পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )

বেজাৰ নকৰিবা আরু গালি নেপাৰিবা আরু সিবিলাকক মাৰিবলৈ মোৰ হাত নেদাঙ্গিবা।

 তুমি ভাল পোৱা কিবা বস্তু সিবিলাকৰ তৎ থাকিলে তাক নেপাই তুমি খঙ্গ নকঁৰিবা আৰু কাঢ়িও নিনিবা কিন্তু সিবিলাকে ভাল পোৱা কোনো দ্ৰব্য যদি তোমাৰ তত থাকে তেন্তে তুমি সিবিলাকে সৈতে তাক ভগাই লবা।

 তোমাৰ পিতৃ মাতৃয়ে তোমোলাকক দ্বন্দ কৰা দেখিলে বৰ বিষম পায় সিবিলাকে তোমাক যেনে কৈ মৰম কৰে তেনেকৈ তোমোলাকেও মিলি থাকি পৰস্পৰ চেনে্হ‌ বেথা কৰিলে সিবিলাকে ভাল পায়।

 তোমাৰ পিতৃ মাতৃ ভাই ভনিক মৰম নকৰিলে তোমাক কেৱে ভাল নেপাব আরু সকলোৱে নিন্দা কৰিব। মানুহে কব বোলে মাক বাপেকে ইমান উপকাৰ কৰিচে সিবিলাকক প্ৰেম নকৰি কাক নো কৰিব? আরু ভায়েক ভনিএকে পিতৃ মাতৃৰে পৰা উপজিচে, একে ঘৰতে ডাঙ্গৰ দিখল হৈচে, এতেকে তেঁওবিলাককে মৰম নকৰিব যে কৰিবই নোকাক?

ON THE DUTY OF A PUPIL TO HIS INSTRUCTOR.

ছাত্ৰৰ অধ্যাপকৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম।

 ছাত্ৰে সকলো প্ৰকাৰে তেঁওৰ অধ্যাপকক সন্তোষ কৰিবলৈ

পুরুষাৰ্থ কৰিব পাই কিয়নো তেঁও যিকয় সি তাৰ ভাললৈহে।