সমললৈ যাওক

ককাদেউতা আৰু নাতি-ল’ৰা

ৱিকিউৎসৰ পৰা
[  ]

ককাদেউতা আৰু নাতি-ল’ৰা

 

লক্ষ্মীনাথ বেজবৰুৱা

\
 

জ্যোতি প্ৰকাশন
পাণবজাৰ, গুৱাহাটী-১

[  ]

KAKADEWTA ARU NATILARA
A Collection of Assamese folktales by Sahityarathi Lakshminath Bezbaruah and published by M/s JYOTI PRAKASHAN, Panbazar, Guwahati-1,



ককাদেউতা আৰু নাতি-ল’ৰা
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

 

প্ৰকাশক :
জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১

 

ISBN-81-86827-22-6

 

বেটুপাত:
অৰুণ নাথ, গুৱাহাটী

 

ডি.টি.পি.
টাইট্‌লিং লেজাৰ প্ৰিন্ট, চান্দমাৰী,}}
ৰাজগড় ৰোড, গুৱাহাটী-৩

 

মূল্য:২০.০০ (বিশ টকা) মাত্ৰ

[  ]

ককাদেউতা আৰু নাতি-ল’ৰা
প্ৰথম সাধু

 জাৰকালি গধূলি ককাকক জুহালৰ ওচৰত জুই পুৱাই থকা দেখি নাতিয়েকে পিছফালৰ পৰা ককাকৰ পিঠিত সাৱট মাৰি ধৰি ক'লে—“ককাদেউতা, সাধু এটা কোৱা।” ককাকে মিচিকীয়া হাঁহি এটা মাৰি উত্তৰ দিলে, “নকওঁ, যা, গুচ।”

নাতি।—“কিয় নক’বা ককাদেউতা? ক'বই লাগিব। ক’লেহে মই এৰিম।”

ককা।—“ক’ব লাগে যদি তই ভাল ল’ৰা নহ কিয়? উভতি কৰি থাক কিয়? পঢ়া-শুনা

 নকৰ কিয়?”

নাতি।—“আজিৰপৰা মই ভাল ল’ৰা হ'ম ককাদেউতা। উভতি নকৰো। পঢ়িম-শুনিম।

 তুমি সাধু কোৱা।”

ককা।—“ঠিক কৈছ নে?”

নাতি।— “ঠিক কৈছো। তুমি আজি সাধু এটা কৈ মোৰ কথাৰ প্ৰমাণকে চোৱা। তুমি

 কিন্তু দিনৌ জুহালৰ গুৰিত বহোতে মোক একোটাকৈ সাধু ক’ব লাগিব;

 তেহে।”

ককা।—“বাৰু, আমাৰ দুয়োৰো ভিতৰত এই কথা ৰ’ল – মই দিনৌ একোটা সাধু

 ক’ম, আৰু তই দিনৌ পঢ়া-শুনা কৰিবি,উভতি নকৰি সোণামুৱা ল'ৰা হবি

 আজিৰটো সাধু শুন”–

কুৰুৱা চৰাই আৰু বামুণৰ সাধু

 এহাল নিমাখিত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা

 কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত [  ] আতৌ-পুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰপৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক’বলৈ ধৰিলে – “পৰলৈ দুখ কৰা কোনো সকাম নাই।” সেই দিনাৰপৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাও দি আপোনা-আপুনি কয়, “মোক যেনেকৈ তই নিৰাশ কৰিলি, তয়ো তেনেকৈ নিৰাশ হবি।” সি মাছৰ কথাকে ভাবি-গুণি থাকি শোকত লাহে লাহে শুকাই-ক্ষীণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই-বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল’ৰা উপজিল। ল’ৰাটি এনে ৰূপহ হৈ উথলি আহিছিল যে, তাক যেয়ে দেখে সেয়ে একোলা লবলৈ বিচাৰিছিল। বামুণ-বামুণীয়ে ল’ৰাৰ মুখ দেখি ভোক-পিয়াহলৈ পাহৰিছিল।

 আজি-কালিকৈ ল’ৰাটো ডাঙৰ হৈ আহিল। ৰূপে-গুণে ল'ৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণ বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটো ইমান মোহ লগা হৈছিল যে বামুণ-বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল’ৰাটি চফল ডেকা হওঁতেই বিধতাৰ বিৰম্বনাত নিঠুৰ কালে বামুণ-বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল’ৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুলো নুগুচা হ'ল। দুয়োৰো খাৱন শোৱন গুচিল আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি আধামৰা হ'ল। “কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাকনো পুৱা-গধূলি সদায় ঘেট্কালি থাকিলে সি কেনে পায়” এইবুলি বামুণে ঢেঁকীটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ, যমৰ হিয়া খুন্দিছোঁ বুলি কৈ, খুন্দি থাকে।

 বামুণে এনেকৈ দুখ-বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি, এদিন ৰাতি বামুণক সপোনত ক’লৈ, “তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা; মাথোন মই এটা কথা কওঁ তাকে তুমি কৰিবা— কাইলৈ তুমি [  ] ভিতৰৰপৰা দুৱাৰ মাৰি তোমাৰ গোসাঁই-ঘৰতে শুবা আৰু তিনিদিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে, তোমাক জগাবলৈ হাক দিবা।”

 পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি-ছিঙি কৈ সেই মতেই তেওঁৰ গোসাঁই-ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল, তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ যমপুৰি পোৱালেগৈ। বামুণে যমপুৰীত ক’ত যে লীলা-খেলা দেখিলে তাৰ সীমা-সংখ্যা নাই: যমদুতে কোনো কোনো পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে; কোনোক ওভোতাই মোট চেলাই খাৰণীত জুবুৰিয়াইছে; অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি ম’হ টনাদি টানি নি নৰক কুণ্ডত পেলাইছে; যমদূতবোৰ জুমে জুমে ফুৰি ফুৰিছে, হো হো কৰি আহিছে-গৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ শ্ৰুতি-বুদ্ধি হেৰাল আৰু বতাহত আঁহতৰ পাত কঁপাদি ভয়ত বামুণ কঁপিবলৈ ধৰিলে।

 দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠক্ঠক্ কৰে কঁপা দেখি যমে তেওঁক ক'লে— “বাপুদেউ তুমি ভয় নকৰিবা। তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন,তাত তোমাৰ পুতেৰা আছেনে নাই?” বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক’লৈ যে “হয় মহাৰাজ, মোৰ পো সৌটো।” বামুণৰ উত্তৰ শুনি যমে ক’লে, “তাক ইয়ালৈ মাতাচোন; যদি সি নাহে,তেন্তে তুমিয়েই তাক মাতি আনাগৈ।” বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ “হেৰ বোপাই, মই আহিছোঁ নহয়; তই এইপিনে আহচোন” বুলি মাতিলে। বামুণে এইদৰে তিনি-চাৰিবাৰ মতাতো পুতেকে তেওঁৰফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘোকোটা মাৰি ক'লে, “হেৰ, বোপাই, এইফালে চাচোন, মই তোৰ বাপেৰ।” পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে [  ] ক’বলৈ ধৰিলে, “তই মোক ক'ৰ পো পাইছহি অ'? মই তোৰ পুতেৰ নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পোটক তুলিবলৈহে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছে নে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি, তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলোঁ।”

 পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰপৰা গুচি আহি যমৰ আগত ক’লে যে, “সেইটো মোৰ পো নহয়।” বামুণৰ কথা শুনি সমে তেওঁক ক’লৈ, “তোমালোকে মোক অকাৰণত দোষ দিছিলা; এতিয়া দেখিলা কাৰ দোষ?” এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত,দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই-ঘৰ পোৱাই দেহাটোৰ ভিতৰত সুমুৱাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি-পাতি ক’লৈ, আৰু তেতিয়াৰপৰা বামুণ-বামুণীয়ে মৰিযোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।


দ্বিতীয় সাধু

নাতি।—— “ককাদেউতা, কালিৰ সাধুটো বেছ। আজিও এটা ক’ব লাগিল নহয়।

ককা।——“লাগিল তো। মই কথাৰ ‘খিলাপ’ নকৰো, তয়ো নকৰিবি শুন।”⸺

এক হাতী আৰু ফেঁচাৰ কথা

 এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাঁহ লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যোৱা কৰিছিল। দৈবাৎ এদিন ফেঁচাই বাঁহ লোৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে [  ]

সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল'লে। সেই দিনাৰপৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰো মহা মিত্ৰ হ’ল। এদিন পাৰ্বতীৰ বাঘে সমাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক’লে, “স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পা। যা খা গৈ।” বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰপৰা হাতী পানী খাবলৈ আহিলত বাঘে হাতীক ক’লে, “ককাই, আজি তোৰ মূৰটো সমাজিকত খাইছিলো,পিছে ডিঠকতো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে; এতেকে এতিয়া মই তোক খাওঁ। তই কি কৰ কৰি ল বেগতে।” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ’ল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক ক’লে, “বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই; কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেউক সুধি লওঁ। এতেকে ব’লা আমি তিনিও মহাদেউৰ ওচৰলৈ যাওঁ।” বাঘ ফেঁচাৰ কথাত সন্মত হ'লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সোধাত ফেঁচাই চক্‌মক্‌ খাই সাৰ পোৱা যেন দেখুৱাই ক’লে, “প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলোঁ; পাছে ডিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম?” মহাদেৱে ক’লে, “স্বপ্নত পালি বুলিয়েই পাবি নে? নেপাৱ।” ফেঁচাই ক’লে, “কিয়, তেনেহ'লে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি ডিঠকত খাবলৈ পালে?” মহাদেৱে ক'লে, “অ, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে।” এনেতে হাতী আৰু বাঘ আহি ওলালহি। বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ'ল, হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল।
[  ]

তৃতীয় সাধু

নাতি।–“ককাদেউতা, তুমি কালি এধানমান সাধু এটা কৈ গা সাৰিলা। আজি এটা

 ডাঙৰ সাধু ক’ব লাগিব, নহ'লে নেৰো।”

ককা।–“বাৰু শুন; আজি ডাঙৰ সাধুকে ক'ম।”

বৰচোৰ

 কোনো এখন দেশত কিছুমান চোৰ আছিল। সিহঁতৰ ভিতৰত এটা সকলোতকৈ অঘাইটং চোৰ আছিল। সেই চোৰটোক তাৰ লগৰীয়া সৰু আন আন চোৰে ‘বৰ চোৰ' বুলি মাতিছিল। তাৰ এটা পুতেক আছিল। সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল। বাপেকে এদিন ভাবিলে, “মই মৰিলে মোৰ পোৱে মোৰ নাম ৰাখিব পাৰিব নে নোৱাৰে এই কথাৰ প্ৰমাণ চাব লগীয়া হ’ল।” ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে, “বোপাই ঔ, মোৰ আজি-কালিকৈ আয়ুস টুটি আহিবলৈ ধৰিছে; পাছে তই জানো মোৰ পো বুলি চিনাকি দিব পাৰিবি? আৰু বংশৰ নাম ৰাখিব পাৰিবি?” এইবুলি সোধাত পুতেকে উত্তৰ দিলে— “পিতাই, তুমি মোক তুলি-তালি ডাঙৰ-দীঘল কৰিছা যেতিয়া তোমাৰ ‘বিদ্যা’ মই ৰাখিবই লাগিব। নহ'লে তোমাৰো নাম নুমাব আৰু মোকো লোকে জহৰা বুলি হাঁহিব।” এই কথা শুনি বাপেকে ৰং পাই ক’লে, “মোৰ বোপাই তই মোৰ নাম ৰাখিবি বুলি মই আশা কৰিছোঁ। কিন্তু তেনেহ'লে তই এটা মহলাত উঠিব লাগিব, তেহে মোৰ মনৰ খুকুৰি যাব।” এদিন বাপেকে পুতেকৰ ইণ্টাহান পাতি ৰাতি তাৰ ঘৰৰ সকলো লোটা-বাটিবোৰত পানী ভৰাই, পুতেকক বাহিৰত উলিয়াই থৈ, দুৱাৰ-ঘৰ মাৰি শুই থাকিল। ৰাতি দুপৰ হলত পুতেক চুৰ কৰিবলৈ সাজু হ’ল। সি ঘৰৰ কেউপিনে চাই দেখিলে যে, সিন্ধি দিয়াৰ বাহিৰে [  ] আন উপায় নাই। সিন্ধি দিলেও, বাপেক নিজেই চোৰ গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হ’ব। ইয়াকে ভাবি আন এটা উপাই চিন্তি সি ওচৰৰ হাবিৰপৰা কেইডালমান দীঘল নল আনিলে। নলকেইডাল লৈ লাহেকৈ সি চালৰ ওপৰত উঠিল আৰু য'ত লোটা-বাটিবিলাক আছিল ঠিক সেইপিনেই এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি লোটা-কলহৰ পানীবিলাক নলেৰে শুহি আনিলে। শেহত বাপেকে সিমানতো সাৰ নোপোৱা দেখি বিন্ধাটো ডাঙৰ কৰি সেইপিনেই সৰকি বেৰেদি বগাই ভিতৰ সোমাল; আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লোটা কলহবোৰ বাহিৰলৈ উলিয়ালে। সিমানতো বাপেকে সাৰ নোপোৱা যেন দেখি সি এডাল জৰী আনি বাপেকক হাতে-ভৰিয়ে বান্ধিলে আৰু এনেভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাটীত শুয়েই আছে নে কি কৰিছে গমকে ধৰিব নোৱাৰিলে। যেতিয়া সি বুঢ়াক মাটিত থ’লেহি তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ শলাগি বস্তুবিলাক ভিতৰ সুমাই শুই থাকিল।

 এইদৰে বাপেক-পুতেকে নিজ বৃত্তি চলাই-মেলি অনেক দিন আছে। এদিন বাপেক-পুতেক দুয়ো ৰজাৰ ঘৰত ৰাণীৰ অলঙ্কাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ। বহুত আঁতৰৰ পৰা সিহঁতে সিন্ধিটো লৰালৰিকৈ খানি নি ৰাণী শুই থকা পালেঙৰ তলত ওলালগৈ। বাপেক পুতেক দুয়ো পালেঙৰ তলৰপৰা চাই দেখিলে যে বেটী দুজনীৰ টোপনি আহিছে,চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে,ৰাণীয়েও

টোপনিত ঘোৰ্ ঘোৰাব লাগিছে। ইফালে পালী-পহৰীয়াও নাই। এনেতে বাপেকে পালেঙৰ তলৰপৰা ওলাই ৰাণীৰ গাৰ অলঙ্কাৰবিলাক সোলোকাই আনি পুতেকৰ হাতত দিলে; কিন্তু ডিঙিৰ হাৰধাৰ থাকি গ’ল। সেইদেখি পিছবাৰ সেই হাৰধাৰ আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতেই ৰাণীয়ে সাৰ পাই “কোন কোন” বুলি উঠিল। এনেতে চোৰক মোৰে পালে। পালী পহৰীয়াও জাঁপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি। বুঢ়া সাৰিবৰ উপক্ৰম কৰি সিন্ধিত সোমাওঁতেই তাৰ [ ১০ ]
[ ১১ ]

ঠেংটোতে সিহঁতে ধৰি পেলালে। যেতিয়াই সিহঁতে তাৰ ঠেঙত ধৰিলে,পুতেকে বহুত কথা ভাবি-চিন্তি বুঢ়াৰ মূৰটো কাটি লৈ গুচি গ'ল।

 ৰজাৰ মানুহে ঠেঙত ধৰি বুঢ়াক টানি আনি চাই দেখে,তাৰ মূৰটো নাই,কেৱল গাডোখৰহে আছে। সেইবাবে চোৰটো কোন ঠিক কৰা টান হ’ল। সেই মুহূৰ্ততে ৰজাক সকলো বৃত্তান্ত জনোৱা হ'ল। ৰজাই তেতিয়াই তেওঁৰ কটোৱালহঁতক মাতি আনি পাচিলে যে “তহঁত দিহাদিহি যা, ক’ত মানুহে কান্দে, ক’ত মানুহে খৰি দিয়ে, তাৰ ভূ লহঁক। য’তে মানুহক খৰি দিয়া দেখ বা য’তে মানুহক কন্দা শুন তাৰপৰা সিহঁতক মোৰ গুৰিৰলৈ ধৰি আনিবি।” সেই কথা শুনি কটোৱালবোৰ দিহাদিহি গ'ল।

  ইফালে বৰচোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত ক’লে। মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰোতেই পুতেকে মাকৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, “আই, এতিয়া মই পিতৃবধী। তুমি যদি চিঞৰি চিঞৰি কান্দা তেনেহ'লে ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মোক নথৈ শাস্তি কৰি মাৰিব। তাকে চাই তুমি যদি কান্দা কান্দা।” সেই কথা শুনি মাকে কোনোমতে কান্দোন সামৰি থাকিল আৰু পুতেকক ক’লে, “বোপাই মোৰ অন্তৰত ইমান বেজাৰ লাগিছে যে যদি মই কিছুমানপৰ নাকান্দো তেন্তে মই থিৰেৰে থাকিবই নোৱাৰোঁ।” পুতেকে মাকক বুজাই ক’লে যে কান্দিবৰ অনেক সময় আছে আৰু যদি কান্দিবই লাগে, দেখা-শুনাকৈ কন্দাই ভাল। এইদৰে দুয়োৰো বেজাৰ দুয়োতে থৈ পিছদিনা পুৱা মাকে এজোৰ গাখীৰ গুড়,একঠামান চকোৱা চাউল লৈ ভাৰখন পাতি, আগতে পুতেকৰ কান্ধত ভাৰখন দি পাছে পাছে ছোৱালী খুজিবলৈ ওলাই যোৱাৰ ছলেৰে যাবলৈ ধৰিলে। এনেতে পুতেক পিচলি পৰিল আৰু গাখীৰ-গুড়ৰ কলহ দুটা ভাগিল। মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়ো হুৰাওৱৰাৱে কান্দিবলৈ ধৰিলে। ইফালে ৰজাৰ কটোৱালে কান্দোন শুনি আহি কন্দাৰ কাৰণ সোধাত জানিব পাৰিলে যে কোনো মানুহ মৰাৰ কাৰণে সিহঁতে কন্দা নাই; সিহঁত দুখীয়া মানুহ, গাখীৰ-গুড় ভগাতহে [ ১২ ] সিহঁতে কান্দিছে। সেইদেখি কটোৱালহঁতৰ মৰম লাগি মাক-পুতেকক কড়ি দুঅঁৰা দি থৈ গুচি গ'ল।

 পাছদিনা তিলনি পৰিল। কিন্তু বাপেকক তেতিয়ালৈকে খৰি দিয়া নহ'ল।পুতেক বিবুদ্ধি। খৰি দিবও নোৱাৰি; ৰজাৰ কটোৱালে ধৰিব। ভাবি-চিন্তি সি বুধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰো দিহা কৰিব লাগে। ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গ'ল;বহুত কাঠৰ তলত মূৰটো থ’লে আৰু ওপৰত দুটা চৰুত মগুমাহ,জহা চাউল দি তলত জুই জ্বলাই দিলে। যেতিয়া মূৰত জুই লাগিলগৈ, মানুহ পোৰাৰ গোন্ধো চাৰিওপিনে ওলাই গ'ল। গোন্ধ পাই কোটোৱালহঁত লৰি আহিল। আহি সিহঁতে দেখিলে যে তাত মানুহ পোৰা নাই; এক সন্যাসীয়ে গাত ছাই সানি ভাং হুপি জুইৰ ওচৰতেবহি আছে। সিহঁতে সন্যাসীক ভক্তিভাৱে সেৱা কৰিলে। সন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে আৰু ভাং খুৱাই ভোল নিয়াই প্ৰসাদ খাবলৈ দিলে।

 যেতিয়া বাপেকৰ মূৰ পোৰা শেষ হ’ল তেতিয়া সিহঁতক সন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে। ইয়াৰ পিছত পুতেকে ঘৰলৈ গুচি আহি মাকৰ আগত সকলো বৃত্তান্ত ভাঙি ক’লত মাকৰ আনন্দ মিলিল।

 আকৌ বাপেকৰ কাজৰ সময় হ’লহি। তাৰ নিমিত্তে সি সকলো দিহা-পোহা কৰিলে আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে। কিয়নো, ৰজাৰ পুৰোহিতজন কুকুৰীকণা। সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধতকৈ লৈ আহিলগৈ। বামুণৰ ঘৰৰ পৰা বৰচোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হ’ব লাগে। সি সেই নৈ আৰু গড় দুয়োটাকেই বামুণক সাতবাৰকৈ পাৰ কৰালে আৰু তাৰ সাতোটা নাম বামুণৰ আগত ক’লে। তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলঙ্কাৰবোৰ দি বামুণক আকৌ [ ১৩ ] কান্ধতকৈ আনি ৰজাৰ বৰ-চ’ৰাতে বহুৱাই থৈ গুছি গ'ল। পিছদিনা ৰাতিপুৱাই আকৌ সি গৈ বৰচ’ৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ।

 ৰাতিপুৱা ৰজাৰ মানুহবিলাক উঠি দেখে যে, ৰজাৰ পুৰোহিতে চোৰে নিয়া ৰজাঘৰীয়া অলঙ্কাৰবোৰ পিন্ধি ৰজাৰ চ’ৰাত বহি আছে। এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ। ৰজা লৰালৰিকৈ আহি দেখে যে কথা সঁচা; পুৰোহিতে ক’লে যে কোনে তেওঁক ৰাতি সেইদৰে তাত বহুৱাই থ'লে তেওঁ ক'ব নোৱাৰে। ৰজাই ঘাই বিষয়াসকলেৰে সৈতে মেলত বহিল। শেষত কোনোমতে চোৰ উলিয়াবৰ বুধি নাপাই ৰজাই চোৰক ধন্যবাদ দিব লগাত পৰিল। তেতিয়া ৰজাই ক’লে যে, “যদি মই এই চোৰটোক পাওঁ, তেন্তে সত্যে সত্যে কৈছোঁ তাক মোৰ ডেকা মন্ত্ৰী পাতিম।” এই কথা শুনি বৰচোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি পৰি ক’লে, “স্বৰ্গদেউ! কাটক বা মাৰক, ময়ে সেই চোৰ”। পাত্ৰ-মন্ত্ৰী সকলো আচৰিত হ’ল, ৰজাই অবাক। কিন্তু এতিয়া আৰু কি কৰিব?—প্ৰতিজ্ঞা কৰিলে যেতিয়া তেওঁ তাক ডেকা-মন্ত্ৰী পাতিব লগীয়া হ'ল।


চতুৰ্থ সাধু

ককা।—“কালিৰ সাধুটো কেনে লাগিল। দীঘল নহয় নে?”

নাতি।—“ভাল লাগিছে; কিন্তু আৰু অলপ দীঘল হোৱাহেঁতেন আৰু ভাল হ'লহেঁতেন।

 আজি কিন্তু তাতকৈও এটা দীঘল ক’ব লাগিব।”

ককা।—“কওঁ শুন।” [ ১৪ ]

বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰোৱা

 এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া-বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰীগুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে। দুয়ো ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থ'লে। অৱশেষত কড়ি পচি গ’ল, বগৰীগুটিৰ এটা পুলি গজি এজোপা গছ গৈ বগৰী লাগি পকি আছে।

 বুঢ়াই সদায় বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, “হেৰ কাউৰী,হেৰ কাউৰী, তই মোৰ বগৰী ৰখিব পাৰিবি নে?” সি ঘপ্ কৰে “তাত সংশয় নাই” বুলি উত্তৰ দিলে। বুঢ়াই ক’লৈ, “বাৰু তোৰ মাতটো মোক মাতি শুনাচোন।” তেতিয়া সি “কা কা” কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক’লে, “যা, যা, যা, তই মোৰ বগৰী খাবিহে।” তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে,“হেৰ বগলী তই মোৰ বগৰী ৰখিব পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে,“পাৰিম তো, নোৱাৰাৰ কাৰণ কি?” বুঢ়াই ক'লে, “বাৰু মোক তোৰ মাতটো মাতি শুনাচোন।” তেতিয়া বগলীয়ে “কক্ কক্” কৰে মাতিবলৈ ধৰিলত “তই বগৰী খাবিহে” বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, “হেৰ ফেঁচু তই মোৰ বগৰী ৰখিব পাৰিবি নে?” ফেঁচুৱে ক’লে, “যদি তুমি কোৱা মই ৰখিব পাৰো।” বুঢ়াই ক’লে, “বাৰু, তই তোৰ মাতটো মাতি মোক শুনাচোন?” ফেঁচুৱে মাতিবলৈ ধৰিলে।⸺

“ফেঁচু চু ফেঁচাই মৰা৷
মেই ফেঁচু মানুহ মৰা॥”

[ ১৫ ]

 মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰখিবলৈ লাগিল।

 এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকিটাই বগৰীগছত উঠি আদখিনিমান পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকিটা ফুটাই দিলে। মানুহকিটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক’লে, “মোক এইটো আজি গধূলিকৈ ভাজি দিব লাগিব।” ৰজা আকৌ চিকাৰলৈ গ'লত, তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে; তাকে দেখি ফেঁচুটোৱেও লাহেকৈ মাত লগালে, “বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ।” এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকোলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগতে বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোল হ’ল, তেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেউজনী বিবুধি হৈ, চুক-ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিছে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, “হেৰ ৰজা, কালি তই মোক খাব নোৱাৰিলি; খালি ভেকুলি ভজা।” ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেউজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই-বৈ থাকিল৷ [ ১৬ ]

পঞ্চম সাধু

নাতি।—“ককাদেউতা, কালি মোক ভাল ফাঁকি দিলা। দীঘল সাধু ক’ম বুলি এটা

 এবেগতীয়া সাধু কৈ বাব সাৰিলা। সাধুটোৰ সমানে যদি মই আজি লেখা-পঢ়া

 কৰিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন?”

ককা।—“ক’ৰ এইটো অঁকৰা ল'ৰা অ’ সাধুটো সৰু হ'লে হবলা তাৰ বেচও তাকৰ

 হয়? অকণমান সোণৰ বেচ এখৰাহি লোৰ বেচেৰে সৈতে সমান! বাৰু শুন

 আজি অলপ বুজন সাধু এটাকে ক’ম।”


ৰাক্ষস পণ্ডিত

 সত্যকালত এক ৰাক্ষস আছিল। সি মানুহৰ বেশ ধৰি “পণ্ডিত” নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি। ৰাক্ষস পণ্ডিতে তাত সকলোৰে ল’ৰা পঢ়ায়, কেৱল বাঁৰী মানুহৰ ল'ৰাহে নপঢ়ায়। সেই নগৰতে আকৌ এজনী বাঁৰীৰ এটি ল’ৰা আছিল। পুতেকক পঢ়াবলৈ বাঁৰীৰ বৰ মন গৈছিল; কিন্তু পণ্ডিতৰ কথা শুনি মন ভোটা হ’ল। মন্ত্ৰীৰে সৈতে বাঁৰী মানুহজনীৰ চিনাকি আছিল। সেই নিমিত্তে বাঁৰীয়ে মন্ত্ৰীৰ ওচৰলৈ গৈ তাইৰ ল'ৰাটো মন্ত্ৰীৰ বুলি পঢ়াশালিত পঢ়ুৱাবলৈ পণ্ডিতক

দিবলৈ মন্ত্ৰীক খাটনি ধৰিলে। মন্ত্ৰীয়েও বাঁৰীৰ কথাত লাগি সেই ল’ৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে। ল’ৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা-পঢ়া শিকিবলৈ ধৰিলে। পণ্ডিতে অ’লৈ-ত’লৈ গ'লে তেওঁৰ তন্ত্ৰ-মন্ত্ৰ থকা পেৰাটো, মছা ঘৰ এখোটালিত থৈ ল’ৰাটোক ছুবলৈ হাক দি যায়। এদিন ল'ৰাটোৱে পণ্ডিত আঁতৰি গ’লত সেই পেৰাটোতনো কি আছে মনে মনে মেলি চালে। সি পেৰাটো মেলিলত তাত এটা মানহৰ মূৰ আৰু কিছুমান পুথি-পাঁজি দেখিবলৈ পালে। সেই পুথিবিলাকত ৰাক্ষসৰ বিদ্যা অৰ্থাৎ নানান ৰূপ ধৰিব পৰা,মায়া হ’ব পৰা, সৰ্বজান ইত্যাদি বিদ্যা লিখা আছিল। তেতিয়া বাঁৰীৰ [ ১৭ ]
[ ১৮ ] ল’ৰাই পণ্ডিতক ৰাক্ষস বুলি চিনিবলৈ আৰু বাকী নাথাকিল। সি দিনৌ পণ্ডিত ঘৰলৈ

উভতি অহাৰ আগেয়েই লৰালৰিকৈ সেই পুথিবোৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নোৱাৰাকৈ আকৌ আগৰদৰে পেৰাতে থৈ দিয়ে। এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল। পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল। এদিন পণ্ডিতে ল’ৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলোবোৰে মাক- বাপেকহঁতক কৈ যি যি পাৰিলে শক্তি অনুসৰি ভাৰ-ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল। সিহঁত ওলোৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নোহোৱা হ'ল আৰু মনে মনে ভাবিবলৈ ধৰিলে “ইহঁতক নি জ্ঞাতি-কুটুমেৰে সৈতে ভোজ ৰান্ধি খামগৈ৷” ইয়াকে ভাবি পণ্ডিতে ছাতৰবোৰেৰে সৈতে তেওঁৰ ঘৰলৈ খোজ ল'লে। কিছুমান বেলিৰ বাট যোৱাৰ পাছত তেওঁলোকে গৈ এখন নৈ পালেগৈ। নৈ দেখি ল’ৰাবিলাকে “কেনেকৈ পাৰ হ’ম?” বুলি যেতিয়া পণ্ডিতক সুধিলে,পণ্ডিতে ক’লে, “তাৰ উপায় আছে, বাৰু তহঁতে চকু মুদহঁক। এটাই মোৰ গাত ধৰ, আন এটাই তাৰ গাত ধৰ, এইদৰে এটাইবিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মোৰ পাছে পাছে আহি থাকহঁক আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নোবোলো তেতিয়ালৈকে চকু নেমেলিবিহঁক; যদিহে মেল তেনেহ'লে এই পানীতে ৰবিহঁক।” পণ্ডিত আগ বাঢ়িল। পণ্ডিতৰ গাত বাঁৰীৰ ল'ৰাই ধৰিলে, তাৰ গাত আন এটা ল'ৰাই ধৰিলে, সেইটোৰ গাত আন এটা ল'ৰাই ধৰিলে, আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি লানি লাগি পৰিল।সকলোৱে চকু মুদিলে কিন্তু বাঁৰীৰ ল’ৰাই চকু নুমুদিলে। সি পণ্ডিতেনো কি কৰে তাকে চাই থাকিল। পণ্ডিতে দুটা চুঙা উলিয়ালে; উলিয়াই প্ৰথমটো চুঙাৰে শোহা-মাৰি নদীখন শুহি পেলাই সিপাৰ হ'লগৈ আৰু দ্বিতীয়টো চুঙাৰে ফু-মাৰি আকৌ আগৰদৰে নৈখন কৰি পেলালে। তাৰ পিছত সিহঁতক চকু মেলিবলৈ কৈ আকৌ আগৰদৰে পণ্ডিত যাবলৈ ধৰিলে। কিছুদূৰ বাট যোৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ। এইখনো আগৰদৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে। কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু [ ১৯ ] মেলিবলৈ কৈছিল। এইবাৰো বাঁৰীৰ ল'ৰাই আগৰদৰেই চাই আছিল। ঘৰ পাবলৈ অলপমান বাট থাকোতেই পণ্ডিতে সিহঁতক ক'লে,“বোপাহঁত, তহঁত ইয়াতে অলপ ৰ, মই ঘৰৰপৰা আহোঁগৈ, তেহে তহঁতক নিব পাৰিম। মোৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ,উভতি আহি তিলকতে তহঁতক লৈ যামহি।” সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল; সেইদেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰ’ল। পণ্ডিত আহি জ্ঞাতিক ভোজ দিবৰ নিমিত্তে ঠিক-ঠাক কৰিবলৈ ধৰিলে। ল’ৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল, কিন্তু ভালেখিনি বেলি হ’ল, পণ্ডিত নাই। বাঁৰীৰ ল’ৰাই “ভাইহঁত, মই পণ্ডিতৰ ঘৰৰপৰা লৰি আহোঁগৈ, তহঁতে ইয়াতে থাক, তেওঁনো কি কৰিছে মই বেগেতে গৈ চাই আহোঁচোন” বুলি কৈ একে লৰেই পণ্ডিতৰ ঘৰ ওলালগৈ। সেই সময়ত পণ্ডিত ঘৰত নাছিল, দিহিঙে-দিপাঙে থকা ৰাক্ষসবোৰ মাতিবলৈ আৰু পাত-পচলা গোটাবলৈ গৈছিল। ৰাক্ষসৰ ঘৰৰ বেৰত আঁৰি থোৱা মানুহৰ মূৰ দুটাই বাঁৰীৰ পুতেকক দেখি ক'লে,“হেৰঔ তই ক’লৈ আহিছ? তোক ৰাক্ষসে খাব, এতিয়াই এই গাঁৱৰপৰা পলা, বেগতে পলা।” সি মূৰ দুটাৰ এই কথা শুনি তাৰপৰা তুৰন্তে পলাই একে কোবেই লগৰীয়াহঁতৰ লগ পালেহি, পাই সিহঁতক সকলো কথা ভাঙি ক’লে। সিহঁতে শুনি ভয়ত থৰ্‌ থৰ্‌ কৰে কঁপিবলৈ ধৰিলে। বাঁৰীৰ ল’ৰাই “কোনো ভয় নাই, মই আছোঁ, বলহঁক আমি আমাৰ ঘৰলৈ উভতি যাওঁগৈ।” এইবুলি কৈ ঘৰৰফালে খোজ ল’লে। এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি ল’ৰাবোৰক থোৱা ঠাইত নাপাই অহা বাটেদি লৰিবলৈ ধৰিলে। বাঁৰীৰ ল’ৰাই, ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল সেইদৰে লৈ, বালিত ৰাক্ষসে পুতি থোৱা চুঙা দুটা উলিয়াই লৈ, এটাত ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ গ'ল। ৰাক্ষসে খেদি আহি বাঁৰীৰ ল’ৰাক দূৰৰ পৰা দেখি চিঞৰি চিঞৰি ক’লে, “বাৰু ভাল বুকু চাই কামোৰ মাৰিলি তই! যা, যা, মইও গৈছোঁ পাছতে।” এই কথা কৈ ৰাক্ষস উভতি গ’ল। ইহঁত আহি গাওঁ পাই ঘৰাঘৰি গুচি গ'ল। বাৰীৰ ল’ৰাই মাকৰ ওচৰত সকলো কথা ভাঙি ক’লেহি আৰু সি ধন আৰ্জিবৰ মনেৰে মাকক [ ২০ ] ক’লে, “আই, মই এটা ছাগলী হৈ থাকিম, তই মোক বজাৰত বেচিবলৈ নিবি; আৰু কোনোবাই কিনিবলৈ আহিলে তাক মোৰ পঘাডাল নিদি মোক বেচি দিবি। মই তোৰ পাছতে ওলামহি।” মাকে তাৰ এই কথা শুনি “বাৰু” বুলি শলাগি থাকিল। পুতেক ছাগলী এটা হ'ল। পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গ'ল। পাছে সেই ৰাক্ষসেই ভেশচন ধৰি আহি ছাগলীটোত বাঁৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলীটো লৈ গুচি গ'ল। বাঁৰীয়ে ঘৰ পালত বাঁৰীৰ পিছতে পুতেক আহি ওলালহি। সি পাছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল। মাকে তাক বেচিবলৈ টোম এটাত ভৰাই লৈ গ'ল। সেই ৰাক্ষসেই বাঁৰীৰ ল’ৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে। এইবাৰো মাকে টোমটো নিদি ৰাখিলে। হাঁহ বেচি মাক ঘৰ পালেহি, সিও পিছে পিছে ঘৰ ওলালহি৷ ৰাক্ষসৰ মনত মহা খং উঠিল আৰু “এইবাৰ কিনিব পাৰিলে তাক যিহতে আনে বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদিওঁ” বুলি সি ঠিক কৰিলে। এইবাৰ বাঁৰীৰ পুতেক ঘোঁৰা এটা হৈ থাকিল। মাতে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গ'ল। ৰাক্ষসেও সিফালৰ পৰা আহি ঘোঁৰাৰ গৰাকিয়নীয়ে যিমান দাম ক’লে সিমান দামকে দি ঘোঁৰাই-লেকামে লৈ গুচি গ'ল। বাঁৰীয়ে কত ক’লে লেকামডাল তাইক সি ওভোতাই দিবলৈ, কিন্তু সি নিদি লৈ গুচি গ'ল। ৰাক্ষসে সেই নগৰৰ নদী এখনৰ কাষতে কোনো এটা ঘাটত ঘোঁৰাটো খাবলৈ মনতে ঠিক কৰিলে। তেতিয়া ভৰ দুপৰীয়া। ঘোঁৰাটোৱে এবাৰ চল পাই ৰাক্ষসৰ হাতৰপৰা এৰাই পানীত পৰি মাছ এটা হ'ল। ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে। সেই সময়ত ৰজাৰ জীয়েকে গা ধুবলৈ সেই নৈলৈকে আহিছিল। ৰজাৰ জীয়েকে গা ধোওঁতে অলঙ্কাৰ-পাতিবোৰ সোলোকাই এটা বাটিত থৈছিল। বাঁৰীৰ ল'ৰাই পট্‌কৰে মণি এটা হৈ সেই ৰজাৰ জীয়েকৰ অলঙ্কাৰৰ লগত মিহলি হৈ গ'ল। ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো ক’ৰপৰা তালৈ আহিল, কি কথা, কি বতৰা ইত্যাদি ভাবি-চিন্তি ঠিক [ ২১ ] কৰিব নোৱাৰি, মণিটো ঘৰলৈ লৈ আহিল। ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গোচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি? ৰজাই ৰাক্ষসক “বাৰু তোমাৰ মণিটো যদি ছোৱালীয়ে আনিছে, মই ক'লেই দিব; তাই সৰু ছোৱালী, সেইবোৰৰ ভূ নাপায়, অলপ পৰ ৰ’বা” বুলি কৈ জীয়েকক মতাই আনি মণিটো মানুহটোৰ আগলৈ পেলাই দিলে। মণিটো মাটিত পৰিয়েই এটা সৰিয়হ হ’ল। সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হ’ল। বাঁৰীৰ লৰাই তৎক্ষণাৎ সৰিয়হ গুচি শেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে। তেতিয়া ৰাক্ষসে নিজ মুৰ্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল। ৰজাই এইবোৰ চকুৰ আগতে সপোন যেন দেখি ভেবা লাগি ৰ'ল। আন আন মানুহেও তবধ লাগিল। তেতিয়া বাঁৰীৰ ল’ৰাই মানুহ হৈ সকলো কথা ৰজাক ভাঙি কলত, ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহিৰজা পাতিলে। বাঁৰীৰ ল’ৰাই মাককো তাৰ লগলৈ তুলি নি খাই-বৈ সুখেৰে থাকিল।


ষষ্ঠ সাধু

ককা।— “সোণাই, আজি দেখোন তই সাধু শুনিবলৈ অহা নাই?”

নাতি।—“পঢ়াশালিৰ পাঠ পঢ়িবলৈ অলপমান বাকী আছে। আৰু দহ মিনিটমানৰ মূৰত

 হৈ যাব।”

ককা।—“বাৰু শেষ কৰি আহ, লৰালৰি কৰিব নালাগে; ইয়াৰ ভিতৰতে মই তামোলখন

 খুন্দনাটোত ভালকৈ খুন্দি লওঁ৷”

 দহমিনিটমানৰ পিছত তাৰ পঢ়া শেষ কৰি নাতিয়েক ওচৰ চাপি আহিলত

ককাকে আৰম্ভ কৰিলে।⸺ [ ২২ ]

তিনিজন ডেকা পণ্ডিত

 উজনি ফালৰ তিনিজন ডেকাই নবদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল। বাটে বাটে আহি থাকোতে তেওঁলোকে এদিন ম'হৰ খোজ এটা দেখা পালে। এজনে ক’লে, “এইটো এজনী মাইকী ম'হৰ খোজ”; আন এজনে ক’লে, “ম’হজনী গাভিনী”; তৃতীয়জনে মাত লগালে “মহজনীয়ে এইমাত্ৰ মতা পোৱালী এটা প্ৰসৱ কৰিছে।” তেওঁলোকৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে তিনিওজনে ম'হৰ খোজে খোজে গৈ ম'হজনী পাই দেখিলে যে সকলো সঁচা।

 এই ম'হজনী এজন ৰজাৰ। তিনিদিনমানৰ আগৰে পৰা ম'হজনী হেৰাইছিল। ৰজাই ম'হ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল। মানুহকেইটাই বিচাৰি আহি হেৰোৱা ম'হজনী আঁতৰৰপৰা দেখি তাইৰ ওচৰ চাপিল আৰু তিনিজন মানুহে ম’হজনী বেঢ়ি থকা দেখি মহেঁ সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গ'ল। সিহঁতে ম'হজনী খুটিত বান্ধি তেওঁলোক তিনিওকো ম’হ-চোৰ বুলি ৰজাৰ আগত দিলেগৈ। ৰজাই সোধপোেছ নোহোৱাকৈয়ে তেওঁলোকক বন্দীশালত থবলৈ আদেশ দিলে। বন্দীশালত থাকোতে তিনিওজনে এইদৰে কথা-বাৰ্তা হ’বলৈ লাগিল : প্ৰথমজনে ক'লে, “হেৰা, ই নহয় সি হে।” দ্বিতীয়জনে “কিয়, সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়?” তৃতীয়জনে মাত লগালে “তেনে সি কৰা নাই নো কি?” বন্দীশালৰ ৰখীয়াবিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলেগৈ। ৰজাই তেওঁলোকক মতাই নি সুধিলে “তোমালোকে বন্দীশালত থাকোঁতে ‘ই নহয় সি হে’, ‘সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়,’ ‘তেনে কৰা নাই নো কি?' বুলি কি কৈছিলাহঁক মোৰ আগত ভাঙি ক'ব লাগে,নহ'লে তোমালোকৰ মূৰ কটা যাব।” ৰজাৰ এনেকুৱা কথা শুনি

তেওঁবিলাকে ভাবিলে, আমি এনেও মৰিম তেনেও মৰিম, হেনজানি সকলো কথা ভাঙি কোৱাই যাওক। প্ৰথমজনে ক’বলৈ ধৰিলে, [ ২৩ ] “মহাৰাজ, মই কৈছিলোঁ '‘ই নহয় সি হে’, তাৰ অৰ্থ এই যে, এই দেশৰ ৰজাজন মানুহ নহয় গৰুহে।” দ্বিতীয়জনে ক'লে, “মহাৰাজ, মই কৈছিলোঁ বোলোঁ, ‘সি হোৱা হ'লে তেনে কৰিলেহেঁতেন নহয়?’ অৰ্থাৎ গৰু হোৱা হ'লে ঘাঁহ খালেহেঁতেন।” তৃতীয়জনে ক’লে, “মহাৰাজ,মই কৈছিলোঁ যে “তেনে কৰা নাই নো কি?’ তাৰ অৰ্থ এই যে, ঘাঁহ খোৱা নাই নো কি?” ইয়াকে কৈ তিনিওজন মনে মনে থাকিল। ৰজাই আকৌ সুধিলে, “তোমালোকে নো কি বাবে মোক গৰু পাতিছিলা তাৰ সজ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব, নহ'লে তিনিও কটা যাবাহঁক।” প্ৰথমজনে ক’বলৈ ধৰিলে “মহাৰাজ, আমি তিনিওটি বামুণৰ ল’ৰা; ভাটীৰ নবদ্বীপত কেবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোহঁক। বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা ম'হৰ খোজ দেখি মই ক'লো এইটো এজনী মাইকী ম'হৰ খোজ। (দ্বিতীয়জনলৈ আঙুলিয়াই) এওঁ ক'লে, ম’হজনী গাভিনী। (তৃতীয়জনলৈ আঙুলিয়াই) এওঁ ক’লে, ম’হজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে। পাছে মহাৰাজ, আমাৰ বিদ্যা-বুদ্ধিৰ পৰিচয় ল'বৰ নিমিত্তে ম'হৰ খোজে খোজে তিনিও গৈ ম'হজনীয়ে অলপ আগতে এটি মতা পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হ’ল বুলি ভাবি আমি মনত ৰং পাই অলপপৰ ম'হজনী আৰু পোৱালিটো চাই ৰৈ আছোঁ, তেনেতে মহাৰাজে ম'হজনী বিচাৰি পঠিওৱা মানুহকেইটা তাতে ওলালগৈ আৰু ম'হজনীয়ে সৈতে আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহিল। মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে; সেই কাৰণে আমি কৈছিলোহঁক যে, যি ৰজাই দোষ বিচাৰ নকৰাকৈ দণ্ড দিয়ে সেই ৰজা মানুহ নহয়, গৰুহে।” তেতিয়া ৰজাই লাজ পাই ক’লে, “হয়, অৱশ্যে এইটো মোৰ অবিচাৰ হৈছিল। মই এতিয়াৰপৰা সোধপোছ নোহোৱাকৈ কেতিয়াও দণ্ড নিদিওঁ।” এইবুলি ৰজাই তেওঁলোক তিনিওকো নিজ নিজ ঘৰলৈ বিদায় দিলে আৰু ঘৰৰপৰা উভতি আহি তেওঁৰ সভাত বৃত্তি-বিধান লৈ থাকিবলৈ মাতি পঠালে।

[ ২৪ ]

সপ্তম সাধু

নাতি।—“ককাদেউতা, কালিৰ সাধুটো যদিও চুটি, কিন্তু বঢ়িয়া। আজিও তেনেকুৱা

 এটাকে কোৱা।”

ককা।—“শুন।”

দেৱাঙ্গভূষণ বস্ত্ৰ

 এজন ৰজা আছিল। এদিন তেওঁ পাত্ৰ-মন্ত্ৰী আৰু সভাসদসকলক ক’লে যে, “সকলো মানুহে দিনত বন কৰে, ৰাতি হ'লে শুই থাকে; আমিওচোন দিনকে ৰাতি, ৰাতিকে দিন কৰি লওঁহঁক— আমি ৰাতি হ’লে দিন বুলি কাম-বন কৰিম, দিনত ৰাতি বুলি শুই থাকিমহঁক।” পাত্ৰ-মন্ত্ৰীসকলে ৰজাৰ কথাত হয় দিলে। পাছদিনা ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে আজিৰপৰা ৰাতিক দিন আৰু দিনক ৰাতি কৰা হ’ল। যি এই নিয়ম নাপালিব তাৰ শাস্তি হ’ব। ৰজাৰ দণ্ডৰ ভয়ত সকলো সেইদৰে চলিবলৈ ধৰিলে। ইয়াৰ পিছত.সেই ৰাজ্যৰ মানুহে ৰাতি কাম কৰে, দূৰলৈ যায়, সাৰে থাকে, কিন্তু দিন হ’লে সোনকালে খাই-বৈ শুই থাকে। ৰজাৰ পালী-পহৰীয়াই দিনত ৰাতি বুলি পহৰা দিয়ে।

