পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩২)

হৈ নাথাকে। সিহঁতৰ ঘৰ বোৰ কাপৰৰ বা চালৰ আরু তাক লৰাই নিব পাৰি, সিহঁতে ৰান্ধিবলৈ আরু কাপৰ ববলৈকো জানে। আসিয়া খণ্ডৰ অনেক দেশৰ মানুহেই এনে অসভ্য অৱস্থাত আচে।

 আৰব দেশৰ কেত বোৰ তাতাৰ দেশ আরু তিৰ্ব্বত দেশৰ মানুহে এনেকৈ থাকে আরু আফ্ৰিকাতো আচে যিবোৰ মানুহ নগৰত থাকে ভাল ঘৰ সাজিবলৈ পাৰে আরু পিন্ধিবলৈ চিকোন কাপৰ ববজানে ৰান্ধিবলৈ ভু পায় আরু পুথি লেখে আরু পঢ়ে সিহঁতকে সভ্য লোক বোলে। সভ্য দেশত মানুহে জাহাজত কৰি এক দেশৰ বস্তু আন দেশলৈ নিয়ে,ইয়াকে বাণিজ্য বোলে আরু সভ্য লোক বোৰ বৰ সুখী। গোটেই ইউৰোপ,আমেৰিকাৰ ভালে খিনি ঠাই, আরু আসিয়াৰ দক্ষিণ, আফ্ৰিকাৰ উত্তৰৰ মানুহ বোৰ সভ্য। কিন্তু সকলো দেশৰে সভ্যতা সমান নহয়। চীন আরু জাপান দেশৰ মানুহে ঘৰ সাজিব জানে আরু শিল্প বিদ্যাত বৰ পাৰ্গৎ; কিন্তু সিহঁত ইংৰাজ, ফৰাসিস বিলাকৰ দৰে বিদ্যা আরু বুদ্ধিত নহয়, আৰু জানিবা যে আদ্ খিনি সভ্য দেশো আচে। আমাৰ (অসম) দেশ ইংৰাজৰ দেশতকৈ সভ্যতাত ভালে মানে কমি, কিয়নো অসম দেশৰ মানুহে মনুষ্য আকাশলৈ উঠা আৰু ভাপেৰে জাহাজ চলোৱা কথা কৰিব নালাগে কেতিয়াবা সমাজিকতো দেখিচিলনে?