অধিকাৰত মহা দুৰ্গতিত পৰি অৰাজক প্ৰায় হল কিন্তু এতিয়া ইংগ্লণ্ডীয়াধিকাৰ হোৱাত ক্ৰমে উন্নতি হব লাগিচে আরু কিচু কালৰ মুৰত আকৌ পূৰ্ব্বৰ দৰে হব