 এদিন সেই দেশলৈ অন্য দেশৰপৰা কেইটামান তাঁতী আহিছিল। সিহঁতে সেই দেশৰ নিয়ম নুবুজি দুপৰীয়া আলিয়ে আলিয়ে ফুৰি ফুৰিছিল আৰু পিয়াহ লগাত ৰজাৰ পুখুৰীত নামি পানী খাবলৈ গৈছিল। পুখুৰী ৰখীয়াহঁতে সিহঁতক “দুপৰ ৰাতি কিয় আহিছ?” বুলি বন্দী কৰি থৈ দিলে। সিহঁতে ক'লে, “কিয়, আমি দিনতহে আহিছোঁ; ৰাতি কেতিয়া আহিলোঁ?” তেতিয়া ৰখীয়াহঁতে ক’লে, “অ’ তহঁত এই দেশৰ মানুহ নহৱ; সেইকাৰণে নেজানহঁক। আমাৰ ৰজাই দিনক ৰাতি, ৰাতিক দিন পাতিছে।” তাঁতীকেইটাই ক’লে, “ককাইহঁত, আমি সেইবোৰ নেজানো; আমাক এইবাৰলৈ এৰি দেহঁক।” সিহঁতে ক'লে, “নহয়, আমি তহঁতক [ ২৫ ] এৰি দিব নোৱাৰোহঁক; কাইলৈ ৰজাই সুধি-পুছি যি কৰে কৰিব।” সেইদিনা তাঁতীকেইটাই বন্দীশালতে থাকিল। ৰাতি হ’লত ৰখীয়াই নি সিহঁতক ৰজাক গতাই দিলে; ৰজাই সিহঁতক প্ৰাণদণ্ড দিবলৈ হুকুম দিলে। সিহঁতে সাৰিবলৈ এটা উপায় চিন্তি দুখ মনেৰে ৰজাৰ আগত এইদৰে ক’লে, “মহাৰাজ, আমাৰ গাত এটি বিদ্যাহে গ'ল, কোনেও শিকিবলৈ নাপালে।” ৰজাই সুধিলে, “কি বিদ্যা কহঁকচোন বাৰু?” সিহঁতে ক’লে, “মহাৰাজ, আমি দেৱাঙ্গভূষণ বস্ত্ৰ বব জানো।” ৰজাই সুধিলে, “দেৱাঙ্গ ভূষণ অৰ্থাৎ দেৱতাৰ গাৰ কাপোৰ।” ৰজাই ভাবিলে, বাৰু ইহঁতৰ প্ৰাণ ৰক্ষা কৰি সেই বস্ত্ৰ এজোৰকে বোৱাই লওঁচোন! ইয়াকে ভাবি ৰজাই ক’লে, “তহঁতে যদি মোক এজোৰ দেৱাঙ্গভূষণ বস্ত্ৰ বৈ দিব পাৰ তেন্তে তহঁতৰ প্ৰাণ ৰক্ষা কৰিম।” সিহঁতেও পাৰিমহঁক বুলি ক'লে। সিহঁতে কাপোৰ ববলৈ বুলি ৰজাৰপৰা দহ সেৰ সোণ নিলে আৰু মিছামিছিকৈ এখন তাঁত শাল পাতি সূতা নাইকিয়া শাল খপৰ-খপৰকৈ ববলৈ ধৰিলে। ভাটীফালৰ কেইজনমান তাঁতীয়ে ৰজালৈ এজোৰ দেৱাঙ্গভূষণ বস্ত্ৰ বৈছে, এই খবৰ নগৰৰ সকলো মানুহৰ মাজত জনাজাত হ’ল। দেৱতাঙ্গভূষণ বস্ত্ৰনো কেনেকুৱা বুলি অনেক মানুহ তাঁত চাবলৈ যায়, কিন্তু তাঁতীহঁতে কয় যে যি মানুহ জহৰা সি এই দিব্য বস্ত্ৰ নেদেখে, যি প্ৰকৃততে বাপেকৰ সিহে দেখে। সেই কাৰণে, তাঁত চাবলৈ যোৱা মানুহে “আমি দেখিছোঁ” বুলি আন মানুহৰ আগত কয়হি; কাৰণ যেয়ে নাই দেখা বুলিব সেয়ে জহৰা হ'ব। সাত দিনমানৰ মূৰত তাঁতীহঁতে দহ সেৰ সোণৰ সূতাই নাটিলে বুলি আৰু দহ সেৰ সোণ ৰাজ-ভঁৰালৰপৰা লৈ গ'লহি আৰু মিছামিছিকৈ এটা যঁতৰ লৈ শূন্যতে হাত চলাই সূতা কটা হ’ল বুলি মানুহক দেখুৱাই খপং খপং কৰি তাঁত ববলৈ ধৰিলে। কাপোৰ কিমান বোৱা হৈছে এই কথা জানিবৰ নিমিত্তে ৰজাই এদিন তেওঁৰ তামুলী আৰু বৰকটকীক তাঁতশাললৈ পঠালে। তাঁতীহঁতে সেইদিনা তেওঁলোকক দেখুৱাই ধুমাধুমিকৈ তাঁত ববলৈ ধৰিলে; কিন্তু এজনেও কাপোৰ দেখা নাপালে। তামুলীয়ে ভাবিলে “মই তেন্তে জহৰা হ’বলা, নহ'লে কিয় কাপোৰ নেদেখিম?” কটকীয়ে মনে মনে ভাবিলে, “হায়! মইও জহৰাহে, নহ'লে কাপোৰ দেখিলোহেঁতেন!” এইদৰে দুয়ো [ ২৬ ] ভাবি, লাজৰ ভয়ত আচল কথা প্ৰকাশ নকৰি “কাপোৰ দেখিছোহঁক,ভাল হৈছে” বুলি ঘৰলৈ গ'ল আৰু তাঁতীহঁতে উত্তম কাপোৰ বৈছে বুলি ৰজাক জনালেগৈ। তাৰ পাছদিনা তাঁতীহঁতে ফুল দিবলৈ বুলি এসেৰ হীৰা আৰু পাঁচ সেৰ মুকুতা ৰাজ-ভঁৰালৰপৰা ৰজাক জনাই লৈ গ’লহি। আকৌ মিছামিছিকৈ সিহঁতে মানুহক দেখুৱাই কাঠি বাছি ফুল দিবলৈ লাগি গ'ল। তিনদিনমান ফুল দিয়াৰ ভাও দেখুউৱাৰ পাছত, কাপোৰ ওলাল বুলি সিহঁতে খবৰ দিলে। এটি ভাল দিন চোৱাই ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিবলৈ সাজু হ'ল। কালিলৈ ৰজাৰ দেৱাঙ্গভূষণ পিন্ধাৰ দিন; সেই নিমিত্তে আজিয়েই ঢোল কোবাই শুনাই দিয়া হ'ল যে কাইলৈ ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিব; যাৰ ইচ্ছা আছে চাবলৈ যাব পাৰে। ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিব শুনি নগৰৰ সকলো প্ৰজা ৰজাঘৰলৈ আহিল আৰু তাঁতীকেইটাইও এটা জপা, তাত দেৱাঙ্গভূষণ বস্ত্ৰ আছে বুলি লৈ আহি সেই সভাত উপস্থিত হ’লহি। নগৰৰ মানুহত বাজেও গাঁৱৰপৰা বুঢ়া, তিৰোতা, খোৰা, কোঙা, ল’ৰা, ছোৱালী অনেক আহিবলৈ ধৰিলে। নগৰৰ মানুহেৰে দল্‌দোপ হেন্দোল-দোপ্‌ লাগি পৰিল। কাপোৰ পিন্ধোৱাৰ সময় আহিলত তাঁতীহঁতৰ ভিতৰৰ মুখিয়ালটোৱে জপা মেলি মিছামিছিকৈয়ে কাপোৰ এখন উলিওৱাৰ ভাও দেখুৱাই ক’লে, “আমি আজি এই দেৱাঙ্গভূষণ বস্ত্ৰ মহাৰাজক পিন্ধাম, যিসকললোক প্ৰকৃত বাপেকৰ সন্তান তেওঁলোকেহে বস্ত্ৰ দেখিব,যিসকল লোক জহৰা তেওঁবিলাকে নেদেখে।” এইবুলি সি মিছামিছিকৈ নতুন চুৰিয়া পিন্ধোৱাৰ ভাও দেখুৱালে আৰু ৰজাৰ গাৰ কাপোৰ খহাই দি নতুন কাপোৰ গাত মেৰাই দিয়াৰ দৰে দিলে। তাৰ পাছত সি ক'লে,“ৰাইজসকল, আপোনালোকে ৰজাক এতিয়া বস্ত্ৰ পিন্ধালত কেনে দেখিছে?” সকলোৱে দেখিলে, ৰজাক নাঙঠহে কৰিছে; কিন্তু আচল

কথা ভাঙি ক’লে জহৰা হ'ব লাগে বুলি কোনেও সেই কথা ক'বলৈ সাহ নকৰিলে। সেইদেখি সকলোৱে বৰ সুন্দৰ হৈছে বুলি ক'বলৈ ধৰিলে। ইফালে ৰজাই চাই দেখে যে তেওঁ নাঙঠহে হৈছে, তেওঁৰ গাত একো কাপোৰ নাই। কিন্তু কথা ভাঙি ক'লে ৰজা নিজেই জহৰা হ’ব লাগিব বুলি ৰজাই একো নোকোৱাকৈ মনে মনে থাকিলে। এনেতে [ ২৭ ]
[ ২৮ ]

এটা সাহিয়াল মানুহে আগবাঢ়ি ক’লে, “মহাৰাজ, কাটক বা মাৰক,বন্দীয়ে আপোনাক নাঙঠ কৰা যেন দেখিছোঁ।” তেতিয়া সাহ পাই ইটোৱে বোলে “হয়, আমিও নাঙঠ কৰা যেনহে দেখিছোঁ।” সিটোৱে বোলে, “আমিও তেনেহে দেখিছোঁ।” এইদৰে লাহে লাহে সকলো দৰ্শকেই ৰজাক নাঙঠহে কৰিছে বুলি ক’বলৈ ধৰিলে। ৰজাই বৰ লাজ পালে আৰু তেতিয়াই সেই তাঁতীকেইটাক কাটিবলৈ কটোৱালক আদেশ দিলে। তাঁতীকেইটাই প্ৰাণদণ্ডৰ হুকুম শুনি ৰজাৰ আগত আঁঠু লৈ ক'লে —“মহাৰাজ, আমাকতো কাটিবলৈ হুকুম দিলেই, কাটক; কিন্তু তাৰ আগেয়ে আমি এটি কথা মহাৰাজৰ আগত কওঁ। মহাৰাজে দিনক ৰাতি আৰু ৰাতিক দিন পাতিছে। আমি বিদেশী মানুহ, পৃথিৱী গোটেইখনত দিন ৰাতি যাক বোলে তাকে বুলি দিনত মহাৰাজৰ আলিত ফুৰিছিলোঁ আৰু পুখুৰীৰ পানী খাইছিলোঁ; মহাৰাজৰ এনে অদ্ভুত হুকুমৰ কথা নাজানিছিলোঁ; তথাপি মহাৰাজে আমাক কাটিবলৈ হুকুম দিছিল। মহাৰাজে দিনক ৰাতি বুলি ওলোটা শাস্ত্ৰ কৰিব পাৰে, নাঙঠটোক কাপোৰ পিন্ধা বুলিহে চলাব নোৱাৰে? আমি ভাবিছিলোঁ মহাৰাজৰ নিচিনা ক্ষমতাশালী ৰজাই ঠিক ইয়াকো চলাব পাৰিব। এতিয়াহে বুজিলোঁ, মহাৰাজৰ সেইটো ক্ষমতা নাই।” ৰজাই তাঁতীহঁতৰ কথা শুনি ঠিক বুলি বুজি সিহঁতক এৰি দিলে আৰু সেইদিনাৰপৰা ৰাতিক দিন কৰা আৰু দিনক ৰাতি কৰা হুকুম ৰদ কৰিলে। তাঁতীকেইটাই সোণ,ৰূপ, হীৰা, মুকুতাবোৰ লৈ সিহঁতৰ দেশলৈ উভতি গ'ল।

অষ্টম সাধু

ককা।—“সোণাই অ’ লৰি আহ। আজি ভাল সাধু এটা মনত পৰিছে কওঁ।”

 ককাদেউতাকে মতা শুনি নাতিয়েক লৰি আহি ওচৰত বহিলত,তেওঁ ক’বলৈ ধৰিলে— [ ২৯ ]

কণ আৰু মন

 কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই-ককাই আছিল। কণ বয়সত ডাঙৰ আৰু টেঙৰ। মন বয়সত সৰু আৰু নিচেই হোজা আছিল। এদিন কণে মনক ক’লে, “বোপা, আমাৰ যে বাপতীকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰোঁ আহাঁ।” তেতিয়া মনে লাহেকৈ উত্তৰ দিলে— “ককাই, তুমি কোৱা কথাটো সঁচা, আমাৰ নো বস্তুবিলাক ভিতৰত সোমাই থাকি কি হ’ব? আমি চলিয়তকে কৰোঁহঁক আহাঁ।” কণে ক’লে, “আমাৰ থকা ফটা-কঁথাখন জাৰকালি ৰাতি মই লৈ শুম, দিনত তুমি লৈ শুবা।” মনে উত্তৰ দিলে, “বাৰু।” সেইদিনাৰপৰা ফটা-কঁথাখন দিনত গাত লৈ শোৱে হয়, কিন্তু জহৰ প্ৰতাপত সি শুব নোৱাৰি গাৰপৰা খহাই পেলাই দিব লগাত পৰে। এইদৰে মনে ফটা কঁথাখন কিছুমান দিন লৈ আমনি লাগি দিনত ৰ'দত শুকাই জোকাৰি ধূলি-মাকতি গুচাই চাঙত তুলি থৈ দিয়ে,নিশা কণে গাত লৈ সুখেৰে শুই থাকে। মন জাৰত শুব নোৱাৰি নিশা বহি থাকে। ইয়াৰ কিছুমান দিনৰ পিছত আৰু এদিন কণে মনক ক'লে,“বোপা, আমাৰ বাৰীৰ যিমানবোৰ গুটিলগা গছ-গছনি আছে তাৰ গুৰি ভাগৰ কামৰ ভাৰ তুমি লোৱা আৰু আগ ভাগৰ ভাৰ মই লওঁ।” তেতিয়া মনে ক’লে, “বাৰু, লোৱা।” এইবুলি মনে সেইদিনাৰ পৰা গছৰ তলবিলাক চিকুণাই সাৰ, পানী আদি যোগায়; সেই নিমিত্তে অতি সোনকালে গছৰ ফলবোৰ ধৰে, কণে ফলবোৰ নি মহা আনন্দেৰে খাই পেলায়। এইদৰে কিছুমান দিনৰ পাছত কণে মনক আকৌ এদিন ক’লে,“বোপা, আমাৰ যে সেই কলী গৰুজনী আছে তাইৰ আগফাল তুমি লোৱা, পাছফাল ম‍ই লওঁ।” তেতিয়া মনে উত্তৰ দিলে, “ককাই, মই তোমাক কথা কেতিয়াও দলিয়াই নেপেলাওঁ, এতেকে তোমাৰ যি ইচ্ছা তাকে কৰা।” সেইদিনাৰ পৰা মনে গৰুজনী খুৱাই-বুৱাই ভালকে বান্ধি—কুন্ধি থয়, কণে গাখীৰটুপি খীৰাই নি খাই থয়। কিছুমান দিনৰ পিছত [ ৩০ ] এজনী বুঢ়ীয়ে মনৰ দুখ দেখি তাক সুধিলে, “তুমি কেলৈ ইমান দুখ সহিছা?” সি উত্তৰ দিলে, “বুঢ়ী আই, মোৰ ককায়ে মোক যিহকে কৰিবলৈ কয় তাকেই মই কৰিব লাগিব; কাৰণ তেওঁ মোতকৈ ডাঙৰ। এতেকে তেওঁ কোৱা মতেই মই কৰি আছোঁ।” তেতিয়া বুঢ়ীয়ে ক’লে,“বোপা, তুমি এটি বন কৰিবা,— সেই ফটা-কঁথাখন দিনত তিয়াই থ’বা; তাকে কৰিলে সি নিশা তিতা ফটা কঁথা ল'ব নোৱাৰি সিও জাৰত দুখ পাব। যদি সি সেই কাপোৰখন কেলৈ তিয়ালি বুলি সোধে তেনেহ'লে তুমি এইবুলি ক’বা যে, “ফটা-কঁথাখন তুমি দিনত মোক দিছা, এতেকে মই দিনত যিহকে কৰোঁ, তাকেই কৰিম, তোমাৰ তাত কি হানি?” এইবুলি ক'লেই সি নিৰুপায় হৈ মনে মনে থাকিব আৰু যেতিয়া কণে ফল পাৰিবৰ নিমিত্তে গছত উঠিব, তুমি কুঠাৰখন লৈ “মোৰ গুৰিডোখৰ মই কাটি পেলাওঁ” বুলি কাটিবলৈ যাবা। তেতিয়া সি ভয় খাই কাটিবলৈ হাক দিব। তুমি নেকাটি উভতি গুচি আহিবা। যদি সি কেলৈ এনেকুৱা কৰিছিলি বুলি সোধে, তুমি ক’বা ‘গছৰ গুৰিডোখৰ মোক দিছাই, এতেকে গুৰিডোখৰ মই যিহকে কৰোঁ তাকেই কৰিম, তাত তোমাৰ কি ক্ষতি?’ আৰু গৰুজনী যেতিয়া সি খীৰাবলৈ ধৰিব, তুমি এচাৰি এডাল লৈ তাইৰ কাণে-মূৰে কোব ধৰিবা। সি খীৰাবলৈ আমনি পাই তেনেকুৱা কৰিবলৈ হাক দিব। যদি সি কেলেই তেনেকুৱা কৰিছিলি বুলি সোধে, তুমি ক’বা যে ‘মোক মুখৰ ফাল দিছাই; এতেকে মই মুখৰ ফালে যিহকে কৰোঁ তাকেই কৰিম, তোমাৰ তাত কি হানি?’ এইবুলি ক'লেই সি সকলো বুজি তোমাৰে সৈতে আগৰ দৰে চলিব।”

 ইয়াৰ পাছত মনে বুঢ়ীৰ কথামতে আচৰিবলৈ ধৰাত, কণে মনক ন্যায়ৰূপে বস্তু আৰু কামৰ ভাগ দিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়ো মিলা-প্ৰীতিৰে একেলগে থাকিল।
[ ৩১ ]

নবম সাধু

 “আজি বত্ৰিশ লক্ষণীয়া দৰা-কইনাৰ সাধু ক'ম বুলি ককাকে নাতিয়েকক ওচৰলৈ চপাই আনি ক’বলৈ ধৰিলে——

বত্ৰিশ লক্ষণীয়া দৰা-কইনা

 এজন ৰজাৰ এটি বত্ৰিশ লক্ষণীয়া ল’ৰা হৈছিল। ল'ৰাটি ক্ৰমে ডাঙৰ-দীঘল হৈ ডেকা হ’লত, ৰজাই ল’ৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে; কিন্তু ৰজাৰ ল’ৰাই ক'লে যে তেওঁ তেওঁৰ নিচিনা বত্ৰিশ লক্ষণেৰে এজনী ছোৱালী নেপালে বিয়া নকৰায় আৰু সেই ছোৱালী তেওঁ নিজে চাই ল’ব। এই কথা শুনি ৰজাই পুতেকক মাতি নি ক'লে,“বোপা, তুমি বিবাহৰ কন্যা নিজে চাই ল’বা বুলি শুনি মই বৰ সন্তোষ পাইছোঁ। এই বুঢ়া মানুহজন তোমাৰ লগত দিলো; ঘোঁৰাশালৰ পৰা এটা সুন্দৰ ঘোঁৰা বাছি নি তুমি বিদেশলৈ যাত্ৰা কৰা।” ৰজাৰ এই আদেশ পাই কোঁৱৰে ক’লে, “দেউতা, আপোনাৰ আদেশ শিৰোধাৰ্য কৰিলোঁ; কিন্তু মই বিদেশত কিমান দিন কত ঠাইত ফুৰিব লাগিব তাৰ কি ঠিক? এই কাৰণে মোৰ লগত এটা ডেকা মানুহ দিয়ক, বুঢ়া মানুহৰ পৰা মোৰ সুবিধা নহয়।”

 ৰজাই এটা ডেকা মানুহক যুৱৰাজৰ লগুৱা কৰি দিলে। কোঁৱৰেও ঘোঁৰাশালৰ পৰা এটা সুন্দৰ তেজী ঘোঁৰা বাছি লৈ আনন্দেৰে বিদেশলৈ যাত্ৰা কৰিলে। কোঁৱৰ এখন সুন্দৰ ৰাজ্যত উপস্থিত হ’লগৈ। সেই ৰাজ্যৰ ৰজাৰ এজনী বত্ৰিশ লক্ষণীয়া সুন্দৰী ছোৱালী আছিল। কন্যাই তেওঁৰ সখীসকলেৰে সৈতে ওচৰৰ এখন সৰু নদীত স্নান কৰিবলৈ যাওঁতে কোঁৱৰে দেখা পালে আৰু তেওঁৰ মনৰ জোখাৰে কন্যা দেখি পৰম আনন্দ লভিলে। কোঁৱৰে যদিও দূৰৈৰপৰা ৰাজ-কন্যাক দেখিছিল তথাপি ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলে কোঁৱৰক দেখা নাছিল। তেওঁলোকে হাঁহি-মাতি নানান ধেমালি কৰি নদীলৈ গৈছিল। নদীলৈ [ ৩২ ] যোৱা বাটৰ দুয়ো শাৰীয়ে মণিৰাজ, যুতি, তগৰ, বকুল, থলপদ্ম,গুটিমালী আৰু শেৱালি প্ৰভৃতি ফুল ৰমক-জমক কৰি ফুলি আছিল। সেই সুন্দৰ ফুলনিৰ মাজত ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলক কোঁৱৰে দেৱকন্যাৰ দৰে দেখি বৰ বিমোহিত হৈছিল। সেই ফুলনিৰ এটা মণিৰাজ ফুলৰ পাতত কোঁৱৰে তেওঁৰ সকলো বৃত্তান্ত লিখি ৰাজকন্যাই দেখাকৈ থৈ আহিল। তাৰ পাছত কোঁৱৰে কি উপায়েৰে কন্যা লাভ কৰিব এই চিন্তাত লাগি গ'ল আৰু অৱশেষত মালিনীৰ ঘৰত আশ্ৰয় লৈ কাৰ্য সিদ্ধিৰ উপায় চিন্তিবলৈ ধৰিলে।

 ইফালে ৰাজকন্যাই সখীসকলেৰে সৈতে গা ধুই উভতি আহোঁতে কোঁৱৰে লিখি থৈ যোৱা ফুলৰ পাতত তেওঁৰ চকু পৰিল। তাত লিখা সকলোখিনি তেওঁ পঢ়ি চাই কোঁৱৰৰ ৰূপ, গুণ আদি আৰু কোঁৱৰ মালিনীৰ ঘৰত থাকিব বুলি জানিব পাৰিলে। ৰাজকন্যাই সেই ফুলৰ পাত ছিঙি ঘৰলৈ লৈ আহিল। ঘৰত তেওঁ কোঁৱৰৰ নামে এখন পত্ৰ লিখি এটা টেমাত কেইখনমান থুৰিয়া তামোলেৰে সৈতে ভৰাই মালিনীৰ হাতত কোঁৱৰলৈ দি পঠালে। কোঁৱৰে চিঠি পঢ়ি চালে। তাত লিখা আছিল যে,দুদিনৰ পাছত ৰাজকন্যাৰ স্বয়ম্বৰ হ’ব; সেই স্বয়ম্বৰৰ দিনা কোঁৱৰে কন্যা অহা দেখা পালেই সোঁহাত আগবঢ়াই দিব আৰু কন্যাইও তেওঁৰ মূৰতে মালা দিব। কোঁৱৰে চিঠিখন পঢ়ি চাই গাৰুৰ তলত থলে। ৰাতি কোঁৱৰৰ টোপনি আহিলত লগুৱাটোৱে চিঠিখন উলিয়াই চাই আকৌ আগৰ দৰেই গাৰুৰ তলতে সুমুৱাই থলে আৰু সি মনে মনে কোঁৱৰক ঠগি বত্ৰিশ লক্ষণীয়া কন্যাক পাবলৈ ফন্দি পাতিবলৈ ধৰিলে।

 ৰাজকন্যাৰ স্বয়ম্বৰৰ দিনা লগুৱাটোৱে এটা বুধি সাজি মোহনীভাং আনি ঘোটা কৰিলে। কোঁৱৰৰ বাটিত সি ভাং সৰহকৈ দি নিজে নাম-মাত্ৰ ল'লে। ঘোটা-ভাং খাই কোঁৱৰ অচেতন হৈ পৰি থাকিল। সি কোঁৱৰৰ সাজ পিন্ধি ঘোৰাত উঠি স্বয়ম্বৰৰ ঠাই পালেগৈ। কন্যা সমাজলৈ আহিবৰ পৰ হ’লত সি সোঁহাত আগবঢ়াই দিলে আৰু কন্যায়োকোঁৱৰ বুলি তাৰে মূৰত মালা দিলে। লগুৱাটোৱে তেতিয়াই কন্যাৰ [ ৩৩ ] সৈতে কোঁৱৰৰ ঘোঁৰাত উঠি ঘোৰা চেকুৰাই গুচি গ'ল। কিছুমান বাট গৈ কন্যাই তাৰ গাৰ দুৰ্গন্ধ পালে আৰু মুখলৈ চাই সি ৰাজকোঁৱৰ নহয় বুলি জানিব পাৰিলে। তাৰ পাছত কন্যাই ভাবি-চিন্তি তাক ক’লে, “মোৰ বৰ পিয়াহ লাগিছে; যেনেতেনে অলপ পানী আনি দিয়া।” সি কন্যাৰ সঁচাসঁচিকৈয়ে পিয়াহ লাগিছে বুলি ভাবি, কন্যাক ঘোঁৰাৰ ওপৰতে ৰাখি,ওচৰৰ এখন নৈৰপৰা পানী আনিবলৈ গ'ল। ইফালে কন্যাই মুনিহৰ দৰে সাজ পিন্ধি ঘোঁৰা চেকুৰাই দিলে। সেইদিনা কন্যা গৈ এখন নতুন ৰাজ্যত ওলালগৈ আৰু সেই ৰাজ্যত তেওঁৰ নাম বাহুবল বুলি চিনাকি দিলে। সেই ৰাজ্যত এটা বৰ ভয়ানক ৰাক্ষস আছিল। সেই ৰাক্ষসে ৰাজ্যত বহুত উপদ্ৰৱ কৰি মানুহৰ সুখ-শান্তি নাইকিয়া কৰিছিল; ৰাজ্যৰ মানুহবিলাকে বাহুবলক সেই ৰাক্ষস মাৰিব পাৰিব নে নোৱাৰে এই কথা সোধাত তেওঁ অনায়াসে পাৰিব বুলি ক'লে। ৰাইজে এই কথা ৰজাত জনালেগৈ। ৰজাই আনন্দ পাই ৰাক্ষস মাৰিব পাৰিলে বাহুবলক তেওঁৰ নিজৰ কন্যা আৰু অৰ্দ্ধৰাজ্য দিব বুলি প্ৰতিজ্ঞা কৰিলে। বাহুবলে এডাল ডাঙৰ শূল গঢ়াবলৈ ৰজাক ক’লে। ৰজাই দুদিনৰ ভিতৰতে শূলডাল গঢ়োৱাই দিলে। বাহুবলে মৰণলৈ ভয় এৰি সেই শূল লৈ ভৰ দুপৰৰ সময়ত ৰাক্ষস মাৰিবলৈ গ'ল; কাৰণ ৰাক্ষসে ৰাতি মানুহ-গৰু আদি খাই দুপৰীয়া ধোবাং-জুৰি এজোপা ডাঙৰ বৰ-গছৰ তলত শুই থাকে। বাহুবলে দেখিলে যে ৰাক্ষসৰ বৰ টোপনি। হাতত-সাৰে, ভৰিত-সাৰে লাহে লাহে তেওঁ ওচৰ চাপি গৈ ৰাক্ষসৰ মেল খাই থকা মুখত শূলডাল ঠাহি ভৰাই দিলে। ৰাক্ষসে ডেডাউৰি মাৰি তৎক্ষণাৎ মৰি থাকিল। ৰাক্ষসৰ ডেডাউৰি শুনি বাহুবলক খালে বুলি সকলোৱে অনুমান কৰিছিল; কিন্তু যেতিয়া ৰাক্ষস মাৰি তেওঁ ওলালহি তেতিয়া সকলোৱে দেখি তেওঁক নানান প্ৰশংসা কৰিবলৈ ধৰিলে। ৰজাই তেওঁৰ প্ৰতিজ্ঞামতে বাহুবলক কন্যা দান কৰিবলৈ ধৰিলত, বাহুবলে কিছুদিনৰ পাছতহে বিয়া কৰাব বুলি ক’লে আৰু ৰজাৰ পদূলিতে এতিয়া এটা ঘৰ সজাই দিয়াবলৈ মাথোন ৰজাক খাটিলে। ৰজাই আনন্দেৰে বাহুবলক পদূলিতে এটা সুন্দৰ ঘৰ সজাই দিয়ালে। বাহুবলে সেই ঘৰতে বহি দিনে-ৰাতিয়ে অহা-যোৱা [ ৩৪ ] কৰা মানুহ চাবলৈ ধৰিলে।

 লগুৱাটোৱে কন্যাক ঘোঁৰাত তুলি লৈ যোৱাৰ পাছত, সন্ধ্যা সময়ত ৰাজকোঁৱৰৰ গাত তত আহিল, ভাঙৰ ৰাগিয়ে এৰিলে। তেওঁ শোৱাপাটীৰ পৰা উঠি, দুষ্ট লগুৱাটোৱে তেওঁক ফাঁকি দিলে বুলি জানিব পাৰিলে। পিছদিনা ৰাতিপুৱাই তেওঁ সেই ঠাইৰ পৰা গুচি গ'ল। কোঁৱৰ কন্যাৰ বেজাৰত বলিয়াৰ দৰে হ'ল। বলিয়ালি কৰি এমাহ ফুৰি ফুৰি কোঁৱৰ সেই কন্যা থকা ৰাজ্যতে ওলালগৈ। কন্যাই কোঁৱৰক চিনি পাই মাতি নি তেওঁৰ বিষয়ে অচিনাকিভাৱে সকলো কথা সুধি ল’লে। তাৰ পাছত তিৰোতাৰ সাজ পিন্ধি তেওঁ তেতিয়া কোঁৱৰৰ ওচৰ চাপিল তেতিয়াহে কোঁৱৰে কন্যাক চিনি পাই অতি আনন্দ পালে।

 ইপিনে লগুৱাটোৱে পানী আনি কন্যাক নাপাই সিও কোঁৱৰৰ দৰে বলিয়া হ'ল। বলিয়ালি কৰি গৈ থাকোঁতে থাকোঁতে এদিন সি ভটংকৰে কন্যা থকা ঠাইতে ওলালগৈ। কন্যাই তাক চিনি পাই মতাই সকলো কথা সুধিলে। ছদ্ম কৰি থকা কন্যাক সি চিনি নাপাই ক'লে,“মই এইবাৰ তাইক পালে ওভোতাই ছাল বখলিয়াই তাত লোণ-খাৰ সানিম।” তাৰ পাছত কন্যাই নিজৰ সাজ পিন্ধিলত সি কন্যাক চিনিব পাৰি আচৰিত মানিলে। তেতিয়া কন্যাৰ আদেশমতে ৰজাৰ মানুহে তাক ধৰি তাৰ ওভোতাই ছাল বখলিয়াই লোণ-খাৰ সানি শাস্তি দিলে। সি যন্ত্ৰণা ভোগ কৰি মৰি থাকিল।

 অৱশেষত কন্যাই নিজৰূপে সকলোৰে আগত দেখা দিলে। ৰাজ্যৰ ৰজা-প্ৰজা সকলোৱে ঘটনাটো দেখি-শুনি আচৰিত মানিলে। বত্ৰিশ লক্ষণীয়া ৰাজকন্যাৰ আদেশ অনুসাৰে সেই দেশৰ ৰজাই ৰাজকন্যাক কোঁৱৰলৈকে বিয়া দিলে আৰু অৰ্দ্ধ ৰাজ্যও এৰি দিলে। এইদৰে দুজনী সুন্দৰী কন্যা আৰু অৰ্দ্ধৰাজ্য লাভ কৰি ৰাজকোঁৱৰ স্বদেশলৈ উভতি আহিল। ৰজাইও পুতেকৰ সৌভাগ্য দেখি আনন্দ মনেৰে কাল কটাবলৈ কৰিলে।
[ ৩৫ ]

দশম সাধু

 আজি নাতিয়েকে ককাকৰ পিঠিত ওলমি পৰি ককাকক মাতিছে হে মাতিছে, ককাকে নামাতে। ককাকৰ খং।

নাতি।—“ককাদেউতা, মোক নামাতা নো কিয়? মইনো কি জগৰ লগালো?”

ককা।—“বৰ জগৰ লগাইছ; সেইদেখি নামাতো।”

নাতি।— “কি জগৰ লগালো কোৱাচোন? মোৰ দেখোন মনত নপৰে৷”

ককা।— “আজি গধূলি তই দেউতাৰৰ আগত মিছা কথা কৈছিলি কিয়?”

নাতি।— “কি মিছা কথা?”

ককা।— “দেউতাৰে যেতিয়া সুধিছিল, তই আজি দুপৰীয়া বৰষুণ জাকত বাহিৰলৈ

 ওলাই উমলি তিতিছিলি নে নাই, তই কালি ‘নাই ওলোৱা, নাই তিতা।' তোৰ

 মাৰে দেখোন মোক কৈছে, বোলে তই তুলাপাতৰ নাও সাজি বৰষুণৰ ডোঙা

 বন্ধা পানীত উটাই দি, পানীত খেদ্‌খেদাই আছিলি?”

নাতি।— “দেউতাই শুনিলে মাৰিব বুলি ভয়ত তেনেকৈ কৈছিলো; আৰু নকওঁ।”

ককা।—“নকবি বুলি মনতে সৈ কাঢ়। ভয়তে হওক বা ধেমালিতে হওক, কোনোকালে

 কেতিয়াও মিছা কথা ক’ব নাপায়। মিছাৰ সমান পাপ নাই। সঁচাৰ সমান

 পুণ্য নাই। আজিৰ পৰা মোৰ কুটুম, তই কেতিয়াও মিছা কথা নকবি। বাৰু

 তই নকওঁ বুলি সৈ কাঢ়িছ যেতিয়া মোৰ খং মাৰ গ'ল। আহ এতিয়া সাধু

 কওঁ।”
[ ৩৬ ]

বামুণ আৰু বামুণী

 একালত এখন দেশত এজন বৰ দুখীয়া বামুণ আছিল। বামুণে ধন-বিত ঘটি বামুণীক আনি দিব নোৱাৰে দেখি বামুণীয়ে বামুণক নিতৌ টান কথাৰে কৰচি থাকে। এদিন বামুণীয়ে বামুণক ক’লে, “আমাৰ ৰজাৰ ঘৰলৈকে যোৱাচোন; দেশৰ অতবোৰ বামুণে গৈ চোলোখ মাতি ৰজাক আশীৰ্বাদ কৰি পইচা আনিব লাগিছে, তুমিহে নোৱাৰা। তুমিনো গৈ সঁচাই-মিছাই চোলোখ এটা মাতি এজোলোকা আশীৰ্বাদ দি পাই-পইচা গোটাচেৰেক আনিব নোৱাৰা নে?” বামুণীৰ কথা শুনি বামুণে ক'লে,“তইতো মুখেৰে ক’ব পাৰ, কিন্তু লুইতেহে জানে বঠাৰ কোব কিমানলৈ বহে। মই যে ধুই পানী এটোপা খাবলৈকো আশীৰ্বাদ এষাৰ নাজানো আৰু শ্লোক এটাও নাজানো, সেইটো তোৰ ভূ আছে নে নাই?” বামুণৰ এই কথা শুনি ঘৈণীয়েকে খঙেৰে ক’লে, “যোৱা দেও হে, তুমি নো তেনেহ'লে কিহৰ মতাটো? আশীৰ্বাদ একাষাৰ দিবও নাজানা, চোলোখ এটাও মাতিব নাজানা, মিছাতে বামুণ জনম পালা। বোলোঁ, মই কৈছোঁ তুমি যোৱা ৰজাৰ ঘৰলৈ; যাওঁতে বাটত যিহকে দেখা তাকেই সঁচাই-মিছাই চোলোখৰ নিচিনা কৰি সাজি ৰজাৰ আগত সৰসৰ কৰে মাতি দিবা কোনেনো ধৰিব?”

 বামুণে বামুণীৰ কথাকে সাৰোগত কৰি লৈ “বাৰু যাম” বুলি ক’লত, বামুণীয়ে গা-পা ধুই ৰান্ধি-বাঢ়ি ভালকৈ বামুণক এসাজ খুৱাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে।

 বামুণ ওলাই গৈ বাটৰ কেউফালে চাই-চিতি যাওঁতে, প্ৰথমতে এটা এন্দুৰক মাটি খান্দি থকা দেখি সেই কথাকে শ্লোকৰ নিচিনাকৈ সাজিবলৈ মন কৰি “খুচুৰ-মুচুৰ মাটি খোচোৰাঃ” বুলি মনতে সাজি থলে। তাৰ পিছত তেওঁ অলপমান গৈ, এটা মানুহে শাকনি-বাৰীত সোমাই শাক নিৰাই থকা দেখি সেইটো কথাও মনতে ইদৰে শ্লোক কৰিলে— “কুচুটি-মুচুটি বহি কিং কৰাঃ।” তাৰ পিছত অলপমান গৈ [ ৩৭ ] বামুণে দেখিলে যে এটা বলদ গৰু সেই ফাললৈকে আহিছে; তাৰ পিঠিত এটা বগলী উঠি আছে আৰু বগলীটোৱে দূৰৰপৰা বামুণক ডিঙি মেলি মেলি চাইছে। ইয়াকে দেখি বামুণে আগৰ দৰেই আৰু দুফাকি শ্লোক ৰচনা কৰিলে— “এখুজি-দুখুজিকে ক’লৈ যোৱাঃ। ডিঙি মেলিং মেলিং কালৈ চোৱাঃ॥” ইয়াৰ পিছত অলপ বাট গৈ বামুণে এজোপা লাওগছত ফুল ফুলি থকা দেখি আৰু এফাকি শ্লোক সাজিলে— “লাও ফুলং ফুলাঃ।” ইয়াৰ অলপপৰৰ পিছত ৰাজসভাৰ ওচৰাওচৰি হওঁতেই বামুণে তেওঁৰ ওচৰচুবুৰীয়া চিনাকি পেটগাধৰি নামৰ বামুণক দেখি এচৰণ শ্লোক সাজিলে— “পেট-গাধৰি বাপু ক'লৈ যোৱাঃ।”

 কিছুপৰৰ মূৰত বামুণে ৰাজসভাত ওলালগৈ আৰু ৰজাক দেখি তলত দিয়া “শ্লোকটো” মাতি তেওঁ “মহাৰাজৰ কুশল হওক” বুলি আশীৰ্বাদ কৰিলে—

“খুচুৰ-মুচুৰ মাটি খোচৰাঃ।
কুচুটি-মুচুটি বহি কিং কৰাঃ।
এখুজি-দুখুজিকৈ ক’লৈ যোৱাঃ।
ডিঙি মেলিং মেলিং কালৈ চোৱাঃ॥
লাও ফুলং ফুলাঃ।
পেট-গাধৰি বাপু ক’লৈ যোৱাঃ॥

 ৰজাই এই “শ্লোক”টো শুনি বিস্ময় মানি বামুণক তাৰ অৰ্থ ভাঙিবলৈ ক'লত বামুণে, কাটে-মাৰে যি কৰে কৰক বুলি ভয়ত কঁপি কঁপি, আদিৰেপৰা অন্তলৈকে সকলো কথা ৰজাৰ আগত ভাঙি ক’লে। বামুণৰ কথা শুনি ৰজাই বামুণক হোজা দেখি তেওঁলৈ মৰম লাগি এচৰু ৰূপ আৰু এচৰু সোণ তেওঁক দি পঠিয়াই দিলে। ৰজাই বামুণক ৰূপ-চৰু আৰু সোণ-চৰু দিওঁতে পেট-গাধৰি বাপুও ৰজাৰ সভাতে থাকি সেইটো দেখি আছিল।

 বামুণে সোণ-ৰূপ দুচৰু লৈ ঘৰলৈ উভতি আহি মিচিক্‌কৰে হাঁহি বামুণীৰ আগত বাকি দিলে। বামুণীয়ে ইমানবোৰ সোণ-ৰূপ দেখি আনন্দত উত্ৰাৱল হৈ গিৰিয়েকক সুধিলে – “কোৱাচোন কোৱা, [ ৩৮ ] তুমিনো ক’ত ইমানবোৰ সোণ-ৰূপ পালা?” বামুণে নিজক গধুৰ কৰি মিচিকিয়াই গহীনকৈ ঘৈণীয়েকক ক’লে— “এতিয়া যাচোন যা, ৰন্ধা-বঢ়া কৰগৈ। জিৰাই-শঁতাই খাই-বৈ লওঁ, তাৰ পিছত শোওঁতে শোৱাপাটীত ক’ম।” এই কথা শুনি বামুণীয়ে আনন্দটো মনৰ চুঙাত হেঁচা মাৰি সুমুৱাই সোপা দি থৈ সোণ-ৰূপবোৰ বুটলি, সামৰি-সুতৰি ভালকৈ থৈ দিলে আৰু তেতিয়াই ততাতৈয়াকৈ গা ধুই ভাত এগাল ৰান্ধিলেগৈ।

 ভাত-পানী খাই উঠি বামুণ-বামুণীয়ে শোৱাপাটীত উঠিলত,বামুণীয়ে গিৰিয়েকক সেই সোণ-ৰূপৰ কথা সুধিলত গিৰিয়েকে ক’বলৈ ধৰিলে।

 ইফালে বামুণ-বামুণীৰ ওচৰ-চুবুৰীয়া কিৰ্পিণ যক্ষ পেট-গাধৰি নামৰ বামুণজনে, দুখীয়া বামুণটোৱে একেদিনৰ ভিতৰতে ইমানবোৰ সোণ-ৰূপ পোৱা দেখি তাৰ শ্ৰী সহিব নোৱাৰি, সেইবোৰ চুৰ কৰি নিবৰ মনেৰে বামুণৰ শোৱনি ঘৰৰ পিৰালিত বহি লাহে লাহে সিন্ধি খানিবলৈ ধৰিছে। বামুণে ঘৈণীয়েকৰ আগত, প্ৰথমতে তেওঁ ৰজাৰ আগত কি শ্লোকফাঁকি মাতিছিল ক'লে—

   “খুচুৰ-মুচুৰ মাটি খোচৰাঃ।”

 চোৰে সিন্ধি খান্দি থাকোঁতেই এই কথা শুনি ভাবিলে যে গিৰিহঁতে এই কথা তাকহে কৈছে। ইয়াকে সি ভাবি সিন্ধি খান্দিবলৈ এৰি, পিৰালিত কুঁচি-মুচি বহিল। সিফালে বামুণেও ৰজাৰ আগত কোৱা দ্বিতীয়ফাকি “শ্লোক” ঘৈণীয়েকৰ আগত মাতিলে— “কুচুটি মুচুটি বহি কিং কৰাঃ।” এই কথা চোৰৰ কাণত পৰিলতে সি ভাবিলে, তাক সেইদৰে বহা দেখিহে গিৰিহঁতে সেই কথা কৈছে। সেইদেখি সি তাৰ পৰা উঠি এখুজি-দুখুজিকৈ যাবলৈ ধৰিলে। ইফালে বামুণে ঘৈণীয়েকৰ আগত তৃতীয়ফাকি “শ্লোক” মাতিলে— “এখুজি দুখুজিকৈ ক’লৈ যোৱাঃ।” এইবাৰ চোৰৰ কাণত এইষাৰ পৰিলতে সি ভাবিলে “মই ধৰা পৰিলোঁ।” গিৰিহঁতে তাক ধৰিবলৈ আহিছে যেন ভাবি সি ডিঙি মেলি চাওঁতেই শুনিলে— “ডিঙি মেলিং মেলিং কালৈ চোৱাঃ?” এইষাৰ [ ৩৯ ] কথাও গিৰিহঁতে চোৰকে কৈছে যেন ভাবি, লুকাবৰ মনেৰে চোৰ ওচৰতে এজোপা লাও গছৰ মাজত সোমালগৈ। ইপিনে বামুণে পঞ্চম আৰু ষষ্ঠফাকি “শ্লোক” মাতি ঘৈণীয়েকক শুনালে— “লাও ফুলং ফুলাঃ।” “পেট-গাধৰি বাপু কলৈ যোৱাঃ।” পেট-গাধৰি বামুণ চোৰে সেই কথা শুনি তাৰ আচল মানে বুজিব নোৱাৰি, ধৰা পৰিলো বুলি ভাবি, লাওৰ মাজৰ পৰা ওলাই চোতাললৈ আহি বামুণক মাত লগালে— “যি হ’ল হ’ল, এই কথা আৰু কাৰো আগত নকবি বোপাই। বাহিৰত পেট গাধৰিৰ মাত শুনি গিৰিয়েকে ওলাই আহি তাৰ হাত দুখনত ধৰি পেলালে। বামুণীয়ে চোৰক ক'লে, “যদি কাকো ক’ব নেলাগে, তেন্তে তোমাৰ ঘৰৰ লোটা, বাটি, কাঁহী, কলহ, বয়-বস্তুবোৰ আমাক দিয়া।” পেট-গাধৰিয়ে এই কথাটো উলিয়ালে তাৰ সৰ্বনাশ হ’ব জানি গোসাঁইৰ শপত খাই ক’লে যে, কাইলৈ পুৱাই সি তাৰ বয়-বস্তুবোৰ বামুণ-বামুণীক আনি দি যাবহি, সিহঁতে যেন সেই কথা কাৰো আগত নুলিয়ায়। এই কথা বামুণ-বামুণী মান্তি হৈ পেট-গাধৰিক এৰি দিলে।

 পিছদিনা পেট-গাধৰিয়ে তাৰ বয়-বস্তু সোপাকে আনি বামুণ-বামুণীক দিলে আৰু তাৰ পিছত দুয়ো চহকী হৈ মহাসুখে খাই-বৈ থাকিল।


একাদশ সাধু

ককা।—“বাপু অ’, ওচৰ চাপি আহ; আজি তোক এটা সাধু ক’ম,তাৰ নাম অবুজ

 ৰজাৰ বিবুজ মন্ত্ৰী। তই মোৰ পিঠিত হাত দি পকা ঘামচিবোৰ মাৰি দেচোন।

 চাবি, যিবোৰত নখ দিলে পুট্ পুট কৰি উঠিব সেইবোৰকহে মাৰিবি,

 কেঁচাবোৰত নখ নিদিবি।”

নাতি।— “ককাদেউতা, তুমি ভয় নকৰিবা, মই ঘামচি মাৰিব জানো। তুমি অবুজ

 বিবুজ সাধু কোৱা; পলম নকৰিবা; মই শুনিবলৈ উত্ৰাৱল হৈ পৰিছোঁ।” [ ৪০ ]

অবুজ ৰজাৰ বিবুজ মন্ত্ৰী

 এক ৰজা আছিল এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এটাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথাকেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে— “অবুজ ৰজা কোন? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন? ভালৰ বেয়া, বেয়াৰ ভাল আৰু ৰজাৰ দুৱাৰৰ কুকুৰ কোন?”এওঁ ৰজাতো চিঠি পঢ়ি অবাক! এওঁ ভাবি নাপালে— ৰজা যদি অবুজ হ’ল, মন্ত্ৰীনো বিবুজ হ’ব কেনেকৈ? আৰু ভালৰ নো বেয়া হ'ব কেনেকৈ? বেয়াৰেই বা ভাল হ’ব কেনেকৈ? যি বেয়া বেয়াই; যি ভাল ভালেই। ৰজাই ভাবি-চিন্তি একো নেপাই মন্ত্ৰীক সুধিলে। মন্ত্ৰীয়ে ক'লে,“মহাৰাজ, আপুনি কিছুদিনৰ সময় লওক; পিছত সেই সময়ৰ ভিতৰত কিবা এটা কৰিব লাগিব।” ৰজাই সেই কথামতেই এবছৰৰ সময় লৈ তাৰ ভিতৰতে উত্তৰ দিম বুলি চিঠি অনা মানুহটোক বিদায় দিলে।এইদৰে কিছুদিন আছে, সময়ো লাহে লাহে যাব লাগিছে। এদিন ৰজাৰ হঠাৎ সেই চিঠিৰ আৰু প্ৰশ্নৰ কথা মনত পৰাত তেওঁ মন্ত্ৰীক সুধিলে- “মন্ত্ৰী, আজি ইমান দিন হ’ল, ক’তা দেখোন অমুক ৰজাই লিখা প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে নিদিলা?” এই কথাত মন্ত্ৰীয়ে ক'লে,“মহাৰাজ! তেনেহ’লে মোক কিছুদিনৰ নিমিত্তে বিদায় দিব লাগে। এই সময়ৰ ভিতৰত মই যেনেতেনে মতে প্ৰশ্নকেইটাৰ উত্তৰ দিম।” ৰজাই ক’লে, “বাৰু তোমাক যিমান দিনৰ আৱশ্যক বিদায় দিলোঁ; এতিয়া যাতে মই লাজত নপৰো তাৰ দিহা কৰা।” মন্ত্ৰীয়ে “ভাল মহাৰাজ,তাৰ নিমিত্তে কোনো চিন্তা নাই, এতিয়া মই আহিলোঁহে” এইবুলি ঘৰলৈ গ’ল।

