পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮১ )


হিন্দু ৰজা বিলাকৰ ৰাজত্ব ৰ বিবৰণ, দ্বিতীয় মুষলমান পাত্চা‌ বিলাকৰ ৰাজ্যৰ কথা, তৃতীয় ইংৰাজ দেশৰ অধি কাৰ হোৱাৰ কথা। পূৰ্ব্বৰ হিন্দু ৰজা সকলৰ ৰাজ্ঞত্বৰ ইতিহাস নাই কিয়নো সেই কালৰ কথাৰ বুৰঞ্জি নাই; অকল গ্ৰীক আরু ফাৰসী বুৰঞ্জিৰ পৰা জনা জায় যে দুহেজাৰ তিনিশ মান বচৰ হল পাৰস্য দেশৰ দাৰা নামে পাতচাই হিন্দুস্থানৰ উত্তৰ পশ্চিম ফাল অধিকাৰ কৰি তাৰ ৰজা বিলা কক কৰতলিয়া কৰিচিল, আরু তাৰ পিচত দুহেজাৰ এশ পঞ্চাশ বচব হল সেকন্দৰ সাহ নামে গ্ৰীক দেশৰ এক ৰজাই পাৰসী দেশ জয় কৰি সিন্ধু নদী পাৰহৈ আহি পঞ্জা বলৈকে অধিকাৰ কৰিছিল আৰু বঙ্গাল দেশলৈকো আহিবৰ ইচ্ছা কৰিচিল কিন্তু তেঁওৰ সৈন্যবোৰ নহাত অভিলাষ সিন্ধি কৰিব নোৱাৰিলে। সেকন্দৰপাতচাৰ পিচত হিন্দু ৰজা বিলাকৰ ইউৰোপৰ মানুহে সৈতে বেপাৰত বাজে আন একো ব্যৱসাই নাচিল সেই নিমিত্তে আকৌ মুষলমান হঁতে হিন্দু ৰাজ্য ভ্ৰষ্ট নকৰালৈকে বুৰঞ্জি জনা নেজায়।

 ইং ১০০০ শঁক কাবোল দেশৰ ওচৰৰ গজনিৰ। মহম্মদ নামে এক ৰজাই সিন্ধু নদী পাৰহৈ বাৰে বেলি হিন্দুস্থানলৈ আহি সোমনাথ নাগৰ কোঁটকে আদি কৰি হিন্দু দেৱালয় আদি বিনাশ কৰি হিন্দু লোক বিলাকক ভালেমান যন্ত্ৰণা দিলে। মহম্মদৰ পিচে ১২০৮ শঁকত কুতোবদ্দীন নামে এক পাত্ চাই ন্দুহ ৰজা বিলাকক জিকি দিল্লী ৰাজধানীৰ সিংহাসনত