পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৭ ]

সলনি বিলাপকে কৰিচে। আমি পুৰোহিতৰ তলৈ গৈ পৰামৰ্শ সোধোঁগৈ বলা, তেঁও আমাক মৰম্ কৰে।

 এই বুলি গৈ সি ধনৰ মোনা খন পুৰোহিতৰ হাতত দি কলে বলে পূৰ্ব্বে ময় ঈশ্বৰে আমাক বিয়া কৰাবৰ নিমিত্তে দিচে বুলি ভাবিচিলোঁ কিন্তু এতিয়া গমি চাঁও যে ইয়াক নিয়া অবিধি।

 পুৰোহিতে সিহঁত দুইকো মন দি চাই তাহঁতৰ সততা প্ৰশংসা কৰি কলে বোলে পেৰিণ এনে ভাৱ মাথন সদাই মনত ৰাখিবা, ঈশ্বৰে তোমাক কৃপা কৰিব, এই ধনৰ অধি কাৰক উলিয়াবলৈ আমি পুরুষাৰ্থ কৰিম, সি তোমাক অৱশ্যে তোমাৰ সততাৰ পুৰস্কাৰ দিব ময় ও জি পাৰোঁ দিম, তুমি লুচেতাক পাবা।

 সেই মোনাৰ কথা সম্বাদ পত্ৰত লিখা গল আরু ওচৰৰ গাঁও বোৰতে কোৱা গল, কিন্তু তেও ভালেমান দিনৰ মুৰতো তাৰ গৰাকি নোলালত পুৰোহিতে পেৰিণৰ তলৈ ধন লৈ গৈ কলে বোলে এই বাৰ হেজাৰ টকাৰ পৰা একো লাভ নাই তুমি তাৰ লাভ খনিতো খাব পোৱা এতেকে তুমি তাক এনেকৈ থোৱা যে গৰাকি কেতিয়া আহিলেও মুল ধন খনি যেন দিব পাৰা।

 এই কথা অনুসাৰে এডোখৰ মাটি কিনা গল, আরু লুচে তাৰ বাপেকেও বিয়া দিবলৈ মানতি হল; পেৰিণে খেতি কয়ি