 তাৰ পিছদিনা মন্ত্ৰীয়ে খাই-বৈ ভেশচন কৰি, সেই ওচৰ-চুবুৰীয়া ৰজাৰ নগৰৰ ফালে খোজ ল'লে। এইদৰে ক্ৰমান্বয়ে কেইবাদিনো গৈ মন্ত্ৰী সেই ৰজাৰ নগৰ পালেগৈ, কিন্তু গধূলি হোৱা গতিকে নগৰৰ ভিতৰলৈ নোসোমাই ৰাতিটো বাহিৰতে আন কোনো ঠাইত থাকি [ ৪১ ] কটাবলৈ মন কৰি এজনী নটীৰ তাত আশ্ৰয় ল’লেগৈ। নটীয়ে বৰ আদৰ-সাদৰকৈ তেওঁক তাতে থাকিবৰ নিমিত্তে দিহা কৰি দিলে। মন্ত্ৰীয়ে ৰাতিটো তাতে কটাই পিছদিনা ৰাতিপুৱাই যাবলৈ ওলোৱাত নটীয়ে সুধিলে, “ডাঙৰীয়া, আপুনিনো ক’ৰ মানুহ ক’লৈ যাব লাগে?” মন্ত্ৰীয়ে “মই বেপাৰী মানুহ; ৰজাৰ নগৰলৈ যাবলৈ আহিছোঁ” বুলি কৈ তাৰপৰা বিদায় লৈ ৰজাৰ হাউলীৰ মুখে যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে তেওঁ বাটত তিনি-মূৰীয়া বুঢ়া এটা বহি থকা দেখিলে। বুঢ়াই বাটেদি যাকে যোৱা দেখিছে তাৰ ফাললৈকে হাতজোৰকৈ পইচা খুজিছে। মন্ত্ৰী সেইখিনি পালতে, বুঢ়াই সেইদৰে হাতজোৰকৈ পইচা খোজাত, মন্ত্ৰীয়ে সুধিলে, “বুঢ়া, তই নো এইদৰে কিয় আছ? তোক পোহ-পাল কৰোঁতানো কোনো নাইনে?” এই কথাত বুঢ়াই চকুলো টুকি ক’বলৈ ধৰিলে— “ডাঙৰীয়া মোৰ কথানো কি ক’ম; আগ বয়সত মই ৰজাৰ দুৱৰী আছিলোঁ। যিমান দিন গাত বল আছিল কাম কৰিলোঁ, এতিয়া বুঢ়া হ’লোঁ, কাম কৰিব নোৱাৰা হ'লোঁ; সেইদেখি ৰজাই মোৰ কামত আন এটাক ৰাখি মোক বিদায় দিলে। হাতত যি দুটা-চাৰিটা পইচা আছিল, ভাঙি খালোঁ; সেইকেইটা ঢুকালত এইদৰে ইয়াতে বহি, মানুহ যোৱা দেখিলে পইচা খোজো। কাৰোবাৰ মন গ'লে দুই-চাৰি পইচা দিয়ে; কেতিয়াবা আকৌ শুদা হাতেই ঘৰলৈ উভতি যাব লগাত পৰোঁ। মোৰ ল'ৰা-ছোৱালীও কোনো নাই।” বুঢ়াৰ কথা শুনি মন্ত্ৰীয়ে বুঢ়াক ৰূপ এটকা দি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ বেলি এপৰমান যোৱাত তেওঁৰ ৰজাৰ সভাত সোমালগৈ; কিন্তু সেইদিনা তেওঁক ৰজাই কোনো কথাকেই নুসুধিলে। এইদৰে তেওঁ দুই-তিনিদিন সভালৈ গৈ তাত বহি থাকে আৰু মাজে মাজে একেষাৰ-দুআষাৰ কথা কয়। সেই কথাবিলাক ৰজাৰ মনত খাই পৰাত এদিন তেওঁক ৰজাই ওচৰলৈ মাতি নি সুধিলে, “তুমি ক’ৰ মানুহ? ক'লৈ যাব লাগে? আৰু মোৰ সভালৈকে বা অহাৰ সকাম কি?” এই কথাত মন্ত্ৰীয়ে ক’লৈ, “মহাৰাজ! মই বিদেশী মানুহ, দেশ চাই ফুৰিছিলোঁ; মহাৰাজৰ নাম শুনি দেখা হ’বৰ মনেৰেহে এই সভালৈ আহিছিলোঁ; মহাৰাজৰ দয়া হ'লে ইয়াতে থাকিবও পাৰোঁ।” মন্ত্ৰীৰ কথা শুনি ৰজাই ক'লে, “বাৰু তুমি ইয়াতে থাকা,আজিৰপৰা [ ৪২ ]
[ ৪৩ ] তোমাকো এই সভাৰ এজন সভাসদ পাতিলোঁ।” এই কথাত মন্ত্ৰীয়ে ৰজাক সেৱা কৰি সেইদিনাৰ পৰা ৰাজসভাৰ সভাসদ হৈ থাকিল। এইদৰে তাত থাকোঁতে থাকোঁতে ৰজাই তেওঁৰ কথা-বতৰা শুনি আৰু কাম-কাজ দেখি তেওঁৰ ওচৰত বৰ সদয় হ’ল আৰু লগে লগে তেৱোঁ খোপে খোপে উধাবলৈ ধৰিলে। এইদৰে অলপ দিনৰ ভিতৰতে তেওঁ ডেকা-মন্ত্ৰীৰ বাব পালে। সেই কামো এনে সুন্দৰৰূপে চলাবলৈ ধৰিলে যে ৰজাই তেওঁৰ কাম-কাজবিলাকত মোহ গৈ শেহত তেওঁৰ একেজনী ছোৱালীকে তেওঁলৈ বিয়া দি ওচৰতে সুন্দৰৰূপে তেওঁৰ ঘৰ-বাৰী কৰাই দিয়ালে।

 এইদৰে কিছুদিন যোৱাৰ পিছত এদিন ৰজাৰ কোঁৱৰে ডেকা-মন্ত্ৰীক অৰ্থাৎ তেওঁৰ বৈনায়েকক ক’লে যে তেওঁলোক দুয়ো এদিন মৃগয়ালৈ যাবৰ মন কৰিছে; তেওঁৰ মত কি? মন্ত্ৰীয়ে কোঁৱৰৰ কথাত মত দিলত, পিছদিনাই দুয়ো মৃগয়ালৈ যাবলৈ ওলাল। দুয়ো দুটা ঘোঁৰা লৈ হাবিৰ ফাললৈ গ'ল। হাবিয়ে হাবিয়ে গোটেই দিন দুয়ো ঘূৰি ঘূৰি দুয়োৰো ভিতৰত আবেলি পৰত এটা পহু মাৰিলে। কিন্তু পহুটো আনে কেনেকৈ? লগত মানুহ বা হাতী নাই; কাজেই দুয়ো কথা-বতৰা হৈ থিৰ কৰিলে যে পহুৰ মূৰটোকে কাটি লৈ যোৱা যাওঁক। সেইমতেই পহুৰ মূৰটো কাটি কাপোৰেৰে ভালকৈ বান্ধি মন্ত্ৰীয়ে ঘোঁৰাৰ পিঠিত তুলি লৈ ঘৰৰ ফালে আহিবলৈ ধৰিলে। সেই বাটেদি আহোঁতে আকৌ ৰজাৰ কোঁৱৰৰ শহুৰেকৰ ঘৰ পায়। গধূলি হোৱা দেখি শহুৰেকৰ ঘৰৰ ওচৰ পাই ৰজাৰ কোঁৱৰে মন্ত্ৰীক ক’লে, “মই আজি ৰাতি ইয়াতে থাকোঁ, কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাম, আপুনি যাওক।” এইবুলি ৰজাৰ কোঁৱৰ শহুৰেকৰ ঘৰত সোমাল আৰু মন্ত্ৰী নিজৰ বাহৰৰ ফালে যাবলৈ ধৰিলে। ঠিক গধূলি পৰত মন্ত্ৰীয়ে ঘৰ পায়েই সেই পহুৰ মূৰটো সেইদৰে বান্ধেৰেই, ভিতৰৰ শোৱা কোঠালীলৈ হাতত ওলোমাই লৈ গৈ তাতে সেইটো থৈ ঘৈণীয়েকক সুধিলে, “চিপৰাংখন ক’ত আছে?” ঘৈণীয়েক তধা লাগিল। দিনৰ দিনটোৰ মূৰত এই ৰাতি ওলাইছেহি, তাতো একেষাৰ কথা-বতৰা নাই, আহিয়েই বোলে চিপৰাংখন দে। ইয়াৰ নো [ ৪৪ ] মানে কি? ঘৈণীয়েকে গিৰিয়েকক ক’লে, “অলপ বহকচোন, কি নো হ'ল? চিপৰাঙেৰে নো ৰাতিখন এতিয়া কি কৰে?” মন্ত্ৰীয়ে ক'লে, “একো হোৱা নাই, চিপৰাংখন আনাচোন বাৰু।” ৰজাৰ জীয়েকৰ মনত কথাটো ভালকৈ নেলাগিল, সেইদেখি তেওঁ আকৌ সুধিলে, “নহয়, কিবা এটা হৈছে; মোক আপুনি ফাঁকি দিছে; কিনো হৈছে কওকচোন।” ঘৈণীয়েকৰ কথাত মন্ত্ৰীয়ে ক’লে, “উহু, মই ক'ব নোৱাৰো। বৰ ডাঙৰ কথা এটা হৈছে। ক'লেই ৰজাই কেনেবাকৈ জানিব পাৰিলে মোক কাটিব।” এই কথা শুনি ঘৈণীয়েকে ক’লে, “এনেনো ডাঙৰ কথা হ'ল নে, ক’লেই ৰজাই আপোনাক কাটিব? আৰু কটা যোৱা কথাটো নো মই আনক ক’বলৈ কি হৈছে?” তথাপি গিৰিয়েকে “নহয় বুজিছানে কেনেবাকৈ ক’ৰবাত ওলাই পৰিব; ৰজাই শুংসুত্ৰ পালে মোক যে জীয়াই এৰিব সেইটো নহয়৷ ক'ৰবাত তোমাৰ মুখৰপৰাও ওলাব পাৰে; এতেকে নেলাগে শুনিব, থাকা।” গিৰিয়েকৰ কথা শুনি জীয়েকে মন্ত্ৰীৰ গাত ধৰি ক’লে, “মই এই আপোনাৰ গা ছুই কৈছোঁ, কাৰো আগত নুলিয়াওঁ। এতিয়া কি হৈছে মোক কওক আৰু আপোনাৰ এটা বিপদ হ’লে মোৰ জানো নহয়?” এই কথাত মন্ত্ৰীয়ে বৰ বেজাৰকৈ ক’বলৈ ধৰিলে— “নুশুনা হ’লেই ভাল আছিল। তুমি কোনোমতেই নেৰা যেতিয়া কি কৰিম আৰু? কওঁ শুনা— আজি বৰ ভয়ানক কাণ্ড এটা হ’ল। তোমাৰ ককাইদেউয়েৰাৰে সৈতে মই মৃগয়ালৈ গৈছিলোঁ। হাবিত এটা পহু খেদি তাৰ ওচৰলৈ যাবলৈ ধৰোতেই পহুটো বিম্বাশবদে লৰ মাৰিলে; আমিও পিছে পিছে খেদি গ'লোঁ। এইদৰে যাওঁতে যাওঁতে হাবিত তোমাৰ ককাইদেউয়েৰা গ'ল এফালে, মই গ'লো এফালে। কিছু দূৰ গৈ,আনফালে কিহবাই হাবিবোৰ লৰাই লৰাই যোৱা যেন দেখিলোঁ। মই পহু বুলি সেইফালে পোনাই কাঁড় মাৰি দিলোঁ আৰু তাৰ পিছতে ময়ো সেইখিনিলৈ গৈ দেখোঁ যে সেইটো পহু নহয়, তোমাৰ ককাইদেউয়েৰাকহে মাৰিলোঁ। কি কৰিম? হাবিত পৰি থাকিলে শটো লোকে দেখি চিনিব আৰু ৰজাই মোক জগৰীয়া কৰিব, সেইদেখি একো উপায় নাপাই, সৌৱা মূৰটো কাটি বান্ধি-চাতি লৈ আহিছোঁ, এই [ ৪৫ ] ছালপীৰাখনৰ তলতে পুতি থওঁ। তুমি এতিয়া কথাটো যেন ক’তো নুলিওৱা। চিপৰাংখন বেগেতে আনি দিয়াচোন এতিয়া।” ঘৈণীয়েকে আৰু চিপৰাং আনি দিয়ে ক’ত? ককায়েক মৰাৰ কথা শুনি কান্দিবলৈ হে ধৰিলে। মন্ত্ৰীয়ে নিজেই চিপৰাং বিচাৰি আনি শোৱা-ছালপীৰাৰ তলতে গাঁত এটা খান্দি টোপোলাটো নেমেলাকৈয়ে তাতে পুতি মাটিখিনি আগৰ দৰে সমানকৈ থৈ বাহিৰলৈ ওলাই গুচি গ'ল। ঘৈণীয়েকে কান্দিবলৈ ধৰিলে। ৰাতি তেওঁলোকৰ ৰন্ধা-বঢ়া, খোৱা-লোৱাও একো নহ'ল।

 ৰাতি পুৱালতে ৰজাৰ জীয়েক কান্দি কান্দি বাপেকৰ ঘৰত ওলালগৈ। মাকে জীয়েকক সিমান ৰাতিপুৱাই কান্দি-কাটি অহা দেখি সুধিলে, “আই অ’। তোৰ কি হ'ল? গিৰিয়েৰে মাৰিলে নে কি? ইমান ৰাতিপুৱাই কান্দি-কাটি আহিছে কিয়?” জীয়েকে উত্তৰ দিলে, “আমাৰ ফালে হ’ল আৰু।” মাকে আচৰিত হৈ সুধিলে, “কি হ’ল?” জীয়েকে ক’লে, “কালি মৃগয়ালৈ গৈ পহু বুলি জোঁৱায়েৰাই ককাইদেউকে মাৰিলে।” ৰাণীয়ে “কি মোৰ বোপাইক মাৰিলে?” বুলি হিয়া ভুকুৱাই কন্দা মাত্ৰকে গোটেইখন ঘৰ তোলপাৰ লাগি পৰিল, আৰু তৎক্ষণাৎ বতাহৰ দৰে এই কথা গৈ ৰজাৰ কাণত পৰিল। ৰজাই শুনিয়েই “কি সি কেলেহুৱা চপনীয়া এটাৰ ইমান সাহ? আন তাক এতিয়াই ধৰি।” বুলি ক'লে আৰু কোৱা মাত্ৰকে কেইটামান পহৰীয়াই লৰ মাৰি গৈ মন্ত্ৰীক ধৰি আনি ৰজাৰ আগত থিয় কৰিলে। ৰজাই সোধ-পোছ নকৰাকৈয়ে— “চাওদাং, এতিয়াই এই পাপিষ্ঠৰ কটা-মূৰ আনি মোক দেখুৱাবহি লাগে।” বুলি আদেশ কৰিলে। যেই কথা সেই কাম। তেতিয়াই গোটাচৰেকে পহৰীয়া আৰু চাওদাঙে ৰজাৰ জোঁৱায়েকক মৰিশালিৰ ফালে লৈ গুচি গ'ল।

 মৰিশালিলৈ মন্ত্ৰীক নিওঁতে দৈবক্ৰমে সেইপিনে, সেই যে মন্ত্ৰী ৰজাৰ নগৰলৈ আহিবৰ দিনা এজনী নটীৰ তাত তেওঁ ৰাতি খপিছিল,সেই নটীৰে সৈতে তেওঁৰ দেখা হ’ল। তাই মন্ত্ৰীক সেই অৱস্থাত দেখি সুধিলে, “ডাঙৰীয়া! এদিন আপুনি মোৰ তাত আছিল নহয়? আৰু মই [ ৪৬ ] সোধাত আপুনি বেপাৰী বুলি কৈছিল নহয়? পিছে নো এতিয়া কি কথা? ইহঁতেনো আপোনাক এইদৰে ক’লৈ নিয়ে? মন্ত্ৰীয়ে “এ নক’বা দেও সেইবোৰ কথা। মোৰ দুখৰ কথানো কি শুনিবা? তোমাৰ তাৰপৰা গৈ মোৰ কাম-কাজ দেখি মোৰ ওপৰত তুষ্ট হৈ ৰজাই মোক ডেকা-মন্ত্ৰী পাতিলে আৰু লগতে তেওঁৰ জীয়েককো মোলৈ বিয়া দিলে৷ তাৰ পিছত ইমানদিন আছিলোঁ সুখেৰেই; পিছে কালি ৰজাৰ কোঁৱৰে মৃগয়ালৈ যাবলৈ বুলি আহি লগ লোৱাত তেওঁৰ লগত মৃগয়ালৈ গৈছিলোঁ; কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ ধেনুৰপৰা কাঁড় এপাট লাগি কোঁৱৰ মৰিল। পিছে মই কোঁৱৰৰ মূৰটো কাটি ভালকৈ বান্ধি লৈ ঘৰলৈ গলোঁ, গৈ সেইটো পুতিবলৈ চিপৰাংখন ক’ত আছে বুলি আমাৰ ঘৈণীক চিপৰাং খোজাত তেওঁ কিয় চিপৰাং খুজিছে, চিপৰাঙেৰে এই ৰাতিখন কি কৰে, কি হৈছে, কি কথা, ঘনে ঘনে এই বুলি সোধাত, মই সকলোখিনি ভাঙি-পাতি ক’লো। পিছে ঘৈণীজনাই আজি ৰাতিপুৱাই শুই উঠিয়েই মাকৰ আগত এই কথা কোৱা মাত্ৰকে ৰজাই খবৰ পাই মোক ধৰাই নি, একো সোধ-পোছ নাই, বিচাৰ নাই, চাওদাঙৰ হাতত কাটিবলৈ দিছে।” নটীয়ে আচৰিত মানি সুধিলে “কি আপোনাৰ কোনো বিচাৰ কৰা নাই?” মন্ত্ৰীয়ে ক'লে— “এৰা নাই কৰা।” এই উত্তৰ পাই তাই চাওদাং আৰু পহৰীয়াক ক’লে, “ককাইদেউহঁত তহঁতে এওঁক এতিয়াই ৰজাৰ ওচৰলৈ ওভোটাই ল। কি অন্যায়! কি অধৰম! ৰজাৰ পুতেকক মাৰিলে বুলিয়েই সোধ-পোছ নোহোৱাকৈ মানুহজনক কাটিব পায়নে?” পহৰীয়াহঁতে “আইদেউ, ৰজাৰ আদেশ; আমি কেনেকৈ ওভোটাই লৈ যাওঁ?” বুলি কোৱাত, নটীয়ে এওঁক লৈ ব’ল, তাৰ বাবে যি দায় জগৰ লাগে মোৰ গাত লাগিব, ৰজাই মোক কাটিব, ময়ো যাওঁ তহঁতৰ লগতে।” এই বুলি কৈ তাই আকৌ এটাইমখাকে ওভোতাই লৈ ৰজাৰ সভাত হাজিৰ হ'লগৈ। ৰজাই মন্ত্ৰীক দেখিয়েই জ্বলি উঠি চাওদাঙৰ ফালে চাই ক’লে, “তোক মই ইয়াৰ কটা মূৰ আনিবলৈ কৈছিলোঁ নহয়?” নটীয়ে তেতিয়া আগবাঢ়ি আহি ক’বলৈ ধৰিলে, “মহাৰাজ, চাওদাঙৰ গাত কোনো দোষ নাই,মইহে সিহঁতক ওভোতাই লৈ আহিছোঁ। শুনিবলৈ পালোঁ, মহাৰাজে কোনো সোধ-পোছ [ ৪৭ ] নকৰাকৈয়ে এওঁক কাটিবলৈ হুকুম দিছে। দোষ কৰিলে, শাস্তি দিয়ে,কিন্তু তাৰতো বিচাৰ হব লাগে।” এই কথাতে ৰজাই ক'লে, “বিচাৰ আৰু কি কৰিম! সি মোৰ ল'ৰাক মাৰিছে দেখি ময়ো তাক কাটিবলৈ দিছোঁ।” নটীয়ে ক’লে “নহয় মহাৰাজ! এইটো কোনো কথা নহয়। আপোনাৰ কোঁৱৰক মাৰিছে বুলিয়েই যে সোধ-পোছ নোহোৱাকৈ কাটিবলৈ দিব এনে হ'ব নোৱাৰে। সঁচাকৈয়ে মাৰিছেনে নাই? মাৰিছে যদি কেনেকৈ মাৰিলে? ইয়াৰতো এটা তত্ত্ব লোৱা উচিত। আন এটাক মৰা হ'লে জানো এইদৰে সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ পঠালেহেঁতেন? কেতিয়াও নপঠায়! আৰু বিশেষতঃ যদি আপোনাৰ কোঁৱৰক সঁচাকৈয়ে মাৰিছে হে, কোঁৱৰৰো মূৰটো আনি তেওঁৰ শোৱাপাটীৰ তলতেই তো পুতি থৈছে, সেইটো আনি চালেই হয় দেখোঁ। মহাৰাজে জানো মূৰটো অনাই চাইছিল?” নটীৰ কথা শুনি ৰজা কিছুমান সময় তবধ লাগি ৰ’ল। তাৰ পিছত ৰজাই পহৰীয়া এটাক মাতি ক’লে, “বাৰু যাচোন তই এই মন্ত্ৰীৰ ঘৰলৈ; ইয়াৰ শোৱা-ছালপীৰাৰ তলতে এটা মূৰ বোলে পুতি থোৱা আছে, খান্দি লৈ আহগৈ৷” এই কথা কেইআষাৰ কৈয়েই ৰজাই তললৈ মূৰ কৰি নিমাত হৈ ৰ'ল আৰু সভাৰ কোনো কোনোৱে শুদা মাটিখনকে আঁকিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে মূৰটো আনিবলৈ যোৱা মানুহ আহি পালেহি আৰু ৰজাই টোপোলাটো মোকোলাই দেখে যে তাৰ ভিতৰত এটা পহুৰ মূৰ। দেখি সকলোৱে আচৰিত মানি ভেবা লাগিল। নটীয়ে তেতিয়া ক’বলৈ ধৰিলে— “দেখিলে এতিয়া মহাৰাজ! নভবা-নিচিন্তাকৈয়ে কি কৰিছিল? তেওঁ এদিনৰ নিমিত্তে হওক বা দুদিনৰ নিমিত্তে হওক নিশ্চয় আপোনাৰ জোঁৱায়েক। তেওঁকে মাৰিবলৈ ধৰিছিল নহয়? এইটো কিমান অন্যায় কথা চাওক।” ঠিক এনে সময়তে ৰজাৰ কোঁৱৰো শহুৰেকৰ ঘৰৰপৰা গৈ ৰজাৰ সভাত উপস্থিত হোৱাত সকলোবিলাক আৰু আচৰিত হ’ল, —মৰা মানুহ দেখোন এইটো! কিছুমান পৰৰ মূৰত ৰজাই মন্ত্ৰীক সুধিলে, “বোপা কি কথা নো? মিছাকৈয়ে নো কথাটো কেলৈ উলিয়াইছিলা?” তেতিয়া মন্ত্ৰীয়ে মাত লগালে, “মহাৰাজ! আপুনি অমুক ৰজালৈ অবুজ ৰজা আৰু অবুজ [ ৪৮ ] ৰজাৰ বিবুজ মন্ত্ৰী কোন? ভালৰ বেয়া, বেয়াৰ ভাল কোন? আৰু ৰাজদুৱাৰৰ কুকুৰ কোন? এই প্ৰশ্ন কেইটা লেখি তাৰ উত্তৰ খুজি পঠাইছিল নহয়? পিছে সেই ৰজাই আপোনালৈ এবছৰৰ ভিতৰত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি লেখিছিল। আজি মই আপোনাৰ গাতে সেই কথা কেইটা দেখুৱাওঁ। মহাৰাজ, ময়ে সেই ৰজাৰ মন্ত্ৰী।”

 মন্ত্ৰীৰ কথা শুনি ৰজাই সুধিলে, “মোৰ গাত নো সেই কেইটা কথা কেনেকৈ দেখুৱাবা?” মন্ত্ৰীয়ে “বাৰু কওঁ শুনক তেনেহলে” বুলি কবলৈ ধৰিলে,- “মহাৰাজ! আপোনাৰ পুতেকক মই মৰাৰ কথা শুনিয়েই আপুনি মোক চাওদাঙৰ হাতত, সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ দিছিল নহয়? কাজেই আপুনি অবুজ ৰজা,আপোনাৰ অলপো বুজ বিচাৰ নাই। আৰু আপুনি বাৰু মোক কাটিবলৈকে দিলে, এইবিলাক সভাসদ মন্ত্ৰীতো ইয়াতে বহিয়েই আছিল, ক’তা এটায়ো দেখোন আপোনাৰ কথাত বাদ ধৰিব নোৱাৰিলে? আপুনি যি ক'লে সেয়ে হ'ল; কাজেই ইহঁত এটাইখন বিবুজ মন্ত্ৰী। তাৰ পিছত কালি পহুৰ মূৰটো বান্ধি লৈ আহি পুতিবলৈ ধৰোঁতে সেইটো নো কি, আপোনাৰ জীয়েকে কত সুধিলে তথাপি মই একো নকলোঁ; শেষত মোৰ গাত ধৰি শপত খালে বোলে “মই শপত খাই কৈছোঁ কাৰো আগত নুলিয়াওঁ।' পিছে আজি ৰাতি পুৱাবলৈ নৌ পাওঁতেই সেইজনী তিৰোতাই সেই খবৰটো আপোনালোকক ক'বলৈ আপোনাৰ ঘৰত ওলাইছিলগৈ নহয়? এইজনী নটী, কিন্তু এইৰ গাত যিমান বুজ, যিমান বিচাৰ আছে, বোধকৰোঁ মহাৰাজৰ সভাত বা নিজ মহাৰাজৰো সিমান ফেৰা বিচাৰ বিবেচনা নাই। মহাৰাজে মোক কাটিবলৈ দিছিল; কিন্তু তাই সকলো কথা শুনি মহাৰাজৰ গাত দোষ দেখি আকৌ মোক ওভোতাই অনাৰ নিমিত্তেই হে মই ইমান সময়লৈকে জীয়াই থাকিবলৈ পাইছোঁ। এওঁ মোক প্ৰাণ দিলে। সেইদেখি বেয়াৰ ভাল এই নটী; আৰু ভালৰ বেয়া মহাৰাজৰ জীয়েক। আৰু ৰাজদুৱাৰৰ কুকুৰ— মহাৰাজৰ পদূলিমূৰত থকা সেই পুৰণি বুঢ়া দুৱৰীটো। সি ডেকা বয়সত কাম কৰিলে,এতিয়া সি বুঢ়া হ'লত মহাৰাজে তাক খেদি দিলে। মহাৰাজ, হয় নে নহয় ভাবি চাওক। [ ৪৯ ] প্ৰশ্নকেইটাৰ উত্তৰ দিবৰ নিমিত্তে হে আপোনাৰ সৈতে ইমান দিন আছিলোঁ; আজি গুচি যামগৈ। আপোনাৰ জীয়েকৰ মন গ'লে মোৰ লগত যাব পাৰে, মন নগ’লে থাকিব পাৰে; এনেকুৱা তিৰোতাত মোৰ সকাম নাই।”

 মন্ত্ৰীৰ কথাত ৰজাই বৰ লাজ পালে। তাৰ পিছত তেওঁক তাত থাকিবলৈ ৰজাই বৰকৈ ধৰিছিল; কিন্তু মন্ত্ৰীয়ে “মহাৰাজ! মইতো পূৰ্বেই কৈছোঁ, প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ হে আপোনাৰ ইয়ালৈ আহিছিলোঁ। আৰু ইমান দিন আছিলো, আৰু নাথাকোঁ।” মন্ত্ৰীয়ে এই বুলি কৈ সেই দিনা তাতে থাকি পিছদিনা ৰাতিপুৱাই ঘৈণীয়েকৰ সৈতে ৰজাৰ ওচৰত বিদায় লৈ আগৰ নিজৰ ঘৰলৈ গুচি আহিল। নিজৰ ৰজাক তেওঁ সকলো কথা কোৱাত ৰজা মন্ত্ৰীৰ ওপৰত বৰ সন্তুষ্ট হ’ল আৰু বহুত ধন-সম্পত্তি, মাটি-বাৰী মন্ত্ৰীক ৰজাই বঁটা দিলে। মন্ত্ৰীয়ে শেযত বৰ সুখেৰে দিন কটাবলৈ ধৰিলে।

দ্বাদশ সাধু

নাতি। — “ককাদেউতা আজিৰ ভাগৰ সাধুটো শুনিবলৈ আহিছোঁ।”

ককা। — “আৰু তোক সাধুকথা নকওঁ।মোৰ বৰ খং উঠিছে।”

নাতি।— “কিয় ককা? মই কি কৰিলো?

ককা।— “কি কৰিলো? পুৱা মাৰৰ কথাৰ অবাধ্য হৈছিলি কিয়? প্ৰথমতে মাৰে চোন

 বটাৰ পৰা তামোল-কটাৰীখন আনিবলৈ পঠিয়াইছিল, তই ধেমালিত মগন হৈ

 উঠি নগলি। তাৰ পিছত তই মিছাতে সৰু ভায়েৰক জোকাই আমনি কৰি

 কন্দুৱাইছিলি, মাৰে ইমান হাক দিছিল, তথাপি নুশুনিছিল। ল’ৰাৰ পক্ষে এই

 পৃথিৱীত মাক বাপেকতকৈ কোন ডাঙৰ আছে? মাকৰ কথাৰ অবাধ্য হ’লে

 পাপ হয়; আৰু ঈশ্বৰেও খং কৰে।” [ ৫০ ] নাতি।— “মোৰ দোষ হৈছে ককা-দেউতা। আজিৰ পৰা মই তেনে নকৰো৷ দেউতা

 আৰু আয়ে যি হুকুম দিয়ে তাকে কৰিম।”

ককা— “তেনেহ’লে মোৰ ওচৰ চাপি আহ, মোক চুমা এটা দে, আৰু শুন সাধু⸺

বামুণৰ ভাগ্য

 এক বামুণ আছিল। তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটাচেৰেক ল’ৰা-ছোৱালী। বামুণৰ বৰ দুৰৱস্থা, ধন-সম্পত্তি বা ধান-চাউল একো নাই। তেওঁ কাম-কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায়; কিন্তু তাৰে নো এঘৰোৱাহ মানুহ কেইদিন চলিব পাৰে? মাজে মাজে বামুণ সপৰিবাৰে লঘোনে-ভোকে থাকিব লগাত পৰে। এনেকুৱা ঘটনা যে কেতিয়াবা হে হয় এনে নহয়,মাহৰ ভিতৰত প্ৰায় পোন্ধৰ দিন। বামুণ-বামুণীৰ দুখ-বেজাৰৰ সীমা নাই। এদিন বামুণীয়ে গিৰিয়েকক ক’লে “এটা কথা কৰাচোন, এদিন বিধাতাৰ তালৈকে যোৱাচোন; বিধাতাক সোধাঁগৈ আমাৰ কপালতনো তেওঁ আৰু দুখকে হে লেখিব পায়নে?” এই কথা শুনি বামুণেও ক’লে, “এৰা ভাল কৈছা, কাইলৈকে যাওঁ, বিধাতাই নো আমাৰ কপালত কিয় ইমানকৈ দুখ লেখিছে তাকে সুধি চাওঁগৈ।” এইদৰে বামুণ-বামুণীয়ে কথা-বতৰা হৈ, বামুণে বিধতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখ-কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুৰিৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধতাৰ বিচাৰি যাবলৈ ধৰিলে।

 সেইদৰে গৈ থাকোঁতে বামুণ কিছুমান দূৰত এহাল ম'হে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্ৰকে ম'হহালে যুঁজিবলৈ এৰি বামুণ ক’লৈ যায় সুধিলে। বামুণে “বিধাতাৰ ওচৰলৈ যাওঁ” বোলাত, ম'হহালে ক'লে, “তেনেহ'লে আমাৰো একেষাৰ কথা [ ৫১ ] সুধিবচোন— আমাৰ আজি উপজিবৰ কত দিন হ’ল, সেই দিন ধৰি এই একে ডোখৰ ঠাইতে আমি যুঁজিব লাগিছোঁ, তথাপি কোনোমতেই আমাৰ যুঁজখন ভগা নাই। ইয়াৰ নো কাৰণ কি বিধাতাক সুধিবচোন।” বামুণে “বাৰু” বুলি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে বামুণে কিছুমান পৰৰ মূৰত এজোপা আমগছ পালেগৈ। বামুণক সেইপিনে যোৱা দেখি গছজোপাই “দেউ, কলৈ যায়?” বুলি সোধাত বামুণে “বিধাতাৰ ওচৰলৈ যাওঁ” বুলি ক'লে। সেই কথা শুনি গছজোপাই ক'লে “অনুগ্ৰহ কৰি মোৰ হৈয়ো দুষাৰমান কথা বিধাতাক সুধিবচোন। মোৰ ইমান আম হয় তথাপি তাৰ এটা আমো মানুহে খাওক ছাৰি এটা চৰায়েও নেখায়। ইয়াৰ নো কাৰণ কি? বামুণে “বাৰু সুধিম” বুলি আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ। কিন্তু তাত নাও-দুনি একো নাই, মাত্ৰ এটা ঘৰিয়াল পানীত ওপঙিব লাগিছে। বামুণক দেখি ঘৰিয়ালে “বাপুদেউ ক’লৈ বা যায়?” বুলি সোধাত বামুণে ক’লে, “বিধাতাৰ ওচৰলৈ যাবলৈ আহিছিলো; এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ?” এই কথাত ঘৰিয়ালে ক’লে, যদি মোৰ হৈও এটা কথা বিধাতাক আপুনি সোধে তেনেহ'লে মই আপোনাক পিঠিতকৈ পাৰ কৰিব পাৰোঁ।” বামুণে “কি কথা কোৱা” বোলাত ঘৰিয়ালে ক’বলৈ ধৰিলে— “উপজিবৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ। ইয়াৰ নো কাৰণ কি সুধি আহিবচোন।” বামুণে “বাৰু” বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি লৈ নৈ পাৰ কৰি দিলে। বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুৰি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ বামুণে বিধাতাৰ ওচৰ পালেগৈ। বিধাতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ-দুৰ্দশাৰ কথা ভাঙি-পাতি ক'লে। তাৰ পিছত বামুণে আগৰ কথামতে ক'লে— “বাটত আহোঁতে এহাল মহৰ যুঁজ লাগি থকা দেখিলো একোটিকালে সিহঁতৰ যুঁজ নেভাগে; ইয়াৰ নো কাৰণ কি?” বিধাতাই ক’লে, “সিহতৰ যুঁজ লগা ঠাইডোখৰত একলহ ৰূপ আছে, সেই ৰূপ কলহ তুমি খানি [ ৫২ ] লৈ গ'লেই সিহঁতৰ যুঁজ ভাগিব।” বামুণে আকৌ সুধিলে, এজোপা আমগছ দেখিলো, তাত আম ভৰি লাগে, কিন্তু তাৰ এটা আমো মানুহ বা চৰাই-চিৰিকতিয়ে নেখায়; ইয়াৰ নো কাৰণ কি?” বিধাতাই ক'লে, সেই গছজোপাৰ তলত এপেৰা গহনা আছে, সেই গহনাবোৰ তুমি উলিয়াই নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব।” তাৰ পিছত বামুণে সুধিলে, “আৰু এটা ঘৰিয়াল দেখিলোঁ, সি সদায় ওপঙি থাকে,কোনোমতেই পানীৰ তললৈ নেযায়; তাৰ নো কাৰণ কি?” বিধাতাই ক’লৈ, “সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে, সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব।” তাৰ পিছত বামুণে বিধাতাৰ ওচৰত বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আমগছৰ গুৰিৰ পৰা গহনাবোৰ আৰু ম'হৰ যুঁজ লগা ঠাইৰ পৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে।

ত্ৰয়োদশ সাধু

ককা।— “বাপুকণ ঔ! ওচৰ চাপি আহ্, সাধুকথা শুনহি। আজি দেখি ৰং পাইছো যে

 তই মাৰৰ হাক-বচন শুনি সোণামুৱা ল'ৰা হৈছ।”

নাতি।— “কোৱা ককাদেউতা কোৱা।”

ভূত আৰু বাঢ়নী

 এক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল। বামুণৰ অৱস্থাও ভাল নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্ৰবৰ্ত্তাইছিল আৰু প্ৰায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু [ ৫৩ ]
[ ৫৪ ] তিৰোতা আছিল। কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত-কথাৰে বামুণীয়ে বামুণৰ তৎ এৰুৱাই দিছিল।

 এদিন গধূলি বামুণ শুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল। তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোনে আছিল। সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ ওভতা দেখি বামুণীয়ে উগ্ৰমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এটাৰ লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে। বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহতগছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি। দৈবক্ৰমে সেই গছজোপাত এটা ভূত আছিল। বামুণীয়ে গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাঢ়নীৰে মাৰিবলৈ আহিছে,ইয়াকে ভাবি ভূতে ভয় খাই তাৰপৰা পলাই ৰজাৰ নগৰ ওলালগৈ।

 এদিন বামুণ ৰজাৰ নগৰৰ বজাৰত ফুৰোঁতে ভূতে তেওঁক দেখা পাই আঁতৰলৈ মাতি নি সুধিলে, “তুমি সেই বাঢ়নী দেখি পলাই অহা বামুণ নোহোৱা নে?” বামুণে আচৰিত হৈ ক’লে, “হওঁ! তুমি নো কোন?” ভূতে ক’লে, “সেইদিনা তোমাৰ ঘৈণীয়েৰাই বাঢ়নী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই সাৰিলা; তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা আঁহত গছজোপাতে বাঢ়নীৰে কোব ধৰিলেহি, মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোঁহি। এতিয়া তোমাৰে মোৰে একে দশা, সেইদেখি তোমাৰ মই অলপ উপকাৰ কৰিব খোজোঁ। মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ; মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ-গিয়ানী লগাব, কোনোমতেই মই নেৰোঁ; কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হ'লেই এৰি গুচি যাম। তেতিয়া মন্ত্ৰীয়ে তোমাক অনেক ধন-সম্পত্তি দিব, তাৰে তুমি সুখেৰে খাই লৈ থাকিব পাৰিবা। তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিমগৈ; কিন্তু তুমি তালৈ কেতিয়াও নেযাবা; গ'লেই তোমাক মাৰিম। কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ।”

 বামুণৰ লগত ভূতৰ এইদৰে কথা-বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে, মন্ত্ৰীৰ জীয়েকক ভূতে পাই বলিয়া কৰিছে। মন্ত্ৰীয়ে [ ৫৫ ] অনেক চিকিৎসা কৰাইছে, অনেক বেজ-জ্ঞানী লগাইছে তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই। শেষত মন্ত্ৰীয়ে গৈ দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁৰ আধা সম্পত্তিৰে সৈতে জীয়েকক বিয়া দিব। তাৰ পিছদিনা ৰাতিপুৱা বামুণে সন্ন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলি মূৰত টহল দিবলৈ ধৰিলে। এটা লগুৱাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত, মন্ত্ৰীয়ে বামুণক ভিতৰলৈ লৈ যাবলৈ ক’লে। বামুণ, মন্ত্ৰীৰ আগত ঠিয় হোৱাত মন্ত্ৰীয়ে বামুণক, জীয়েকক ভূতে পোৱাৰ কথা ক'লে আৰু ভাল কৰিব পাৰিব নে নোৱাৰে বুলি সুধিলে। বামুণে মনে মনে হাঁহি “বাৰু এবাৰ চাওঁচোন” বুলি ক'লে। এই কথাত মন্ত্ৰীয়ে বামুণক জীয়েক থকা খোটালিলৈ লৈ গ'ল আৰু তেওঁলোক তাত সোমোৱা মাত্ৰকে “ঔ নাহিবি ঐ! মই যাওঁ ঐ!” বুলিয়েই মন্ত্ৰীৰ জীয়েক মাটিত পৰি গ'ল। তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা-বতৰা হ’বলৈ ধৰিলে। মন্ত্ৰীয়ে দেখি বামুণৰ ওপৰত বৰ সন্তুষ্ট হ’ল আৰু পূৰ্বৰ কথামতে বামুণৰ ল’ৰাৰ লগত জীয়েকক বিয়া দিলে।

 সিফালে সেই দিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলেগৈ। ৰজাৰ ঘৰত হুলস্থূল লাগি পৰিল। ক’ত বেজ লগাইছে, কত দৰব-জাতি খুৱাইছে, তথাপি কোনোমতেই একো হোৱা নাই। শেহত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে, যিয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ অৰ্দ্ধৰাজ্য দি জীয়েকক বিয়া দিব। এই জাননী পাই আশাত ক’ত মানুহ গ'ল, কত আহিল ৰজাৰ ঘৰলৈ, কিন্তু কোনোৱে ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে। অন্তত মন্ত্ৰীৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোঁৱায়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে। আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেহত ৰজাৰ খং উঠি কৈ পঠালে যে সি নাহিলে তাক কটাম। কি কৰিব বামুণ নিৰুপায়; গ’লেও মাৰে ভূতে, নগলেও কাটে ৰজাই; দুয়ো পিয়ে মৰণ। শেহত [ ৫৬ ] বামুণে যোৱাকে ঠিক কৰিলে। বামুণ গৈ যেই ৰজাৰ জীয়েকৰ ওচৰত ওলালগৈ,তেতিয়াই ভূতে গজ্জি উঠিল, আৰু ক'লে, “কি মই হাক দিয়াতো তই আকে আহিছ? ” তেতিয়া বামুণে ক’লে, “নহয়, মই সেই কাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণে হে ক’ব পাৰিম।” ভূতে “বাৰু কি কথা ক” বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই ক’বলৈ ধৰিলে— “সেই আগৰ মোৰ তিৰোতাজনীয়ে মই ইয়াত থকা গম পাই বাঢ়নীটাৰ লৈ খেদি আহিছে। মই পলাই অহিছোঁ! তোমাকো তাই মাৰে বুলিহে লৰি ক'বলৈ আহিছিলোঁ!” এই কথাত ভূতে বিচূৰ্তি খাই “ইয়ালৈকে আহিছেনে? কোনখিনি পাইছেহি? বুলি সুধিলে। বামুণে “মই বাটত দেখি আহিছিলোঁ; এতিয়া পদূলি সোমাব পায়!” এই বুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে, আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হ'ল। ৰজাই পূৰ্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰে সৈতে জীয়েকক বিয়া দিলে। ইয়াৰ পিছত বামুণে সুখেৰে খাই- বৈ দিন কটাবলৈ ধৰিলে।

চতুৰ্দশ সাধু

ককা।— “তই আজি সেই মাগনী বুঢ়ীজনীক আমাৰ চোতালৰপৰা খেদাই দিছিলি

 কেলৈ? মগনিয়াৰক চাউল এমুঠি নিদিয়াকৈ কেতিয়াও খেদাব নাপায়; খেদালে

 পাপ হয়, ঈশ্বৰে খং কৰে।”

নাতি।– “ককাদেউতা, সেইটো মই জানো; সেইদেখি আন মগনিয়াৰক নেখেদাওঁ।

 কিন্তু সিদিনা মই বৰমেধিৰ ঘৰত শুনি আহিছিলো যে, সেইজনী হেনো

 শাঁখিনী আৰু তাই কুমন্ত্ৰ কৰি মানুহৰ [ ৫৭ ]  বেয়া কৰে। আমাৰ এইডোখৰত মানুহৰ মাউৰ আৰু গৰুৰ চবকা হেনো

 তাইৰ বাবেহে হয়। সেই কথা শুনিবৰেপৰা মোৰ তাইলৈ বৰ ভয় আৰু ঘিণ

 লাগিছে, সেইদেখিহে তাইক চাউল নিদি খেদাই দিছিলোঁ।

ককা। - “তোক এইবোৰ কোনোবাই বৰ ভুল কথা শিকাইছে। মানুহ কেতিয়াও শাঁখিনী

 হ’ব নোৱাৰে। তাই বৰ দুখীয়া কেও-কিছু নথকা মানুহ আৰু দুখত পৰি,

 নৰীয়াত ভুগি আৰু লোকৰ কেটেৰা-জেঙেৰা খাই তাইৰ স্বভাৱ খিংখিঙীয়া

 হৈছে; সেইদেখি তাই তেনেকৈ কথা কয়। এনে দুখীয়া নিমাখিত প্ৰাণীক

 ভিক্ষা দিলে, মৰম বেথা কৰিলে বৰ পুইণ হয়। আজিৰ পৰা তই তাইক

 মৰম কৰি ভিক্ষা দিবি।”

নাতি। - “দিম ককাইদেউ। এতিয়া মই বুজিলো।”

ককা। -“তেনেহ’লে শুন আজি শাঁখিনা-শাঁখিনীৰ সাধু এটাকে কওঁ।”

শাঁখিনা আৰু শাঁখিনী

 এসময়ত এখন গাঁৱত এটা শাঁখিনা আৰু আন এখন গাঁৱত এজনী শাঁখিনী আছিল। সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি-বাতি বৰষুণ-বাদল একো নহৈছিল আৰু গঞামানুহৰ নানাতৰহৰ অপায়-অমঙ্গল হৈছিল। পাছে এদিন শাঁখিনাক গঞামানুহে ধৰি এক কাউৰী-কুকুৰ নোযোৱা অৰণ্যত মেলি থৈ আহিলগৈ। ঠিক সেই সময়তে ইখন গাঁৱৰ মানুহেও তেনেকুৱা অপৰাধতে শাঁখিনীক ধৰি-বান্ধি লৈ গৈ সেইখন হাবিৰে আনফালে এৰি থৈ দি আহিল; শাঁখিনীক গাঁৱৰ মানুহে অলপমান খোৱা বস্তু দি আহিছিল, কিন্তু শাঁখিনাক দা এখনৰ বাহিৰে কুটা এগছকে নিদিলে।

 শাঁখিনীয়ে হাবিতে অকলে কান্দি-কাটি বহি আছে, এনেতে ইফালৰপৰা শাঁখিনাই নিজৰ কপালকে দুষি গৈ গৈ সেইদৰে থকা দেখা [ ৫৮ ] পালেগৈ। নিজান হাবিত তাইক দেখি সি আচৰিত হৈ সুধিলে, “হেৰা তুমি কোন? ভূতুনী নে পিশাচনী? তুমি অকলে ইয়াত কিয় বিনাই আছাহি?” এই কথা শুনি শাঁখিনীয়ে উত্তৰ দিলে— “ভূতুনীও নহওঁ, পিশাচনীও নহওঁ; নৰ-মনিচহে। মোক গাঁৱৰ মানুহে অনাদোষত শাঁখিনী বুলি এই হাবিত মৰিবলৈ মেলি থৈ গৈছেহি। পাছে তুমিনো কোন? দেও নে, ভূত নে মানুহ?” তাইৰ প্ৰশ্নটো শুনি শাঁখিনাই উত্তৰ দিলে— “মইও তোমাৰে নিচিনা দুৰ্কপলীয়া মানুহেই হে, দেও-ভূত একো নহওঁ। তোমাক যি দশাই লগ লৈছে, মোকো সাইলাশ তেনে দশায়েই লগ লৈছে। মোকো মোৰ গঞা মানুহ, মিতিৰ-কুটুমে শাঁখিনা বুলি ধৰি আনি এই হাবিত মৰিবলৈ এৰি থৈ গৈছেহি।” এই কথা শুনি শাঁখিনীয়ে অলপ উশাহ পাই তাক সুধিলে— “তেন্তে এতিয়ানো আমাৰ কি দশা হ’ব?” শাঁখিনাই ক’লৈ, “আমি আৰু মানুহৰ গাঁৱলৈ নাযাওঁ। মানুহৰ ধৰম-কৰম, বিচাৰ-বিবেচনাই আমাক আটিছে। ইয়াতে দুয়ো জুপুৰি এটা সাজি একেলগে থাকো আহাঁ।” এই প্ৰস্তাৱত শাঁখিনী মান্তি হৈ শাঁখিনাৰে সৈতে ঘৰ পাতি সেই হাবিতে থাকিবলৈ ধৰিলে।

 এইদৰে দুয়ো কিছুদিন থকাৰ পিছত শাঁখিনীৰ এটা ফেঁচা উপজিল আৰু তাৰ এবছৰ পিছত এটা গাহৰি উপজিল। গোসাঁয়ে আমাক যি দিছে সেয়েই ভাল বুলি শাঁখিনা শাঁখিনীয়ে ৰংমনেৰে ফেঁচা আৰু গাহৰি দুয়োকো মৰম-বেথা কৰি ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে।

 ফেঁচাই নিতৌ ইন্দ্ৰৰ সভালৈ যায় আৰু পৃথিৱীত খেতি-বাতি আদি হোৱা-নোহোৱাৰ বিষয়ে দেৱতাসকলে পতা কথা শুনি থাকেগৈ। এদিন ফেঁচাই দেৱতাসকলৰ মুখত সেই বছৰ দ মাটিত খুব ধান হ’ব বুলি কোৱা কথা শুনি ঘৰলৈ আহি বাপেকক ক’লে, “পিতাই, আজি দেৱতাসকলে কোৱা-মেলা কৰিছিল বোলে এইবাৰ দ মাটিত শইচ উপচি পৰিব। এতেকে আমাৰ এইবাৰ সৰহকৈ দ মাটিত খেতি কৰিব লাগে।” ফেঁচাৰ কথা শুনি বাপেকে মাত লগালে, “আমাৰ হাল নাই, গৰু নাই, কেনেকৈ কিমান খেতি কৰিবি বোপাই?” এই কথা শুনি শাঁখিনাৰ সৰুটো পুতেক গাহৰিয়ে বাপেকক ক'লে— “কিয় নোৱাৰিম পিতাই? [ ৫৯ ] মই আছো যেতিয়া তুমি চিন্তা নকৰিবা। তুমি আজি কেইথোকামান কল আৰু কিছুমান আলু, কচু, শেলুক আদি যি পোৱা আনি পথাৰলৈ লৈ গৈ তাত দুহাত তিনিহাত আঁতৰকৈ এটা এটাকৈ পুতি থোৱাগৈ। মই মোৰ গিয়াতিবিলাকক হাবিৰ পৰা মাতি আনি সেইবোৰ খানি-খুচৰি খাবলৈ দেখুৱাই দিম। তেওঁলোকে সেইবোৰ খুচৰি খুচৰি খাওঁতেই আমাৰ মাটি চহ হৈ যাব। তেতিয়া তুমি অনায়াসে তাত ধান ৰুব পাৰিবা।” গাহৰি পুতেকৰ কথামতে বাপেকে কিছুমান আলু, কচু, কল,শেলুক আনি কুৰি পুৰামান মাটিত পুতি থলে। নিশা গাহৰিয়ে গৈ তাৰ গিয়াতিবিলাকক মাতি আনি সেইবোৰ খানি খুচৰি খাবলৈ লগাই দিলে। লাখ-কোটি গাহৰিৰ মাজত কুৰি পুৰা মাটি নো কি? চাওঁতে চাওঁতেই গোটেইখন চহ হৈ ধূলিয়ৰি হৈ পৰিল। ইয়াৰ পিছত সেই মাটিত গাহৰিৰ বাপেকে ধান ৰুই দিলে। ধান উভৈনদী হৈ গ'ল। কিন্তু দেৱতাসকলে শাঁখিনা-শাঁখিনীৰ পৰা পূজাপাতল খাবলৈ নাপাই সিহঁতক দেখিব নোৱাৰা হৈছিল। সেইদেখি তেওঁলোকৰ হিংসা লাগি সেইবোৰ নষ্ট কৰিবলৈ ফিকিৰ পাতি এপাল কাকতী-ফৰিং পঠিয়াবলৈ থিৰ কৰিলে। ফেঁচাই এই কথা শুনি বাপেকক কৈ দিলেহি, “পিতাই আমাৰ খেতি নষ্ট কৰিবৰ মনেৰে দেৱতাসকলে লাখ-কোটি ফৰিং পঠিয়াবলৈ থিৰ কৰিছে।” বাপেকে সুধিলে, “পাছে ইয়াৰ নো উপায় কি হ’ব?” ফেঁচাই ক’লে, “উপায় আছে। আপুনি কিছুমান কাঠখৰি কাটি আনি আমাৰ ধাননিৰ চাৰিওফালে একোটাকৈ মেজি সাজি থৈ দিয়ক। যেতিয়াই ফৰিংবোৰ ধাননিত পৰিবলৈ আহিব, তেতিয়াই আপুনি সেই মেজিবোৰত জুই লগাই দিব; আৰু ফৰিংবোৰে জুই দেখি লৰি গৈ তাত জপিয়াই পৰি মৰি জাহ যাব।” ফেঁচাই কোৱামতেই বাপেকে কৰি ফৰিঙৰ হাতৰপৰা ধানবোৰ ৰক্ষা কৰিলে; আৰু শাঁখিনাৰ বুধি দেখি দেৱতাসকলৰ মুখ ক'লা পৰিল। দেৱতাসকল ভোঁটা হৈ তেওঁলোকৰ খং উঠিল। তেওঁলোকে শাও দিলে যে শাঁখিলা-শাঁখিনীৰ ধানৰ ডাঙৰিটোৱে পতি ভগাদোনৰ এদোন মাথোন ধান সৰিব। ফেঁচাই দেৱতাসকলৰ শাওপাতটো শুনি সেই কথা বাপেকৰ আগত গৈ দিলেহি। বাপেকে [ ৬০ ] কথাটো শুনি আমন-জিমনকৈ বহি থকা দেখি ফেঁচাই মাত লগালে— “পিতাই, তুমি বেজাৰ নকৰিবা। ইয়াৰ উপায় আছে, মই কওঁ শুনা। তুমি ধান আনিবৰ সময়ত ডাঙৰকৈ ডাঙৰি নাবান্ধি মাথোন ভাৰখনত ইফালে এটা মুঠি সিফালে এটা মুঠিৰ ডাঙৰি বান্ধি দিবা। দেৱতাসকলৰ কথা অথলে নাযায়। আমি মুঠিটোতেই ভগাদোনৰ এদোন এদোন ধান পাম।” বাপেকে ফেঁচাৰ কথা শলাগি-শুলাগি থাকি সময়ত ধান দাই, ফেঁচাই কোৱামতে কৰি এটাইখিনি ধান চপালে।

