পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০৫


 যি বোৰ মানুহ আরু লৰা তিৰোতাই পাপৰ চাকৰ হৈ তাৰ বন কৰে সিহঁতক তাৰ সলনি পাপে এই বোৰ বেতন দিয়ে “ পাপৰ বেতন মৃত্যু” যি মানুহে তাৰ অসৎ আজ্ঞা মানিচে সি এই বেতন পাব পাই, এতেকে হে প্ৰিয় লৰা সকল, পাপ কৰ্ম্মৰ প্ৰতিফল যে কলোঁ এই কথা মনত ৰাখি এতিয়াৰে পৰা পাপক বৰকৈ ভয় কৰিবলৈ শিকা আরু সদাই তাৰ পৰা পলাবলৈ প্ৰতিজ্ঞাকৰা।

THE LAWSUIT.

গোচর।

 এক খেতিয়ক দুই পুতেকক এৰি মৰিল; সিহঁত দুইও বাপেকে এৰি জোৱা সমপত্তিৰে প্ৰবৰ্ত্তি ভালকৈ খাই লই সুখকৈ থাকিব পাৰিলে হঁতন কিন্তু সিহঁতৰ বাপেকে এৰি জোৱা বৃত্তিৰ মধ্যত এখন আম কঠাল ইত্যাদিৰ বৰ সুন্দৰ বাৰি আছিল আৰু তাৰ পৰা বচৰি ভালেমান লাভ পোৱা গৈচিল।

 সেই বাৰী খন সিহতৰ বাপেক মৰিবৰ কালত ভগাই দিয়া নহলে সেই নিমিত্তে দুইও ভায়েকে তাক পাবলৈ দন্দ কৰিব ধৰিলে শেষত সিহঁতৰ কাকো কেৱে নমতা হল আর পৰস্পৰ বৰ বৈৰতা হল এক ভায়েকে কলে বোলে তয় মোৰ বস্তু নিব খোজ এতেকে তয় ভাল মানুহ নহ আর