পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৩১ )

 সকলো দেশৰ মানুহৰ অৱস্থা একে নহয়, অৰ্থাৎ আমি যেনেকৈ থাকোঁ আন দেশৰ মানুহে ও তেনেকৈ নাথাকে এই দেশৰ মানুহে আরু গাৰো, মিকিৰ ইত্যাদি পৰ্ব্বতীয়া জাতীয়ে সমান নহয়, আমি সিহঁততকৈ সকলো কথাতে ভাল; তেনেকৈ পৃথিবীত সভ্য আৰু অসভ্য দুই প্ৰকাৰ মানুহ আচে। যি দেশ অসভ্য, তাৰ মানুহ যোৰে নানা দৰে পশু, চৰাই, মাছ ইত্যাদি ধৰি তাকে খাই জীৱন ধাৰণ কৰে। সিহঁতে খেতি কৰিব নাজানে, সিহঁতৰ ঘৰ বোৰ পজাৰ নিচিনা মাটি, বতাগচৰ চাল ইত্যাদিতে সাজে, থাকিবলৈ অতি অসুখ। সিহঁতৰ অনেকে লাঙ্গটহৈ ফুৰে, সুখকৈ থাকিব পৰাঘৰ সাজিবলৈ আরু লবলৈ কাপৰ ববৰ ও বুদ্ধি নাজানে, আৰু ৰান্ধিবলৈকো ভালকৈ ভু নাপায়। সিহঁতৰ পঢ়িবৰ পুথি নাই আরু সেই নিমিত্তে অজ্ঞান আরু দুষ্ট। পৃথিবীৰ ভালে মান ঠাইতে এই অসভ্য মানুহ বিলাক থাকে। উত্তৰ আমেৰিকাৰ পশ্চিম খণ্ড, দক্ষিণ আমেৰিকাৰ দক্ষিণ খণ্ড, আসিয়া আরু আফ্ৰিকাৰ অনেক উপদ্বীপ, আন্ত্ৰেলিয়া আরু পলিনিসিয়া, আফ্ৰিকাৰ মধ্য দক্ষিণ আরু পশ্চিম খণ্ড, আরু আসিয়াৰ ঠাইয়ে২ এই অসভ্য জাতি মনুষ্য বাস কৰে। এই বোৰ অসভ্য জাতিকে মৃগয়া কৰিথকা অসভ্য জাতি বোলে; কিন্তু আরু এবিধ আচে সিহঁতক ভ্ৰামক জাতি বোলে,অৰ্থাৎ সিহঁতৰ ঘৰচিয়া একো জাক পশু আছে; সেই বোৰকলৈ এঠাইৰ পৰা আন ঠাইলৈ ফুৰি থাকে,কোনো ঠাইত স্থিতি