 ধান মাৰিবৰ সময়ত বাপেকে ফেঁচাৰ বুধিমতে, এটা মুঠি মাৰে, মাৰি, তাৰপৰা সৰা ধানখিনিৰ তলত এটা ডুল পাতি থৈ তলি–ফুটা ভগাদোন এটাৰে সেই ধানবোৰ জোখে। ডুলিটো নভৰেমানে দোণটোও নভৰে। ইপিনে দেৱতাৰ বাইক আছে মুঠিটোৱেপতি ভগাদোনেৰে এদোন ধান হ’ব লাগে, নহ'লে তেওঁলোকৰ বাইক অথলে যায়। সেইদেখি প্ৰতি মুঠিটোতে এডুলি এডুলি ধান হ’বলৈ ধৰিলে।

 শাঁখিনাৰ এনে চক্ৰান্ত দেখি দেৱতাসকল খঙত একোনাই হ’ল। তেওঁলোকে একো উপায় নাপাই শাঁখিনা-শাঁখিনীক মাৰিবৰ মনেৰে আলচ পাতি যম ৰজাৰক’লেগৈ। যম ৰজাই বোলে, “এনেটো নো অন্যায় কথা দেৱতসকলে তেওঁক কৰিবলৈ ক’ব পায় নে? সিহতৰ আয়ুস থকাত মই সিহঁতক মাৰিম কেনেকৈ?” দেৱতাবিলাকে আঁকোৰ-গজালিকৈ লাগি লাগি যমক আমনি কৰি থকা দেখি, অন্তত যমে ক'লে, “বাৰু মই আজি ৰাতি ঘোঁৰা এটা হৈ শাঁখিনাৰ ধানবোৰ খাই পেলামগৈ।” দেৱতাসকলে যমৰ কথা শুনি “ভাল, ভাল, তাকে কৰক”বুলি সন্তোষ প্ৰকাশ কৰি গুচি গ'ল। ফেঁচাই এই কথা শুনি বেগাই উৰি আহি বাপেকক ক’লেহি, “পিতাই, আজি যম ৰজাই ঘোঁৰাৰ ৰূপ ধৰি আহি আমাৰ ধানবোৰ খাই পেলাব খুজিছে। আপুনি ভঁৰালৰ দুৱাৰখন মেলি থ’ব, আৰু লেকাম এডালেৰে সৈতে চেকনি এডাল লৈ মনে মনে দুৱাৰ চুকত লুকাই থাকিব। যমে ঘোঁৰা হৈ যেতিয়াই ধান খাবলৈ লাগিব, তেতিয়াই আপুনি ঘপ্‌কৰে ওলাই তাৰ মুখত লেকামডাল লগাই, জাঁপ মাৰি তাৰ পিঠিত উঠি ঢাপলি মেলিব।” [ ৬১ ]  ৰাতি শাঁখিনাই ফেঁচাৰ কথামতে হাতত এচাৰি এডাল আৰু লেকাম এডাল লৈ ভঁৰালৰ দুৱাৰখন মেলি থৈ দুৱাৰ-চুকতে লুকাই আছিল। জোনাক নিশা। যম ৰজাই বগা ঘোঁৰা এটা লৈ ভঁৰালত সোমাই ধানবোৰ চপ্ চপ্ কৰে খাবলৈ ধৰিলে। ইপিনে যমে তৰ্কিব নোৱাৰাকৈয়ে শাঁখিনাই চল চাই লেকামডাল ঘোঁৰাটোৰ মুখত খুৱাই লৈ গিৰিসকৰে পিঠিত উঠি কোবাই দি তাক চেকুৱাবলৈ ধৰিলে। চেকুৰাই চেকুৰাই শাঁখিনাই যমৰ তৰ্ধনি এৰুৱালে। শেহত ঘোঁৰাই তৰণি নাপাই শাঁখিনাক ক’লে, “শাঁখিনা, মই ঘোঁৰা নহওঁ, যম ৰজা হে। তুমি কি বৰ লাগে লোৱাঁ, লৈ মোক এৰি দিয়া।” যমে বৰ দিবলৈ সইত খালত হে শাঁখিনা যমৰ পিঠিৰপৰা নামিল। তেতিয়া যম ৰজাই নিজ মূৰ্তি ধৰি তাক বৰ দিলে— “তই দীঘায়ু হবি, বৰ চহকী হবি; আৰু সুখে সন্তোষে বহুত বছৰ জীয়াই থাকিবি। আৰু তোক আৰু তোৰ ঘৈণীয়েৰক তহঁতৰ গাঁৱৰ যিবোৰ মানুহে শাঁখিনা শাঁখিনী বুলি এই হাবিত মেলি থৈ গৈছিল, সিহঁতে তোৰ ঘৰত গোলামী কৰিব।”

 ইয়াৰ পিছত শাঁখিনা শাঁখিনীয়ে পুতেক ফেঁচা আৰু গাহৰিৰে সৈতে সুখেৰে এশ বছৰ ধনী, বৰ মানুহ হৈ খাই–লৈ আছিল, আৰু সিহঁতক দুখ দিয়া আগৰ গাঁৱৰ মানুহবোৰক সিহঁত গোলামৰ দৰে বাইছিল।

পঞ্চদশ সাধু

নাতি।— “ককাদেউতা, আজি সন্ন্যাসী এজন আহি আমাৰ ৰাজহুৱা নামঘৰৰ আগৰ

 বৰগছজোপাৰ তলতে আছেহি। হেনো সন্ন্যাসীজন বৰ ধৰ্মিষ্ঠ। সৎৰাম

 মৌজাদাৰে তেওঁক সিধা পাতি দি বৰ ভকতি কৰিছে; আৰু হেনো নি নিজৰ

 ঘৰতে থবগৈ।” [ ৬২ ] ককা৷— “বাহিৰৰ সাজপাৰ দেখি কাকো চিনিব নোৱাৰি মোৰ কুটুম। সন্ন্যাসী ফকিৰক

 তো নোৱাৰিয়েই। সেইদেখি তেনে লোকক বুজি-বাজি ঘৰত ঠাই দিয়াহে ভাল।

 এটা সন্ন্যাসীৰ সাধু আছে, কওঁ শুন” ——

এক সন্ন্যাসীৰ কথা

 এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক। এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ ভাবি সেৱা-শুশ্ৰুষা কৰি যত্ন কৰি ৰাখিলে। সন্ন্যাসীও তেওঁৰ ধৰ্ম্মভাব আৰু সাধু আচৰণেৰে গৃহস্থ আৰু দুইজনা ঘৰৰ-ঘৈণীৰ মনত সোমাল। দুইজনা ঘৈণীয়েই সন্ন্যাসীৰ খোৱা-বোৱাৰ সকলোবোৰ কাৰ্য্য নিতৌ নিজহাতে এহাশুধীয়াকৈ কৰিবলৈ ধৰিলে। সন্ন্যাসীয়েও সেই ঘৰত ইমান আদৰ যত্ন পাই তাতে কিছুদিন থাকিবলৈ ঠিক কৰিলে।

 কোনো কাৰ্য্যৰ নিমিত্তে গৃহস্থ এমাহমানলৈ বিদেশলৈ যাবলগীয়া হ'লত সন্ন্যাসীকে তেওঁ সেই ঘৰৰ এক প্ৰকাৰ গৰাকী পাতি, দুইজনী ঘৈণীয়েকক কৈ গ'ল, যেনে সিহঁতে সন্ন্যাসীক কোনো বিষয়ত কষ্ট নাপায়, আৰু যেন সিহঁতে সন্ন্যাসীৰ বচন কেতিয়াও নেপেলায়।

 গৃহস্থৰ সৰুজনী ঘৈণীয়েকৰ বয়স কম আছিল, আৰু দেখিবলৈকো তাই বৰ শুৱনী আছিল! সেইদেখি গুৰিৰেপৰা সন্ন্যাসীৰ চকু তাইৰ ওপৰত পৰিছিল। এতিয়া গিৰিয়েক ঘৰত নথকাত সন্ন্যাসীয়ে সুবিধা পালে। এদিন অকলশৰীয়াকৈ তাইক সন্ন্যাসীয়ে পাই, তাৰ লগত লৈ গুচি যাবলৈ প্ৰস্তাৱ কৰিলে। তাই সেই কথা শুনি অবাক হৈ সন্ন্যাসীৰ আগত আঁঠু লৈ ক'লে, “প্ৰভু আপুনি আমাৰ গুৰু; এতেকে এনে কথা কিয় কয়? আপুনি ধৰ্ম্মিষ্ঠ সাধু পুৰুষ, আপোনাৰ মুখত এনেকুৱা কথা শুৱায় নে?

[ ৬৩ ]  এই কথা শুনি সন্ন্যাসীয়ে আন এটা ধৰা পৰিবৰ ভয়ত থিতাতে সুৰ সলাই পেলাই ক’লে, “মই তোমাক পৰীক্ষা হে কৰিছিলোঁ; তুমি কেতিয়াও তেনে নাভাবিবা।”

 পিছদিনা সন্ন্যাসীয়ে আন এটা বুধি উলিয়াই সৰু গৃহস্থনীক ক’লে, “গোসাঁনী পূজালৈ মোক মৰিশালিৰ মাটি অলপ লগা হৈছে। সেই মাটি ভকতীয়া তিৰোতাই মাজ নিশা কানি কাপোৰ থৈ মৰিশালিলৈ গৈ আনিব লাগে, আনে আনিলে নচলে, এতেকে এই কাম তুমি নকৰিলে আৰু আনে কৰোঁতা নাই।” সন্ন্যাসীৰ কথা শুনি তাইৰ যদিও ভয় লাগিছিল আৰু খং উঠিছিল, তথাপি গিৰিয়েকে সন্ন্যাসীৰ হুকুম মানিবলৈ পৈ-পৈকে কৈ-যোৱা কথা তাই মনত পেলাই সেইদৰে মৰিশালিৰপৰা মাটি আনিবলৈ গাত লৈ আনি দিলে। দিনৌ এইদৰে সন্ন্যাসীৰ কথামতে তাই মৰিশালিৰ মাটি আনি দি আছিল। এনেতে গিৰিয়েক উভতি আহিল।

 গধূলি গিৰিয়েকৰ সৈতে সন্ন্যাসীয়ে কথা-বাৰ্ত্তা পাতোঁতে, সন্ন্যাসীয়ে বিশ্বাসে গিৰিয়েকক ক'লে যে তেওঁৰ সৰুজনী ঘৈণীয়েক প্ৰেতিনী। সদায় তাই ৰাতি দুপৰত মৰিশালিলৈ গৈ কাপোৰ-কানি সোলোকাই থৈ নাচি-বাগি তাত মাটি খানি থাকে। সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে অতি আচৰিত মানি সুধিলে, “আপুনি এই কথা সঁচাকৈয়ে কৈছে নে?” সন্ন্যাসীয়ে উত্তৰ দিলে, “বাৰু এতিয়া আপুনি মনে মনে থাকক, আজি ৰাতি দুপৰিত মই আপোনাক দেখুৱাই দিম, আপুনি নিজ চকুৰেই দেখিব।”

 ৰাতি দুপৰৰ আগেয়েই সন্ন্যসীয়ে গৃহস্থক লগত লৈ মৰিশালিৰ এচুকত মনে মনে লুকাই আছিল। এনেতে সৰু ঘৈণীয়েকে আগৰ দৰে তাৰপৰা মাটি খানি লৈ আহিলগৈ; আৰু সেই কাম গিৰিয়েকে নিজ চকুৰেই দেখিলে। গিৰিয়েকে সন্ন্যাসীক ক’লে, “মই তো এই আচৰিত কাণ্ড দেখিলোঁ; সন্ন্যাসীয়ে উত্তৰ দিলে, “এইক কাটি মাৰি পেলাৱাতকৈ এখন নাৱত তুলি এইৰ হাত-ভৰি বান্ধি দি উটাই দিয়া, তাতে তাই লেকাট ভুঞ্জি মৰক। তুমি কাটিলে ৰজাৰ ঘৰৰপৰা জগৰ লাগিব, আৰু [ ৬৪ ] সকলোৱে তোমাক দুষিব।”

 সন্নাসীৰ কথা শুনি গিৰিয়েকে তাকে কৰিবলৈ থিৰ কৰি বৰ ঘৈণীয়েকক সেই কথা ক'লে। সতিনীৰ সতিনী-কথা; বৰ ঘৈণীয়েকে “এতিয়াই, এতিয়াই এই অমঙ্গলটো ঘৰৰ পৰা দূৰ কৰক, আৰু মুখলৈ চাব নেলাগে,” বুলি গিৰিয়েকক উচটাই দিলে।

 গিৰিয়েকে সন্যাসীৰ কথামতেই সৰুজনী ঘৈণীয়েকক নাও এখনত তুলি, তাইৰ হাত-ভৰি বান্ধি, চৈৰে ঢাকি নৈত উটাই দিলে। তাই কত কান্দিলে, কত কাকুতি-মিনতি কৰিলে, কিন্তু সেইবোৰলৈ সি কাণ নকৰি— “তই পিশাচনী, তোৰ স্বভাৱ মই আজি নিজ চকুৰেই দেখিলোঁ, তোক আৰু মই কি সুধিম।” এই বুলি ক'লে। পিছদিনা সন্যাসীয়ে তীৰ্থ কৰিবলৈ যাওঁ বুলি গৃহস্থৰপৰা বিদায় লৈ গুচি গ'ল। সন্যাসীয়ে বাট পোনাই গৈ নদীৰ ভাটীফালে দুদিনমানৰ বাটত তাৰ মঠত বাট চাই আছে যেন সেই নাও আহিলেই সি ধৰি তাইক লৈ যাব পাৰে।

 ঈশ্বৰ ইচ্ছাত নাওখন উটি গৈ এক ৰজাৰ ঘাটৰ ওচৰ পালেগৈ। দৈবাৎ সেইদিনা সেই সময়ত ৰজাইও মৃগয়াৰ পৰা উভতি আহি সেই ঘাট পাইছিলহি। সেইদিনা চিকাৰত ৰজাই পহু নাপাই এটা বুঢ়া ভালুক পাই ধৰি আনিছিল। ৰজাই নাওখন উটি অহা দেখি তাত কি আছে চাবলৈ বুলি ধৰাই আনি তাৰ চৈ গুচাই দেখিলে যে তাত দীপলিপ্ তিৰোতা এজনী আছে। তিৰোতাজনীৰ বান্ধ-চাট মেলি দি তাইক সুধিলত, তাই সকলো বৃত্তান্ত ভাঙি ৰজাক ক'লে। তেতিয়া ৰজাই সন্যাসীৰ ফাঁকি বুজিব পাৰি তাইক নাৱৰপৰা তুলি আনি, নাৱত সেই ভালুকটো সুমাই দি আগৰ দৰে চৈৰে ঢাকি নাওখন উটাই দিলে আৰু তাইক নিজৰ ঘৰলৈ লৈ গৈ বিয়া কৰাই মৰমৰ কুঁৱৰী কৰি ৰাখিলে।

 ইফালে নাওখন উটি গৈ সন্যাসীৰ মঠৰ ঘাটৰ ওচৰ পালতে সন্যাসীয়ে আনন্দত উত্ৰাৱল হৈ নাওখন ধৰি আনি হেঁপাহৰ বস্তুটি পালোঁ বুলি চৈ দাঙিলতে তাৰ তলৰপৰা ভালুকটো ওলাই তাক খাই পেলালে।
[ ৬৫ ]

ষোড়শ সাধু

ককা।— "আজি অধ্যাপকে কৈছিল তই হেনো ভালকৈ পঢ়া-শুনা কৰিছ। মই শুনি বৰ

 সন্তোষ পাইছোঁ। আহ আজি এটা দীঘল সাধু কওঁ।”

এটা বুঢ়া আৰু পাঁচ পুতেক

 এটা বুঢ়া আৰু তাৰ পাঁচোটা পুতেক আছিল। বুঢ়াই চাৰি পুতেকলৈ চাৰিজনী বোৱাৰী আনিছিল; মাত্ৰ নুমলীয়াটোহে বাকী আছিল।

 এদিন কিণ্কিণীয়া বৰষুণীয়া বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, “বোপাহঁত ঔ, আজি কি কৰিবৰ দিন?” বৰটো পুতেকে উত্তৰ দিলে- “পিতাই, আজি ভালকৈ কাপোৰ-কানি লৈ উম লগাই শুই থাকিবৰ দিন।” মাজুটোৱে উত্তৰ দিলে— “আজি খৰাহি-পাচি সাজিবৰ দিন।” বৰ-মাজুটোৱে ক'লে— “আজি পোৰা মাছে পইতা ভাতে খাবৰ দিন।” সৰুটোৱে ক’লে, “আজি হালোৱা-গাঁতি মাৰি পথাৰত হাল বাবৰ দিন।” এটাইকেইটাতকৈ সৰু নুমলীয়াটোৱে ক'লে— “পিতাই, আজি ভালকৈ এঠাইত কঠ পাৰি বহি লেখা-পঢ়া কৰিবৰ দিন।” পুতেকহঁতৰ কথা শুনি বাপেকে মিচিকিয়া হাঁহি মাৰি একো নকৈ মনে মনে থাকিল। কিন্তু নুমলীয়া ভায়েকৰ উত্তৰটো শুনি চাৰিওটা ককায়েকে গোৰ্ গোৰাবলৈ ধৰিলে। সিহঁতে ভাবিলে “ইঃ। ই লেখা-পঢ়া কৰি পণ্ডিত হৈ আমাতকৈ ডাঙৰ মানুহ হৈ খাবলৈ ওলাইছে। আমি হালোৱা চহা হৈ থাকিম আৰু ই বৰ মানুহ হৈ আমাক গোলাম কৰি বাব!” নুমলীয়া ল'ৰাটো স্বভাৱতে অলপ চোকা বুদ্ধিৰ আছিল দেখি বুঢ়াইও তাক আনকেইটাতকৈ অলপ সৰহকৈ মৰম কৰিছিল। সেইবাবে ককায়েকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল। গতিকে, সিহঁতে সেই বিহমনাৰ পুলিটো সৰুতে উভালি [ ৬৬ ] পেলাই আপদৰ হাত সাৰিবৰ মন কৰিলে। এদিন চাৰিওটাই আলচি থিৰ কৰিলে যে, কোনোমতে ছল-বুধি কৰি সিহঁতে নুমলীয়া ভায়েকক মাৰি পেলাব। কিন্তু নুমলীয়া দেওৰ বৰ-বৌয়েকৰ বৰ মৰমৰ পাত্ৰ আছিল; সেইদেখি বৌৱেকে কেনেবাকৈ এই আলচৰ গম পাই, নুমলীয়া দেওৰেকক মনে মনে সাৱধান কৰি দি, সোনকালে সেই ঘৰৰপৰা পলাই গুচি যাবলৈ ক’লৈ।
 এদিন নুমলীয়াই বাৰীত সোমাই পাণ পাৰিবলৈ বুলি পাণ বগোৱা তামোলৰ গছত উঠক। বাৰীচুকৰ আওহতীয়া ঠাইত সেইদৰে নুমলীয়া ভায়েকক অকলে দেখি ককায়েকহঁতে তাতে তাক বধিবৰ মনেৰে হাতত কপি-দা এখন লৈ তামোলৰ গছৰ তলত থিয় দিলেগৈ। ককায়েকহঁতৰ গতি দেখি গছৰ ওপৰত পাণ পাৰি থকা ভায়েকে সিহঁতৰ কু-মতলবৰ কথা বুজিব পাৰি ওপৰৰপৰা মাত লগালে— “ককাইটিহঁত, তহঁত আহিলি ভালেই হ'ল; মই ৰিঙিয়াই মাতোহে বুলিছিলোঁ। পাণজোপাৰ এইখিনিতে আম্ৰলি পৰুৱাৰ বাঁহ এটা আছে; পাণ পাৰিবই নোৱাৰি। মোক দাখন দেচোন, বাঁহটো কাটি তললৈ সৰাই দিওঁ৷” সিহঁতে তাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি, বাঁহ এডালৰ মূৰত দাখনেৰে ঘপিয়াই খোচ মাৰি দাখন তাতে লগাই ওপৰলৈ তুলি ভায়েকক দিলে। দাখন পায়েই ভায়েকে মিছামিছিকৈ আমৰলিৰ বাঁহ অঁতোৱাৰ ছল কৰি খপ্‌কৰে তামোল জোপাৰপৰা পিছলি মাটিত পৰিয়েই ঘপ্ ঘপ্ কৰে ককায়েকহঁতৰ মূৰকেইটা কাটি পেলালে।
 সি এই কাম কৰি অঁতাই ঘৰলৈ নগৈ, চাৰি ককায়েকৰ মূৰ চাৰিটা তাৰ গাৰ পানী-গামোছাখনেৰে টোপোলা বান্ধি লৈ গাৰি চাৰিটা তাতে এৰি থৈ বিদেশলৈ গুচি গ'ল। যাওঁতে যাওঁতে বাটতে গধূলি হ’লত,ওচৰতে কুঁহিয়াৰণি এখনৰ মাজত টঙি এখন দেখি তাতে থাকি ৰাতিটো কটাবৰ মনেৰে উঠি থাকিল। টঙিত উঠিয়েই সি মূৰ চাৰিটা টঙিৰ চাৰিওফালে আঁৰি থৈ বহি থাকি কিছুমান বেলিৰ মূৰত কলমুটিয়াবলৈ ধৰিলে। এনেতে পথাৰৰ মাজৰ হোলা এটাৰপৰা দ’ত এটা ওলাই আহি টঙিৰ ওচৰত থিয় হৈ তাক মাত লগালে— “হেৰা মানুহটো, তই আঁৰি [ ৬৭ ] থোৱা সেই মূৰ এটা মোক খাবলৈ দিব পাৰ নে?” ৰাতি দুপৰত কাৰোবাৰ মাত শুনি নুমলীয়াই চক্‌মক্‌ খাই উঠি চকু মেলি দেখিলে যে দীঘল দীঘল ঠেং আৰু দীঘল দীঘল হাতেৰে দঁতুৱা দ'ত এটাই আগতে থিয় হৈ তাক কিবা কৈছে আৰু দ’তটো ইমান ওখ যে টঙিৰে সৈতে তাৰ মূৰটো প্ৰায় সমান হৈ পৰিছে। ভয়ত নুমলীয়া জ্বৰঘামে ঘামিবলৈ ধৰিলে। কিন্তু ততালিকে সি মনটো ডাঠ কৰি ভয়টো লুকাই থৈ দ’তলৈ চাই কেৰ্কৰীয়া মাতেৰে সুধিলে— “তোক, কি লাগে অ’? বেগাই ক। মোৰ আজৰি নাই।” দ'তে নুমলীয়াৰ কথাৰ ভমক দেখি কোঁচখাই উত্তৰ দিলে— “আপোনাৰ ওচৰত সেই মূৰ এটি মাগি নিবলৈ বুলি আহিছোঁ। আজি ভালেমান দিন মানুহৰ মূৰ খাবলৈ পোৱা নাই; ইয়াত আজি মূৰকেইটা আঁৰি থোৱা দেখি মোৰ বৰ খাবৰ মন গৈছে; আপুনি কৃপা কৰিলেই জানিবা মনৰ হেঁপাহ পলায়।” নুমলীয়াই মাত লগালে— “তোক মূৰ এটা দিলে তই মোক কি দিবি? মুখৰ শুদা কথাতে তো আৰু মূৰ পোৱা নাযায়।” দ’তে ক’লে, “মোৰ কি আছে কি দিম? মোৰ কঁকালতে এই জোলোঙাটো আছে; তাকে লাগে যদি নিয়ক।” নুমলীয়াই ক'লে, “হেৰ জোলোঙাটো লৈ মই কি কৰিম? তাৰে মোৰ কি উপকাৰ হ'ব?” দ’তে কলৈ, “এই জোলোঙাটোত আপুনি যতবাৰ হাত ভৰাব ততবাৰ এমুঠি এমুঠি ৰূপ পাব। হোৱঁক ধৰক আপুনি জোলোঙাটো আৰু তাত আপোনাৰ হাতখন ভৰাই এতিয়াই প্ৰমাণ চাওক।” এইবুলি দ'তে তাৰ জোলোঙাটো নুমলীয়াক দিলে নুমলীয়াই জোলোঙাটো লৈ তাত হাত ভৰালতে তাৰ হাতৰ মুঠিত এমুঠি ৰূপ উঠিল। দেখি নুমলীয়াৰ মনত বৰ ৰং। তেতিয়াই সি মূৰ চাৰিটাৰ এটা দ’তক দি দিলে আৰু দ'তে ৰং মনেৰে মূৰটো লৈ গুচি গ'ল।

 ইয়াৰ অলপ পৰ পিচতে নুমলীয়াই চিল্‌মিল্‌কৈ অলপ টোপনি আহিছে মাথোন, এনেতে আকৌ কিবা এটা মাত তাৰ কাণত পৰিল, সি চক্‌খাই উঠিল। সি চকু মেলি দেখিলে— দীঘল নাক আৰু দীঘল চুলিৰে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে। কি লাগে বুলি সি ভূতটোক সুধিলত ভূতে গেনা মাতেৰে ক’লে, “কঁকাই মোক মূৰ [ ৬৮ ] এটি খাবলৈ দিয়া।” নুমলীয়াই ক'লে, “মূৰ দিলে তই মোক কি দিবি ক, তেহে দিব পাৰোঁ।” ভূতে ক'লে, “মোৰ হাঁতৰ এই টোকোনডাল দিম।”

 টোকোনডালৰ উপকাৰ কি?” বুলি নুমলীয়াই সুধিলত ভূতে ক’লে, “যাকে তোমাৰ মাৰিবৰ মন যায়, তাঁকে মাৰিবলৈ এই টোকোনডালক ক’লে টোকোনডালে তাকে মাৰিবগৈ।” এই কথা শুনি নুমলীয়াই তাৰ মূৰ এটা দি ভূতৰ টোকোনডাল ল'লে।

 এই ঘটনাৰ পৰা এখনমান তামোল খোৱাৰ পিছত কট্‌কুৰা চুলি, চলাচল বগা দাঁত, জুই-আঙনি যেন ৰঙা চকু আৰু গেমেধা ওঁঠেৰে যখ এটাই আহি নুমলীয়াক মূৰ এটা খাবলৈ খুজিলত, নুমলীয়াই মাত লগালে, “তোক মূৰ দিলে তই মোক কি দিবি?” যখে উত্তৰ দিলে, “মোৰ হাতৰ এই জৰীডাল দিম।” “জৰীডালৰ গুণ কি?” বুলি সি সুধিলত যখে ক’লে, “এই জৰীডালক পাচিলে, যাকে বান্ধি আনিবলৈ কঁবা তাকে সি বান্ধি আনিবগৈ।” এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ল'লে।

 মূৰটো লৈ যখটো গুচি গ'লত নুমলীয়াই নানা কথা ভাবি শুব নোৱাৰি হাচটিখন মেলি তামোল-পাণ উলিয়াই কাটি তামোল এখন মূখত দিছে মাথোন, এনেতে পথাৰৰ সিমূৰে ডাঙৰ আমগছ এজোপাত থকা ব্ৰহ্মদৈত্য এটাই বেঙা মেলি আহি টঙিৰ ওচৰত থিয় দিলেহি। দৈত্যটোৰ আকৃতি দেখি নুমলীয়াৰ মাত লগালে, “তই কোন? কি লাগে?” সি উত্তৰ দিলে— “মই বৰহম দইত। সৌ আমগছজোপাতে মই থাকোঁ। ম‍ই তাৰপৰা দেখি আছিলোঁ তুমি তোমাৰ চাৰিটা মূৰৰ তিনিটা বিলালা। বাকীটো মোক নিদিয়ানো কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপাকেটেপ লাগি আছে, তাৰেই মুহুদিটো কৰি মুখখন ফফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ।” নুমলীয়াই সুধিলে, “মই তোক মূৰটো দিলে, তই মোক কি দিবি? সিহঁতকেইটাই একোটা বস্তুৰে মূৰৰ বেচ দি হে মূৰ নিছে।” ব্ৰহ্মদৈত্যই ক'লে, “সেইটো মই জানো; দেখি আছোঁ। সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমজোৰকে তোমাক [ ৬৯ ]
[ ৭০ ] দিবলৈ বুলি আনিছোঁ।” “খৰমজোৰৰপৰা মোৰ কি উপকাৰ হব?” বুলি নুমলীয়াই তাক সুধিলত সি ক'লে, “এইজোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ তোমাক লৈ যাবলৈ ক'বা তলৈকে চকুৰ পচাৰতে সেইজোৰে তোমাক লৈ যাব।” এই কথা শুনি নুমলীয়াই খৰমজোৰা লৈ মূৰটো দিলত ব্ৰহ্মদৈত্য গুচি গ'ল৷

 এনেতে ৰাতি পুৱাল। নুমলীয়াই হাতত টোকোন আৰু জৰী আৰু কঁকালত জোলোঙাটো ওলমাই লৈ, খৰমজোৰ পিন্ধি, খৰমক ক'লে, “খৰম ঔ খৰম! মোক লৈ এতিয়াই অৱন্তি নগৰলৈ যা।” চকুৰ পচাৰতে খৰমে নুমলীয়াক অৱন্তি নগৰত উলিয়াই দিলেগৈ।

 অৱন্তিত মহা হুলস্থূল। তাত এটা সিংহই মানুহ-গৰু মাৰি খাস্তাং কৰিছে; ৰজা আৰু প্ৰজাই অনেক পুৰুষাৰ্থ কৰিও সিংহটো মাৰিব পৰা নাই। নুমলীয়াই সেই খবৰ শুনি ৰজাৰ ওচৰলৈ গৈ ৰজাক ক'লে, “স্বৰ্গদেৱ, ম‍ই চিকাৰী মানুহ।” ৰজাই ক'লে, “তই যদি চিকাৰী, তেন্তে মোৰ দেশ উৎখাত কৰা সিংহটো মাৰি দে।” নুমলীয়াই মাৰিব পাৰিম বুলি গাত ল’লত, ৰজাই ক’লে,“যদি নোৱাৰ,তেন্তে মোৰ আগত মিছা কথা কোৱা বাবে তোক শূলত দিম।” 'নুমলীয়াই উত্তৰ দিলে, “দিব স্বৰ্গদেৱ; কিন্তু যদি মাৰিব পাৰোঁ তেন্তে মই যিহকে খোজোঁ তাকে মোক দিব লাগিব।” ৰজাই দিম বুলি অঙ্গীকাৰ কৰিলত, নুমলীয়াই নগৰৰ মাজৰ ডাঙৰ পথাৰ এখনৰ মাজলৈ গৈ, জৰীডালক ক’লে, “জৰী, তই সিংহটো বান্ধি এতিয়াই মোৰ আগলৈ লৈ আহগৈ।” হুকুম পোৱা মাত্ৰকে জৰীয়ে হাবিলৈ গৈ সিংহটো বান্ধি আনি নুমলীয়াৰ আগত পেলাই দিলেহি। তেতিয়া নুমলীয়াই টোকোনক হুকুম দি সিংহটো মৰিয়াই মাৰি ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজা আৰু সভাসদসকলে চিকাৰীৰ এই কাৰ্য দেখি সন্তোষ পাই তাক শলাগিবলৈ ধৰিলে।

 ইয়াৰ পিছত নুমলীয়াই ৰজাৰ আগত আঠু লৈ ক'লে, “স্বৰ্গদেউ, এতিয়া স্বৰ্গদেৱে পূৰ্বৰ অঙ্গীকাৰ সুঁৱৰি বন্দীলৈ বঁটাৰ হুকুম কৰক।” ৰজাই ক’লে, “নিশ্চয়, নিশ্চয়, তোমাক কি লাগে কোৱা?” নুমলীয়াই [ ৭১ ] ক’লে, “স্বৰ্গদেউ, মোক নিজৰ জোঁৱাই কৰিবৰ আজ্ঞা হওক।” এই কথা শুনি ৰজাৰ মূৰত আকাশীসৰগ ভাগি পৰিল। কিন্তু ৰজাই অঙ্গীকাৰ কৰি থৈছে, ভাঙে কেনেকৈ? সেইদেখি অনেক ভাবি-চিন্তি নিৰুপায় হৈ তাৰে সৈতে নিজৰ জীয়েকক ৰজাই বিয়া দি তাক ঘৰ-জোঁৱাই কৰি ৰাখিলে।

 নুমলীয়া হালোৱা চহা মানুহ; ৰজাৰ জীয়ৰীৰ চলন-ফুৰণেৰে সৈতে মিলাই সি চলিব নোৱাৰে; সেই দেখি প্ৰতি কথাতে ঘৈণীয়েকে তাক হাঁহে। তাতে এদিন সি বৰ লাজ পাই খং কৰি ঘৰৰ পৰা ওলাই গুচি গ'ল। খৰমে তাক এখন অটব্য অৰণ্যৰ ভিতৰত উলিয়াই দিলেগৈ। দুপৰীয়া ৰ'দত তাৰ বৰ পিয়াহ লাগিছিল, সেইদেখি সি পানী বিচাৰি এখন সৰোবৰৰ পাৰত ওলালহি। সৰোবৰৰ পানীবোৰ ফটিকৰ ধাৰ যেন নিৰ্মল। ভেট আৰু পদুম ফুলেৰে সৰোবৰখন জক্‌‍কীয়e ৰাজহাঁহ, পানীহাঁহ, ঘিলাহাঁহ, শৰালী, বগলী, ডাউক, কোঢ়া আদি চৰায়ে তাত ৰংমনেৰে সাঁতুৰি ফুৰিছে দেখি তাৰ মনটো বৰ ফৰকাল লাগিল। সি নামি গৈ একাজঁলি পানী খাই উঠি দেখিলে যে পাৰত আঁহত গছ এজোপাৰ তলতে জুপুৰি ঘৰ এটা আছে। এখোজ দুখোজকৈ সি তাৰ ওচৰ চাপি গৈ দেখিলে যে তাত কোনো নাই; মাথোন এখন জুহালত ডোখোৰা খৰিৰ এঙ্গাৰ ছাইৰে সৈতে পৰি আছে। সি দেখিয়েই বুজিলে যে সেইটো কোনোবা সন্যাসী ফকিৰৰ জুপুৰি। কিছুমান পৰ তাতে থাকি সন্যাসীক আহিবৰ নেদেখি সি ঘৰটো সাৰি-মছি চিকুণাই ওচৰৰে গছ এজোপাৰ আঁৰত লুকাই বহি থাকিল। গধূলি বেলিকা সন্যাসীজন আহি ওলাল। তেওঁ দেখিলে যে তেওঁৰ ঘৰটো কোনোবাই সাৰি-মছি জজকীয়া কৰি থৈছে। তাকে দেখি সন্যাসীয়ে মাত লগালে, “মোৰ ঘৰটো কোনে অঁতাই-পিটাই থৈছে? কোন ক'ত আছ ওলাই আহ, একো ভয় নাই!” ইয়াকে শুনি নুমলীয়া গছৰ আঁৰৰপৰা ওলাই আহি সন্যাসীৰ ভৰিত দীঘল দি পৰিলত, সন্যাসীয়ে তাক আশীৰ্বাদ কৰি বহিবলৈ কৈ, তাৰ মুখৰপৰা তাৰ সকলো বৃত্তান্ত শুনি ক'লে, “বোপা, তই কোনো চিন্তা নকৰিবি; মোৰ এই আশ্ৰমতে তই নিৰ্বিঘ্নে থাকি মোৰ সেৱা-শুশ্ৰূষা কৰি থাক, তোৰ ভাল হ'ব। কিন্তু এটা কথা তোক কৈ থওঁ— এই [ ৭২ ] সৰোবৰৰ পূৱ ঘাটলৈ তই কেতিয়াও নাযাবি; সেই ঘাটত স্বৰ্গৰ অপেশ্বৰীসকলে গা ধোৱেহি।”

 পিছদিনা পুৱাই সন্যাসীয়ে তেওঁৰ ন আলধৰাক আশ্ৰমৰ ৰখীয়া কৰি ক'ৰবালৈ গুচি গ'ল। সন্যাসী গ'লতে নুমলীয়াই সেই সৰোবৰৰ পূব-ঘাটলৈ গৈ মনে মনে পাৰৰে জোপা এটাত লুকাই থাকিল। অলপপৰ পিছতে সাতজনী অপেশ্বৰী তালৈ আহিলত সি লাহেকৈ জোপাৰ ভিতৰৰপৰা ওলাই তেওঁলোকক ঠেকত পেলাই, অপেশ্বৰীসকলৰ এজনীক তাক বিয়া কৰাবলৈ সৈ কঢ়ালে। ইয়াৰ পিছত নুমলীয়াৰ লগতে অপেশ্বৰীসকলে ভনীয়েক এজনীক এৰি স্বৰ্গলৈ গুচি গ'ল।

 অপেশ্বৰী ঘৈণীয়েকক লগত লৈ নুমলীয়াই খৰমত উঠি ততালিকে তাৰ শহুৰেক ৰজাৰ ঘৰ ওলালহি। ৰজাই জোঁৱায়েকক দেখি ৰং পালে। তাৰ আগৰ ঘৈণীয়েক ৰজাৰ জীয়েকে তাৰ কেৰামতালি দেখি, নিজৰ দোষৰ বাবে গিৰিয়েকৰ ওচৰত ক্ষমা মাগি সতিনীয়ে কৰে সৈতে একেলগে সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। ইয়াৰ দিনচেৰেকৰ পিছতে অপুত্ৰক ৰজা মৰিল। শহুৰেক মৰিলত নুমলীয়াই সেই ৰাজ্যৰ ৰজা হ'ল। সি ৰজা হৈয়েই তাৰ বাপেক থকা ৰাজ্যৰ ৰজাৰ ওচৰলৈ কটকী পঠিয়াই কোৱাই পঠিয়ালে যে, “হয় ৰজাই তাক ৰাজ্য এৰি দিয়ক, নহয় যুদ্ধ দিয়ক।” কটকীৰ কথা শুনি ৰজা ঘৃতাহুতি হৈ যুঁজ দিবলৈ সাজু হ'ল। নুমলীয়া ৰজাইও লা-লগুৱা, ঘোঁৰা-হাতী, ৰণুৱা- বণুৱা লগত লৈ সাজি-পাৰি যুঁজ কৰিবলৈ আগবাঢ়ি গ'ল। দুই দলৰ ভিতৰত যুঁজ লাগি গোটেইখন কোৱামোৱা লাগি পৰিল। শেহত নুমলীয়া ৰজাই জৰীক পঠিয়াই দি সেই ৰজাক কটাবান্ধ দি ধৰাই অনাই টোকোনক মাৰিবলৈ হুকুম দিলত, ৰজাই দাঁতত কুটা লৈ দীঘল দি নুমলীয়া ৰজাৰ ভৰিত পৰি ক্ষমা মাগিলে। তেতিয়া নুমলীয়াই সন্তুষ্ট হৈ ৰজাক নামাৰি সপৰিবাৰে সেই ৰাজ্যৰপৰা উলিয়াই দিলে। তাৰ পিছত নুমলীয়াই বুঢ়া বাপেকক বিচৰাই অনালে। বাপেক ওচৰ পালতে [ ৭৩ ] নুমলীয়াই ক’লে, “আপুনি মোক চিনি পাইছেনে?” বাপেকে নুমলীয়াৰ মুখলৈ কিছুমান বেলি ৰ-লাগি চাই থাকি ক'লে, “সৰ্বদেও, চিনো চিনো যেন লাগিছে, কিন্তু ক'লে কটা যাম।” নুমলীয়াই ক’লে, “কোনো ভয় নাই, নিৰ্ভয়ে কোৱা।” বাপেকে ক'লে, “সৰ্গদেওক মোৰ নুমলীয়া পোটো যেন দেখিছোঁ।” এই কথা শুনি নুমলীয়াই বাপেকৰ ভৰিত পৰি সেৱা কৰি আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি ক'লত বুঢ়াৰ চকুৰপৰা আনন্দৰ লো ববলৈ ধৰিলে।

 ইয়াৰ পিছত নুমলীয়াই বাপেকক সেই ৰাজ্যৰে ৰজা পাতি নিজৰ ৰাজ্যলৈ উভতি আহিল আৰু দুইজনী কুঁৱৰীৰে সৈতে গৃহবাস কৰি মহাসুখে ৰাজ্য ভোগ কৰি থাকিল। মোৰ কাপোৰ-কানি ক’লা হ'ল, গুচি আহিলোঁ।

সপ্তদশ সাধু

ককা৷ - “মোৰ বাপুকণ ঔ?”

নাতি। - “ককাদেউতা, কি? ”

ককা৷ - “আজি এটা ৰাক্ষসৰ সাধু শুনিবি নে?”

নাতি। - “শুনিম শুনিম, কোৱা ককাদেউতা কোৱা।”

ককা। - “ভয় নেখাৱ তো?”

নাতি। - "নাখাওঁ ককাদেউতা কোৱা।”

ককা। - শুন তেন্তে” বুলি ককাই আৰম্ভ কৰিলে।

ৰাক্ষস পণ্ডিত

 এহাল বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ বহুত ধন-সম্পত্তি আছিল, কিন্তু ল'ৰা-ছোৱালী নাছিল। সেইদেখি সিহঁতৰ মনত বৰ দুখ। এক-দিনা-প্ৰতি [ ৭৪ ] এটা ৰাক্ষসে পণ্ডিতৰ ভেশ ধৰি সেই বুঢ়া-বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়াই পণ্ডিতক বহিবলৈ ডুখৰি-পীৰা এখন দি বহুৱালে। বুঢ়াৰ ল'ৰা-ছোৱালী নোহোৱাৰ কথা শুনি পণ্ডিতে গণিবলৈ ধৰিলে। ভালেখিনি পৰ সি গণি-পঢ়ি ক’লে যে, তেওঁক বুঢ়াই এটা দমৰা গৰু দান কৰিলেই বুঢ়াৰ যুঁজা ল'ৰা হ'ব, আৰু তাৰে বৰ ল'ৰাটো সিহঁতে তেওঁক দিব লাগিব। পণ্ডিতৰ কথা শুনি হৰ্ষ-বিষাদ দুইকো লভি পণ্ডিতক দমৰা গৰু এটা দিলে আৰু উপজিলে বৰ ল'ৰাটো দিবলৈ সইত খাই সৈ কাঢ়িলে। পণ্ডিত ৰাক্ষসে দমৰা গৰুটো লৈ গুচি গৈ তাৰ ঘৰ পাই পেট ভৰাই খালে।

 ইয়াৰ এবছৰৰ মূৰত বুঢ়ীৰ যুঁজা ল'ৰা দুটা উপজিল। ল'ৰা দুটা ডাঙৰ হলত চহকী বুঢ়াই অনেক ধন ভাঙি দুয়োকো লেখা-পঢ়া শিকোৱালে। লেখা-পঢ়াৰ লগে লগে সিহঁতে কাঁড়, ধনু, যাঠি, জোং আদি ধৰিবলৈকো শিকিলে আৰু অলপ কালৰ ভিতৰতে সেই বিদ্যাতো সিহঁত পৈণত হৈ উঠিল। সৰু ল'ৰাটোৱে সেইবোৰ বিদ্যাৰ উপৰিও ৰাক্ষসী বিদ্যাও শিকিলে।

 দুইটা ল'ৰা ডাঙৰ-দীঘল হ'ল। এদিন সেই পণ্ডিত বুঢ়া-বুঢ়ীৰ ঘৰলৈ আহি বৰল'ৰাটো খোজাত বুঢ়া-বুঢ়ীয়ে আগৰ কথা সুঁৱৰি অগত্যা তেওঁক ল'ৰাটো দিলে। পণ্ডিতৰ লগত ল'ৰাটো যাবৰ সময়ত সি ভায়েকক কৈ গ'ল যে, “ম‍ই এজোপা তুলসী গছ ৰুই থৈছো। তই যেতিয়া দেখিবি যে সেই তুলসীজোপাৰ পাতবোৰ জঁয় পৰি মৰি গৈছে তেতিয়া বুজিবি যে মই মৰিলোঁ।” ইয়াকে ভায়েকক কৈ সি পণ্ডিতৰ লগত গুচি গ'ল।

 পণ্ডিতে ল'ৰাটো লগত লৈ গৈ গৈ এখন মহা অৰণ্য পালেগৈ। সেই অৰণ্যৰ ভিতৰতে সেই পণ্ডিত ৰাক্ষসৰ ঘৰ। তাৰ ঘৰ অলপমান বাট থাকোতেই, পণ্ডিতে ল'ৰাটোক এজোপা বৰ গছৰ তলত বহুৱাই থৈ ক’লে, “বোপা তুমি এইখিনিতে অলপ বহি জিৰোৱা, ওচৰতে মোৰ এটা কাম আছে, মই সাউৎকৰে সেইটো কৰি আহোঁ।” এইবুলি ৰাক্ষস গ’লতে ল'ৰাটোৱে কি কথা কি বতৰা বুলি উৱাদিহ ল'বলৈ, পণ্ডিতে [ ৭৫ ] নেদেখাকৈ তাৰ পাছে পাছে গ'ল। কিছুমান দূৰ গৈয়েই ল'ৰাটোৱে কিছুমান মানুহ, গৰু আৰু ঘোঁৰাৰ হাড়-মূৰ দেখিবলৈ পালে। সেইবোৰ দেখি তাৰ মনত সন্দেহ হ'ল যে, কথা কিবাহে; পণ্ডিত মানুহ নহয়, ৰাক্ষসহে। তেতিয়া সি ভয়ত ঠক্‌ঠক কৰে কঁপিবলৈ ধৰিলে। এনেতে মৰা মানুহৰ মূৰবিলাকে ল'ৰাটোক মাত লগালে— “ক’ৰ মানুহ ক’লৈ আহিছ?” ল'ৰাটোৱে আচৰিত হৈ মূৰবোৰৰ ফালে চাই থাকিলত, মূৰবোৰে আকৌ মাত লগালে, “ক’ৰ মানুহ ক'লৈ আহিছ, বেগেতে ক; নহ'লে মৰিবি এতিয়া৷” ল'ৰাটোৱে এই কথা শুনি সিহঁতক আগৰপৰা গুৰিলৈকে তাৰ সকলোবিলাক কথা ক'লত মূৰবিলাকে তাক ক'লে— “এইখন ৰাক্ষসৰ দেশ। তই যিটো পণ্ডিতৰ লগত আহিছে সি মানুহ নহয়, ৰাক্ষসহে। সি আমাকো তোৰ দৰে ছলি আনি খালে। সি নৈত গা ধুবলৈ গৈছে, এতিয়াই উভতি আহি তোক খাই পেলাব। যদি তই তৎক্ষণাৎ পলাই যাব পাৰ, তেন্তে সাৰিব পাৰিবি, নহ'লে তোৰ আমাৰ দশাই লগ ল'ব যদি লৰালৰিকৈ পলাব নোৱাৰ, তেন্তে আৰু এটা বুধি আছে। তই জানো সাহ কৰি ৰাক্ষসটো কাটিব পাৰিবি? তোৰ গাত বল আছে নে? যদি আছে, তেন্তে কওঁ শুন— সেই ঘৰটোৰ ভিতৰতে বেৰত আঁৰি থোৱা খাণ্ডা এখন আছে। তাৰেই সি আমাৰ মূৰ কাটিছিল, তোৰও কাটিব। তই যদি সেই খাণ্ডাখন লৈ সেই ঘৰৰ দুৱাৰচুকত লুকাই থাকি, সি ঘৰ সোমাওঁতেই তৰ্কিব নোৱাৰাকৈ কোব মাৰি তাৰ মূৰটো কাটিব পাৰ, তেন্তে ৰক্ষা পৰিবি, নতুবা তোৰফালে সাং।” মূৰবোৰৰ কথা শুনি ল'ৰাটোৱে পাৰিম বুলি ক’লত, সিহঁতে আকৌ ক'লে, “তেন্তে তই ৰাক্ষসটোক কাটিয়েই তাৰ মূৰৰ তেজ অলপমান আনি যদি আমাৰ মূৰতও চটিয়াই দিয়, তেন্তে আমিও জী আগৰ নিচিনা হম।” ল'ৰাটোৱে সেইটোও কৰিবলৈ গাত লৈ ঘৰ সোমাই খাণ্ডাখন লৈ দুৱাৰত লুকাই থাকিল। এনেতে ৰাক্ষসে গা-পা ধুই আহি ঘৰ সোমাবলৈ গ'ল। যেই সি দুৱাৰদলিত ভৰি দিলে, ল'ৰাটোৱে বিজুলীসঞ্চাৰে আহি খাণ্ডাখনেৰে কোব মাৰি তাৰ মূৰটো কাটি মাটিত পেলালে আৰু তেতিয়াই তাৰ তেজ লৈ সেই মূৰবোৰৰ ওপৰত চটিয়াই দিলত, সিহঁত একোটা দিব্য পুৰুষ হৈ উঠি বহিল। [ ৭৬ ] তেতিয়া সিহঁত আটাইবোৰে ল'ৰাটোক আকোৱাল মাৰি ধৰি সন্তোষ জনাই তাৰ শলাগ লৈ নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল।

 ইয়াৰ পিছত ল'ৰাটোৱে ৰাক্ষসৰ ঘোঁৰাশালৰ পৰা তাজী ঘোঁৰা এটা লৈ তাৰ পিঠিত উঠি সেই অৰণ্যৰ মাজেদিয়েই আহিবলৈ ধৰিলে। আহি থাকোঁতে আহি থাকোঁতে সি আৰু এখন ৰাক্ষসৰ ঠাই পালেহি। সেই ঠাইৰ গৰাকিয়নী এজনী ৰাক্ষসী। তাই মানুহ দেখিলে হৰিণাপহু এটা হৈ ওচৰ চাপে আৰু পহুটো ধৰিবৰ মন কৰি মানুহজন আগবাঢ়ি গ'লেই পহুটোৱে ধৰা নিদি আগে আগে লৰি পলাই যায়। এইদৰে পহুটোৱে মানুহটো লৈ গৈ পৰ্বতৰ ঘোপ এটাত সোমায়গৈ। সেই ঘোপত মানুহ সোমালেই সোমাওঁতাজনে উশাহ-নিশাহ ল'ব নোৱাৰি পৰি মৰি যায়; আৰু তেতিয়া ৰাক্ষসীয়ে নিজ ৰূপ ধৰি ৰং মনেৰে শটো খায়। ল'ৰাটোকো এতিয়া তাই সেইদৰে ভুলাই লৈ গৈ সেই ঘোপত সুমাই মাৰি পেলালে। ৰাক্ষসীয়ে, “আজি ইয়াৰ ঘোঁৰাটোকে খাওঁ, কাইলৈ ইয়াক খাম” বুলি সেই দিনা ঘোঁৰাটো খাই, ল'ৰাটো পিছদিনাখন খাবলৈ থৈ দিলে।

 ইফালে ল'ৰাটোৰ ঘৰত তুলসীগছজোপা জঁয় পৰি যোৱা দেখি ভায়েকে বুজিলে যে তাৰ ককায়েকৰ মৃত্যু হ'ল। সি ৰাক্ষসীবিদ্যা ভালকৈ জানে বুলি আগেয়ে কৈ আহিছোঁ। তৎক্ষণাৎ সি গণিপঢ়ি জানিলে, তাৰ ককায়েক ক'ত তেনেকৈ মৰিল। জানিব পাৰিয়েই সি ততালিকে ঘোঁৰা এটাত উঠি ধনু কাড় লৈ সেই ৰাক্ষসীৰ চোং পালেহি; ৰাক্ষসীয়ে দূৰৰপৰা আৰু বৰ ৰং পাই হৰিণাপহু এটা হৈ তাক দেখা দিলে। ল'ৰাটোৱেও পহুটো দেখিয়েই সেইজনী ৰাক্ষসী বুলি বুজি ৰাক্ষসী বিদ্যাৰে মায়া হৈ, বাঘ এটা হ'ল। তেতিয়া ৰাক্ষসীয়ে বুজিলে যে এইবাৰ সমানে সমানে পৰিছে। তাই তেতিয়াই এটা দুৰ্জ্জয় অজগৰ সাপ হৈ মুখ মেলি বাঘটো গিলিবলৈ খেদি আহিলত, বাঘটোৱে বৰ ডাঙৰ নেউল এটা হৈ তৎক্ষণাতে সাপটো ডোখৰ ডোখৰ কৰি মাৰি পেলালে।

 ৰাক্ষসীক মাৰি অঁতাই গুহালৈ গৈ ভায়েকে মন্ত্ৰ মাতি ককায়েকক [ ৭৭ ] জীয়ালে, আৰু দুয়ো ৰঙেৰে আকোঁৱলা-আকোঁৱালি কৰি, ঘোঁৰাত উঠি নিজৰ ঘৰলৈ উভতি আহিল। পুতেকহঁতক পাই বুঢ়া-বুঢ়ীৰ নথৈ ৰং লাগিল।

অষ্টাদশ সাধু

নাতি।- “ককাদেউতা, আজি দুপৰীয়া তুমি কি এটা শ্লোক মাতি কৈছিলা যে মানুহৰ ভিতৰত নাপিত ধূৰ্ত। কিয় নাপিতক ধূৰ্ত বোলে ককাদেউতা?

ককা।- "কিয় বোলে, এটা নাপিতৰ সাধু কওঁ শুন, তেতিয়া বুজিব পাৰিব পাৰিবি”—

ৰাজমন্ত্ৰী আৰু নাপিত

 সত্যকালত চৰাই-চিৰিকতি পহু-পতং সকলোৱে কথা ক'ব পাৰিছিল, আৰু সিহঁতৰ কথা মানুহে বুজি পাইছিল। সেই কালত এদিন এজন ৰজাই তেওঁৰ বৰ-চৰাত বহি থাকোঁতে দেখিলে যে বৰ-চ’ৰাৰ আগ-চোতালতে এটা বগা আৰু এটা ক'লা কাউৰীয়ে কেল্‌কেলাই কথা পাতি আছে। প্ৰথমতে বগা কাউৰীয়ে ক'লা কাউৰীটোক সুধিলে “ বান্ধ, তোমালোকে ইয়াত কি খাই থাকা?” ক'লা কাউৰীয়ে উত্তৰ দিলে –

“আমি ধান-চাউল, পোক-পৰুৱা আদি খাই থাকো; তোমালোকেনো কি খোৱা?” বগা কাউৰীয়ে ক'লে, “আমি সাত সাগৰৰ সিপাৰে থকা মাণিক গছৰ মাণিক খাওঁ।” ইয়াৰ পিছত কাউৰী দুটা গ'ল। ৰজাই কিন্তু বৰ-চ'ৰাৰ পৰা সিহঁতৰ এই কথা শুনি আছিল। ৰজাই তেতিয়াই পাত্ৰ- মন্ত্ৰী আদি সভাসদসকলক ক’লে, “তোমালোকৰ ভিতৰত যেয়ে সাত [ ৭৮ ]
[ ৭৯ ] সাগৰৰ সিপাৰৰ পৰা মাণিকৰ গছ আনি মোক দিব পাৰিবা তেওঁক ম‍ই মোৰ ঘাই মন্ত্ৰী পাতিম।” মন্ত্ৰীয়ে ক’লে, “স্বৰ্গদেৱ, মই কেনেকৈ সাগৰৰ সিপাৰলৈ চাম, আৰু মাণিকৰ গছ ক'ত বিচাৰি পাম? স্বৰ্গদেৱ সেই কাম মোৰ অসাধ্য।”

 পাত্ৰইও সেই কথাকে ক'লে। আন আন সভাসদসকলৰ পৰাও ৰজাই তেনেকুৱা উত্তৰকে শুনি ক’লে, “বাৰু, এতিয়াই নগৰত ঢোল পিটি শুনাই দিয়া হওক যে, মোক সাত সাগৰৰ পাৰৰপৰা মাণিকৰ গছ এজোপা আনি দিব পাৰিব, তাক মই দুকলহ সোণ দিম, আৰু মোৰ ঘাই মন্ত্ৰী পাতিম।” ৰজাৰ হুকুম মতে এই কথা নগৰত জাননী দিয়া হ'ল; কিন্তু কোনো সেই কামলৈ আগ নাবাঢ়িল।

 সেই নগৰতে এটা সামান্য মানুহৰ দুজনী ঘৈণীয়েক আছিল, বৰজনী এলাগী, সৰু জনী লাগী। এলাগীৰ ল'ৰা এটা; লাগীৰ ল'ৰা ছটা। এলাগীৰ ল'ৰাটো খোৰা; লাগীৰ ল'ৰাকেইটা শকত আৱত আৰু নিৰোগী। এলাগী আৰু তাইৰ ল'ৰাটোক লাগী আৰু লাগীৰ ল'ৰা কেইটাই দেখিব নোৱাৰে আৰু খোৱা-পিন্ধাত বৰ দুখ দিয়ে। খোৰাৰ বাপেকৰপৰাও খোৰাই আৰু তাৰ মাকে কেতিয়াও মৰম বেথা নাপায়।

 লাগীৰ ল'ৰা ছয়োটাই ৰজাৰ জাননীৰ কথা শুনি ৰজাৰ ওচৰলৈ গৈ আঁঠু লৈ ক’লে, “সৰ্গদেও আমিয়েই সেই মাণিকৰ গছ আনি দিবলৈ যাব পাৰোঁ, যদি সৰ্গদেৱে হুকুম দিয়ে॥” সিহঁতৰ কথা শুনি ৰজা‍ই ক’লে, “মোৰ কোনো আপত্তি নাই; তহঁতে আনিব পাৰ যদি যা। যাবলৈ তহঁতক কি লাগে মোৰ ভঁৰালৰপৰা লৈ যা।” ৰজাৰ হুকুম পাই সিহঁতে ৰজাৰ ভঁৰালৰপৰা বাটত খাবলৈ যি বস্তু লাগে সেইবোৰ লগতে লৈ পাঁচখন নাৱত ভৰা দি মাণিক আনিবলৈ আগৰেদি যাত্ৰা কৰিলে।

 লাগীৰ পুতেকহঁত মাণিক আনিবলৈ যোৱা শুনি এলাগীৰ খোৰা পুতেকেও মাকক সুধিলে, “আই, মোৰ ককাইহঁত মাণিক আনিবলৈ গৈছে মইও যাওঁ।” মাক ক'লে, “বোপাই, সিহঁত হৈছে ছয় ভাই-ককাই, বাপেকৰো অতি মৰমৰ; তই হৈছ এলাগীৰ একোটি পোনা, বাপেৰেও তোক দেখিব নোৱাৰে, ককাইদেৱেৰহঁতেও দেখিব নোৱাৰে। তই ক'লৈ [ ৮০ ] যাবি মোৰ সোণাই? মই মাগি-খুজি তোক খুৱাই থাকিম, তই কলৈকো যাব নালাগে মোৰ বোপাই। তই ৰজাৰ মন্ত্ৰী হ'বলৈ, আৰু বঁটালৈ আশা কৰি সাত সাগৰৰ পাৰত মাণিক বিচাৰি গৈ কৰবাত মৰি-হাজি ঢুকাই মোক অনাথিনী কৰিব নালাগে মোৰ সোণাই।” পুতেকে ক’লে, “নহয়, আই, যাওঁ, কামটো কৰিব পাৰিলেতো একেবাৰেই আমাৰ দুখ গুছিবই, নোৱাৰি মৰিলেও মৰিম, তাত নো বেজাৰ কি? একেইতো বোপায়ে আমাক দেখিব নোৱাৰে। যদি ৰজাৰ কামত গৈ মৰোঁ, তেনেহ'লে ৰজাই তোমাক পুহিব। সেইদেখি আই তুমি হকা-বধা নকৰিবা। মোৰ বৰ মন গৈছে যাওঁ, গৈ এবাৰ চাওঁৱেইচোন বিধতাই নো আমাৰ কপালখনত সদায় দুখকে লেখিছে নে?” খোৰাই এইদৰে বৰকৈ মাকক কেৰজেৰকৈ ধৰিলত মাকে এৰাব নোৱাৰি কান্দি-কাটি পুতেকক বিদায় দিলে।

 খোৰাই ৰজাৰ আগত আঠু লৈ ক'লেগৈ, “সৰ্গদেৱে আজ্ঞা দিলে বন্দীয়েও মাণিকৰ গছ আনিবলৈ যাব পাৰোঁ।” ৰজাই ক'লে, “ভাল কথা, যাব খুজিছ যা; আৰু কি লাগে মোৰ ভঁৰালৰ পৰা লৈ যা।”

 খোৰাই অলপমান খোৱা বস্তু টোপোলা বান্ধি লৈ, ৰজাৰ ঘোঁৰা- শালৰপৰা ঘোঁৰা এটা ল'বৰ মনেৰে ঘোঁৰাশালত সোমাল; কিন্তু সি যিমানকে ঘোঁৰা চাই ফুৰিছে, এটা ঘোঁৰাও তাৰ চকুত লগা নাই। সি, খীণোৱা আৰু উজুটিতে পৰি-মৰা ঘোঁৰা এটা দেখি হঠাৎ তাৰ আগত থমকি ৰ'ল; কাৰণ ঘোঁৰাটো সি সৰ্বসুলক্ষণীয়া যেন দেখিলে, ঘোঁৰাটোৰ গলধনত চপৰিয়াই খোৰাই মাত লগালে— “কি আচৰিত কথা। এন সৰ্বসুলক্ষণীয়া ঘোঁৰাটো এনে উজুটিতে পৰি মৰা হ'ল কিয়?” ঘোঁৰাটোৱে মাত লগালে, “ককাই, মোৰ দুখৰ কথা কোনেও নেজানে। মোৰ ভৰিৰ খুৰাৰ তলত সোণৰ শলখা সোমাই আছে; সেইবাবেই ম‍ই এনে চেৰেলা হৈ পৰি আছোঁ। তুমি যদি পাৰা, সেই শলখাডাল টানি উলিওৱা, উলিয়ালেই দেখিবা মই কেনেটো হওঁ। আৰু তাকে কৰি মোৰ পিঠিত উঠি তুমি যলৈকে যাব খুজিবা তলৈকে মই তোমাক নিমিষতে লৈ যাম।” খোৰাই ঘোঁৰাটোৰ কথা শুনি ভৰিটো দাঙি চাই দেখিলে [ ৮১ ] সঁচা তাতে সোণৰ শলখা এডাল সোমাই আছে। সি তেতিয়াই কমাৰৰ ঘৰলৈ গৈ এডাল লোৰ চেপেনা আনি শলখাডাল টান মাৰি উলিয়ালতে ঘোঁৰাটো সুস্থ হৈ টগবগাবলৈ ধৰিলে। খোৰাই দেখি ৰং পাই মাণিকৰ গছ আনিবলৈ ৰজাৰ ওচৰত মেলানি মাগি, সেই ঘোঁৰাটোতে উঠি ছুটি মেলিলে।

 সিফালে খোৰাৰ ককায়েকহঁত সাগৰেদি গৈ বাটৰ ওৰকে পোৱা নাই; ইফালে খোৰাই বামেদি ঘোঁৰা চেকুৰাই গৈ গৈ তিন দিনৰ মূৰত যমৰজাৰ নগৰ পালেগৈ। তাতে সি দুদিনমান জিৰাবৰ মনেৰে থাকি, যমৰজাৰে সৈতে দেখা-শুনা কৰিলে। যমৰজাই ভালেদিনৰ পৰা জীয়েকলৈ দৰা বিচাৰি ফুৰিছিল, কিন্তু ক’তো সুলক্ষণীয়া দৰা নাপাই মনৰ বেজাৰত চ’ৰাতে মূৰঘূৰাই বহি আছিল। এনেতে খোৰা তেওঁৰ আগত ওলালতে তাক সুলক্ষণীয়া দেখি তালৈকে জীয়েকক বিয়া দিলে। যমে জীয়েকক মৰা-মানুহ জীয়াই লব পৰা বৰ দি জোঁৱায়েকৰ লগত উলিয়াই দিলে; আৰু জোঁৱায়েকে যমৰজাৰ জীয়েকক লগত লৈ যাবলৈ ধৰিলে।

 এইদৰে গৈ থাকোতে খোৰা দিনচেৰেকৰ মূৰত কপৌৰজাৰ নগৰত ওলালগৈ। তাতে জিৰাবৰ মনেৰে সি দিনদিয়েক থাকোঁতে কপৌৰজাই গম পাই তাক মতাই নিয়াই তালৈ নিজৰ জীয়েকক বিয়া আৰু এহাল কপৌ যৌতুক দিলে। কপৌৰজাৰ জীয়েকে কপৌহাল লগত লৈ গিৰিয়েকৰ লগত যাবলৈ ধৰিলে।

 কিছুমান দিনৰ মূৰত খোৰা নাগৰজাৰ দেশত ওলালগৈ। তাতে সি কিছুমান দিন জিৰাই-শঁতাই থাকোতে নাগৰজাৰ চকুত পৰিল। ৰজাই সুলক্ষণীয়া যোগ্য ল'ৰাটো দেখি লৰালৰিকৈ তালৈ জীয়েকক বিয়া দি, এহাল নাগ-নাগিনী যৌতুকত দি পঠাই দিলে।

 নাগৰজাৰ দেশৰ পৰা গৈ গৈ পাঁচ দিনৰ দিনা' খোৰা সৰ্পৰজাৰ দেশত ওলালগৈ। সৰ্পৰজাইও এনেটো ল'ৰা হাতত পাই আদৰ সাদৰ কৰি লৈ গৈ খুৱাই-বুৱাই নিজৰ জীয়েকক তালৈ বিয়া দি এহাল সৰ্প যৌতুক দিলে। সেইজনী ঘৈণীয়েককো লগত লৈ খোৰা যাবলৈ ধৰিলে। [ ৮২ ]  গৈ আছে, গৈ আছে, গৈ আছে, এনেতে খোৰা ঘপকৰে বিচনী ৰজাৰ মুলুকত ওলালগৈ। বিচনী ৰজাইও এনে সুলক্ষণীয়া দৰা দেখি লোভ সামৰিব নোৱাৰি নিজৰ জীয়েকক তালৈ বিয়া দি দুখন বিচনী লগত যৌতুক দিলে।

 এইদৰে পোৱা পাঁচজনী কন্যা লগত লৈ খোৰাই গৈ থাকোঁতে দিনচেৰেকৰ মূৰত শগুণী-ৰজাৰ দেশ পালেগৈ। শগুণী ৰজাইও যম, কপৌ, নাগ, সৰ্প আৰু বিচনী-ৰজাৰ আৰ্হি লৈ বৰ ৰংমনেৰে ধুমধাম কৰি নিজৰ জীয়েকক খোৰালৈ বিয়া দিলে আৰু জীয়েকৰ লগত সাগৰৰ সিপাৰৰ মাণিকৰ গছ এজোপা আনি যৌতুক দি জীয়েক-জোঁৱায়েকক পঠাই দিলে। লগত মানুহ সৰহ হোৱা দেখি খোৰাই বামেদি তাৰ ঘোঁৰাটো আৰু মানুহবোৰ পঠিয়াই দি ঘৈণীয়েকহঁতৰ লগত লৈ নাৱেৰে সাগৰেদি উলটি আহিবলৈ ধৰিলে।

 ইফালে খোৰাৰ ককায়েক ছটাই মাণিকৰ গছ বিচাৰি নাপাই, উভতি আহি থাকোঁতে দূৰৰ পৰা খোৰাৰ নাও দেখা পালে। সিহঁতে দেখিলে খোৰাই ছজনী কন্যাৰ সৈতে মহা পয়োভৰেৰে আনন্দ কৰি তোলপাৰ লগাই সাগৰত আহিব লাগিছে। সিহঁতে দেখিয়েই বুজিলে যে খোৰাই ক'ৰবাত মাণিকৰ গছ পাই আনিছে। তাকে ভাবি সিহঁতে কোঁৱা-মেলা কৰিলে যে, “আমি ছটা গজ-হস্তী যেন মতা মানুহক চেৰ পেলাই এতিয়া খোৰা হে মন্ত্ৰী হ'বলগা হ'ল। সি মন্ত্ৰী হ'ব, আৰু আমি তাৰ খাটনি ধৰি ভাত মোকোলাই খাম। ই কথা হ'বই নোৱাৰে; খোৰাক সাং কৰি থৈ তাৰ হাতৰপৰা মাণিকৰ গছ আৰু কন্যাবোৰ কাঢ়ি লৈ ভাগবাটি লওঁহঁক আৰু মাণিকৰ গছ ৰজাক দি আমাৰ এটা মন্ত্ৰী হওঁহঁক।” সিহঁতে ইয়াকে আলচ কৰি সিহঁতৰ নাও খোৰাৰ নাৱৰ ফালে খেৱা দি লৈ আহি ওচৰ পাই মিঠাকৈ মাত লগালে, “সেইটো আমাৰ খোৰা ভাইটি নে? তই ইমানবোৰ কন্যা ক'ৰপৰা পালি? মাণিকৰ গছ আনিছে নেকি?” খোৰাই উত্তৰ দিলে “এৰা ককাইটিহঁত ময়েই। মাণিকৰ গছও আনিছোঁ।” তাৰ পিচত সি কেনেকৈ আহিল, কেনেকৈ কন্যাবিলাক পালে, আৰু মাণিকৰগছ কেনেকৈ পালে এটাইবোৰ কথা [ ৮৩ ] আগৰপৰা গুৰিলৈকে ককায়েকহঁতৰ আগত ভাঙি-চিঙি ক'লে। এই কথা শুনি সিহঁতে আৰু সোধ-পোছ নকৰি নাৱৰ বঠাৰে কোবাই খোৰাক মাৰি সাগৰত পেলাই দিলে। ইয়াকে দেখি যমৰজাৰ জীয়েকে কাবৌ কোকালি কৰি সিহঁতক ক'লে, যে “আমাৰ গিৰিহঁতক আপোনালোকে মাৰি আমাক ভাগবাটি ল’লে ভাল কৰিলে; কিন্তু তেওঁতো আমাৰ স্বামী আছিল এতেকে তেওঁৰ শ-টো পানীৰপৰা তুলি আনি আমাক দিয়ক, আমি লৈ গৈ ঘৰত খৰি দিওঁগৈহঁক; নহ'লে বৰ পাপৰ কথাটো হ'ব।” যমৰজাৰ জীয়েকৰ কথাত সিহঁতৰ মন নুকুমলিলত এটাইকেউজনীয়ে গোটখাই চিয়ঁৰি কান্দিবলৈ ধৰিলে, আৰু ক'লে, “যদি আপোনালোকে আমাক শটোও পুৰি মৃতকৰ মুখত পানী এচলু দিবলৈ নিদিয়ে তেন্তে আমাকো লগতে মাৰি পেলাওক; নহ'লে, আমি ৰজাৰ আগত এই কথা কৈ দিমগৈহঁক।” এই কথা শুনি সিহঁতে ভয় খাই শ-টো সাগৰৰপৰা তুলি আনি যমৰজাৰ জীয়েকক দি বুজাই-বঢ়াই সান্ত্বনা কৰি নাও বাই গুচি আহিল; আৰু যমৰ জীয়েকে শ-টো এটা পেৰাত ভৰাই লৈ আহিল।

 ছয়োটা ককাই-ভায়ে মাণিকৰ গছ আনি ৰজাৰ নগৰত ঘাটত নাও চপালত, ৰজাই বাতৰি শুনি পাত্ৰ-মন্ত্ৰী সভাসদসকলক লগত লৈ সিহঁতক আদৰি নিলেহি। এই বাতৰি নগৰত ফাটি পৰিলত, মাণিকৰ গছ চাবলৈ চাৰিওফালৰপৰা প্ৰজা আহি ৰজাৰ বৰচ'ৰা ভৰি পৰিলহি। ৰজাই বৰচ'ৰাত বহি ছয় ভায়েকক মাণিকৰ গছ উলিয়াই দিবলৈ হুকুম দিলত সিহঁতে কন্যা কেইজনীক পেৰাটো মেলি গছজোপা উলিয়াই দিবলৈ ক'লে; কিন্তু মাণিকৰ গছ থকা পেৰাটো সিহঁতৰ খোৰা ভায়েকৰ বাহিৰে আন কোনেও মেলিব নোৱাৰে, গতিকে, সিহঁত মহা মস্কিলত পৰিল। সিফালে, “গছ উলিয়াই দে, পলম কৰিছ কিয়?” বুলি ৰজাই ক'লে। সিহঁতে ছোৱালীকেইজনীক “হেৰ উলিয়াই নিদিয় কিয়? তৎক্ষণাৎ উলিয়া” বুলি ভাবি দি ক'লত যমৰজাৰ জীয়েকে উটি আহি ৰজাৰ আগত আঁঠু লৈ ক’লে, “স্বৰ্গদেও, এই মাণিকৰ গছ আৰু আমাক যি বিয়া কৰাই আনিছিল তেওঁক এওঁবিলাকে বাটতে মাৰিলে। মাণিক [ ৮৪ ] অনাজন গিৰিহঁতৰ বাহিৰে আমি বা আন কোনেও পেৰা মেলিব নোৱাৰোঁ; তেওঁহে এই পেৰাটো মেলিব আৰু মাৰিব জানিছিল।” ৰজাই এই কথা শুনি আঁচৰিত মানি ক’লে, “তেন্তে দেখিছোঁ এটা মহা অন্যায় কাণ্ড ঘটিছে। এতিয়া কি হ'ব, কি উপায়েৰে পেৰা মেলা যায়? ” যমৰ জীয়েকে ক’লৈ, “স্বৰ্গদেৱ, বেটীয়ে আমাৰ গিৰিহঁতৰ শ-টো সেই আনটো পেৰাতে ভৰাই আনিছোঁ। যদি বেটীক হুকুম দিয়ে তেন্তে বেটীয়ে তেওঁক জীয়াই দিব পাৰোঁ।” এই কথা শুনি ৰজাই আৰু আঁচৰিত হৈ ক’লৈ, “বাৰু দে জীয়াই; মই হুকুম দিছোঁ।” ৰজাৰ হুকুম পাই যমৰজাৰ জীয়েকে পেৰা এটাৰপৰা গিৰিয়েকৰ মৰা-শটো উলিয়াই, তাৰ ভিতৰত জীৱটো সুমাই দিবলৈ বাপেকক ধ্যান কৰি কোৱাত মৰা গিৰিয়েকে জীৱ পাই উঠি বহিল; আৰু তেতিয়াই সি পেৰাটো মেলি মাণিকৰ গছজোপা উলিয়াই দিলে। মাণিকৰ গছজোপা ওলালতে তাৰ জেউতিত ৰজাৰ বৰ-চ'ৰা তিৰবিৰাবলৈ ধৰিলে। ৰজাৰ মহা আনন্দ মিলিল; আৰু ৰাইজে চাৰিওফালৰ পৰা “হৈ-ধ্বনি” দিবলৈ ধৰিলে। তাৰ পিছত ৰজাই খোৰাৰ মুখৰপৰা সকলো কথা শুনি তাক ঘাই মন্ত্ৰী পাতিলে, তাৰ হিংসাকুৰীয়া ককায়েকেহঁতক হাতীৰে গচকাই মৰালে।

 কিছুদিন এইদৰে খোৰা ঘাই মন্ত্ৰী হৈ সুখেৰে থকা দেখি, ৰজাৰ নাপিতটোৰ বৰ খিয়াল লাগিল। নাপিতটো ৰজাৰ বৰ খাটনিয়াৰ আছিল। কেনেকৈ খোৰাক মন্ত্ৰী ভাঙি সি আন এজনক মন্ত্ৰী পতাব, দিনে-ৰাতিয়ে তাৰ এইহে চিন্তা হ'ল। এদিন সি ৰজাৰ ডাঢ়ি খুৰাই থাকোঁতে ৰজাক লাহেকৈ ক'লে, “স্বৰ্গদেউ, মাণিকৰ গছ আনি মন্ত্ৰী হোৱাই মন্ত্ৰী নহয়; মন্ত্ৰীৰ আৰু কাম আছে।” সি উত্তৰ দিলে, “স্বৰ্গদেও, যিটো মন্ত্ৰীয়ে এদিনৰ ভিতৰতে দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচি আকৌ ৰাতিটোৰ ভিতৰতে ডুলিত বেলেগ বেলেগকৈ ভৰাই দিব পাৰে, সি হে আচল মন্ত্ৰী; আৰু তেনে মানুহ হে স্বৰ্গদেওৰ মন্ত্ৰী হ'বৰ যোগ্য।”

 নাপিতৰ কথা শুনি পিছদিনা ৰজাই মন্ত্ৰীৰ হতুৱাই দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচাইদি ক'লে— “মন্ত্ৰী, যদি তুমি আজি ৰাতিৰ ভিতৰতে আকৌ এই মাহ-সৰিয়হবোৰ বুটলি ডুলিত ভৰাই দিব পাৰা, তেহে তুমি [ ৮৫ ] মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা, নহ'লে তোমাক মই কটাম।” ৰজাৰ কথা শুনি মন্ত্ৰীয়ে বেজাৰ কৰি ঘৰলৈ গৈ মন-মাৰি বহি আছে। এনেতে কপৌৰজাৰ জীয়েকে সুধিলে— “আজি আপোনাৰ নো কি হ'ল? মন- মাৰি বহি আছে কিয়?” গিৰিয়েকে ক'লে— “কি ক’ম বেজাৰৰ কথা। আজি ৰাতিটোৰ ভিতৰতে দুপুৰা মাটিৰ মাহ-সৰিয়হবোৰ বুটলি আনি ডুলিত ভৰাই দিবলৈ ৰজাই মোক হুকুম দিছে; নহ'লে হেনো কাটিব।” কপৌৰজাৰ জীয়েকে ক’লে, “ইস্ বৰ কথাটো! আপুনি বেজাৰ নকৰিব, খাই-বৈ শুই থাকক; মই তাৰ দিহা কৰিম।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ অলপ ভাল লাগি তেওঁ খাই-বৈ শুই থাকিল। ইপিনে কপৌৰজাৰ জীয়েকে ৰাতি গহীন হ'লত, তাইৰ যৌতুকৰ কপৌহাল উলিয়াই দি সিহঁতক ক’লে, “বোপায়ে তহঁতক মোৰ বিপদত তাৰিবলৈ দিছে; এতিয়া তহঁতে মাহ-সৰিয়হবোৰ তুলি ডুলিত ভৰাই দিব লাগে।”
 এই কথা শুনি কপৌহাল উৰি গৈ “দেখৰমানে” যতবোৰ কপৌ আছিল এটাইবোৰ তেতিয়াই মাতি আনি সিহঁতৰ হতুৱাই ৰাতিৰ ভিতৰতে মাহ-সৰিয়হবোৰ বোটলোৱাই ডুলিত ভৰোৱাই দিয়ালে। পিছদিনা ৰজাই দেখি আচৰিত মানিলে। নাপিতেও আঁচৰিত হৈ মন্ত্ৰীক ধ্বংস কৰিবলৈ আকৌ ন-বুধি ভাবিবলৈ ধৰিলে।
 কিছুমান দিনৰ পিছত নাপিতে আকৌ এদিন ৰজাৰ গা পিটিকি থাকোঁতে ৰজাক ক'লে— “স্বৰ্গদেউ, এই মন্ত্ৰীয়েই মন্ত্ৰী নহয়, মন্ত্ৰীৰ আৰু কাম আছে!” ৰজাই “কি কাম কচোন?” বুলি সুধিলত নাপিতে ক’লে, “স্বৰ্গদেও, যি এৰাতিৰ ভিতৰতে দুপুৰা মাটিত দুটা পুখুৰী খনাই নাগ বহুৱাই দিব পাৰে সিহে আচল মন্ত্ৰী।” এই কথা শুনি ৰজাই মন্ত্ৰীক আগৰদৰে হুকুম দি ক'লে, “যদি পখুৰী খনাই দিব নোৱাৰা, তেনেহলে তোমাৰ মূৰ যাব।”
 সেই দিনাও মন্ত্ৰীয়ে ঘৰত মূৰ ঘমাই বহি আছে দেখি, নাগ-ৰজাৰ জীয়েকে দেখা পাই, “কি হৈছে?” বুলি সুধিলত তেওঁ ৰজাৰ হুকুমৰ কথা ক'লে। কথাটো শুনি ঘৈণীয়েকে ক’লে, “এইটো একো টান কথা নহয়; আপুনি খাই-বৈ মহাসুখে শুই থাকক, মই তাৰ ব্যৱস্থা কৰিম।” [ ৮৬ ] ৰাতি গহীন হ'লত, নাগ-ৰজাৰ জীয়েকে যৌতুকত পোৱা নাগ-নাগিনীক ক’লে, “বোপায়ে মোক বিপদত তাৰিবলৈ তহঁতক মোৰ লগত দিছে। তহঁতে আজি ৰাতিৰ ভিতৰতে এই দুপুৰা মাটিত পুখুৰী দুটা খানি তাতে নাগ বহুৱাই দিব লাগিব, নহলে এৰণ নাই।” নাগৰজাৰ জীয়েকৰ কথা শুনি নাগ-নাগিনীয়ে তেতিয়াই “দেখৰ” নাগ মাতি আনি পুখুৰী খানিবলৈ লগাই দিলে; আৰু ৰাতিৰ ভিতৰতে মাটি দুপুৰাত সিহঁতে দুটা পুখুৰী খানি তাত নাগ পুতি থৈ গুচি গ'ল। পিছদিনা পুৱা ৰজা আৰু নাপিতে পুখুৰী দুটা দেখি বিস্ময় মানিলে; আৰু এনে দুটা অসাইধ কাম দিও মন্ত্ৰীক হৰুৱাব নোৱাৰি নাপিত বিবুধি হ'ল।

 ইয়াৰ দিনচেৰেকৰ পিছত আকৌ নাপিতে এটা বুধি চৰ্জি ৰজাক ক’লে, “স্বৰ্গদেও, স্বৰ্গদেওৰ মন্ত্ৰী এতিয়াও আচল মন্ত্ৰীৰ যোগ্য হব পৰা নাইগৈ; মন্ত্ৰীৰ আৰু কাম আছে।” ৰজাই সেইটো কি কাম?” বুলি সুধিলত নাপিতে ক’লে, “যি মন্ত্ৰীয়ে ৰাতিটোৰ ভিতৰতে এখন সৰ্পৰ নগৰ সজাই দিব পাৰিব সি হে আচল মন্ত্ৰী। ন'হলে এই মন্ত্ৰী ফপহুতা মন্ত্ৰী।” নাপিতৰ কথা শুনি ৰজাই মন্ত্ৰীক মতাই আনি ক'লে, “তুমি যদি আজি ৰাতিৰ ভিতৰতে তুমি মোক এখন সৰ্পৰ নগৰ সজাই দিয়াব পাৰা, তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা, নতুবা তোমাক কটাম। ” মন্ত্ৰীয়ে আকৌ এইটো ন-বিপদ গাত পৰাহি দেখি দুখে-বেজাৰে ঘৰত জুপুকা মাৰি বহি আছেগৈ; এনেতে সপৰজাৰ জীয়েকে দেখি “কি হৈছে? বুলি সুধিলত গিৰিয়েকে সেই বিপদৰ কথা কৈ দুখ কৰিবলৈ ধৰিলে। ঘৈণীয়েকে ক’লে, “এইফেৰা কথাৰ নিমিত্তে আপোনাৰ ইমানটো বেজাৰ? যাওক আপুনি ভাত-পানী খাই মহাসুখে শুই থাককগৈ, মই এই ৰাতিৰ ভিতৰতে আপোনাক সৰ্পৰ নগৰত কেইখন লাগে সজাই দিয়াম।” ঘৈণীয়েকৰ আশ্বাস বাণী শুনি গিৰিয়েকে ভাত-পানী খাই শুই থাকিল। ৰাতি দুপৰ হ'লত, সৰ্পৰজাৰ জীয়েকে যৌতুকত পোৱা সাপজোৰা জপাৰ পৰা উলিয়াই এৰি দি সৰ্পৰ নগৰ এখন সাজি দিবলৈ সিহঁতক ক'লত, সিহঁতে ততালিকে গৈ লগৰ সাপ এটাইবোৰ মাতি আনিলেগৈ। সিহঁতে বৰ বৰ অজগৰক খুটা-চটি পাতিলে, [ ৮৭ ] পানীমৰালী আৰু ডাহীক মাৰলি আৰু ৰুৱা পাতিলে। এইদৰে বিধে বিধে সাপেৰেই ঘৰৰপৰা দুৱাৰলৈ, পদূলিৰ পৰা বাটলৈকে সিহঁতে সাজি গোটেইখন সৰ্পময় কৰি পেলালে; ৰাতি এডোখৰৰ পৰা সাপৰ ফোঁপাউৰিত ওচৰত মানুহ থাকিব নোৱাৰা হ'ল। সাপৰ ফোঁপাউৰি শুনি ৰজাৰ টোপনি ভাগি গ'লত, ৰজাই উঠি চাই বিচূৰ্তি হৈ ভয় খাই লৰ মাৰি বৰ ঘৰৰ ভিতৰত সোমালগৈ। তেতিয়া ৰজাই মন্ত্ৰীক মতাই অনাই ক’লে, “মন্ত্ৰী মোক সৰ্পৰ নগৰ নালাগে, এতিয়াই ভাঙি দিয়া।” মন্ত্ৰীয়ে সেই কথা সৰ্পৰজাৰ জীয়েকক ক'লত, ঘৈণীয়েকে ভিতৰৰপৰা তিনিটা চাপৰি মাৰি দিলত সাপবোৰ দিহাদিহি গুচি গ'ল; আৰু তেতিয়াহে ৰজাই বৰঘৰৰ ভিতৰৰ পৰা ওলাব পাৰিলে।

 নাপিতে তাৰ বুধিবোৰ এটা এটাকৈ খটাইও মন্ত্ৰীক একো কৰিব নোৱাৰি বিমোৰত পৰি থাকি কিছুমান দিনৰ অন্তত আৰু এটা বুধি উলিয়ালে। সি মন্ত্ৰীক মাৰিবৰ মনেৰে ৰজাক এদিন ক'লে, “স্বৰ্গদেও, আপোনাৰ মন্ত্ৰীয়ে এইবোৰ যিমানকে কৰি দেখুৱাওক, তথাপি সি আপোনাৰ যোগ্যৰ আচল মন্ত্ৰী হ'ব পৰা নাই। যেতিয়ালৈকে সি আপোনাৰ উপৰি-পুৰুষ চিৰি আঙঠিটো আনি দিব নোৱাৰে তেতিয়ালৈকে সি আচল মন্ত্ৰী হ'ব নোৱাৰে। যি সেই চিৰি-আঙঠি আনি দিব পাৰে সি হে আচল মন্ত্ৰী।” ৰজাই নাপিতৰ কথা শুনি মন্ত্ৰীক মতাই আনি ৰজাৰ উপৰি-পুৰুষ চিৰি আঙঠি আনিবলৈ হুকুম দি ক'লে, “আনিব নোৱাৰিলে তোমাৰ প্ৰাণ নাথাকে।”

 ৰজাৰ হুকুম শুনি মন্ত্ৰীয়ে ভাবিলে যে তেওঁৰ আৰু এইবাৰ ৰক্ষা নাই। ঘৰলৈ গৈ তেওঁ মন মাৰি বহি আছে, এনেতে বিচনী ৰজাৰ জীয়েকে তেওঁক সেইদৰে আমন-জিমনকৈ থকা দেখি “কি হৈছে?” বুলি সুধিলত, তেওঁ ক’লে, “এইবাৰ জীয়াই থাকিলেহে থকা— আজি ৰজাই তেওঁৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি আনিবলৈ মোক হুকুম দিছে আনি দিব নোৱাৰিলে মোৰ প্ৰাণ নাথাকে।' ঘৈণীয়েকে ক’লে, “বাৰু যাওক, খোৱা-বোৱা কৰকগৈ; চিৰি-আঙঠি আনি দিব লাগে, আনি দিয়া যাব; সি একো টান কাম নহয়।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীয়ে অলপ [ ৮৮ ] উশাহ পাই উঠি খাবলৈ গ'ল।

 ইফালে নাপিতটোৱে ভাবিলে “ই মন্ত্ৰীয়ে নো কেনেকৈ বাৰে বাৰে ইমান আচৰিত কামবোৰ কৰে, চাব লাগিব।” ইয়াকে নাপিতে ভাবি, ৰাতি মন্ত্ৰীৰ ঘৰলৈ গৈ বাহিৰৰ পৰা বেৰৰ জলঙাইদি জুমি চাই আছিল। ৰাতি গহীন হ'লত বিচনীৰজাৰ জীয়েকে যৌতুকত পোৱা বিচনী দুখন উলিয়াই “আজি মোক বিপদত তৰাব লাগিব” বুলি বিচনী দুখনৰ আগত কৈ, এখনেৰে গিৰিয়েকৰ গাত বা মাৰি দিলত গিৰিয়েক মাৰি থাকিল; আৰু ততালিকে, ৰজাৰ উপৰি-পুৰুষৰ ওচৰ পাই, ৰজাই চিৰি-আঙঠিটো খুজিছে বুলি তেওঁলোকৰ আগত কৈ আঙঠিটো ললে। তাৰ পাছত ঘৈণীয়েকে এখন বিচনীৰে বা মাৰি দিলতে গিৰিয়েকে জীৱ পাই উঠি বহিল। বেৰৰ জলঙাইদি নাপিতে এই কথা দেখি গুচি আহিল।

 পিছদিনা মন্ত্ৰীয়ে ৰজাৰ হাতত চিৰি-আঙুঠিটো দি ক'লে, “স্বৰ্গদেৱ, এইয়া চিৰি আঙুঠি চিনি লওক।” ৰজাই আঙঠিটো দেখি চিনি পাই, মন্ত্ৰীক শলাগিবলৈ ধৰিলে, সেইদিনা মন্ত্ৰীয়েও নাপিতক মাৰিবৰ বুধি সাজি ৰজাক ক’লে, “স্বৰ্গদেউ, এই চিৰি আঙঠি আনিবলৈ যাওঁতে দেখি আহিলোঁ, যে নাপিতৰ অভাৱত আপোনাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি আৰু নখবোৰ বৰ দীঘল হৈ পৰিছে। তেখেকসকলে মোক দেখি আপোনাৰ নাপিতটোৰ নাম কাঢ়ি তাক তেখেতসকলৰ ওচৰলৈ পঠিয়াই দিবলৈ ক'লে।” ৰজাই মন্ত্ৰীৰ কথা সঁচা বুলি পতিয়াই নাপিতক মতাই অনাই ক’লে “মোৰ উপৰি-পুৰুষসকলৰ ডাঢ়ি-চুলি দীঘল হ'ল। তই আজি ৰাতিয়ে গৈ খুৰাই আহিবলৈ লাগে।” নাপিতে “ভাল সৰ্গদেউ” বুলি তাৰ ঘৰলৈ গ'ল। সি আগদিনা মন্ত্ৰীয়ে দুখন বিচনীৰ সহায়ত পৰলোকৰ পৰা ৰজাৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি অনা দেখিছিল। সি সেইদেখি সেইটো উজু কাম বুলি ভাবি ৰং মনেৰে কৰিবলৈ আগবাঢ়ি তাৰ ঘৈণীয়েকক সোনকালে ভাত-পানী ৰান্ধি দিবলৈ ক'লে। খাই-বৈ উঠি নাপিতে নাপিতনীক দুখন বিচনী আনিবলৈ ক'লে। নাপিতনীয়ে বিচনী দুখন আনি দিলত, নাপিতে তাইক ক'লে, “বোলো মই ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিব লাগে, [ ৮৯ ] এতেকে তই এখন বিচনীৰে মোক বিচি দে, দিলেই মই মৰিম, মৰি তেখেতসকলৰ ডাঢ়ি-চুলি খুৰাওঁগৈ, আৰু কিছুপৰৰ পিছত ইখন বিচনীৰে তই মোক বিচি দিলেই মই জীম।”

 নাপিতৰ কথা শুনি ঘৈণীয়েকে বিচনী এখন লৈ তাক বিচি আছে, কিন্তু সি নমৰে। সি নমৰা দেখি তাই তাৰ ওকণীশিৰতে বিচনীৰ নালেৰে মাৰ এটা মাৰি দিলে আৰু একে মাৰতে নাপিত মৰি থাকিল। ইয়াৰ অলপ পৰৰ পিছত নাপিতনীয়ে ইখন বিচনীৰে বিচিবলৈ ধৰিলে। কিন্তু তাই বিচে হে বিচে গিৰিয়েক নিজীয়ে।

 পিছেদিনা ৰজাই বিচাৰ কৰিলে, নাপিতে ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিল নে নাই? নাপিতনীয়ে গিৰিয়েৰ মৰাশটো আগত লৈ বিচনীৰে বিচি আছে, তথাপি গিৰিয়েক নিজীয়ে! আৰু শটো উখহি ভীম্বাকাৰ দি তাৰপৰা গোন্ধ ওলাবলৈ ধৰিলে। শেহত তাৰ পৰা ইমান গোন্ধ ওলাবলৈ ধৰিলে যে গোন্ধ পাই ৰজাই, নাপিতৰ কি হ'ল, তাৰ ঘৰৰ ভিতৰ সোমাই চাবলৈ টেকেলা পঠিয়াই দিলে। টেকেলাই নাপিত মৰি উখহি গোন্ধাই থকা দেখি নাপিতনীক ধৰি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই তেতিয়াই, ঘৈণীয়েকে নাপিতক মাৰিলে বুলি ভাবি তাইকো মৰাই নাপিতৰে সৈতে একেলগে পোতাই থ’লে। সেই দিনাৰ পৰা মন্ত্ৰীয়ে সুখেৰে খাই-লৈ কাম-কাজ কৰি থাকিল।

উনবিংশ সাধু

নাতি। - “ককাদেউতা তুমি আজি মোক কৈছিলা যে মিলি-জুলি লগ-লাগি কাম কৰিলে কামটো যিমানেই টান হওক কৰিব পাৰি। সঁচা নে?” [ ৯০ ]

কণা আৰু কুজা

 এখন গাঁৱত এটা কণা আৰু কুঁজা মানুহ আছিল। দুইৰো বৰ মিল আছিল এদিন কণাই কুজাক কলে, বান্ধ, আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ বলা; ঘৰত বহি থাকি থাকি মিছাতে কাল কটাই হে আছোঁহঁক।” এই কথা শুনি কুঁজাই ক'লে,“ এ বান্ধ, তুমি নো এনেবোৰ গছত গৰু-উঠা হোলোঙাৰে কাণ-বিন্ধোৱা কথা ক'বলৈ শিকিলা কেতিয়াৰপৰা দেও হে? ম‍ই হলোঁ কুঁজা, তুমি হ’লা কণা। মই জানিবা কোনোমতে কুঁজা-কুঁজিকৈ ইফাল-সিফালে যাওঁৱেই, তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখা। এনে থলত আমি বিদেশলৈ গৈ ধন ঘটিমহঁক? ভাল কথা কৈছা দেও হে।” কুঁজাৰ কথা শুনি কণাই হাঁহি ক’লে, “বান্ধ, তুমি নো ভয় খাইছা কেলৈ? তাৰ বুধি আছে। মইতোমাক কান্ধত তুলি লৈ যাম, তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তাৰ উপৰি মোৰ বুধি নথকাও নহয়।” কণাৰ কথাটো কুঁজাৰ মনত খাই গ'ল। কুঁজাই মাত লগালে— “ভাল কথা, বান্ধ, আহাঁ আমি ওলাই যাওঁহঁক; আমাৰ নো কপালত কি কি আছে এবাৰ তাকে খেপিয়াই-জেপিয়াই চাওঁহঁকেইচোন; ঘৰতে বহি বহি আমি শুদাতে ভেকুৰী বুঢ়া হে হৈছোঁহঁক।”

 ইয়াৰ পিচদিনা পুৱাই কণাৰ কান্ধত কুঁজা উঠিল, আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো গৈ থাকোতে বাটতে পৰি থকা এডাল দীঘল ফই কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, “বান্ধ, এডাল বৰ দীঘল লেজু বাটতে পৰি আছে ল'ম নে?” কণাই উত্তৰ দিলে, “লৈ থোৱা বান্ধ, সিও এসময়ত উপকাৰ দিব পাৰে।” কণাৰ কথা শুনি কুঁজাই কণাৰ কান্ধৰপৰা নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূণ পৰি থকা দেখি কুঁজাই কণাক কলত,কণাই চূণ-মলাও লৈ থবলৈ কলত, তাকো তুলি ল'লে। এইদৰে সিহঁত গৈ আছে, এনেতে পথাৰৰ [ ৯১ ] মাজৰ আলিত গা ৰ'দাই থকা দুৰাকাছ এটা কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, “বান্ধ, এটা দুৰাকাছ দেখিছোঁ।” কণাই ক’লে, “নামা, নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাঁগৈ; কোনে জানে সিও সময়ত উপকাৰ দিব পাৰে।” কণাই এইদৰে পাচি দিলত কুঁজাই হাততসাৰে ভৰিতসাৰে গৈ কাছটো খপ্‌কৰে ধৰি লুটিয়াই পেলালে, আৰু পেলায়েই তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো ধৰি লৈ আহিল।

 এইদৰে দুয়ো গৈ গৈ গধূলিপৰত এক মহা অৰণ্যত ওলালগৈ। সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুঁজাই কণাক ক'লে, “বান্ধ, এইখন মহা অৰণ্য; গধূলিও হৈ আহিছে; তোমাৰো ভাগৰ লাগি আহিছে; ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ; ইয়াতে থাকি ৰাতিটো কটাওঁহঁক আহাঁ।” কণাইও “বাৰ” বুলি কুঁজাৰে সৈতে গৈ সেই ঘৰৰ দূৱাৰ-মুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুঁজাই খপ্‌কৰে বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি খুন্দি বান্ধি পেলালে। দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল; আৰু তেতিয়া সি দেখিলে মহাবিপদ, কোনোবাই বাহিৰৰ পৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰতে বন্দী কৰি পেলালে। সি যে এনেকৈ ঠেকত পৰিব, এইকথা ৰাক্ষসে আগেয়ে নাভাবিছিলেই; এতিয়া সেইদেখি সি নিৰুপায় হৈ ঘৰৰ ভিতৰতে ডেডাউৰিবলৈ ধৰিলে। ডেডাউৰি শুনি কণা আৰু কুঁজা দুয়ো ওফাইদাং মাৰি বাহিৰৰপৰা মাত লগালে, “ভাই, আমি তোৰ ডাবিলৈ ভয় কৰা ভকত নহওঁ! আমি তোতকৈও ডাঙৰ বীৰ; তোৰ নিচিনাটোক আমি আমাৰ টুণৰ টেমিত ভৰাই থৈ চূণেৰে সৈতে পাণত সানি খাই থব পাৰোঁ বুলি জানিবি। তোক মোহাৰি মাৰিলে আমাৰ হাতত গোন্ধৰ ৰাহিৰে একো চিনেই নাথাকিব।” সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰ পৰা ক’লে, “তহঁত যে ইমান ডাঙৰ বীৰ তাৰেই বা চিন কি?” সিহতে উত্তৰ দিলে, “তই যে ইমানকৈ ভিতৰত দমদমাই আছ, তয়েই যে বৰ বীৰ তাৰেই বা চিন কি!” এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰপৰা চুলি এডাল উঘালি ঘৰৰ বাৰ আৰু ছালৰ পানী পাছৰ মাজৰ সুৰুঙাইদি [ ৯২ ] উলিয়াই দি সিহঁতক ক’লে—“চাচোন এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ?” কুঁজাই ততালিকে সেই সুৰুঙাইয়েই, বাটত পাই অনা লেজুডাল সৰকাই দি ক’লে, “আমাৰো চুলি এডাল ছিঙি দিছোঁ, ধৰিবি।” লেজুডাল দেখিয়েই ৰাক্ষস কোঁচ-মোচ খাই পৰিল। সি ভাবিলে – আও! ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়, তেন্তে ইহঁত বীৰকেইটাই বা কিমান ডাঙৰ। ৰাক্ষসে এইদৰে ভাবি থাকোঁতেই কুঁজাই ৰাক্ষস চুলিডাল ডোখৰ ডোখৰকৈ ছিঙি পেলাই পেংলাইকৰি মাত লগালে, “বৰ বীৰটোৰ চুলিতে চিন পালোঁ। বাৰু তোৰ মূৰৰ ওকনী এটা দেচোন চাওঁ কিমান ডাঙৰ?” ৰাক্ষসে এই কথা শুনি মূৰৰপৰা ওকণী এটা আনি সৰকাই কুঁজাৰ হাতত পেলাই দিলত কুঁজাই হো-হো-কৰে হাঁহি ওকণীটো ফুটাই, “হোঁ, মোৰ মূৰৰ এইটো ওকণী নি ফুটাচোন” বুলি দুৰাকাছটো ৰাক্ষসক দিলে। ৰাক্ষস অবাক। সি কোনোমতেই দুৰাকাছটো ফুটাব নোৱাৰিলে। তেতিয়া সি ভাবিলে, সঁচাকৈয়ে তাতকৈ ইহঁত ডাঙৰ বীৰ। এনেতে কণাই মাত লগালে, “হেৰ, তোৰ এচৰু গাখীৰ আমাক দে আমি খাওঁ আৰু আমাৰ এই চৰু গাখীৰ তই খাচোন।” এই বুলি চূণৰ মলাটো ৰাক্ষসৰ হাতত কুঁজাই দিলে। ৰাক্ষসেও ভিতৰৰপৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে। ৰাক্ষস আগৰ দুটা কথাত লাজত পৰি আছিল, সেইদেখি চূণমলা পায়েই সি গাখীৰ বুলি একেসোঁহাই খাই পেলালে। চূণে ডকাত তৎ নাপাই ৰাক্ষস বলিয়া হ'ল আৰু শেহত সি নিজৰ জিভাখনকে আজুৰি ছিঙি ডেডাউৰিয়াই মৰি থাকিল।

 কণা-কুঁজা ৰাতি বাহিৰতে থাকিল। পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰক সোমাই দেখিলে যে তাত অনেক হীৰা, মুকুতা, সোণ, ৰূপ আছে। দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল। সিহঁতে ঘৰৰ ওচৰা-ওচৰি পালত, সোণ-ৰূপ-হীৰা-মুকুতাবোৰ ভগাই ল'বৰ মন কৰিলে। কুঁজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ ল'বলৈ ক'লত, কণাৰ হাত সৰহীয়া ভাগত পৰিল। কুঁজাই দেখি “ভগোৱা বেয়া হৈছে” বুলি কৈ আকৌ আগৰদৰে ভগাই সৰহীয়া [ ৯৩ ] ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক লবলৈ ক’লত, ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতহে পৰিল। কুঁজাই ভাবিলে “ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে।” ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘঁহি দিলে। কিন্তু কণাৰচকুত চামনি পৰিহে সি নেদেখা হৈ আছিল; এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গ'ল আৰু তাৰক চকুৰে দেখা হ'ল। সেইদেখি কণাই চকু মেলিয়েই কুঁজাৰ ফাঁকি বুজিব পাৰি কুঁজাৰ কুঁজত এটা থিয়গোৰ মাৰি দিলে। গোৰ খাই কুঁজাৰ কুঁজ পোন হৈ গ'ল। তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰাঘৰি গুচি গ'ল।

বিংশ সাধু

ককা। —“সোণাই ঔ, আজি এটা কথাবাহী বুঢ়াৰ সাধু এটা কওঁ শুন”—

কথাবাহী বুঢ়া

 এহাল বুঢ়া-বুঢ়ী আছিল, সিহঁতৰ মাথোন একেটি ল'ৰা। বুঢ়া- বুঢ়ীৰ ভাতে-ভঁৰালে, গৰুৱে-গায়ে সম্পূৰ্ণ আছিল আৰু দুয়ো অতি যত্নেৰে ল'ৰাটি তুলিতালি ডাঙৰ কৰি মহাসুখে ঘৰবাৰী চলাইছিল। সিহঁতৰ গাঁৱৰ কোনো মানুহেৰে দন্দ-হাই খিয়াল-হিংসা নাছিল; বৰং সকলোৱে সিহঁতক ভাৰসা আৰু মান সৎকাৰ কৰিছিল আৰু পাৰ্য্যমানে যাৰে তাৰে সিহঁতে উপকাৰ হে কৰিছিল। ল'ৰাটিৰ ঘৰখন পাতি, পো- বোৱাৰীৰ ৰং-ধেমালি চাই মৰিবলৈ বুঢ়া-বুঢ়ীয়ে বৰকৈ হেঁপাহ কৰিছিল; [ ৯৪ ] কিন্তু নিষ্ঠুৰ কালে সেই আশা পূৰাবলৈ নিদিলে। বুঢ়া-বুঢ়ীয়ে ল'ৰাটিক এডাল কূটা দুডাল কৰিবলৈ নিদিছিল আৰু ৰজাৰ কোঁৱৰৰ দৰে বৰ আলসুৱা কৰি তুলিছিল। এইবাবে বুঢ়া-বুঢ়ী মৰিলত সি অকলশৰীয়া হৈ কি কৰিম ক'লৈ যাম লগাই মহা চিন্তাত পৰিল। সি যে বনবাৰী একো কৰিব নাজানেই, তদুপৰি সি কথাবাৰ্তাতো এলাবাদু। এনে অৱস্থাত সি বিয়া কৰাবলৈ মন মেলি গাঁৱৰ কেবাঘৰতো ছোৱালী ধৰিলেগৈ। তাক গাঁৱৰ সকলোৱে এলেবাং বুলি জানি ছোৱালী দিবলৈ গেঁৰোগেঁথোঁ কৰিলে। তেতিয়া সি ছোৱালী বিচাৰি কিছু দূৰ গাঁৱলৈ গ'ল; তাতে এঘৰ মানুহে তাৰ কথাবোৰ শুনি ছোৱালী দিবৰ মন কৰি ঘৰ-বাৰী চামগৈ বুলি কৈ তাক পঠাই দিলে; আৰু ইয়াৰ পিছত ঘৰ- দুৱাৰ চাই-চিতি গঞাহঁতৰে চিনাকি হৈ সেই মানুহটিয়ে বিয়াৰ দিন- বাৰ চোৱাই ছোৱালীজনী এলেবাঙলৈ বিয়া দিলে।

 ছোৱালীজনী বৰ চাবতিয়াল আৰু বুদ্ধিমতী আছিল। তাই ঘৰ গৰকিয়েই জানিব পাৰিলে যে গিৰিয়েক অকামিলা মানুহ; নচেৎ মাটি- বাৰী, গৰু-গাই, দ্ৰব্য-বস্তু যিবোৰ বুঢ়া-বুঢ়ীয়ে থৈ গৈছে, তাৰে এঘৰ মানুহ ভালকৈ প্ৰৱৰ্তিব পাৰে। ইয়াকে চাই তাই এদিন গিৰিয়েকক ক'লে বোলে সিঁহতৰ গাঁৱত কথাবাহী নামে বুঢ়া এটি আছে, সেই বুঢ়াৰ ওচৰলৈ গ'লে গিৰিয়েকে অনেক কথা শিকিব পাৰিব। এই কথাত গিৰিয়েক মান্তি হৈ পাছদিনা প্ৰাতসতে কথাবাহী বুঢ়াৰ ঘৰত ওলালগৈ। বুঢ়াই বহিবলৈ দি ডেকাক অহাৰ কাৰণ সুধিলে। ডেকাই সকলো কথা ভাঙি ক'লত বুঢ়াই গুটদিয়েক প্ৰশ্ন কৰি ডেকা কিমান পানীৰ মাছ বুজি লৈ ক’লে, “বোপাই, তুমি কথা শিকিবলৈ হ'লে মোৰ ঘৰত এবছৰ থাকিলে হব।” ডেকাই ক’লে, “ঘৰত সুধি কাইলৈ কমহি।”

 পাছদিনা লাগতিয়াল দ্ৰব্য-বস্তু লৈ সি কথাবাহীৰ ঘৰত সোমালহি। বুঢ়াই ডেকাৰ হতুৱাই এবছৰ খচি কাম কৰাই আহু, শালি, মাহ, সৰিয়হ শাক, পাচলি, আলু, বেঙেনা, চচাঁ-কটা, খৰাহি, পাছি, কুলা, চালনী, পাটী, ঢাৰি, জাকৈ, জুলুকি আদি সকলো বিধৰ হাতৰ বিদ্যা তাক শিকালে। ডেকাই খেতিয়কৰ সকলো বিদ্যাত পৈণত হৈ বছৰ উকলিলতে [ ৯৫ ] কথাবাহী বুঢ়াক অতি নম্ৰভাৱে জনালে যে, “আপদেও! বছৰ পূৰ হ'ল; আপুনি কি কথা শিকাব খুজিছিল শিকাই মোক বিদায় দিব লাগে।” বুঢ়াই ক’লে, “দুয়ো গা-পা ধুই খাই-বৈ আহিলে হে হ'ব।” খাই উঠি দুয়ো চোতালত বহিলহি আৰু অলপ বেলি টলকা মাৰি থাকি বুঢ়াই ডেকাৰ ফালে চাই ক'লে, “বোপা! বাৰীৰ ভিতৰত কেলেহুৱা মানুহ নচপাবা। ন–চহকীৰ ধাৰ নকৰিবা; লাগিলে পুৰণি চহকীৰেই ধাৰ কৰিবা। তিৰোতাক বিশ্বাসী কথা নক'বা। ৰজাৰ আগত মিছা কথা নক'বা। এতিয়া তুমি তোমাৰ ঘৰলৈ যাব পাৰা” এইবুলি বুঢ়াই তাক আশীৰ্বাদ কৰি বিদায় দিলে।

 ডেকাই ঘৰমুৱা হৈ বাটে বাটে ভাবি আহিছে যে এবছৰ পাই- পইচা নোহোৱাকৈ তেজক পানী কৰি খাটি বাৰে-ভচহু এইকিটা কথা হে পালোঁ। বাৰু এইকিটা কথাৰ প্ৰমাণকে চোৱা যক। তাৰ আপোন বায়েক এজনী বাৰী হৈ ল'ৰা-ছোৱালী এহালেৰে লৈ-লৈ থৈ-থৈ হৈ ফুৰিছিল; সিহঁতৰ দুৰৱস্থা দেখি মৰম কৰি সি নিজৰ বাৰীলৈ তুলি আনি বাৰীৰ আগতে ঘৰ সাজি দি যতনকৈ সিহঁতক প্ৰতিপাল কৰিবলৈ ধৰিলে। তাৰ গাঁৱত এঘৰ ন-চহকী হৈ উঠি মানুহক মানুহ যেন জ্ঞান নকৰিছিল। সি এদিন গাখীৰ দুচুঙামান লৈ ন-চহকীক দেখা কৰি ক'লে,-ডাঙৰীয়া! আজি এবছৰ মই লোকৰ ঘৰত পাই-পইচা নোলোৱাকৈ খাটি দি আহিলোঁ; ৰজাঘৰৰ খাজনা দিব লগা হ'ল, এতেকে অনুগ্ৰহ কৰি দহ টকামান ৰূপ ধাৰলৈ দিলে বৰ উপকাৰ হয়।” ন–চহকীয়ে লাহেকৈ মাত লগালে, “হেৰ! কাইলৈ আহিবি।” পাছদিনাও সি সেইদৰে পাণ-তামোলৰ টোপোলা এটা লৈ গ'ল; সেইদিনাও ন-চহকীয়ে তাক ওভোতাই পঠিয়ালে। এইদৰে হাত-ভেটি লৈ দহ-বাৰ দিন অহা-যোৱা কৰি শেষত সি লেখা এখন দি অতিকষ্টে দহ টকা ৰূপ আনি তাৰ ঘৰৰ পাৰী খুটাৰ বিন্ধাত সুমাই থ'লে। বাস্তৱতে তাৰ টকাৰ দৰ্কাৰ নাছিল; মাথোন কথা বাহী বুঢ়াৰ কথাৰ প্ৰমাণ চাবলৈ হে সি তেনে [ ৯৬ ] কৰিছিল।তাৰ পাছত সি এদিন সেই গাঁৱৰে পুৰণি চহকী মানুহ এঘৰলৈও সেইদৰে ধন ধাৰলৈ বিচাৰি গ'ল। পুৰণি চহকীয়ে তাক দেখি বহিবলৈ দি, কিয় আহিছে বুলি সোধাত সি সেই কথাকে ক'লে। তেতিয়া গৃহস্থই মূৰে কপালে হাত দি বেজাৰ কৰি ক'লে, “অমুকাৰ ঘৰত কি নোহোৱা আছিল; এতিয়া তাৰ পুতেকে লোকত হাত পাতিব লগা হৈছে। হেৰ! ৰূপ একুৰি হে লাগে? বাৰু নে, যেতিয়া পাৰ দিবিহি?

 তাৰ পাছত সি ৰজাঘৰৰ ওচৰতে চাপৰি এটাত খেতি কৰিবলৈ ধৰিলে। তাত মাহ-সৰিয়হ খাবলৈ অনেক চৰাই আহে; সেইবাবে সি খেঁকেৰু, ছিটিকা, জাল পাতি নিতৌ চৰাই ধৰি তাতে মাৰি পাখি গুচাই আনি ঘৈণীয়েকক ৰান্ধিবলৈ দি সদায় খাইছিল। ৰজাৰ এটা মৰমৰ ম'ৰা চৰাই আছিল, সিও সদায় তাৰ খেতিত পৰি অনিষ্ট কৰিবলৈ ধৰিলে। শেহত সি খেতিৰ মাজতে ঘূৰণীয়াকৈ দ গাঁত এটা খানি ওপৰত ভাল পাত দি ঢাকি থ'লে। পাছদিনা সি দেখে যে আন চৰাইৰ লগতে মৰাটোও গাঁতত পৰি আছে। ম'ৰাক সি অতি যতনেৰে ধান-পানী দি ঢাকি ৰাখি ইবোৰ চৰাই মাৰি বখলিয়াই আনি ঘৈণীয়েকক ক'লে, “হেৰ! বহুত দিনৰপৰা ম'ৰাৰ মঙহ খাবৰ মন গৈছিল, আজি পাই আনিছোঁ; ভালকৈ ৰান্ধি দিবি দেই।” ঘৈণীয়েকে বোলে, “কত পালা, কেনেকৈ ধৰিলা কোৱাচোন?” গিৰিয়েকে বোলে, “তোক ক'লে কটা যাব লাগিব।” ঘৈণীয়েকে বোলে, “এৰা তাকে হে মোৰ কৰাবলৈ বাকী আছে। আমি য'তে ত'তে অবিশ্বাসী।” এনে বোলাত গিৰিয়েকে কথাটোৰ থোৰ ভাঙি ক'লে। তেতিয়া তাই তাৰে মঙহ এসোপা লৈ জেশাহুয়েকৰ ঘৰলৈ নি “ভায়েকে ম’ৰা চৰাই এটা মাৰি আনিছে তাৰে এয়া আনিছোঁ, ৰান্ধি খাব” এনে বুলি কৈ, আহিব খোজোতেই শাহুৱেকে সুধিলে, “ক’ৰ ম’ৰা কেনেকৈ মাৰিলে মোক কচোন, ইমান ততাতৈয়া কিয় কৰিছ?” তেতিয়া তাই থেৰোগেৰো কৰি থোৰতে কথাটো ক'লে।

 ইপিনে ম'ৰা নেদেখি ৰজা-ঘৰত বিচাৰ লাগিল। ইটোৱে সিটোৱে [ ৯৭ ] কোৱা-মেলা কৰিবলৈ ধৰিলে যে অমুকাৰ খেতিতে দিনৌ ম’ৰাটো চৰেগৈ। অৱশ্যে সিহে কিবা কৰিব পায়। ৰজাৰ টেকেলাই গৈ গধূলি বায়েকৰ ঘৰত বহি ম'ৰাৰ কথা উলিয়াই অনেক চহ দিয়াত তাই ভায়েকৰ কথা কৈ দিলে। ইপিনে ভায়েকেও সজাগ হৈ ফুৰিছিল। এতিয়া কল- তলৰপৰা সি বায়েকে টেকেলাক কোৱা কথাবোৰ শুনি আহি ঘৈণীয়েকক ক'লে যে ৰজাৰ টেকেলা আহি তাক ধৰি বান্ধি নিবহি, এতেকে সি ৰূপ পাঁচ টকা হাতত লৈ ঢাৰিৰ মেৰত সোমাই থাকিল; সি ঘৰত নাই বুলি ঘৈণীয়েকে টেকেলাক ক'বলৈ ক'লে। টেকেলা আহি ঘৈণীয়েকক মাতি গিৰিয়েকৰ কথা সুধিলে। তাই বোলে “তেওঁ মোৰ পেহাহে হয়।” টেকেলাই বোলে, “বাৰু পেহাৰ আৰু পেহীয়েৰ কলৈ গ’ল ক?” তাই, “ক”ব নোৱাৰো” বোলাত টেকেলাই তাইকে ধৰ বুলি বান্ধিবলৈ ক'লে। তেতিয়া তাই ভয়ত থক্ থক্ কৰে কঁপি ক'লে, “হেৰা পেহা! ঢাৰিৰ মেৰৰপৰা ওলোৱা” এনে বোলাত টেকেলাই গোৰ মাৰি দিয়াত ঢাৰিৰ মেৰৰপৰা গিৰিয়েক ওলাই পৰিল। টেকেলাই ধৰি বান্ধোতে গিৰিয়েকে টেকেলাক ৰূপ পাঁচটকা দি ক'লে, “ককাই! মোক যেন অনুগ্ৰহ কৰি ন-চহকী আৰু পুৰণি-চহকীৰ ঘৰৰ দুৱাৰ-মুখেদি ৰজাৰ ঘৰলৈ নিবা।” টেকেলাই “একো টান কথা নহয়” বুলি পোনতে তাক ন-চহকীৰ ঘৰলৈ নিলে, তাতে ন-চহকীয়ে টেকেলাক ক'লে, “ই মহা চোৰ, ইয়াৰ তাপত মানুহে হাঁহ, পাৰ, ছাগলী ৰাখিব নোৱাৰে! ই হাঁহ, পাৰ, ছাগলী খোৱাৰ যম। ই মোৰ ল'ৰাটোক ফুচুলাই সিদিনা ৰূপ দহ টকা ধাৰলৈ নিলে চোৰৰপৰা আৰু পোৱা যাব নে?” ইত্যাদি ৰূপে বলকি খং কৰি ন-চহকী ৰজা-ঘৰলৈ যাবলৈ ওলাল। তাৰ পাছত তাক পুৰণি-চহকীৰ ঘৰলৈ নিলত গৃহস্থই মূৰে কপালে হাত দি টেকেলাক ক'লে, “বোপাই ই ল'ৰা কদাপি চোৰ নহয়; মই ইহঁতৰ ঘৰক ভালকৈ জানো। তোমাৰ কিবা ভ্ৰম হৈছে, টকাদিয়েক লৈ এৰি দিয়া।” এনে বুলি কৈ পুৰণি-চহকীও টেকেলাৰ লগত ৰজা-ঘৰলৈ ওলাল। [ ৯৮ ] ৰজাৰ আগলৈ নিলত ন-চহকীয়ে যিমান পাৰে সিমান তাৰ বদ্‌নাম ৰটিবলৈ ধৰিলে; কিন্তু পুৰণি-চহকীয়ে ৰজাক বৰাই-বুজাই ক'লে, “মহাৰাজ! ই ল’ৰা চোৰ-চেচোৰ নহয়। স্বৰ্গদেৱৰ এটা ম'ৰা হেৰাইছে,বন্দীয়ে তেনে ম'ৰা দুটা তিনিটা অনাই দিম। সি অপৰাধী হ'লেও স্বৰ্গদেৱে লঘু দণ্ড দিব লাগে আৰু দণ্ড বিহাৰ আগেয়ে তাক এবাৰ সোধা যুগুত।” ৰজাই তাক সোধাত সি ক'লে, “মহাৰাজ! ন–চহকীয়ে কোৱামতে মই চোৰ, মোৰ একো ক'ব লগীয়া নাই!” তেতিয়া ৰজাই তাক শূলত দিবলৈ হুকুম দিলে। তাক নিবলৈ ধৰোতেই সি ক'লে,

“কিনো কালৰ বেহা
তিৰোতাই বুলিলে পেহা॥
তিৰিক নিদিবা হিত।
গাতৰ ভিতৰত ধৰে ম'ৰাছালি,
স্বৰ্গদেৱৰ চঞ্চল চিত॥”

 পুৰণি চহকীয়ে বোলে, “মহাৰাজ! সি কিবা এটা কৈছে; আনি সোধক। ” ৰজাই তাক মতাই আনি সোধাত সি সেই কেইফাঁকি কথাকে আকৌ মাতিলে। তেতিয়া ৰজাই তাক কথাটো ভাঙি ক'বলৈ কোৱাত সি কথাবাহী বুঢ়াৰপৰা যি কিটা কথা শিকিছিল সেইকিটা সম্পূৰ্ণ সঁচা নে মিছা তাৰ প্ৰমাণ চাই তাৰ ফলিওৱা কথাটো ক'লে। সি ক'লে “মহাৰাজ! ম‍ই ম’ৰা খোৱা নাই, মানুহ পঠালে খেতিৰ মাজত গাঁতত ম'ৰাই চালি ধৰি থকা পাব।” কথাটো শুনি ৰজাই তাৰ খেতিলৈ মানুহ পঠিয়াই দিলত, ৰজাৰ মানুহে সেইমতে ম'ৰা পাই লৈ আহিল। সি আকৌ ক’লে, “ ন–চহকীৰ দহ টকা ৰূপ মই খৰচ কৰা নাই, পাৰীখুটাৰ ফোঁপতে থৈ দিছোঁ; স্বৰ্গদেৱে অনাই তেওঁক দিয়াব পাৰে। পুৰণি-চহকীৰ ৰূপ কুৰি টকা নিও অইন এটা পাৰীখুটাৰ ফোঁপত থোৱা হৈছে; কিন্তু তেওঁ এনে সাধু যে সেই কথা নুলিয়াই মোক ৰাখিবৰ নিমিত্তে আৰু ৰূপবান খৰচ কৰিবলৈকেহে আগবাঢ়িছে। কেহেলোৱাক বাৰীত ঠাই দিয়া, [ ৯৯ ] তিৰোতাক বিশ্বাসী কথা কোৱা আৰু ৰজাৰ আগত মিছা কোৱাৰ পৰা মোৰ প্ৰাণৰ সংশয় হৈছিল।' এই বুলি সি গোটেইবোৰ কথা ভাঙি ক'লে।

 ৰজাই তবধ লাগি থাকি ন-চহকীক অনেক তিৰস্কাৰ কৰি খেদাই দিলে। কথাবাহী বুঢ়াক মতাই আনি ৰাজসভাৰ মেলুৱাই পাতিলে আৰু পুৰণি-চহকীক বিশ্বাসী ডাঙৰ বিষয় এখন দিলে। আগৰ এলেবাঙক ৰজাঘৰৰ বিশ্বাসী ভিতৰুৱাল বিষয়া পাতিলে।

একবিংশ সাধু

 ককাকক আজি জুহালৰ ওচৰত বহি নমতা-নোবোলাকৈ থকা দেখি নাতিয়েকে ওচৰ চাপি গৈ মাত লগালে, “ককাদেউতা, আজি তোমাৰ কি হ'ল? মোৰ ফালে নোচোৱাই দেখোন?

ককা৷ - “তোৰ ওপৰত মোৰ খং উঠিছে, সেইদেখি।”

নাতি। - "মইনো কি কৰিলো ককাদেউতা?”

ককা। – “তই আৰু কি কৰিবি, দোষ কৰিছ।”

ককা। - "কি দোষ ককাদেউতা?”

ককা। - “বৰ দোষ। তই আজি মাৰৰ বঁটাৰ তামোল কটাৰীখন লৈ গৈ বাঁহৰ কাঠী এডাল চাঁচি কটাৰীখনৰ মুখখন ভোটা কৰিছিলি, মই দেখি আছিলো। পিছে যেতিয়া মাৰে কটাৰীখন কোনে তেনে কৰিলে বুলি যাকে-তাকে সুধিছিল, তই সেই কথা শুনিও সৈ নাকাঢ়ি মনে মনে আছিলি। দোষ সৈ কঢ়াটো ওখ মন আৰু সাহৰ চিনাকি, মানুহ মাত্ৰকেই দায়- জগৰ কৰেই; কিন্তু আগলৈ তেনে নকৰিবলৈ মনতে থিৰাং কৰি খোলা মনেৰে যি সৈ কাঢ়ে সিহে মানুহ। তেনে কৰিলেহে তই সাহিয়াল পুৰুষ হ'ব পাৰিবি, নহ'লে নোৱাৰ।” [ ১০০ ] নাতি। - “আজিৰপৰা ককাদেউতা মই ঠিক কৈছোঁ, নিশ্চয় নিশ্চয় মোৰ দোষ সৈ কাঢ়িম আৰু আগলৈ তেনে দোষ নকৰিবলৈ মনতে থিৰাং কৰিম। আজিৰ মোৰ অপৰাধ ক্ষমা কৰা ককাদেউতা।”

ককা। - “কৰিলোঁ ক্ষমা। এতিয়া মোৰ ওচৰ চাপি আহ, চুমা এটা দে আৰু সাধু এটা শুন।”

নিমাতী কন্যা

 এক ৰজা আছিল। ৰজাৰ ল'ৰা-ছোৱালী একোৱেই নাই। এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্যাসীক লগ পালে। সন্যাসীৰ আগত তেওঁৰ ল'ৰা-ছোৱালী নোহোৱাৰ হাৱাৰ বিষয় ভাঙি ক’লত সন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক'লে, “এই গুটিটো আপোনাৰ মাদৈক খুৱাব; খুৱালে তেওঁৰ দুটি পুত্ৰ হ'ব, কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব।” ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল আৰু ঘৰ পাই সেই ফলটো মাদৈক খাবলৈ দিলে। কিছুমান দিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে দুটি পুত্ৰ-সন্তান লাভ কৰিলে। লাহে লাহে ল'ৰা দুটি ডাঙৰ হ'ল, দুয়ো দুয়োকো ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে। ৰজাই ল'ৰা দুটিৰ ৰেহ-ৰূপ চাই আনন্দতে বিভোল হ'ল; সন্যাসীৰ কথা একেবাৰেই পাহৰিলে। সিপিনে সন্যাসীয়ে দিন-বাৰ লেখি আছিল। ল'ৰা দুটিৰ প্ৰথমটিৰ ষোল বছৰ আৰু দ্বিতীয়টিৰ পোন্ধৰ বছৰ হ'লত এদিন সন্যাসী আহি ৰজাৰ নগৰত ওলালহি আৰু ৰজাক পূৰ্বৰ কথা সোঁৱৰাই দি বৰটো কোৱৰ খুজিলে। ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্ৰিয় পুত্ৰ বৰকোৱৰক সন্যাসীৰ হাতত সমৰ্পণ কৰিলে।

 কোঁৱৰে ঘোঁৰাশাললৈ গৈ এটা সুন্দৰ ঘোঁৰা বাছি ল'লে; তেওঁৰ অতি উত্তম সাজ পিন্ধি মূৰত এটা পাগুৰি মাৰিলে আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলোমাই ল'লে। পাছে সকলোকে বিদায় [ ১০১ ] লৈ ঘোঁৰাত উঠি কোঁৱৰ সন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে। এইদৰে তিনি দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে, সেই ঘৰবিলাকেই সন্যাসীৰ আশ্ৰম। কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলোমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰেবাটে পেলাই গৈছিল, এতিয়া আশ্ৰম পালত আৰু ফালিবলৈ এৰিলে। সন্যাসীৰ আদেশমতে ঘোঁৰাৰপৰা নামি কোঁৱৰ এটা ঘৰত সোমাল। তাত তেওঁ এখন ভয়ঙ্কৰ কালী গোসাঁনীৰ মূৰ্তি আৰু কোষা-অৰ্ঘা, শঙ্খ-ঘণ্টা আদি পূজাৰ অনেক সঁজুলি দেখিবলৈ পালে। কোঁৱৰক সেই ঘৰত সুমুৱাই থৈয়েই সন্যাসী গা ধুবলৈ গ'ল। ইপিনে কোঁৱৰে অন্যকেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে, এটাত কিছুমান মানুহৰ কটা মূৰ শাৰী শাৰীকৈ ওলোমাই থোৱা আছে। সেই কটা মূৰকেইটাই কোৱঁৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে, কিন্তু একোকে নক'লে। আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ চাৰিটা থালিত তপতোৱা দেখা পালে। এইবিলাক দেখি-শুনি কোঁৱৰ বিচূৰ্তি হ'ল। ইতিমধ্যে সেই সন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোসাঁনী মূৰ্তিৰ আগত অষ্টাঙ্গে প্ৰণাম কৰিবলৈ ক'লে। কোঁৱৰেও সেইদৰে কৰিলত হাতত খড়গ লৈ সেই ৰাক্ষসে তেওঁক গোসাঁনীৰ আগত বলি দিলে।

 ইফালে, সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই, পিতাকৰ আদেশমতে এটা ঘোঁৰাত উঠি ককায়েকক বিচাৰি গ'ল। এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ। সেই সময়ত সন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল। কোঁৱৰ গৈ পোনেই মানুহৰ কটা মূৰবোৰ থকা খোটালিত সোমালগৈ। সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মূৰটোও দেখিবলৈ পালে। সেই মূৰটোৱে মাত লগালে— “ভাইটি, তুমি ইয়ালৈ

কেলৈ আহিলা? এই সন্যাসী আচল সন্যাসী নহয়— ৰাক্ষসহে। তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসাঁনীৰ আগত প্ৰণাম কৰিবলৈ ক'ব, তেতিয়া তুমি মই ৰজাৰ ল'ৰা প্ৰণাম কৰিব নেজানো বুলি ক'বা তেতিয়া সন্যাসীয়ে প্ৰণাম কৰি দেখুৱাই দিব। সেই ছেগতে তুমি খড়গখন তুলি লৈ একেকোবেই ৰাক্ষসক কাটি পেলাবা। তাৰ পাছত [ ১০২ ]

[ ১০৩ ] গোসাঁনীৰ ওচৰত থকা অমৃতৰ কলহৰপৰা অমৃত আনি আমাৰ মুখত দিবা, আমি তেতিয়া আমাৰ পূৰ্বৰ দেহা পাম।” ইয়াৰ পাছত সৰু কোৱৰ জিভা লহ লহ কৰি থকা কালী মূৰ্তিৰ মন্দিৰত সোমাল। এনেতে সন্যাসী ওলালহি আৰু অকস্মাৎ এটা সুন্দৰ ৰাজকোঁৱৰক তেওঁ তেওঁৰ ঘৰত দেখি মনত বৰ ৰং পালে। তেতিয়া কোঁৱৰে সন্যাসীক সুধিলে যে তেওঁৰ ককায়েক কলৈ গ'ল? সন্যাসীয়ে তেওঁক গোসাঁনীৰ আগত বলি দিয়াৰ কথা নকৈ “বহু দূৰৈ বাটলৈ গৈছে, দুদিনমানৰ পাছত আহি পাবহি” বুলি ক'লে। তাৰ পাছত সন্যাসীয়ে কোঁৱৰক ক'লে, “কোঁৱৰ, তুমি এই ঠাইলৈ আহিলা যেতিয়া গোসাঁনীক সেৱা নকৰাকৈ যাব নেপায়। তোমাৰ মঙ্গলৰ অৰ্থে এই কালী গোসাঁনীৰ আগত এবাৰ প্ৰণাম কৰা।” তাতে কোঁৱৰে ক'লে, “মই ৰজাৰ ল'ৰা, প্ৰণাম কৰিব নেজানো।” “বাৰু চোৱা, এইদৰে কৰিবা” বুলি সন্যাসীয়ে গোসাঁনীৰ আগত প্ৰণাম কৰি দেখুৱাওঁতেই কোঁৱৰে হাতত খড়গ তুলি লৈ গাৰ বলেৰে সন্যাসীৰ ডিঙিত খাপ্ মাৰি দিলে। বিকট চিঞৰ মাৰি ৰাক্ষস সন্যাসী মৰি থাকিল।

 ইয়াৰ পিছত কোঁৱৰে কলহৰ অমৃত আনি সকলোটি কটা মূৰৰমুখত অলপ অলপ দিলত এটাইবিলাক ৰজাৰ ল'ৰাই পূৰ্বৰ দেহা পালে।

 সেই ৰাক্ষসৰ এজনী ভনীয়েক আছিল। ৰাক্ষস মৰাৰ সময়ত তাই অমঙ্গল দেখি লৰি আহিল। কোঁৱৰে শত্ৰু ভাবি তাইকো কাটিবলৈ ধৰিছিল, পাছে ভাই ক'লে, “কোঁৱৰ, মোক নেকাটিবা, মোৰ ককাইক মৰাৰ নিমিত্তে মই তোমাৰ একো প্ৰতিশোধ নলও বৰং এটা উপকাৰহে কৰিম।” এটাইবিলাক কোঁৱৰে সৰু কোঁৱৰক ধন্যবাদ দি নিজ নিজ ঘৰলৈ গ'ল। সৰু কোৱৰ আৰু ৰাক্ষসী দুয়ো এটা পৰ্বতৰ ওচৰলৈ গ'ল। তাতে এটা ডাঙৰ শিল ৰাক্ষসনীয়ে গুচাই দিয়াত বৰ সুৰঙ্গ এটা ওলাল। সেই সুৰঙ্গইদি দুয়ো নামি গ'ল। তাত এখন সুন্দৰ নগৰ কোঁৱৰে দেখিবলৈ পালে। সেই নগৰৰ ভিতৰলৈ কোঁৱৰ আৰু ৰাক্ষসী দুয়ো সোমাই গৈ মানুহ-দুনুহ একোকে দেখা নেপাই এটা ভাল ঘৰৰ ভিতৰলৈ গ'ল। তেওঁলোকে তাত এখন অতি মনোৰম শয্যাত এজনী সুন্দৰী ছোৱালী বহি থকা দেখিলে, ওচৰত কেৱেই নাই। এই কন্যাজনী এক ৰজাৰ জীয়াৰী। [ ১০৪ ] জন্মৰে পৰা এই ছোৱালীজনীৰ মাত-বোল নাই। এদিন ৰজাই স্বপ্নত দেখিবলৈ পালে যে “যেয়ে এই ছোৱালীজনীৰ মাত উলিয়াব পাৰিব সেয়ে এইৰ স্বামী হ'ব আৰু ছোৱালীক সেই পৰ্বতটোৰ শিলটো দাঙি তাৰ তলৰ নগৰখনত থ'ব লাগে।” ৰজাইও সেইমতেই কৰিলে। নিমাতী কন্যাৰ ওচৰত এজোপা সুন্দৰ গছ আছিল, সেই গছজোপা ৰূপৰ, তাৰ পাতবিলাক সোণৰ আৰু তাত মাণিক লাগি লাগি থাকে।

“সোণৰ গছ, ৰূপৰ পাত।
মাণিক লাগি লাগি থাকে তাত।”

 নিমাতী কন্যাৰ ওচৰত আৰু পাঁচ ৰকমৰ পাঁচোটা বাজনা আছিল আৰু যেতিয়া নিমাতী কন্যাই মাতিব, বাদ্য পাঁচোটা সেই সময়তে একেলগে বাজিব।

“নিমাতী কন্যাই মাতে।
পাঁচ বাজন বাজে॥”

 ৰাক্ষসীয়ে বাটত যাওঁতে কোঁৱৰক শিকাই গৈছিল যে নিমাতী কন্যাৰ ওচৰত তেওঁ সাধু ক'ব; ৰাক্ষসীয়ে মায়া কৰি সেই সাধু শুনি থাকিব; কোঁৱৰেও সেইমতেই সাধু জুৰিলে। ৰাক্ষসীয়ে মায়া কৰি প্ৰথমে নিমাতী কন্যাৰ ওচৰত থকা এগছ বন্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল।

(১)

 “এক বুঢ়া-বুঢ়ী আছিল, জানিছা বন্তি! সিহঁতৰ এটা সৰু ল'ৰা আছিল। ল'ৰাটোক এটা পলৰ মাজত সুমুৱাই সি উমলি থাকিবলৈ এবাটি পানী দি বুঢ়া-বুঢ়ী ধান দাবলৈ গ'ল আৰু ওচৰত এটা মৰমৰ পোহনীয়া নেউলক ৰখীয়া থৈ গ'ল, জানিছা বন্তি! এজোৰ গোম-গুমুনী সাপৰ পিয়াহ লাগিলত সিহঁতে বহুত ঠাইত বিচাৰি পানী খাবলৈ নেপালে। পাছে গুমুনীয়ে সেই ল'ৰাটোৰ ওচৰত পানীবাটি থকা দেখা [ ১০৫ ] পাই তালৈকে আহিল আৰু পলৰ বিন্ধাৰ মাজেদি মুৰ সুমাই পানী খাই গ'লহি। গুমুনী তিৰোতা জাতি, ল'ৰাটি মৰম লাগি তাই একোকে নকৰিলে; কিন্তু মতাটোৱে তাৰপৰা পানী খালে ল'ৰাক খাব বুলি তাই গোমৰ আগত পানী খোৱাৰ কথা নক'লে। কিন্তু গোমে তাই পানী খোৱাৰ গম পাই সুধিলে, “গুমুনী, তই কত পানী খালি ক?” গুমুনীয়ে ক’লে, “মই পানী খাবলৈ পোৱা নাই। তেতিয়া গোমে ক'লে, “নহয়, তই য'তে পানী খাইছ ক, ক'লেহে এৰিম।” উপায় নেপাই গুমুনীয়ে ক'লে। কিন্তু ল'ৰাটোক নেখাবলৈ বুলি দঢ়াই দঢ়াই তাই গিৰিয়েকক

শপত খুৱালে। পাছে গোম গৈ ল'ৰাটোৰ ওচৰ পালে আৰু বাটিত পানী দেখি ৰং পাই খাবলৈ ধৰিলে। তাতে একো নজনা সৰু ল'ৰাই সাপ বুলি নেজানি গোমৰ মূৰত থপিয়াবলৈ ধৰিলে। গোমৰ খং উঠি গুমুনীৰ আগত খাই অহা শপত সি পাহৰি গ'ল আৰু ল'ৰাটোৰ মূৰত খোঁট মাৰি দিলে। কিছুমান পৰ বিষৰ যন্ত্ৰণা ভুগি ল'ৰাটো মৰি থাকিল। গধূলি পৰত বুঢ়া-বুঢ়ী আহি দেখে ল'ৰা মৰিল। সাপে খোৱা চিন পাই সাপে খাই মাৰিলে বুলি জানি বুঢ়া-বুঢ়ীয়ে কান্দিবলৈ ধৰিলে। ইয়াৰ ভিতৰতে নেউলটো “সঞ্জীৱনী মাটি” আনিবৰ কাৰণে পৰ্বতলৈ গৈছিল। এনেতে নেউলটো আহি পালেহি। 'কটা মোৰ ল'ৰাক এৰি তই কলৈ গৈছিলি, তই থাকোতেও মোৰ ল'ৰাক সাপে খালে' বুলি বুঢ়াই নেউলক বেজাৰত এটাঙোন সোধাই দিলে, তাতে নেউল মৰি থাকিল। এনেতে ওচৰৰ এজনী মানুহে ক'লে, ‘বুঢ়া! নেউলৰ মুখত সঞ্জীৱনী মাটি থাকে; আছে যদি তাৰে অকণ ল'ৰাটোৰ মুখত দিয়াচোন, কিজানি ল'ৰাটো জীয়েই।' বুঢ়াই নেউলটোৰ মুখত মাটিকণ পাই আনি ল'ৰাৰ মুখত দিলত ল'ৰা জী উঠিল। এতিয়া বুঢ়া-বুঢ়ীয়ে নেউলৰ নিমিত্তে কান্দিবলৈ ধৰিলে, জানিছা বস্তি!” বস্তিত পৰি থকা মাখিটোৱে “বোঁ” বুলি শলাগিলে। কোঁৱৰে আৰু এটা নতুন সাধু আৰম্ভ কৰিলে। ৰাক্ষসীয়ে মায়াৰূপ ধৰি মাখি এটা হৈ নিমাতী কন্যাৰ ৰিহাৰ আঁচলত পৰিলগৈ। [ ১০৬ ]

(2)

 “এঘৰ গিৰিহঁতৰ এটা চোকা কুকুৰ আছিল, জানিছা আঁচল। এদিন কেইটামান চোৰ আহি সেই মানুহ-ঘৰৰ বস্তু-বাহানি এটাইবিলাক চুৰ কৰি লৈ গ'ল, জানিছা আঁচল! পাছে কুকুৰে ইয়াকে দেখি ভউ— ভউ কৰি ভুকিবলৈ ধৰিলে। গিৰিহঁত কোনেও সাৰ নেপালে। চোৰে বস্তুবোৰ চোঁচোৰাই বগৰাই নি বাঁহৰ তল পোৱালেগৈ। তেনেতে কুকুৰে সিহঁতৰ হাতে-ভৰিয়ে কামুৰিবলৈ ধৰিলে, জানিছা আঁচল! আৰু চোৰে তৎ নেপাই বস্তুবোৰ এৰি গুচি গ'ল। পাছদিনা গিৰিহঁতে সাৰ পাই পেৰা- পেটায়ে সৈতে বস্তুবোৰ নোহোৱা দেখি বিচুত্তি হ'ল। ইটো সিটো কৰি অনেক মানুহ গোট খালেহি। সকলোৱে বস্তু চুৰিৰ বিষয় গলাগোপা কৰিবলৈ লাগি গ'ল। ইফালে কুকুৰটোৱে ঘনে ঘনে গিৰিহঁতৰ মুখলৈ চাই বাঁহতলৰ ফালে লৰি গৈ ভৌ-ভৌৱাবলৈ ধৰিলে। গিৰিহঁতৰ খং উঠি ‘উঃ কটা তই এতিয়া মোৰ মুখলৈ চাই ভৌ-ভৌৱাবলৈ আহিছ? ৰাতি চোৰ আহোঁতে কি কৰিছিলি?' বুলি এডাল টাঙোনেৰে মাৰ মাৰি মাৰি পেলালে। তাৰ পাছত এজনী মানুহে বোলে, ‘হেৰা কুকুৰটোৱে নো বাঁহৰ তলৰ ফালে কিয় লৰি গৈছিল চোৱাচোন' বুলি কোৱাত গিৰিহঁতজন গৈ বাঁহৰ তলত থিয় হ'ল, আৰু তাতে তেওঁৰ বস্তু পেটাৰিয়ে সৈতে সকলোবিলাক ওলাল। গিৰিহঁতে উপকাৰী কুকুৰৰ নিমিত্তে কান্দিবলৈ ধৰিলে, জানিছা আঁচল।” আঁচলতে পৰি থকা মাখিটোৱে “বোঁ” কৰিলে।

 এনেসময়তে নিমাতী কন্যাৰ এটা হামি আহিল। মাখিটো কন্যাৰ মুখত সোমাই পেট পালেগৈ। কোঁৱৰে আৰু এটা সাধু আৰম্ভ কৰিলে; আৰু এইবাৰ কন্যাকে সম্বোধন কৰি ক'বলৈ ধৰিলে।

(৩)

 “এক সদাগৰ আছিল। তেওঁৰ এটা সুন্দৰ মৰমৰ মইনা চৰাই আছিল, জানিছা কন্যা। এদিন সদাগৰ বেপাৰ কৰিবলৈ গ'ল। মইনাক ঘৰৰ গৰাকী পাতি চাকৰ বাকৰক মইনাৰ হুকুমমতে চলিবলৈ তেওঁ কৈ [ ১০৭ ] গ'ল; জানিছা কন্যা! সদাগৰৰ এডৰা ধান আছিল ধানডৰা দাবৰ হ'ল। চাকৰবিলাকে মইনাক বুধি সুধিলে। মইনাই ধান দাবলৈ নিদি গোটেইডৰা ধানতে জুই লগাই দিবলৈ ক'লে। ধান পুৰি ছাই হ'ল। পাছে মইনা গৈ ডাঙৰ পৰ্বতৰপৰা বহুত পৰ্বতীয়া মইনা মাতি আনিলে, আৰু সেই পোৰা ধানত লগাই দিলে, জানিছা কন্যা! সেই মইনাবিলাকে ধানৰ আখৈ খাই সোণ লাদিবলৈ লাগিল; জানিছা কন্যা! তাৰ পাছত পোহনীয়া মইনাই আটাইবিলাক ধানৰ ছাই মইনাৰ লাদৰে সৈতে টোমত বান্ধি থবলৈ ক'লে। চাকৰবিলাকেও সেইদৰে কৰিলে। সদাগৰ বেপাৰৰপৰা আহি ধান কিমান হ'ল বুলি সোধাত চাকৰবিলাকে সকলো কথা ভাঙিপাতি ক'লে। তাতে সদাগৰৰ খং উঠি ‘তোক ইয়াকে কৰিবলৈ কৈ গৈছিলোঁ?' বুলি একে চাপৰে মইনাক মাৰি পেলালে; জানিছা কন্যা! পাছে সদাগৰৰ খং মাৰ গ'লত চাকৰবিলাকক তেওঁ ক'লে বাৰু টোমকেইটা আনহঁকচোন। তাত নো কি আছে চাওঁ!' চাকৰহঁতে টোম আনিলত মেলি চাই ছাইৰ লগত এটাইবিলাক সোণ দেখি সদাগৰে আচৰিত মানিলে আৰু ‘মইনাই ভালকেহে কৰিছিল' বুলি ম‍ইনাৰ বেজাৰত কান্দিবলৈ ধৰিলে; জানিছা কন্যা!” মাখিৰূপী ৰাক্ষসীয়ে নিমাতী কন্যাৰ পেটৰ ভিতৰৰ পৰা “বোঁ” কৰিলে। পাঁচ-বাদ্য বাজিবলৈ ধৰিলে। বাদ্য বজা শুনি নিমাতী কন্যাৰ পিতাক লৰি আহিল, আৰু সেই ৰূপৰ গছজোপা, পাঁচ বাদ্য আৰু অনেক ধন-সম্পত্তি তেওঁ যৌতুকত দি নিমাতী কন্যাক কোঁৱৰলৈ বিয়া দিলে। কোঁৱৰেও সুন্দৰী কন্যা লাভ কৰি আনন্দ মনেৰে নিজৰ দেশলৈ গুচি আহিল।

দ্বাবিংশ সাধু

ককা— “আজি এটা সাধু কম, সেইটো তই সদায় মনত ৰাখিবি।”

নাতি— “ৰাখিম ককা। সেইটো নো কি সাধু কোৱা ককাদেউতা?”

ককা- “শুন” [ ১০৮ ]

নোমল আৰু সোণপাহী

 এখন গাঁৱত এহাল মতা-মাইকী আছিল। মতাটোৰ নাম ৰূদাই আৰু মাইকীজনীৰ নাম ডাবহী। সিহঁতহাল বৰ মিলা-প্ৰীতিৰে ঘৰ-বাৰী কৰি আছিল। ঘৈণীয়েকে পুৱাই উঠি ঘৰ-চোতাল সাৰি-মছি বৰ পৰিস্কাৰকৈ ৰাখি ৰন্ধা-বঢ়া কামত লাগে; ইপিনে গিৰিয়েকটোৱেও সেইদৰে পুৱাতে উঠি বাৰী-ঘৰ চিকুণাই বতৰৰ খেতিত লাগে। দুয়ো বহি-শুই নাথাকি মাইকীয়ে মাইকীৰ বন আৰু মতাই মতাৰ বন কৰি থাকে। বাৰীত সকলো বিধৰ শস্য ৰুই লৈছিল; আম, কঁঠাল, লেটেকু,পনিয়ল, পাণ, তামোল, টেঙা, কল আদি একো নোহোৱা নাছিল। হাঁহ, পাৰ, গৰু-গাই, ম'হ, ছাগলী সকলো ৰাখি দুয়ো মহা সুখে-সন্তোষে গৃহবাস কৰিছিল। মুগা-এড়ি পুহি কাপোৰ-কানিৰ ফালেও লেহেৰা নাছিল; কাৰণ মাইকীজনী বোৱা-কটাত বৰ পাৰ্গত আছিল। মুঠতে ক'বলৈ গ'লে ৰুদাইক তাৰ গাঁৱত চহকী বুলিব লাগে; তাৰ ভাতে- ভঁৰালে সম্পূৰ্ণ আছিল।

 সিহঁতহালৰ ছটা ল'ৰা হ'ল, - সিহঁতৰ নাম ৰহাই, ৰঙাই, ৰসাই, ৰঞ্জয়, ৰণু আৰু নোমল। ছোৱালী হোৱা নাছিল। সিহঁত কেউটাও মাক- বাপেকক দেখি বৰ বনুৱা হৈছিল। নো্মল পেট-মোছা বাবে সকলোৰে মৰমৰ আছিল; সি ইকিটা ল'ৰাতকৈ দেখনিয়াৰও আছিল। সেইবাবে মাক-বাপেক আৰু ককায়েকহঁতে তাক বন-বাৰি কৰিবলৈ নিদি ৰজাৰ কোঁৱৰৰ দৰে তুলিছিল। মাক-বাপেকে ক্ৰমে পাঁচোটালৈ বিয়া কৰাই ছোৱালী আনিলে। বাপেকে নোমলৰ জোখাই ছোৱালী বিচাৰি অনেক গাঁৱলৈ গৈ শেহত সোণপাহী নামে ছোৱালী এটি পাই নোমললৈ বিয়া কৰালে। সোণপাহী যি সোণপাহীয়েই –নামত যেনে গুণতো তেনে। পাঁচোটা পুতেকে আৰু সিহঁতৰ ঘৈণীয়েকহঁতে ঘৰৰ বাজৰ সকলো বন-বাৰি কৰি দোপত্দোপে ঘৰখন ওপৰলৈ তুলিলে। তেওঁলোকে নোমলক যেনেকৈ এডাল কুটা দুডাল কৰিবলৈ নিদি অতি আলসুৱা কৰিছিল [ ১০৯ ] সেইদৰে তাৰ ঘৈণীয়েক সোণপাহীকো শাহুৱেক আৰু জাক কিজনীয়ে মূৰৰ ফুলৰ দৰে ঘৰৰ ভিতৰত ৰাখিছিল; কাৰণ তাই এজনী তাঁত-সূতত বৰ কাজী আছিল।

 লাহে লাহে ৰুদাই-ডাবহী পো-বোৱাৰী নাতি-পুতিৰে একুৰি ষোলটা হ'ল। এনে স্থলত মানুহে ভাবিব পাৰে যে ৰুদাই-ডাবহীয়ে ৰজা- ৰাণীৰ দৰে বহি থাকি পো-বোৱাৰীৰ ওপৰত খাবলৈ ধৰিলে; কিন্তু ৰুদাই-ডাবহী তেনে বিধৰ মানুহ নাছিল। বয়স হৈছিল বুলিও সিহঁতে আগৰ দুখ কৰা স্বভাৱ এৰা নাছিল। সকলো কামতে বুঢ়া-বুঢ়ীহে আগ ডেকা গাভৰুসকল তেওঁলোকৰ পাছে পাছে হে গৈছিল। এদিন ৰুদায়ে হাঁহ-পাৰ মৰাই ৰৌ-চিতল অনাই, গাখীৰ-গুড় গোটাই লৰাকিটাৰে দেখা-শুনাকৈ সুন্দৰৰূপে ভাত এসাঁজ খাবৰ আয়োজন কৰি ঘৈণীয়েকক ৰান্ধিবলৈ দিলে। ঘৈণীয়েকে নানাৰকমৰ মচলা দি ভজা-পোৰা মাছ মঙহ, মাহ, আদখৰীয়া, টেঙাদিয়া আদি সুন্দৰৰূপে ৰান্ধি ৰ'দাই আৰু পুতেকহঁতক খুৱাই, শেহত বোৱাৰীয়েকহঁতৰ লগত নিজে খালে। ইপিনে ৰুদায়ে চ’ৰাঘৰত বহি তামোলৰ বঁটা আগত লৈ সকলোটিকে গোটাই সুধিলে, “বোপাহঁত! ম‍ই আজি কিয় এইদৰে ভোজ খালোঁ, তহঁতে ইয়াৰ কিবা জান নে?” সিহঁতে ক'লে, “পিতাদেউ! আমি ইয়াৰ একো সম্ভেদ :নাপাওঁ; আপুনি ক'লেহে জানিব পাৰিমহঁক।” ৰুদায়ে ক'লে, “মই তহঁতক যি সুধিম সেই কথা ভালকৈ গমি সঁচা কবি। বোপা ৰহাই, কচোন বাৰু, তই কাৰ যহত নো চাউল কঠা খাইছ?” সি ক'লে, “পিতা! ম‍ই ঠিককৈ কৈছোঁ আপোনাৰ যহতহে খাইছোঁ।” এইদৰে তাৰ পিছৰ চাৰিটাক সুধিলত সিহঁতেও ৰহায়ে কোৱা কথাকে ক'লে। সেই উত্তৰত ৰুদায়ে বৰ সন্তোষ পালে। শেহত নুমলীয়া পুতেক নোমলক ৰুদায়ে সুধিলে, “বোপা! তই কচোন, কাৰ বলত নো চাউল-কঠা খাইছ?' নোমলে একে আষাৰে কৈ উঠিল, “পিতাদেউ, কোনে কাৰ বলত খাব পাৰে? সকলোৱে আপোন বলত হে খায়।” তাৰ ঘৈণীয়েক সোণপাহীয়েও গিৰিয়েকে কোৱা কথাকে ক'লে। তেতিয়া ৰুদাইৰ মূৰত বজ্ৰপাত হোৱাৰ দৰে হৈ সি কিছুমান পৰ তবধ লাগি থাকি বৰ [ ১১০ ] বেজাৰেৰে ডাবহীৰ ফালে চাই ক'লে, “হেৰ। ভাল পো ফুকাইছিলি। আৰু ভাল পোলৈ ভাল বোৱাৰী বাছি বাছি আনিছিলি। ইহঁত হালে হোনো আপোন বলত হে খাইছে। সিহঁতক আমি লেদেনা উকটি ডাঙৰৰ-দীঘল মিছাতেহে কৰিলোঁ। এতেকে হেৰ বোপা নোমল! তই এতিয়াই ঘৈণীয়েৰে সৈতে মোৰ ঘৰৰপৰ ওলাই যা, আৰু এখন্তকো তহঁতৰ মুখ চাব নোখোজোঁ। তহঁত বৰ অগুণকাৰী। অতি অকৃতজ্ঞ!!”বাপেকৰ হুকুম শুনি সিহঁতহাল পিন্ধি থকা সাজেৰেই বাহিৰ ওলাল। মাক আৰু ককায়েকহঁতে সেইপিনে মৰা-মুছা হৈ থাকি সিহঁতক একো হকা-বধা নিদি যাবলৈ দিলে, কাৰণ ভাবিছিল সিহঁত ক'লৈ যাব? এতিয়াই উভতি আহিব।

 নোমল সোণপাহী ঘৰৰ বাহিৰ ওলাই বাট পালেগৈ; এনেতে নোমলে ঘৈণীয়েকক ক'লে, “তুমি কোনো দিন ভিতৰৰপৰ বাজ ওলোৱা নাছিলা; দুখ কাক বোলে তাক নাজানা। মই কবলৈ হ'লে তুমি তোমাৰ মাৰা-বাপেৰাৰ ঘৰলৈকে যোৱাঁ। ম‍ই মতা মানুহ, মোলৈ একো চিন্তা নকৰিবা। ভালে কুশলে থাকিলে দুইৰো পুনৰ দেখাদেখি হ'ব।” সোণপাহীয়ে চকুৰ লো টুকি ক'লে—“বোপাই আয়ে মোক তোমাৰ চৰণৰ তলত মৰিবলৈ বুলিয়েই দিলে, এতিয়া তোমাৰ যি গতি মোৰো সেয়ে গতি। এনে সঙ্কটত মই তোমাক এৰি যাব নোৱাৰোঁ।” নোমলে বোলে, “ক'ত হাবিয়ে-বননিয়ে দেশে-বিদেশে মই ফুৰিব লাগিব, তুমি মোৰ সহায় নহৈ মহা বিপদ হে ঘটাবা। এতেকে মই আকৌ তোমাক কৈছোঁ, তুমি মাৰা-বাপেৰাৰ ঘৰলৈ গৈ সুখেৰে থাকাঁগৈ।” সোণপাহীয়ে বোলে “তোমাৰ লগত থাকি তোমাৰ শুশ্ৰষা কৰিবলৈ পালে মোৰ মনত অৰণ্যই অমৰাৱতী; মোৰ নিমিত্তে তুমি একো ভাবিব নালাগে; তুমি যি খোৱা ময়ো তাকে খাম, তুমি য'ত শোৱা ময়ো তাতে শুম। মাথোন তোমাৰ দৰ্শন পাই থাকিলেই মোৰ সন্তোষ আৰু সেই সন্তোষ অন্য কোনো ঠাইতে পাব নোৱাৰোঁ।” নোমলে অনেক বুজালে তথাপি সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে। শেহত সি আন উপায় নেদেখি [ ১১১ ] ঘৈণীয়েকক লগত নিয়াই যুগুত ভাবি দুয়ো খোজ ল'লে; কিন্তু ক'লৈ কি মনেৰে একো থিৰ নাই।

 এইদৰে হাবিয়ে হাবিয়ে অকলশৰে মতা-মাইকীহালি গৈ বেলি পৰিবৰ সময়ত নৈ এখনৰ পাৰত থকা বৰগছ এজোপাৰ তলত বহিলগৈ। বহা মাত্ৰকে নোমলৰ টোপনি আহিল। সোণপাহীয়ে নৈত হাত-মুখ ধুবলৈ গৈ মানুহৰ খোজ দেখা পাই খোজৰ চিনে চিনে গৈ নৈৰ দাঁতিৰ হাবিৰ মাজত ঘৰ এটা পালেগৈ। তাতে বুঢ়া-বুঢ়ী এহাল থাকে। তাত সিহঁতে মাটি ভাঙি খেতি পথাৰ কৰি খাই-বৈ আছে। এনেতে বুঢ়ীয়ে ঘৰৰ বাজলৈ ওলাই সোণপাহীক দেখি ঠৰ লাগি ৰ'ল, আৰু কৰযোৰ কৰি কবলৈ ধৰিলে, “হেৰি বনৰ মাতৃ! আপুনি কিয় দৰ্শন দিছেহি? আমি নিৰাশ্ৰয় বুঢ়া-বুঢ়ী হাবিৰ মাজত পৰি আছোঁ। আপোনাক কি দি সন্তোষ লগাম!” সোণপাহীয়ে লাহেকৈ মাত লগালে, “আই, ম‍ই দেও ভূত একো নহওঁ, ভয় নাখাব, মানুহৰ পোৱালিহে; গিৰিহঁতেৰে সৈতে আহি এমাহমান হাবিয়ে হাবিয়ে ফলমূল খাই আহি বৰগছজোপাৰ তলত জিৰাওঁতে, গিৰিহঁতৰ ভোকে ভাগৰে তাতে টোপনি আহিল; মই নৈত হাত-মুখ ধুবলৈ আহোঁতে মানুহৰ খোজ দেখি চিনে চিনে আহি এইখিনি পাইছোঁহি। খাবৰ কিবা আছে যদি অলপ দি আমাৰ প্ৰাণৰক্ষা কৰক।” বুঢ়ীয়ে অতি সুন্দৰী গাভৰু ছোৱালীটি দেখি তাইলৈ মৰম লাগি তাইক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে; আৰু ক'লে, “আমাৰও কেও-কিছু নাই। আমাক বই-বস্তু ভাতে-ভঁৰালে ঈশ্বৰে সকলো দিছে, কিন্তু আমাৰ অবিহনে খাওঁতা হে নিদিলে। এতিয়া তোমালোকো নিৰাশ্ৰয় হৈ আহিছা, এতেকে আমাৰ লগতে থাকা, একো দুখ নোপোৱা।” সোণপাহীয়ে ক'লে, “সেইবোৰ কথা পিছত পাতিম, সম্প্ৰতি জা-জলপান এটা দিয়ক মই লৈ গৈ গিৰিহঁতক খুৱাওঁ। তেওঁ ভোকত লালকাল হৈ পৰি আছে।” বুঢ়ীয়ে লৰালৰি কৰি জলপান এটা যতাই সোণপাহীৰ হাতত দিলত সোণপাহীয়ে লৈ গৈ গিৰিয়েকক জগাই খুৱাই বুঢ়ীয়ে কোৱা কথাৰোৰ ক'লে। তেতিয়া নোমল-সোণপাহী দুয়ো বুঢ়া- বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়া-বুঢ়ীয়ে দুইকো আঁকোৱাল মাৰি ধৰি ক'লে, [ ১১২ ] “তোমালোকক ইয়ালৈ ঈশ্বৰে পঠাইছে। তোমালোকেই আমাৰ ল'ৰা- ছোৱালী হ'লা, আৰু তোমালোকেই আমাৰ মুখত পানী এটোপা দি মাৰিবা বুলি আশা কৰিলোঁ।”

 বহি শুই আমনি লাগি সোণপাহীয়ে এদিন বুঢ়াক ক'লে যে তেওঁ বব-কাটিব পাৰে, এতেকে তাঁত ববলৈ ঘৰ এটা সাজি দিব লাগে। বুঢ়াই পাছদিনাই তাঁতৰ ঘৰ সাজি দি বুঢ়ীৰ তাঁতশাল জোৰকে সোণপাহীক দিলে। সোণপাহীয়ে তাঁত বাটি কৰি এখন অপূৰ্ব পাটৰ কাপোৰ লগালে। কাপোৰখন ছমাহে বৈ অটালে আৰু তাক বাঁহৰ চুঙা এটাত সুমাই থলে। বাৰিষা হ'লে সেইখন নৈয়েদি দুখন এখন বেহেৰুৱা নাও সেইপিনে যায়; সেইবাৰো এখন আহি সিহঁতৰ ঘাটতে বান্ধিলে। তেতিয়া সোণপাহীয়ে নোমলক ক'লে যে “কাপোৰখন লৈ গৈ ৰজাক বেচিলে ভাল দাম পোৱা যাব। এতেকে এই নাৱতে উঠি মুদৈৰ লগত যোৱাঁ, নাৱৰ যি ভেৰোণ লাগিব কাপোৰ বেচি ধন পালে পিছত তাক দিবা।” ঘৈণীয়েকৰ কথামতে নোমলে মুদৈক ক'লত মুদৈয়ে তাতে সন্মত হৈ নোমলক নাৱত তুলি ল'লে।

 ৰজাৰ নগৰ তাৰপৰা তিনি দিন তিনি ৰাতিয়ে পোৱা যায়। নগৰ পাই ঘাটত নাও বান্ধিলত ভাত-পানী খাই-বৈ নোমল ৰজা ঘৰলৈ গ'ল; কিন্তু ৰজাঘৰৰ আওভাও নজনা গতিকে সি তিনি দিন অহা-যোৱা হে কৰিলে। শেহত তাৰ ওপৰত ৰাজবিষয়া এজনৰ চকু পৰিলত নোমলক তেওঁ মতাই নি সি ক'ৰপৰা আহিছে, কি লাগে বুলি সুধিলে। তেতিয়া নোমলে ৰাজযোগ্য কাপোৰ এখন বেচিবলৈ আনিছোঁ বুলি ক'লত তাক তেওঁ ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাই কাপোৰখন দেখি সুধিলে, “কাপোৰ কোনে বৈছিল?” নোমলে বোলে “কাপোৰ কোনে বৈছিল মই কব নোৱাৰোঁ; মাথোন বোপাইৰ সম্পত্তি ভাগ কৰোঁতে মোৰ ভাগত মই সেই কাপোৰখন পাইছিলোঁ।” তেতিয়া ৰজাই কাপোৰখন লৈ তাক সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে। নোমলে ৰজাৰ নগৰ চাবলৈ দিনাদয়েক তাতে থাকিল।

 ৰজাই কাপোৰ কিনোতে যুৱৰাজ সভাতে আছিল। তেওঁ [ ১১৩ ] কাপোৰখন দেখি ভাবিলে যে শিপিনীজনী কি মাৰাত্মক মাইকী। নোমলে শিপিনীৰ কথা ক'ব নোৱাৰে বুলি কৈছে জানি যুৱৰাজে নাৱৰীয়াক মতাই আনি অলপ বঁটা দি মনে মনে সুধিলতে নাৱৰীয়াই ক'লে যে নোমলৰ ঘৈণীয়েকেই সেই কাপোৰ বৈছে। তেতিয়া যুৱৰাজে তাক ক’লে, “সেই মানুহজনী মোক আনি দিব পাৰিলে তোক উপযুক্ত বঁটা দিম।” নাৱৰীয়াই, সোণপাহীয়ে নোমলক আহিবৰ সময়ত আঙঠি এটা দি যি কথা কৈছিল সেই কথা শুনি আছিল; সেইদেখি সি এতিয়া যুৱৰাজক ক'লে যে, সেই আঙঠিটো নোমলক হাতৰপৰা আনি তাক দিলেই সি সোণপাহীক আনি দিব পাৰিব। ৰজাৰ ল'ৰাই অনেক প্ৰৱন্ধ কৰি নোমলৰ হাতৰপৰা আঙঠি অনাই নাৱৰীয়াক দি সোণপাহীক আনিবলৈ পঠিয়াই দিলে।

 নাৱৰীয়াই গৈ সোণপাহীক আঙঠি দিলত তাই জানিলে যে গিৰিয়েকৰ কিবা হৈছে। এতেকে বুঢ়া-বুঢ়ীৰ ওচৰত বিদায় লৈ তাই নাৱৰীয়াৰ লগত নাৱত উঠি গ'ল। ইপিনে নোমলেও ৰজাৰ নগৰ চাই অঁতাই নাও মেলি দিলে। সোণপাহী গৈ ৰজাৰ নগৰ পালত তাইক যুৱৰজাৰ ওচৰলৈ লৈ যোৱা হ'ল। যুৱৰাজে তাইৰ ৰূপ দেখি মোহ গৈ ক’লে, “হেৰা গাভৰু। তুমি ভিকহুৰ যোগ্য বস্তু নোহোৱা। তুমি ৰজাৰ যোগ্য হে; এতেকে মোৰ লগত মহাসুখে থাকা।” সোণপাহীয়ে তেতিয়া ঠগত পৰিলোঁ বুলি জানি কি কৰিম ক'লৈ যাম লগাই, পিছত ধৈৰ্য ধৰি সতীত্ব ৰাখিবৰ নিমিত্তে ঈশ্বৰৰ চৰণত শৰণ লৈ ক'লে, “যুৱৰাজ! ম‍ই আপোনাৰ বেটীৰ যোগ্যও নহওঁ, তদুপৰি এজনৰ বিবাহিতা তিৰোতা। এতেকে পৰস্ত্ৰীলৈ চকু দিয়া আপোনাৰ উচিত কাম নহয়।” যুৱৰাজে সেইবোৰ যুক্তিলৈ আওকাণ কৰি সোণপাহীক হাতত ধৰি নি নিজৰ কোঠালিত সুমুৱালেগৈ। তেতিয়া সোণপাহীয়ে ধৈৰ্য ধৰি কুহুলিয়াই কুহুলিয়াই তেওঁৰপৰা নোমলৰ কথাবোৰ জানি ল'লে। সোণপাহীয়ে লগত দৰব-জাতি লৈ আহিছিল; তাৰে দৰবৰ তেল যুৱৰাজৰ গাত ঘঁহি দিয়াত যুৱৰাজৰ দুৰ্ঘোৰ টোপনি আহিল। সোণপাহীয়ে দুপৰ নিশাৰ পাছত লাহেকৈ খিড়িকী মেলি বাহিৰলৈ [ ১১৪ ] ওলাল; কিন্তু বাটৰ একো দিহা নজনা বাবে পিৰালিতে মনে মনে বহি আছিল। শেহপৰ নিশাত চোৰ সাতোটাই চুৰ কৰিবলৈ তালৈকে আহিছিল। সিহঁতক দেখি সোণপাহীয়ে সিহঁতৰ ফালে আগবাঢ়ি গ'ল৷ চোৰহঁতে সিহঁতক কোনোবাই ধৰিবলৈ অহা ভাবি বিম্বাশবদে লৰ মাৰিলে। সোণপাহীও সিহঁতৰ পাছে পাছে লৰি গ'ল। পুৱতি নিশা হ'লত চোৰহঁতে উভতি চাই দেখে যে মতা মানুহ নহয়, এজনী দিপ্ লিপ্ গাভৰুহে। তেতিয়া সিহঁত সাতোটাই উভতি এটাই বোলে মই নিওঁ, ইটোৱে বোলে মই নিওঁ, সিটোৱে বোলে মই নিওঁ, এইবুলি তাইক কঢ়া- আজোৰা লগালে। সোণপাহীয়ে অলপো ভয় নাখাই সিহঁতক ক'লে, “তহঁতে মিছাতে দন্দ্ব হাই কৰি মৰিছ কেলৈ? মই কওঁ শুন, কেউটাই লৰ মাৰি গৈ সৌ ৰিণিকি ৰিণিকি দেখা বৰগছজোপা যেয়ে আগেয়ে চুবি মই তালৈকে যাম।” সিহঁত সেই কথাত মান্তি হৈ লৰ মাৰিলে। ইপিনে সোণপাহী সাউত কৰে হাবিৰ মাজত সোমাই পলাল। সিফালে ৰজাৰ ল'ৰাই সাৰ পাই দেখে যে সোণপাহী নাই। তেতিয়া চাৰিওফালে তেওঁ পিত্-পিতকৈ বিচাৰিও সোণপাহীক নাপাই নাও লৈ বিচাৰি ওলাল। চোৰহঁতেও উভতি আহি মাইকীজনীক নাপাই তাই সিহঁতক ইমান ফাঁকি দিলে বুলি নিজকে ধিক্কাৰ দি নাও লৈ তাইক বিচাৰি ওলাল।

 গিৰিয়েক নোমলে বুঢ়া-বুঢ়ীৰ ঘৰ পাই দেখে যে সোণপাহীও নাই, বুঢ়া-বুঢ়ীও নাই। ঘৰ-বাৰী নিঃপাল। সোণপাহী নাৱৰীয়াৰ লগত যোৱাৰ পাছদিনাই হাইজা হৈ বুঢ়া-বুঢ়ী হালিয়েই মৰি আছে। নোমলে কান্দি-কাটি ঘৈণীয়েকক বিচাৰি সেই নাৱতে আকৌ উঠিল।

 ইপিনে সোণপাহীয়ে হাবিয়ে হাবিয়ে গৈ গৈ এখন নৈৰ পাৰত ওলাই দেখে যে মুদৈ এটাই নাৱৰ পৰা নামি ধপাত খাই বালিতে বহি আছে আৰু নাৱৰীয়াকিটা নাৱৰ ভিতৰত শুই আছে। মুদৈয়ে ঘূৰি চাই দেখে যে এজনী চিকুণ গাভৰু ছোৱালী। তাইক সি সুধিলে, “তুমি কোন? এনে অৱস্থাৰে হাবিৰ মাজত কিয় ফুৰিছা?” তাই ক’লে, “মই অনাথিনী, মোৰ গিৰিহঁতক বিচাৰি ফুৰিছোঁ।” মুদৈয়ে ক'লে, “তেন্তে [ ১১৫ ] ভালেই হ'ল; মোৰ নাৱত ব'লা, মোৰে সৈতে গৃহবাস কৰি থাকিবা।” সোণপাহীয়ে ভাবিলে আৰু অকলশৰে হাবিয়ে হাবিয়ে ফুৰা বৰ টান; এতেকে মুদৈক ক'লে যে তাইৰ এটা ব্ৰত আছে, সেই ব্ৰতৰ কাৰণে উপহাৰ বস্তু গোটাই আনি দি যেয়ে কাৰ্য কৰাই দিয়াব তাই তেওঁলৈকে যাব, এইবুলি অঙ্গীকাৰ কৰা আছে। মুদৈয়ে ক’লে, “সেইটো একো টান কথা নহয়; মই এতিয়াই মানুহ এটা লৈ গাঁৱলৈ যাওঁ, গধূলিকৈ ঘূৰি আহিম, তুমি নাৱতে থাকা।” মুদৈ গ'লত সোণপাহীয়ে নাৱত সোমাই দেখিলে যে মুদৈটো ডকাইত, তাৰ নানাৰকমৰ সাজ-পাৰ আছে। তাই তাৰে এটা উলিয়াই পিন্ধি, নাৱৰীয়াকেটা শুই উঠিলত সিহঁতক নাও মেলি দিবলৈ ক'লে। সিহঁতে ভবিলে যে মুদৈয়ে হে নাও মেলিবলৈ কৈছে। গধূলি মুদৈ আহি ঘাটত নাও নাপাই, মাইকী এজনীয়ে তাক ইমান ছল কৰিলে বুলি জানি মূৰে-কপালে হাত দি বহিল। কিছুপৰ সি এইদৰে থাকি অইন এখন বেহেৰুৱা নাৱত উঠি সোণপাহীক বিচাৰি ওলাল।

 ইপিনে সোণপাহীয়ে মতাৰ সাজ পিন্ধি মুদৈৰ ভাও জুৰি নাৱেদি ভটীয়াই এক ৰজাৰ নগৰ পালেগৈ আৰু ৰজাৰ ঘাটত নাও বন্ধালে। সেই দেশত এজন ৰজা আৰু তেওঁৰ এজনী ভনীয়েক আছিল। সোণপাহীয়ে নিজক আন দেশৰ ৰজাৰ কুমাৰ বুলি প্ৰচাৰ কৰি মাজে- সময়ে ৰজাৰ লগত দেখা কৰিবলৈ গৈছিল। পাছে ক্ৰমে ভাওজোৰা ৰাজকুমাৰেৰে সৈতে ৰজাৰ বৰ বন্ধুতা হ'ল। তাতে সেই দেশৰ ৰজাই তেওঁৰ ভনীয়েকটিক ৰাজকুমাৰলৈ বিয়া দিবৰ প্ৰস্তাৱ কৰিলে। ভাওজোৰা ৰাজকুমাৰ সন্মত হোৱাত মহাসমাৰোহেৰে বিয়া হৈ গ'ল। তেওঁলোক থাকিবৰ নিমিত্তে উপযুক্ত ঘৰ-দুৱাৰ সজাই দিয়া হ'ল। ৰাতি হ'লত ৰজাৰ ভনীয়েক শোৱা-কোঠালিত ৰাজকুমাৰলৈ বাট চাই আছে; এনেতে মতা সাজেৰে সোণপাহী সোমাই ৰজাৰ ভনীয়েকক ক'লে, “বুজিছা নে ম‍ই তোমাক কথা এটা ক'ব খোজোঁ, তুমি প্ৰকাশ নকৰোঁ বুলি শপত খালে ক'ব পাৰোঁ।” ৰজাৰ ভনীয়েকে কাকো নকওঁ বুলি তেতিয়াই শপত খালত সোণপাহীয়ে ক'লে যে তেওঁ মাইকী। স্বামীক হেৰুৱাই বিপদত পৰি পুৰুষৰ সাজ পিন্ধি কোনোমতে তেওঁ পৰিত্ৰাণ পাইছে। “এতিয়া [ ১১৬ ] আমি যি আছোঁ সেয়ে থাকোঁ। মোৰ স্বামীও অতি সুশ্ৰী সুবেশ; তেওঁক বিচাৰি উলিয়াবলৈ আমি দুয়ো বিশেষ যত্ন কৰিব লাগে।”

 এইদৰে দুয়ো পৰামৰ্শ কৰি হুবহু সোণপাহীৰ নিচিনা মাটিৰ মূৰ্তি এটা কৰাই, সাজপাৰ পিন্ধাই নাও বন্ধা ঘাটত থোৱাই পহৰীয়া ৰাখি পহৰীয়াক ক’লে যে, যি যি মানুহে মূৰ্তিটোৰ ওচৰলৈ আহি মূৰ্তিটোক ধৰি দুখ-বেজাৰ কৰে সেই সেই মানুহক তেওঁলোকৰ ওচৰলৈ লৈ যাব। ইয়াৰ কিছুদিনৰ পাছত সেই যুৱৰাজে ঘাটত নাও লগাই মূৰ্তিটো দেখি চকুলো টোকা দেখি পহৰীয়াই সোণপাহীৰ ওচৰলৈ তেওঁক লৈ আহিল। সোণপাহীয়ে তেওঁক বন্দীশাললৈ নি পৃথক ঘৰত থ'বলৈ ক'লে আৰু দুখ কৰিবলৈ নিদি বহুৱাই থৈ মজলীয়াৰূপে খুৱাই-বুৱাই ৰাখিবলৈ দিলে। তাৰ পাছত চোৰ সাতোটাক আনি দিলত সিহঁতক নি খচি বন কৰাবলৈ আৰু কদৰ্যৰূপে খুৱাই বন্দীশালত থ'বলৈ তেওঁ ক'লে। ইয়াৰ কিছুদিনৰ পাছত সদাগৰ পালেহি। তাকো আনি হাজিৰ কৰিলত ৰজাৰ ল'ৰাৰ দৰে পৃথক ঘৰত ৰাখি বন-বাৰী কৰাবলৈ সোণপাহীয়ে ক'লে। এইদৰে এমাহমানৰ পিছত ফকীৰৰ বেশেৰে মানুহ এটা লৰমাৰি আহি মূৰ্তিটোৰ ওচৰত ঢাচ্ কৰে পৰি মুচ্‌কচ্ গ'ল। পহৰীয়াই তাক সেই অৱস্থাৰে দাং-দোলাকৈ নি সোণপাহীৰ আগত উলিয়ালেগৈ। তেওঁ ততালিকে তাক চিনি পাই ভিতৰলৈ নিয়াই নিজে অনেক যত্ন কৰি সজ্ঞান কৰালে আৰু উত্তমৰূপে সেৱা-শুশ্ৰূষা কৰাই খাবলৈ শুবলৈ দি বিশেষ তদাৰক কৰিলে। সোণপাহীয়ে নিতৌ সেই মানুহটোৰ ওচৰত বহি তেওঁৰ কথাবোৰ খুচৰি উলিয়াই শুনি থাকে। ফকীৰে মাথোন মাজে মাজে দীঘল হুমুনিয়াহ কাঢ়ি চকুলো টোকে; নোমলেই যে সেইবোৰ কথা সোণপাহীক কৈছে সেই কথা নোমলে জনা নাই; কাৰণ সময়ে দুয়োৰো অৱস্থাৰ পৰিৱৰ্তন কৰিলে। সোণপাহীয়ে মনে মনে ৰজাৰ ভনীয়েকক ক'লে, “এয়ে মোৰ হেৰোৱা স্বামী, যাক ধৰাবৰ নিমিত্তে এই বুদ্ধি সজা হৈছিল।” তেতিয়া দুয়ো নানা প্ৰকাৰে নোমলৰ সেৱা- শুশ্ৰূষা কৰিবলৈ ধৰি তাৰ গা অনেক গুণে ভাল কৰালে।

 পাছে এদিন সভা পাতি ভাও জোৰা ৰাজকুমাৰ সিংহাসনত বহি [ ১১৭ ] ৰজাৰ ভনীয়েকক নিজৰ বাওঁফালে বহুৱাই পাত্ৰ-মন্ত্ৰীক মাতি সভা কিয় পতা হৈছে কৈ পোনতে বন্দীশালৰপৰা যুৱৰাজক আনিবলৈ কটোৱালক পাচিলে। যুৱৰাজক আনিলত তেওঁ কি বাবে মূৰ্তিৰ ওচৰলৈ আহি বেজাৰ কৰি মূৰ্তি চুইছিল তাৰ কাৰণ সোধা হ'ল। যুৱৰাজে ক'লে যে, “মই অমুক দেশৰ ৰজাৰ ল'ৰা, মোৰ তিৰোতা ৰাতি পাটীৰ পৰা নাইকীয়া হোৱাত মই দেশে-বিদেশে বিচাৰি ফুৰি, সেই মূৰ্তিটো মোৰ তিৰোতাৰ নিচিনা দেখি তাৰ ওচৰলৈ গৈছিলোঁ, মূৰ্তি বুজি জনা নাছিলোঁ।” সোণপাহীয়ে ক'লে বোলে “তোমাৰ প্ৰকৃত বিবাহিতা তিৰোতা হোৱা হ'লে তেওঁ তোমাক নেৰিলেহেঁতেন। তুমি ভাওনা কৰি সঁচা কথা গোপন কৰিছা। যদি তোমাৰ নিৰাপদে স্বদেশলৈ যাবৰ মন আছে তেন্তে তুমি সকলো কথা সভাৰ আগত ভাঙি ক'ব লাগে।” যুৱৰাজে কিছুমানপৰ টভক মাৰি থাকি সোণপাহীক কেনেকৈ অনাইছিল, কেনেকৈ তাই অন্তৰ্দ্ধান হ'ল সকলো আগ-গুৰি ভাঙি ক’লত সভাসদসকলে সোণপাহীক আচল সতী বুলি শলাগি ৰজা-ল'ৰাক কিছু সজ-গৰিহণা কৰি বাট-খৰচা দি নিজৰ দেশলৈ যাবলৈ এৰি দিলে। তাৰ পাছত ডকাইতকিটাক সভালৈ আনিলে। সিহঁতেও কেৰ্ জেৰ্ কৰি সঁচা কথা ক'লত সিহঁতক চমতা মৰাই এৰি দিলে। শেহত সদাগৰক আনি সকলো কথা সুধি উলিয়াই পৰ স্ত্ৰীত বিশ্বাস কৰা বাবে যথেষ্ট শাস্তি হ'ল বুলি বিদায় দিলে। সেইদিনা গধূলি সোণপাহীয়ে আগৰদৰে কাপোৰ-কানি পিন্ধি নোমলৰ গুৰিলৈ গ'ল; নোমলে সোণপাহীক দেখি সাৱট মাৰি ধৰি হুক্‌হুক্‌ কৰে কান্দিবলৈ ধৰিলে আৰু দুয়ো দুয়োৰো কথা কৈয়ে ৰাতিটো কটালে। পাছদিনা সোণপাহীয়ে নোমলেৰে সৈতে ৰজাৰ ওচৰলৈ গৈ সকলো বৃত্তান্ত কোৱাত ৰজাই সোণপাহীৰ সাহস আৰু বুদ্ধিক নথৈ শলাগিলে আৰু নিজৰ ভনীয়েকক নোমললৈ ৰীতিমতে বিয়া দিলে।

 এইদৰে নোমল আৰু সোণপাহী সেই ৰাজ্যত থাকোঁতে অন্য এখন দেশৰ ৰাজবংশ লোপ হৈ ৰাজপাট খালি হ'লত পাত্ৰ-মন্ত্ৰী সভাসদসকলে উপযুক্ত ৰাজকোঁৱৰ এটি বিচৰাই দেশে দেশে মানুহ [ ১১৮ ] পঠালে। সেই ৰজাৰ ওচৰলৈকো মানুহ আহিছিল। ৰজাই নোমলকে ৰজা পাতিবলৈ লেখি পঠালে। তেতিয়া সকলোৱে নোমলক দুইজনা কুঁৱৰীৰে নি সেই ৰাজ্যৰ সিংহাসনত বহুৱাই আঁঠু ল'লে।

 ইপিনে ৰুদাই-ডাবহী, নোমল-সোণপাহী ঘৰৰপৰা ওলাই যাবৰেপৰা জলকা লাগিল; বন কৰিবলৈ নালাগে সিহঁতে খাবলৈকে পাহৰা হ'ল। ক্ৰমে ঘৰত নানা অমঙ্গল হ'বলৈ ধৰিলে; আজি কাৰো নৰীয়া, কালি গৰুটি, পশুই ম’হটি, এইদৰে মৰিবলৈ ধৰিলে আৰু দিনকদিনে বিপদৰ উপৰি বিপদ হৈ ঘৰখন লাং-লাং-ঠাং-ঠাং হ'ল। শেহত ৰুদাই ডাবহীয়ে মাগিব লগাত পৰিল। পাছে ইটোৰ মুখে সিটোৰ মুখে সিহঁতে শুনিবলৈ পালে যে দেশত নতুন ৰজা হৈছে আৰু তেওঁৰ বৰকুঁৱৰীয়ে দুখীয়াক বৰকৈ পুতৌ কৰি দান-দক্ষিণা দিয়ে। তেতিয়া ৰুদায়ে পাঁচোটা পুতেকেৰে সৈতে অতি দুখীয়াভাৱে ৰজাৰ সিংহদুৱাৰত থিয় হৈ নিজৰ দুখ-বেজাৰৰ কথা ৰাণীলৈ কৈ পঠিয়ালে। ৰাণীয়ে ওপৰ-মহলাৰ পৰা শহুৰেক আৰু বৰজনাকহঁতক দেখিয়েই চিনি পালে আৰু লিগিৰী পঠিয়াই মতাই নি সিহঁতক বাহিৰঘৰ এটাত ঢাৰি-কঠ দি বহুৱাবলৈ ক'লে। তাৰ পাছত তামোল-পাণ কাটি ৰূপৰ বটাত দি সিহঁতলৈ পঠালে। ৰুদাইৰ ভয়ত তত নাই, কিবা জগৰহে লগালোঁ ভাবি। তাৰ পাছত সিহঁতক হাত-মুখ খুবলৈ পানী দি জলপান খাবলৈ ভিতৰলৈ মাতিলে। ৰুদায়ে ল'ৰাকেটাৰ ফালে চাই ক'লে, “বোপাহঁত! আৰু সৰহ বেলি নাই, জলপান নহয়, মূৰ কটাৰহে ব্যৱস্থা। দুখীয়া মগনিয়াৰক কোনে সোধ-পোছ কৰে? আগৰ বুঢ়ালোকে কৈছিল বোলে কটাৰ আগেয়েহে ৰজাঘৰত খুৱাই-বুৱাই লয়। পলাবৰো উপায় নাই। একেবাৰে টোলৰ ভিতৰত সুমাই লৈছে।” যিহক, মৰণত শৰণ দি কোনোমতে সিহঁতে জলপান খালে। তাৰ পাছত কুঁৱৰীয়ে কৈ পঠালে যে গধূলি সিহঁতে ভাত এসাজ খাই ৰজাঘৰতে শুই থাকিব লাগিব; ভাত সোণপাহীয়ে নিজে ৰান্ধিছে। মাইহেঙত মান অনুসৰি ভাত বাঢ়ি থৈ ৰুদাই আৰু পুতেকহঁতক ৰাণীয়ে গা ধুবলৈ পঠিয়ালে। গা-ধুই পাতৰ ধূতি-কাপোৰ পিন্ধিবলৈ দিয়াত সিহঁতৰ গাত থৰ-জুগুতি নোহোৱা হ'ল। [ ১১৯ ] ৰান্ধনিঘৰ সোমাই মাইহেং আৰু বহা আসন দেখি সিহঁতৰ ধাতু উৰি গ'ল; তেতিয়া দিঠক নে সমাজিক থিৰ কৰিব নোৱাৰি সিহঁতে হোহোঁকা- পিছলা কৰিছিল।পোনতে ৰুদাইক বহিবলৈ দি মান অনুসাৰে ইকিটা ল'ৰাক বহুৱাই শেহৰ মাইহেঙত নোমলক ঘৰৰপৰা পিন্ধি অহা কাপোৰ পিন্ধাই বহুৱাই বঁটা আগত লৈ তাই ঘৰত পিন্ধি থকা কাপোৰেৰে ওলালত ৰুদাইৰ মনত পৰি সি নোমলৰ ডিঙিত ধৰি হুক্‌হুক্ কৰে কান্দিবলৈ ধৰিলে। ৰাতিটো থাকি পাছদিনা নোমলে মাক আৰু বৌৱেকহঁতক ল'ৰা-ছোৱালীমখাৰে সৈতে আনিবলৈ হাতী-দোলা মানুহ পঠালে। এইদৰে তেতিয়া সকলোটি এক পৰিয়াল হৈ মহা সুখে-সম্পদে থাকিবলৈ ধৰিলে। তেতিয়াহে ৰুদায়ে বোলে নোমল-সোণপাহীৰ কথা সঁচা, কোনে কাৰ জহত খায়; সকলোৱে আপোন বলতেহে খায়।*[১]

ত্ৰয়োবিংশ সাধু

ককা। - “আজি তোক মই সাধু নকওঁ বুলিছোঁ।”

নাতি। - “কিয়? কিয় ককাদেউতা?”

ককা। - “তই সেই নাৰিকলৰ লাডুটো পাই অকলে টপ্‌কৰে মুখত সুমাই থলি, তোৰ

 ভনীয়েৰে অকমান খুজিছিল তই নিদিলি। এইটো কিবা ভাল কথা হ'ল নে?

 আপোন-পেটীয়া স্বভাৱ বৰ বেয়া। অলপ বস্তু পালেও তোৰ সৰু ভনীয়েৰক

 তাৰ ভাগ দি খাব পায়।”

নাতি। - “আজিৰ পৰা মই তেনে নকৰো। আজি মোৰ দোষ হৈছে।”

ককা। - “বেছ কথা; শুনি মই সন্তোষ পাইছোঁ। শুন তেন্তে সাধু কওঁ।” [ ১২০ ]

পেট-ভাতুৰ কথা

 কোনো এক দেশত এজন ৰজা আছিল। ৰজাজনৰ এটি ল'ৰা আছিল আৰু তেওঁৰ মন্ত্ৰীজনৰো এটি ল'ৰা আছিল। সৰুকালৰে পৰা ৰজাৰ ল'ৰাৰ লগত মন্ত্ৰীৰ ল'ৰাৰ বৰ মিল আছিল আৰু দুয়োজনে সখি বন্ধাইছিল। তেওঁলোকৰ ভিতৰত এনে বন্ধু-ভাব হৈছিল যে দুয়ো কেতিয়াও এৰা এৰি নহৈছিল। খোৱা-বোৱা আদি কামবিলাক দুয়োজনৰে একেলগে চলিছিল। যেতিয়া তেওঁলোক ডাঙৰ হ'ল, লেখা-পঢ়া শিকি তেওঁলোকৰ বুদ্ধি চোকা হ'ল তেতিয়া দুয়োজনৰ মনত দেশ চাই ফুৰিবৰ ইচ্ছা জন্মিল। বাপেক-মাকে এই কথাৰ গম পালে তেওঁলোকৰ ইচ্ছা পূৰ্ণ নোহোৱাৰ ভয়ত দুয়োজনে মনে মনে বাপেক মাকে বাতৰি নোপোৱাকৈ এদিনাখন ৰাতি পলাই গ'ল। ৰজাই আৰু মন্ত্ৰীয়ে পাছদিনা পুতেকহঁতক দেখা নাপাই বৰকৈ বিচাৰ-খোচাৰ কৰিলে, কিন্তু কোনো ঠাইতে তেওঁলোকৰ বাতৰি নেপালে। শেষত ৰজা আৰু মন্ত্ৰী দুয়ো অসন্তোষ মনেৰে থাকিল। সিফালে দুয়োজন সখিয়েকে অনেক ঠাই ফুৰি ফুৰি এক ৰজাৰ নগৰত ওলালগৈ। সেইদিনা ৰাতি সেই ৰজাৰ ঘৰত থাকিবলৈ মন কৰি গধূলি সময়ত দুয়ো ৰজাৰ ঘৰ পালেগৈ। ৰজাঘৰৰ মানুহেও গধূলিৰ অতিথি দেখি তেওঁলোকক সোধ-পোছ কৰিলে। তেওঁলোকেও, “বহুত ঠাই ফুৰি আমাৰ ভাগৰ লাগিছে, আজি ৰাতিটো ইয়াতে পৰি থাকোঁ” বুলি ক'লে। ৰজাঘৰৰ মানুহে তেওঁলোকক তেতিয়াই বঢ়িয়াকৈ খোৱা-শোৱা আদিৰ দিহা কৰি দিলে। তেওঁলোকে মহা আনন্দেৰে খাই-বৈ ৰজাৰ ঘৰতে শুই থাকিল।

 ৰাতি দুয়োজনৰ টোপনি আহিল। কিছুমান সময়ৰ মূৰত ৰজাৰ ল'ৰাই সাৰ পালে। সাৰ পাই, সেইদিনা ৰজাৰ ঘৰত নিজৰ ঘৰৰ দৰে খাবলৈ-শুবলৈ পাই ৰজাৰ ল'ৰাই মনৰ আনন্দত এটা ৰাগ দিলে। যদিও তেওঁলোক দুজনে সোনকালে খাই-বৈ শুই সাৰ পালে কিন্তু ৰজাঘৰৰ মানুহে সেই সময়ত খাই-বৈ উঠিছিলহে। ৰজাৰ পুতেকৰ ৰাগটো শুনি [ ১২১ ] ৰজাঘৰীয়া সকলোৱে হৰ্ষ পালে; কাৰণ ৰজাৰ পুতেকে ইমান সুৰীয়াকৈ ৰাগ দিছিল যে, এনে শুৱলা সুৰীয়া ৰাগ তেওঁলোকে আৰু আগেয়ে কেতিয়াও শুনা নাছিল। ৰজাৰ এজনী গাভৰু ছোৱালী আছিল। ৰাগটিয়ে সেই ছোৱালীজনীৰ মনটোহে সৰহকৈ বিন্ধিলে। ছোৱালীজনী ৰাগ শুনি ইমান মোহিত হৈছিল যে, তেওঁ লাজ-কাজ এৰি, সেই ৰাগ দিয়া অতিথি ডেকাজনৰ লগত তেওঁক বিয়া দিব লাগিব বুলি মাকক ক'লে আৰু নিদিলে আত্মঘাতী হ'ব বুলি ক'লে। মাকে জীয়েকৰ কথা শুনি অসন্তোষ মনেৰে বুজাবলৈ ধৰিলে— “আই! তুমি ৰজাৰ জীয়াৰী হৈ অচিনাকি মানুহৰ লগত বিয়া সোমাব খোজা, ই বৰ বেজাৰৰ কথা অতিথিৰ জাতি-কুলৰ ঠিক নাই, স্বভাৱ-চৰিত্ৰৰ বিষয়ে আমি একো নাজানো, এনে থলত যদি আমি তোমাক সেই আলহীলৈ বিয়া দিওঁ তেন্তেনো লোকে আমাক কি বুলিব? এতেকে তুমি তেনে কথা নক'বা।” কিন্তু জীয়েকে মাকৰ বুজনি নুশুনিলে। জীয়েকে ক'লে যে তেওঁক আলহীলৈ বিয়া নিদিলে তেওঁ প্ৰাণ এৰিব। মাকে জীয়েকৰ কথাত বিবুধি হৈ ৰজাৰ আগত সেই কথা ক'লেহি। ৰজায়ো মনত বেয়া পাই, জীয়েকক মতাই নি কত বুজাবলৈ ধৰিলে, কিন্তু জীয়েকে সেই বুজনিও নমনাত পৰিল। অন্তত ৰজাই ৰাণীয়ে একো উপায় নাপাই আলহীলৈকে জীয়েকক বিয়া দিবলৈ সন্মত হৈ জীয়েকক ক’লে, “আই অ’ যি থাকে কপালত, তোৰ কথামতে আলহীৰ লগতে তোক বিয়া দিম, আজি ৰাতি শুই থাকগৈ।” এইবিলাক গোলমালৰ পিছত তিনিওজনাই নিজ নিজ ঠাইত শুলেগৈ, কিন্তু ৰাতি এজনৰো টোপনি নাহিল। তিনিওজনাই এইবিলাক কথা ভাবি-চিন্তি থাকোতেই ৰাতি পুৱাল। ৰাতিপুৱা সকলো নিজ নিজ শোৱাপাটী এৰি উঠি আহিল। আলহীজোৰা ৰাতিপুৱা কোনোবাফালে গুচি যায় বুলি সিহঁতক ৰাখিবৰ নিমিত্তে ৰজাই বান্দী এজনীক মাতি আনি ক'লে, “আজি ৰাতি আমাৰ আলহী দুজনৰ কোনজনে ৰাগ দিছিল সেইজনক মাতি আন।” ৰজাৰ আদেশ শুনি বান্দীজনী আলহী থকা ঘৰলৈ গ'ল। সিফালে মন্ত্ৰীৰ ল'ৰাই শোৱাপাটি এৰি উঠি আহিছে, ৰজাৰ ল'ৰা উঠাই নাই। এনেতে বান্দীজনীয়ে মন্ত্ৰীৰ ল'ৰাক সুধিলে, “আজি ৰাতি কোনজনে ৰাগ দিছিলা? ৰজাই মোক [ ১২২ ]
[ ১২৩ ] তেওঁক নিবলৈ কৈছে, সোনকালে ওলোৱা।” মন্ত্ৰীৰ ল'ৰাই ভাবিলে, ৰজাই যদি ৰাগ দিয়া বাবে কিবা বেবেৰিবাং লগাই জগৰতহে পৰিব পাৰে, এতেকে পাৰো যদি মই নিজৰ গাতে দায় লৈ কৈ-মেলি সাৰি আহোঁ আৰু নোৱাৰোঁ যদি তেওঁৰ হকে ময়েই বিপদত পৰোঁ, তেৱেঁই ভালে-কুশলে থাকি ৰাজ্যলৈ উভতি যাওক। ইয়াকে ভাবি, ৰাগ দিয়া মানুহজন ময়ে বুলি গাত লৈ মন্ত্ৰীৰ ল'ৰা বান্দীজনীৰ লগত ৰজাৰ ঘৰৰ ভিতৰলৈ গ'ল। মন্ত্ৰীৰ ল'ৰাক ৰজাৰ আগত শোধাই দিয়া হ'লত ৰজাই তেওঁক সুধিলে, “আজি ৰাতি তুমি ৰাগ দিছিলা নে?” মন্ত্ৰীৰ ল'ৰাই

উত্তৰ দিলে, “হয় স্বৰ্গদেউ।” উত্তৰ শুনি ৰজাই এডোখৰ ভাল ঠাই দেখুৱাই ক’লে, “তুমি মোৰ দোচোৰা আদেশ নুশুনালৈকে এই ঠাইতে বহি থাকা।” মন্ত্ৰীৰ ল'ৰায়ো ঈশ্বৰক চিন্তি ৰজাই দেখুওৱা ঠাইখিনিতে বহি থাকিল।

 ইফালে ৰজাৰ ল'ৰাই টোপনিৰ পৰা সাৰ পাই দেখে যে, তেওঁৰ সখিয়েক ওচৰত নাই। সখিয়েকক নেদেখি তেওঁ বিচূৰ্তি হ'ল। নানাৰকম শোক, দুখ ভাবনাই তেওঁৰ মন খলক লগালে। ৰজাব ল'ৰাই ভাবিবলৈ ধৰিলে, আজি ইমান দিন সখিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ম‍ই মহা সুখে কটালোঁ; এতিয়া সখিয়ে মোক এনে বিপদত পেলাইনো মোক এৰি ক'লৈ গ'ল? আৰু মইনো এতিয়া অকলে কলৈ যাওঁ, ক'ত থাকোঁ? ঈশ্বৰেনো মোক বিপদত পেলাবলৈহে এই বিদেশলৈ লৈ আহিছিল নেকি? এইবিলাক কথা ভাবি-চিন্তি তেওঁ ৰজাৰ ঘৰৰপৰা বাহিৰ ওলাল আৰু গোটেই নগৰতে সখিয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে। দিনৰ দিনটো ভাত-পানী এৰি ৰজাৰ ল'ৰাই সখিয়েকক বিচাৰি ক’তো নেপাই শেহত গধূলি বেলিকা সেই ৰজাৰ নগৰৰে এজন সাউদৰ ঘৰত ওলালগৈ। সাউদে গধূলি পৰত তেওঁক অহা দেখি ক'ৰপৰা আহিছে সুধিলে। ৰজাৰ ল'ৰাই “মই অকলশৰীয়া মানুহ, মোৰ ঘৰ-দুৱাৰৰ ঠিক নাই, য'তে পাওঁ ত'তে থাকো” বুলি মিছাকৈয়ে চিনাকি দিলে। তেতিয়া সাউদে সুধিলে, “যদি তোমাৰ ঘৰ-দুৱাৰ ঠিক নাই, তেনেহ'লে ময়ে ৰাখোঁ, মোৰ ইয়াতে থাকা।” ৰজাৰ ল'ৰায়ো “ৰাখিলে থাকিবও পাৰোঁ ” [ ১২৪ ] বুলি ক'লে। তেতিয়া সাউদে ক'লে, “তুমি থাকোঁ বুলিছা হয় কিন্তু মই ভাল বন্দৱস্ত নকৰাকৈ মানুহ নাৰাখোঁ।” সাউদৰ কথা শুনি ৰজাৰ ল’ৰাই ক’লৈ, “বাৰু কি বন্দৱম্ভ কৰে কৰক।” সাউদে ক'লে, “মোৰ অন্য বন্দৱস্ত নাই, মাত্ৰ কোনো মানুহ মোৰ ঘৰত থাকো বুলি পিছত নথকা হ'লে মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত তাক পেলাই থওঁ। যেয়ে ইয়ালৈ আগ বাঢ়িব পাৰে মই তাকহে ৰাখোঁ আৰু সেইটো গাত নল'লে মই তাক নাৰাখোঁ।” ৰজাৰ ল'ৰায়ো আগ-পাছ নুগুণি তাতে সন্মত হ'ল আৰু সেইদিনা খাই-বৈ ৰজাৰ ল'ৰা সেই সাউদৰ ঘৰতে থাকিল।

 ইফালে ৰজাই লৰালৰিকৈ বিয়াৰ কাৰবাৰৰ নিমিত্তে মানুহ লগাই দিলে। মন্ত্ৰীৰ ল'ৰাই জগৰৰ ভয়ত ঈশ্বৰক সুমৰি বহি আছে। গধূলি হ'লত নিয়মমতে ৰজাই জীয়েকক মন্ত্ৰীৰ ল'ৰাৰ লগত বিয়া দিলে আৰু জীয়েক-জোঁৱায়েক থাকিবলৈ ৰজাৰ ঘৰৰপৰা অলপ দূৰত এটি ঘৰ দিলে। তেওঁলোকেও তাতে থাকি সুখেৰে দিন কটাবলৈ ধৰিলে।

 ইফালে ৰাতিপুৱালত সাউদে তেওঁৰ আন আন চাকৰবোৰৰ লগত ৰজাৰ ল'ৰাকো বন কৰিবলৈ পঠাই দিলে। ৰজাৰ ল'ৰাই সৰুৰেপৰা পৰৰ ওপৰত খাই-লৈ আছিল, তেওঁৰ সুখীয়া দেহা, কি বন কৰিব? আকৌ বন কৰিব নোৱাৰিলে সাউদৰ গালি-শপনিও খাব লাগে। বন কৰিব নোৱাৰোঁ বুলিলেও সাউদে নেৰে। গতিকে তেওঁ নিৰুপায় অৱস্থাত পৰি কোনোমতে চাৰি দিনমান দুখে-কষ্টে কটালে। পিছত আৰু দেহেৰে নটা হ'লত এদিন গধূলি তেওঁ সাউদক ক’লে, “দেউতা মই আৰু আপোনাৰ ঘৰত থাকিব নোৱাৰোঁ, মোৰ আগৰপৰা বন কৰা অভ্যাস নাছিল। অনুগ্ৰহ কৰি মোক কালিৰপৰা বিদায় দিয়ক।” এই কথা শুনি সাউদে খঙতে জ্বলি উঠি ক'লে, “মই আগেয়ে তোৰ আগত কৈছোঁ, যি মানুহে আগেয়ে মোৰ ঘৰত থাকোঁ বুলি শেহত নথকা হয়, মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাৰ পোতাশালত থওঁ। এতিয়া তয়ো তাৰ ভাগ পাবি।” ৰজাৰ ল'ৰাই ক’লে, “মোক দোছোৱা কৰি কাটিলেও মই আৰু বন কৰিব নোৱাৰোঁ।” সাউদে ক'লে, “বাৰু [ ১২৫ ] তেন্তে!” এইবুলি সেই ৰাতিটো গ’লত, পাছদিনা ৰাতিপুৱা সাউদে ৰজাৰ ল'ৰাক লগত লৈ ৰজাৰ ঘৰলৈ গ'ল; আদি-অন্ত সকলোখিনি কৈ দিয়াত সিহঁতৰ বন্দৱস্ত মতে ৰজাই ৰজাৰ ল'ৰাক নাকে-কাণে লোৰ শলা মৰাই পোতাশালত থৈ দিয়ালে। সাউদ ঘৰলৈ গুচি আহিলে। ৰজাৰ ল'ৰাই অসহ্য যন্ত্ৰণা ভোগ কৰি দিন কটাবলৈ ধৰিলে। কেইদিনমানৰ মূৰত এদিন ৰজাৰ ল'ৰাই ৰাতি শুই নিজৰ সুখ-দুখৰ কথাবিলাক মনত ভাবি থাকোঁতে, তেওঁৰ মনত কিবা এটা ভাব ওলাই আকৌ পূৰ্বৰ নিচিনা সুললিত মাতেৰে ৰাগ দিলে। সেই ৰাগটি আকৌ ৰজাৰ জীয়েকৰ কাণত পৰিলগৈ। ৰজাৰ জীয়েকে এই ৰাগ শুনি মনে মনে ভাবিবলৈ ধৰিলে, “মোৰ কি দুৰ্কপাল! ম‍ই যি ৰাগত মোহ গৈ পিতৃ-মাতৃৰ বিৰোধী হৈ আলহীৰ লগত বিয়া সোমালোঁ এতিয়া দেখোঁ সেই ৰাগটো আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পাওঁ। ঈশ্বৰে নো মোক কি ছল কৰিলে।” এইবিলাক কথা ভাবি-চিন্তি তেওঁ একো ঠিক কৰিব নোৱাৰি শেহত ইয়াৰ ভালকৈ ওৰ ল'বৰ নিমিত্তে তেওঁৰ গিৰিয়েকক সুধিলে— “আপোনাৰ লগত যে পিতাই মোক বিয়া দিলে মই ইয়াৰ কাৰণ একো বুজিব নোৱাৰিলোঁ। আপুনি দেখোঁ আমাৰ অচিনাকি মানুহ; পিছে পিতাই বা মোক আপোনাৰে সতে কিয় বিয়া দিলে, আপুনিয়েই বা মোক কেনেকৈ বিয়া কৰাবলৈ পালে, মোৰ আগত এই কথাৰ আঁতি- গুৰি আজি ভাঙি কওকচোন।

 তেতিয়া মন্ত্ৰীৰ ল'ৰাই ক’লে, “যিদিনাখন ৰাতি আমি তোমালোকৰ ঘৰত আলহী হৈ আছিলোঁ, সেইদিনা ৰাতি মই এটা ৰাগ দিছিলোঁ। ৰাতিপুৱা উঠি দেখোঁ তোমালোকৰ বান্দী এজনীয়ে ৰাতি ৰাগ দিয়া মানুহজন বিচাৰি আহিছে। মই তাইৰ আগত সৈ কঢ়াত মোক তাই নি ৰজাৰ আগত ভেঁটাই দিলে। তাৰ পিছত ৰজাই তোমাক মোৰ লগত বিয়া দিলে। মই এইখিনিকে মাথোন জানো।”

 তেতিয়া ৰজাৰ জীয়েকে ক'লে, “তেনেহ'লে তুমি মোক ছল কৰিহে বিয়া কৰালা!” মন্ত্ৰীৰ ল'ৰাই সুধিলে, “মই তোমাক কি ছল কৰিলোঁ?” ৰজাৰ জীয়েকে ক’লে, “আমি সেইদিনা যিজন মানুহৰ ৰাগ [ ১২৬ ] শুনিছিলোঁ, সেই মানুহজনৰ ৰাগ দেখোন আজি আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পালোঁ। সিদিনাখনৰ ৰাগৰে সৈতে দেখোন আপোনাৰ মাত নিমিলে?”

 মন্ত্ৰীৰ ল'ৰাই কোনো ৰকমে ৰজাৰ জীয়েকৰ কথাত সাৰিব নোৱাৰি শেহত সকলো কথা সৈ কাঢ়ি তেওঁক ভাঙি ক'লে। সেই কথা শুনি ৰজাৰ জীয়েকৰ মনত বৰ অসন্তোষ লাগিল। মন্ত্ৰীৰ ল'ৰাই ৰজাৰ জীয়েকৰ অসন্তোষ দেখি তেওঁক অসন্তোষ কৰিবলৈ হাক দিলে আৰু তেওঁৰ সকলো দুখ-বেজাৰ গুচাব বুলি প্ৰতিজ্ঞা কৰিলে।

 পাছদিনা ৰাতিপুৱাতে মন্ত্ৰীৰ ল'ৰাই শোৱাপাটীৰপৰা উঠি হাত- মুখ ধুই পোতাশালত ৰাগ দিয়া মানুহজননো তেওঁৰ সখিয়েক হয় নে নহয় চাবলৈ গ'ল। গৈ দেখে যে সেইজন তেওঁৰ সখিয়েকজনেই হয়। মন্ত্ৰীৰ পুতেকে তাৰপৰা উভতি আহি বাহিৰে বাহিৰে শহুৰেকৰ ওচৰলৈ গ'ল আৰু শহুৰেকক নমস্কাৰ কৰি তেওঁক এটা লগুৱা লাগে বুলি ক'লে। ৰজাই জোঁৱায়েকৰ কথা শুনি, “কোনটো মানুহ তোমাক লাগে নিয়া” বুলি কোৱাত মন্ত্ৰীৰ ল'ৰাই “এটা পোতাশালৰ বন্দীহে মোক লাগে” বুলি ক'লে। তেতিয়া ৰজাই পোতাশালৰ গৰাকীজনক মতাই আনি জোঁৱায়েকক লগত দি ক'লে, “এওঁ যিজন বন্দী আনিব খোজে সেইজনকে মোকোলাই দিবা।” ৰজাৰ আদেশমতে পোতাশাললৈ গৈ মন্ত্ৰীৰ ল'ৰাই সখিয়েকক পোতাশালৰপৰা মোকলাই ঘৰলৈ লৈ আহিল।

 ঘৰ পাই ৰজাৰ ল'ৰাৰ মুখৰপৰা তেওঁলোকে তেওঁৰ দুখৰ কথা শুনি তিনিওজনে কান্দিবলৈ ধৰিলে। তাৰ পিছত তেওঁলোকৰ কথা- বতৰা শেষ কৰি ৰজাৰ জীয়েকে ভাত-পানীৰ দিহা কৰিলে আৰু তিনিওজনে খাই-বৈ উঠিল।

 এতিয়া মন্ত্ৰীৰ ল'ৰাই ৰজাৰ পুতেকৰ লগত ৰজাৰ জীয়েকৰ তিৰী-মুনিহৰ সম্বন্ধ লগাই দি সখিয়েকৰ শত্ৰু সাউদক এশিকা দি সখিয়েকৰ প্ৰতিশোধ ল'বলৈ তেওঁলোকৰ ওচৰত বিদায় লৈ ওলাই গ'ল। [ ১২৭ ]  যিজন সাউদে ৰজাৰ ল'ৰাক দুৰ্গতি কৰি পোতাশালত থৈছিল সেই সাউদৰ ঘৰতে মন্ত্ৰীৰ ল'ৰাও গধূলি বেলিকা ওলালগৈ। সাউদে তেওঁক দেখা পাই অহাৰ কাৰণ সুধিলে। মন্ত্ৰীৰ ল'ৰায়ো “ফুৰি ফুৰি গধূলি হোৱাত আলহী চাপিলোঁ” বুলি ক'লে। তাৰ পিছত সাউদে তেওঁৰ আঁতি-গুৰি সোধাত, চতুৰ মন্ত্ৰীৰ ল'ৰাই লাহেকৈ ক'লে, “ সৰু কালতে মোৰ আই-বোপাই মৰিল। যেতিয়া মোৰ আই মৰে, তেতিয়া মই পিয়াহ-খোৱা। মোৰ আই মৰাত মোক ডাঙৰ কৰিবলৈ কোনো নোহোৱাত আমাৰ গাঁৱৰ এঘৰ মানুহে মোক প্ৰতিপাল কৰিবলৈ নিছিল। মই পিয়াহ-খোৱা, তেওঁলোকে মোক ক'ৰপৰা পিয়াহ দিব? পিয়াহৰ সলনি তেওঁলোকে মোক ভাতকে দিবলৈ ধৰিলে। তাতে মোৰ দুদ-মৰকীয়া লাগি মই ভাত সৰহকৈ খাবলৈ ধৰাত মোৰ পেটটো টেকেলিৰ দৰে ওলাল। সেইদেখি মানুহে মোক পেট-ভাতু বুলি মাতিবলৈ ধৰিলে। আজি পৰ্যন্ত মোৰ সেই নামেই থাকিল। মই এতিয়া ডাঙৰ হোৱাত মোক প্ৰতিপাল কৰা মানুহঘৰে সৈতে মোৰ দ্বন্দ্ব হাই লাগিবলৈ ধৰিলে। তাতে তেওঁলোকে আমনি পাই মোক মাৰি-কিলাই খেদি দিলে। ময়ো মনৰ বেজাৰত দেশ চাওঁ বুলি গুচি আহিলোঁ। আজি আপোনাৰ ইয়াতে ঈশ্বৰে ঠেকালে। মই এইদৰে ফুৰি থাকিম বুলিয়েই মনত ভাবিছোঁ আৰু সুবিধা পালে কোনোবাই ৰাখিলে থাকিবও পাৰোঁ।”

 থকাৰ কথা শুনি সাউদে মাত লগালে, “বোপাই, থাক যদি ময়ে ৰাখিব পাৰোঁ।” পেট-ভাতুৱে উত্তৰ দিলে, “ভাল; য’তে ত’তে চুচৰি বাগৰি ফুৰাতকৈ একেঘৰতে থাকিব পাৰিলে ময়ো বৰ্তো।” সাউদে ক'লে, “বোপাই, থাকো বুলি কৈছ হয়, কিন্তু এটা কথা— যি মানুহ আগেয়ে মোৰ ইয়াত থাকোঁ বুলি শেহত নথকা হয়, মই তাৰ নাকে- কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত থওঁ৷” পেট- ভাতুৱে ক'লে, “মোৰ তেনে এটা দস্তুৰ আছে; অৰ্থাৎ যি মানুহে মোকো ৰাখোঁ বুলি শেহত নৰখা হয়, তেওঁকো নাকে-কাণে লোৰ শলা মাৰি যেন ৰজাৰ পোতাশালত থ'ব পাৰোঁ তেনেকুৱা এটা বন্দৱস্ত লগাইহে থাকোঁ।” এইদৰে কোৱামেলা কৰি সেই ৰাতিয়েই দুয়ো বন্দৱস্ত কৰি [ ১২৮ ] ৰখা আৰু থকাৰ ঠিক কৰিলে।

 পাছদিনা ৰাতিপুৱা সকলো মানুহ উঠিল। সাউদে আন আন চাকৰৰ লগত পেট-ভাতুকো বন কৰাবলৈ লৈ গ'ল। পেট-ভাতুৱে ইমান উৎসাহেৰে বন কৰিবলৈ ধৰিলে যে, সাউদৰ আন চাকৰবিলাকে তাক কোনো বনতে বলে নোৱাৰা হ'ল। আন চাকৰবিলাকক গৰাকীয়ে বন পাচিলেহে কৰে, কিন্তু পেট-ভাতুৰ হ'লে সেইটো নহয়, গৰাকীয়ে নাপাচিলেও সি নিজৰ দিহামতে কামবোৰ কৰিবলৈ ধৰিলে। তাৰ বন দেখি সাউদৰ মনত বৰ ৰং লাগিল। শেহত সাউদে তাক আন চাকৰবিলাকৰ ওপৰত মুখিয়াল পাতি দিলে। পেট-ভাতুৱে আৰু দুগুণ উছাহেৰে কাম কৰিবলৈ ধৰিলে। সি চাকৰহঁতক যে থান-থিতি নিদিয়েই নিজেও বন কৰাত আগতকৈও বেছিকৈ কোবাল হ'ল। তাৰ বন আৰু উছাহ দেখি সাউদৰ পেট-ভাতুহে পেট-ভাতু হ'ল। গোটেইখন ঘৰতে সাউদে পেট-ভাতুক সঁপি দিলে। সাউদে নিজে কিবা কৰিব লাগিলেও পেট-ভাতুক নোসোধাকৈ নকৰাত পৰিল। আন কি পেট-ভাতুৱে সাউদৰ ঘৈণীয়েকক ভাত ৰান্ধিবলৈ শিকাবও লগাত পৰিল। যিদিনা ভাত ৰান্ধোতে পেট-ভাতু নাথাকে সেইদিনা সাউদৰ ভাত-আঞ্জাৰ জুতিয়েই নালাগে।

 এইদৰে কেইদিনমান আছে, এদিন সাউদে পেট-ভাতুক ওচৰলৈ মাতি নি ক’লে, “বোপা, মই কাইলৈ বেপাৰলৈ যাম; তুমি ঘৰখন ভালকৈ চাবা। বিশেষকৈ বাৰীখন চিকুণাই ৰাখিবা, যেন তাত ফু মাৰি ভাত খাব পৰা হয়। মই ঘূৰি আহি কোৱা কথাৰ লৰচৰ দেখিব নালাগে।” পেট-ভাতুৱে সাউদৰ কথা শুনি “ভাল দেউতা” বুলি শলাগি থ'লে।

 পাছদিনা ৰাতিপুৱাতে সাউদ নাৱত উঠি বেপাৰলৈ গল। ইফালে পেট-ভাতুৱে বাৰী চিকুণুৱা কামত ধুমধাম লগালে। চাকৰ লগাই দি বাৰীত যি শ‍ইচ-সাৰ আছিল সকলোবোৰ কটাই নৈত উটাই দিবলৈ ধৰিলে। ঘৰৰ মানুহে সেইবাবে তাক কিবা ক'লে সিহে আকৌ সিহঁতক ডাবি দি উঠে। পেট-ভাতু আগৰপৰাই সাউদৰ বিশ্বাসী চাকৰ, কিজানি সাউদে তাক সেইদৰেই কৰাবলৈ কৈ গৈছে, এইবুলি ঘৰৰ আন মানুহে ও [ ১২৯ ] তাক হাত দিবলৈ সাহ কৰিব নোৱাৰে। সিফালে পেট-ভাতুৱে বাৰীত যি জাবৰ-জোঠৰ আছিল সেইবিলাক আঁতৰ কৰাই মছাই-সৰাই একেবাৰে সাউদে কোৱাতকৈ ওপৰ কৰি ফু-মাৰি ভাত খাব পৰা কৰি থ’লে।

 এনেতে সিফালৰপৰা সাউদো বেপাৰ কৰি উভতি আহিল। আহোঁতে, নৈত উটাই দিয়া আম-কঠাল আদিৰ গছবিলাক সাউদে নৈত জাজী হৈ থকা লগ পাবলৈ ধৰিলে। সেইবিলাক দেখি সাউদৰ মনত এটা অসন্তোষৰ ভাব আহি সোমাল। তেওঁ ভাবিলে, মই আহোঁতে বাৰীখন চিকুণাই থ'বৰ নিমিত্তে পেট-ভাতুৰ আগত কৈ আহিছিলোঁ; কিজানি সিয়ে মোৰ মনৰ ভাব নুবুজি অন্য ৰকম কাম কৰিলে? ইত্যাদ ভাবি-চিন্তি আহোঁতে সাউদে নিজৰ ঘাট পালেহি। ঘাট পায়েই সাউদে নাৱৰপৰা নামি অইন ফালে চকু নিদিয়াকৈয়ে বাৰীৰ ফালে ল'ৰ ধৰিলে। বাৰী পাই তেওঁ দেখিলে যে পেট-ভাতুৱে মানুহ লগাই বাৰীখন মছাব সৰাবই লাগিছে। সাউদে দেখিয়েই মূৰে কপালে হাত দি বহিল। বহুত পৰ সাউদে তলমূৰ কৰি থাকি পেট-ভাতুক সুধিলে, “হেৰ! তই দেখোন একেবাৰে মোৰ সৰ্বনাশ কৰিলি অ’?” পেট-ভাতুৱে উত্তৰ দিলে, “দেউতা, বন্দীয়ে আপুনি কোৱাৰ ওপৰ হ'বলৈহে প্ৰাণপণে যত্ন কৰিছোঁ।” সাউদে আৰু একো উত্তৰ নিদি ঘৰলৈ আহি মনৰ বেজাৰত কাকো নমতা-নোবোলাকৈ শোৱাপাটীত পৰি থাকিল। পাছদিনা ৰাতিপুৱা পেট-ভাতুৱে তাৰ তলৰ বনুৱাবিলাকক ভাগে ভাগে বনলৈ পাচি দিলে। নিজে ঘৰত থাকি সাউদৰ ঘৈণীয়েকক ক’লৈ, “আই, দেউতা অনেক অনেক দিনৰ মূৰ আহি ঘৰ পাইছেহি। কালি গধূলি কিবা গা- মূৰৰ অসুখতে নেকি, দেখোন ভাত খোৱাও দেখা নাপালোঁ। এতিয়া আজি নো দেউতাক কিহেৰে ভাত খুৱাব খুজিছে বা? এই খাহীটোকে মাৰোঁ।” এইবুলি কৈ সি উত্তৰলৈ বাট নেচাই খাহীটো একে কোবেই মাৰি পেলালে। সাউদে ইয়াতো তাক একো বুলিবলৈ বাট বিচাৰি নেপালে। তাৰ পাছত পেট- ভাতুৱেও, সাউদলৈ ৰন্ধা ভাত-আঞ্জাৰ জুতি দেখুৱাবলৈ ৰান্ধনীৰ পাছে পাছে ধুম-ধুপালকৈ লৰিবলৈ ধৰিলে।

 সাউদনীয়ে পেট-ভাতুৰ দিহামতে ভাত-আঞ্জা ৰান্ধি শেষ কৰিলে। [ ১৩০ ] তাৰ পিছত সি সাউদনীক মঙহ ভাজিবলৈ চৰুত তেল বহাবলৈ দিলে আৰু চৰুত তেল বহোৱাৰ পিছত, সোনকালে তেল পকি উঠিবলৈ চৰুত তলত ডাঙৰকৈ জুই দিবলৈ ক’লৈ। সাউদনীয়ে পেট-ভাতুৰ কথামতে কাম কৰিলে। যেতিয়া তেল পকি জুই উঠিব লগীয়া হ'ল, সাউদনীয়ে সুধিলে, “পেট-ভাতু, এতিয়া মঙহ বনাই দিওঁ?” পেট-ভাতুৱে ক'লে, “ৰ’বা আই ৰ’বা, তেল ভালকৈ পকা নাই।” এইদৰে দুয়ো চাই আছে। পেট-ভাতুৱে যেতিয়া দেখিলে জুই নুঠিবৰ আৰু কোনো কাৰণ নাই, তেতিয়া সাউদনীক ক’লৈ, “আই এতিয়া মঙহ বহাই দিয়া।” তাৰ কথামতে সাউদনীয়ে মঙহ বহাই দিয়াত ভমক্ কৰি জুই উঠি ৰান্ধনি ঘৰৰ চালত লাগিলগৈ। ৰান্ধনী ওলাই লৰ মাৰিলে। এক মুহূৰ্তৰ ভিতৰতে জুইয়ে এটাইবোৰ ঘৰ আগুৰি পেলালে। সাউদৰ আৰু তেওঁৰ ঘৰৰ মানুহবিলাকৰ চিঞৰ-বাখৰ লাগি পৰিল। মানুহবিলাকৰ কোনোৱে জুই নুমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে, কোনোৱে বা বস্তুবেহানি উলিওৱাত লাগিল। সাউদ বেবুৱা লাগি ইফালে সিফালে লৰি ফুৰিবলৈ ধৰিলে। সাউদৰ এটা পাঁচ বছৰীয়া ল'ৰা আছিল। ল'ৰাটিয়ে এই কাণ্ড দেখি ভয়তে কান্দি কান্দি বাপেকৰ পাছে পাছে ল’ৰি ফুৰিবলৈ ধৰিলে৷ সাউদে মনৰ বেজাৰত ক'লে, “এই নষ্ট যোৱাৰনো আজি কি হ'ল? ই কিয় এনেকৈ মোৰ পাছে পাছে লৰি ফুৰিছে? ইয়াক নো কোনেও কোবাই মাৰিব নোৱাৰে নে?” সাউদৰ কথা শুনি পেট-ভাতুৱে টপৰ্ ক’ৰে মাত লগালে, “মই হেন বন্দী থাকোতে দেউতাৰ এনে দুখ হ'ব লাগিলনে! মই তেনেহ'লে কে'লেই বা দেউতাৰ ঘৰত আছোঁ।” এইবুলিয়েই সি টাঙোন এডাল আনি ল'ৰাটো কোবাই মাৰিলে। পেট-ভাতুৱে এইদৰে সাউদৰ কৰিবলগীয়া সকলোখিনি কৰিলে। পেট-ভাতুক আৰু ৰখা হ'লে আগলৈকো সি এনেকুৱা অনিষ্টহে কৰি থাকিব, এইবুলি ভাবি সাউদে পেট-ভাতুক বিদায় দিলে।

 পেট-ভাতুৱে তেওঁলোকৰ বন্দৱস্তমতে ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই সাউদক ধৰাই নি সোধাত সাউদে পেট-ভাতুৰ অত্যাচাৰৰ কথাবিলাক বৰ্ণাই ৰজাৰ আগত ক’লে। পেট-ভাতুৱে ক'লে, [ ১৩১ ] “স্বৰ্গদেউ, তেওঁৰ কোৱা কথাৰ বাহিৰে চুলি এডালৰ ইফাল-সিফাল মই কৰা নাই। তেওঁ বেপাৰলৈ যাওঁতে মোক বাৰীখন ফু-মাৰি ভাত খাব পৰা কৰি থ'ব দিছিল; ময়ো তাকে কৰিছোঁ। ঘৈণীয়েকক ম‍ই ভাত ৰান্ধিবলৈ শিকাব লাগে; আঞ্জাত লোণ-খাৰ দিবলৈ দেখুৱাবলৈ গৈছিলোঁ। ঘৈণীয়েকে তেল মাৰোঁতে ঘৰত জুই লগাই দিলে, ম‍ই কি কৰিম? তেওঁ তেওঁৰ ল'ৰাটো মাৰিবলৈ কোনো নাই বুলি দুখ কৰাত, চাকৰ থাকোঁতে গৰাকীৰ এনে দুখ হোৱা দেখি মই বেয়া পাই ল'ৰাটি মাৰি দিলোঁ। স্বৰ্গদেৱে এতিয়া বিবেচনা কৰি চাই দোষীক দণ্ড কৰক” এইবুলি পেট-ভাতুৱে ক'লে। ৰজাই বিচাৰ কৰি চাই পেট-ভাতুক নিৰ্দোষী পালে। কবুলত হৰা 'দোষত ৰজাই সাউদৰ নাকে-কাণে লোৰ শলা মৰাই সাউদক পোতাশালত থ'বলৈ আদেশ দিলে।

 তেতিয়া মন্ত্ৰীৰ ল'ৰাই আনন্দ মনেৰে সখিয়েকব ঘৰলৈ আহি সকলো কথা সখিয়েকৰ আগত ক'লে। সাউদৰ অৱস্থাৰ কথা শুনি সখিয়েকৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমা নাইকিয়াত পৰিল। এতিয়া তিনিওজনে গৈ ৰজাৰ ওচৰত নিজ নিজ চিনাকি দিলে আৰু নিজ ৰাজ্যলৈ যাবৰ নিমিত্তে অনুমতি প্ৰাৰ্থনা কৰিলে।

 ৰজাই সকলো কথা জানিব পাই সন্তোষ পালে। তাৰ পিছত ৰাণী আৰু প্ৰজাবিলাকে এই শুভ বাতৰি পাই ৰঙত তোলপাৰ লগাই দিলে। ৰজাই আৰু ৰাণীয়ে জোঁৱায়েকক খুৱাই-বুৱাই অনেক ঐশ্বৰ্য-বিভূতি দি পঠিয়াই দিলে। তেওঁলোকেও আনন্দ মনেৰে নিজ ৰাজলৈ গুচি আহিল।

চতুৰ্বিংশ সাধু

ককা। - “মই দেখিছোঁ তই আৰু এটা বেয়া কাম কৰিবলৈ শিকিছ।”

নাতি। – “কি ককাদেউতা?”

ককা। — “তই কথা বঢ়াই ক'বলৈ শিকিছ। তই অলপ জাৰকে বৰ জাৰ, [ ১৩২ ]  অলপ দুখকে বৰ দুখ, অলপ টান পোৱাকে বৰকৈ টান পোৱা যেন কৰিছ, তেনে কৰিব নাপায়। ঠিক কথাটো হে ক'ব পায়। কথা বঢ়াই কওঁতে কওঁতে শেষত গৈ মিছাত পৰেগৈ। ক'বলগীয়া কথাটো ভাবি-চিন্তি জুখি হে ক'ব পায়।”

নাতি।— “আজিৰপৰা তেনেকৈ ক'ম ককাদেউতা।— “তেন্তে আজিৰ সাধুটো শুন,”—


শিয়াল-পগলা

 একালত বিক্ৰমাদিত্য নামে এজন ৰজা আছিল। তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল। বিক্ৰমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল। সেইদেখি বিক্ৰমাদিত্যৰ মৰণৰ সময় হ’লত তেওঁক গঙ্গাতীৰলৈ অনা হ'ল। কিন্তু গঙ্গাযাত্ৰা কৰি তেওঁক গঙ্গাৰ তীৰতে থোৱা হৈছিল, কোনোমতেই তেওঁৰ জীৱ নাযায়। লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল। তিন দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক ওচৰলৈ মাতি আনি ক'লে, “বোপাই, মোৰ সোণৰ ধোঁৱাখোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে, দেছোন।” তালৈ ধোঁৱাখোৱাতো লৈ যোৱা হোৱা নাছিল, সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱাখোৱাটো আনিবলৈ গ'ল। এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হ'ল। ৰজাই তেওঁৰ মৰণ মূৰশিতানত জানি পুতেকক মাত লগালে— “বোপাই অ’। ওচৰ চাপি আহ, শুন।” বোৱাৰীয়েকেই “কি কৈছে, কওঁক” বুলি ক'লত ৰজাই পুতেকে উত্তৰ দিছে বুলি ভাবি ক’লে, “মোৰ এতিয়া প্ৰাণ যাব। এতেকে তোক কথা এটা কওঁ শুন— মোৰ শোৱা পালেঙৰ তলত এক লাখ ৰূপ পোতা [ ১৩৩ ] আছে, তুলসীৰ তলত এক লাখ আৰু গা-ধোৱা শিলছতাৰ তলত এক লাখ, মুঠতে তিনি লাখ টকা আছে। তই গা-পা ধুই মোৰ তুলসীৰ মালাধাৰ হাতত লৈ ‘মোৰ পিতৃৰ ৰূপবান ক'ত কি আছ ওলাই পৰ’ বুলিলেই এটাইবোৰ ওলাই পৰিব। সেই ৰূপ বানেৰেই তই সুখেৰে ৰাজ্য পালন কৰি খাই-লৈ থাকিব পাৰিবি।” বোৱাৰীয়েকে “ভাল দেউতা” বুলি শলাগিলত বিক্ৰমাদিত্যৰ ভেলটোৰ পৰা জীৱতো ওলাই গ'ল, পুতেকে ধোঁৱাখোৱা লৈ বেগাবেগিকৈ আহিও বাপেকক নেপালেহি। বাপেকৰ মৰা-শটোৰ ওচৰত ঘৈণীয়েকক দেখি তেওঁ সুধিলে— “দেউতাই মৰিবৰ সময়ত কিবা কৈছিল নে?” ঘৈণীয়েকে “একো কোৱা নাই” বুলি গিৰিয়েকক ফাঁকি দিলে।

 ইয়াৰ পিছত পিতাকৰ কাঠসংস্কাৰ কৰি ৰজাৰ পুতেক, ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গ'ল। ঘৰত কিছুদিন থকাৰ পিছত তেওঁলোকৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ বৰ দুৰৱস্থা হ'ল। মাকে দিনটো মাগি খুজি কোনোমতে দুকঠিমান চাউল গোটাই আনে, তাৰ একঠি মাক পুতেকে দুয়ো খায়, আৰু একঠি অকলৈ বোৱাৰীয়েকক দিয়ে, কাৰণ লোকৰ জীয়ৰী, তাই খোৱাত দুখ পালে আজি ধৰিয়েই যদি গুচি যায়, তেন্তে কোনে তাইক কি কৰে?

 এইদৰে তেওঁলোকে দুখে কষ্টে কিছুদিন চলিছে, এনেতে একদিনা-প্ৰতি ভোজ ৰজাই তেওঁৰ ঘৰত ভোজ পাতি জ্ঞাতি-কুটুম, অঙহি-বঙহি সকলোকে ভোজ খাবলৈ নিমন্ত্ৰণ কৰিলে। জীয়েকক ৰজাই ভোজ-ৰান্ধনী পাতি মাতি মতাই পঠিয়ালে। যিদিনা বাপেকৰ ঘৰৰপৰা জীয়েকক লৈ যাবলৈ মানুহ আহিছিল, সেহদিনা বিক্ৰমাদিত্য ৰজাৰ পুতেক কৰবালৈ ওলাই গৈছিল, ঘৰত নাছিল, সেইদেখি ঘৈণীয়েকে গিৰিয়েকক লগ নাপাই শাহুয়েকৰ আগতে কৈ গ’ল— “আই, দহোকুৰি, বধলাগে, মোৰেই শপত আপোনাৰ পুতেকক মোৰ মোৰ বোপাইৰ ঘৰলৈ পঠিয়াই দিব, “আৰু ভোজৰ ৰভাৰ মাজত খুটাটোতে বহিবলৈ কব।” শাহুয়েকে “বাৰু কম” বুলি শলাগি থাকিল। পুতেক আহিলত মাকে ক'লে, “বোপাই, শহুৰেৰৰ ঘৰত আজি বৰ ভোজ পাতিছে। [ ১৩৪ ]  ঘৈণীয়েৰক ৰান্ধনী পাতি মাতি নিছে, আৰু তোক নিমন্ত্ৰণ কৰি গৈছে। আৰু ঘৈণীয়েৰে বৰ শপত দি গৈছে, যা বোপাই, গৈ আহ, নহলে শহুৰেৰে বেয়া পাব। ঘৈণীয়েৰে তোক মাজৰ খুটাটোৰ ওচৰতে বহিবলৈ কৈ গৈছে, নহ'লে বহুত মানুহৰ মাজত তাই তোক চিনি নেপাব পাৰে। পুতেকে ক’লৈ, “আই এতিয়া গধূলি হ'লহি, কিনো যাম, নেযাওঁৱেই দে।” মাকে ক’লৈ “নহয় বোপাই শহুৰেৰে মাতিছে যেতিয়া যাবই লাগিব, নগ'লে তেওঁ বৰ বেজাৰ পাব। যা মোৰ বোপাই যা।” মাকে এইদৰে ক'লত বিক্ৰমাদিত্যৰ পুতেক ভোজলৈ গ'ল।

 এন্ধাৰ ৰাতি খপিয়াই-জপিয়াই কোনোমতে গৈ বিক্ৰমাদিত্যৰ পুতেকে শহুৰেকৰ ঘৰ পালেগৈ। ভোজৰ ৰভাৰ কেউফালে প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল। বাহিৰৰ বেৰ এৰিও ৰভাৰ ভিতৰত আৰু এখন বেৰ আৰু দুৱাৰ আছিল, তাতো প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল। তেওঁ গৈয়েই প্ৰথমটো দুৱৰীক ক’লে, “দুৱৰী দুৱাৰ এৰি দে।” দুৱৰীয়ে উত্তৰ দিলে, ৰজাৰ হুকুম নহ'লে দুৱাৰ এৰি দিব নোৱাৰোঁ।” বিক্ৰমাদিত্যৰ পুতেকে ক'লে, “দে বোপাই দে দুৱাৰ এৰি, সাত-সজীয়া লঘোণত মোৰ প্ৰাণ যায়।”এই বুলি ভালেখিনি খটবান্ধ কৰাৰ পিছতহে দুৱৰীয়ে তেওঁক দুৱাৰ এৰি দিলে তাৰ পিছত তেওঁ গৈ দ্বিতীয় দুৱৰীক পাই ক’লে, “দুৱৰী, দুৱাৰ এৰি দে।” সিও আগৰটোৰদৰে অনেক খটবান্ধ কৰি পিচত দুৱাৰ এৰি দিলত, তেওঁ ৰভাৰ ভিতৰ সোমায়েই ৰভাৰ মাজৰ খুটাটোৰ ওচৰতে বহিল, আৰু সকলো ৰাইজে পাত পাৰি লোৱা দেখি তেৱোঁ এখন পাত পাৰি ল'লে।

 ঘৈণীয়েকে চাউল-সিজোৱা আৰু আঞ্জা আদি দিবলৈ আহি গিৰিয়েকক দেখিও নেদেখাৰ ভাও ধৰিলে, আৰু সকলোতে ভাত আঞ্জা দিলে কিন্তু গিৰিয়েকক নিদিলে। তাই সকলোকে সুধিলে— “আপোনাসকলে ভাত আঞ্জা পালেনে?” সকলোৱে “পালোঁ” বুলি মুখত গৰাহ ল'লে। এনেতে বিক্ৰমাদ্যিতৰ পুতেকে মাত লগালে — “কি নো অগিয়ানী ৰজাৰ জীয়েক অ'। সকলোকে চাউল-সিজোৱা দিলে, মোক দেখোন নিদিলে!” এই কথা কাণত পৰিলতে ৰজাৰ জীয়েক [ ১৩৫ ] তাৰপৰা গৈ ৰোহঘৰত সোমালগৈ। সকলো ৰাইজৰ পাতৰ ভাত-আঞ্জা ঢুকালত আকৌ দিবলগীয়া হ'লত ৰান্ধনীৰ বিচাৰ লাগিল। ৰান্ধনীক ক’তো বিচাৰি নাপাই, শেহত ৰোহ ঘৰত বিচাৰিলত তাতে ৰান্ধনী ওলাল। বাপেকে ক’লে, “আই, তোৰ নো কি হ'ল? কিয় ৰোহ্ পাতি শুই আছহি? ইমানখন ৰাইজভাতৰ পাতত বহি আছে, তই ভাত নিদি শুই উঠি আছহি, ৰাইজে মোক শাও দিব এতিয়া। তই শুই উঠি আহ, ৰাইজক ভাত দেহি, তোক যি লাগে মই তাকে দিম।” জীয়েকে উত্তৰ দিলে, “সেই ৰভাৰ মাজৰ খুটাটোৰ ওচৰত বহি থকা মানুহটোক কাটি তাৰ তেজ মোক দেখুৱালেহে মই যাম; সি মোক আজি বৰকৈ অপমান কৰিলে।” জীয়েকৰ কথা শুনি ৰজাই তেতিয়াই কুকুৰা-কটা চাওদাঙক মতাই আনি সেই মানুহজনক কাটিবলৈ হুকুম দিলে। এই কথা দেখি পাত্ৰ-মন্ত্ৰী সকলোৱে ভাবিলে— “এস্! কি অন্যায় কথাটো হ'ল। এইৰ কথাৰেই এইহেন ঠানুৱা মানুহজনক কটাব লাগিল নে কি?” এইবুলি তেওঁলোকে মনেমনে তেওঁক হাৰীৰ ঘৰৰ ওচৰৰ জাপ-টাটীৰ মাজত সুমাই থৈ, চাওদাঙৰ হতুৱাই কুকুৰ এটা কটাই ত’ৰ তেজ আনি ৰজাক আৰু ৰজাৰ জীয়েকক দেখুৱালে। তেজ চাই হে ৰান্ধনীয়ে উঠি আহি ৰাইজক ভাত আঞ্জা দিলেহি। ৰাইজে খাই-বৈ উঠি গ'লত ৰজাৰ জীয়েকে সোণৰ মাইহাঙত ভাত লৈ হাৰীটোক দিলেহি। ভাতঅনা বেলি হোৱা দেখি হাৰীটোৱে ৰজাৰ জীয়েকক গালি পাৰি ক’লে, “কটা কুকুৰৰ জীয়েক! ইমান পৰলৈকে তই মোলৈ ভাত নানি কি কৰিছিলি হয়?” ৰজাৰ জীয়েকে উত্তৰ দিলে— “কিনো খংখন খাইছে এ আই। তাক মাটীয়েকে কটালোঁ নহয়; সেই হে ইমান বেলি হ'ল। এতিয়া আৰু কি ভয় আছে? আমি দুয়ো সুখেৰে খাই-বৈ থাকিব পাৰিম। সেই যে তাৰ বাপেকৰ মালাধাৰ আছে, মই গা ধুই উঠি সেইবাৰ হাতত লৈ, ‘মোৰ পিতৃৰ টকা ক'ত কিমান আছ ওলাই পৰ' বুলিলেই তাৰ পালেঙৰ তলৰপৰা এক লাখ, তুলসীৰ তলৰপৰা এক লাখ, আৰু গা- ধোৱা শিলৰ তলৰপৰা এক লাখ ওলাব; তাৰেই আমি দুয়ো সুখেৰে খাই-বৈ থাকিম, আমাৰ আৰু কিহৰ চিন্তা?”

 বিক্ৰমাদিত্যৰ পুতেকে জাপ-টাটীৰ মাজৰপৰা এইবোৰ কথা শুনি আছিল। তেতিয়াই তেওঁ তাৰ ভিতৰৰপৰা ওলাই ঘৰলৈ গৈ পদুলিৰ [ ১৩৬ ] মুখতে থকা, পুখুৰীটোত গা ধুই, মালাধাৰ হাতত লৈ “মোৰ পিতৃৰ ধন যত যি আছে ওলাই পৰ” বুলিলতে সকলোখিনি ওলাই পৰিল। তেওঁ তেতিয়াই সেই ধনেৰে কিছুমান মাকক দি ক'লে, “আই, কাইলৈ যদি কোনোবা আহি তোক খচকিও নিয়ে তথাপি তই এই টকাৰ সৈ নলবি।” এই বুলি মাকক কৈ তেওঁ বাকী টকাবোৰ লৈ বাটত থকা জৰীগছ এজোপাৰ আগত উঠি থাকিল। পিছদিনা ভোজ ৰজাৰ-জীয়েকে হাৰীটোৰে সৈতে আহি ৰূপবান একো নেপাই বুঢ়ীক সুধিও একো উৱাদিহ উলিয়াব নোৱাৰি নিৰাশ হৈ গুচি গ'ল। ইয়াৰ পিচত বিক্ৰমাদিত্যৰ পুতেকে গছৰপৰা নামি আহি কিছুমান ৰূপ লগত লৈ বাকীখিনি পুখুৰীটোতে ভালকৈ বুৰাই পুতি থ’লে। আগৰদৰে দেখাশুনাকৈ থাকিলে আপদৰ ভয় দেখি তেওঁ মৰা শিয়ালৰ মোট এটা পিন্ধি পগলাৰ ভাও জুৰি ঘৰ এৰি গাৱে গাঁৱে ফুৰিবলৈ ধৰিলে। তেতিয়াৰেপৰা তেওঁৰ নাম “শিয়াল পগলা” হ'ল।

 শিয়াল-পগলাই এইদৰে ফুৰি ফুৰি এখন বেলেগ ৰজাৰ নগৰত ওলালগৈ। সেই ৰজাৰ নগৰতে সোণাৰি এটাই কিছুমান ৰজা-ঘৰীয়া অলঙ্কাৰ কৰি থকা দেখি তেওঁ সোণাৰিটোক ক’লে, ‘হেৰ সোণাৰি, তোক ধন দিওঁ, তোৰ অলঙ্কাৰবোৰ মোক দিবি নে?” সোণাৰিয়ে ক'লে, “ৰজাৰ অলঙ্কাৰ মই তোক কেনেকৈ দিম বোপাই?” শিয়াল-পগলাই ক’লে, “যিমান বেচ তাততৈ সৰহকৈ টকা দিওঁ দে।” সোণাৰিয়ে অলঙ্কাৰৰ বেচতকৈ বেছি টকা পাই অলঙ্কাৰবোৰ শিয়াল-পগলাক দিলে। শিয়াল-পগলাই অলঙ্কাৰবোৰ জোকাৰি-পোকাৰি নাচি ফুৰিবলৈ ধৰিলে। শিয়াল-পগলাই শিয়ালৰ ছালৰ মোটটোৰ ওপৰত লালী গুড় সানি লৈছিল, সেইদেখি তাত ভেনামাখিয়ে ভেন্‌-ভেনাই থাকে।

 এইদৰে গৈ গৈ শিয়াল-পগলা ৰজাৰ ঘৰৰ ওচৰ পালেগৈ। সি নো কৰে কি, —যেতিয়া ৰজাৰ জীয়েক আৰু পাতৰৰ জীয়েক পঢ়াশালিলৈ যায়, তেতিয়া সি বাটতে পথালি দি পৰি থাকে। পাতৰৰ জীয়েকে কয়,–“এই পোক-লগা শগুণেখোৱাটোকনো বাটত পৰি থাকিবলৈ কিহে পাইছে অ’?” তেতিয়া শিয়াল-পগলাই কেঁকাই কেঁকাই [ ১৩৭ ] কয়, “কত মানুহ মোৰ ওপৰেদিয়েই যাব লাগিছে, তোমালোক গ’লে নো কি হানি আছে। যোৱা আইহঁত, মোক ডেইয়েই যোৱাঁ।” কিন্তু তেওঁলোক সেইদৰে যাবলৈ অসন্মত হ'লে সি অলপ কাতি হৈ বাট এৰি দিয়ে, আৰু সেই পিনেই দুয়ো গুচি যায়। এইদৰে বহুত দিন যোৱাত এদিন শিয়াল পগলাই ভাবিলে, “আজি বাট এৰি নিদিওঁ৷” ইয়াকে ঠিক কৰি সেই সেইদিনাও আগৰদৰে বাটত পথালি দি পৰি থাকিল। ৰজাৰ জীয়েকে তো নামাতেই; পাতৰৰ জীয়েকে মাত লগালে, ‘হেৰ পোক-লগা। বাট এৰি দে। নিতৌ তই কি এইদৰে মাজ বাটত পথালি দি পৰি বাট ভেটি থাক? বাট এৰি দে; নহলে ঠিক কৈছোঁ, আজি বুঢ়ীমাৰে তোক ডেই গুচি যাম।” এই কথা শুনি শিয়াল-পগলাই ক’লে, “যোৱা আইটি যোৱাঁ, কত মানুহ ডেই যাব লাগিছে, তুমি গলে নো কি হ'ল? মই উঠিব নোৱাৰো, তুমি ডেই যোৱা।” এই কথা শুনি পাতৰৰ জীয়েকৰ খং উঠি তাৰ বুকুতে তাই ভৰি দি গুচি গ'ল। কিন্তু ৰজাৰ জীয়েকে নামাতিলে নচলাত পৰিলে দেখি লাহেকৈ মাত লগালে, “শিয়াল-পগলা, মোক অলপ বাট এৰি দিয়াঁ দেও হে। বেলি হ'ল, ঘৰত খং কৰিব।” সি উত্তৰ দিলে— “যোৱা আইটী মোক ডেইয়েই যোৱাঁ, তোমাৰ লগৰীয়া সখীয়েৰাইতো বুকুত ভৰি দিয়েই গ'ল, তুমিও যোৱাঁ, একো হানি নাই।” ৰজাৰ জীয়েকে মিহিকৈ উত্তৰ দিলে, “মই সেইদৰে নেযাওঁ দেও হে; তেওঁ গ'ল, যাওক; মইতো আৰু মোৰ সখী নহওঁ। মোক কৃপা কৰি অলপ কাতি হৈ বাট এৰি দিয়াঁ দেও হে।” ৰজাৰ জীয়েকৰ কথা শুনি শিয়াল-পগলাই ক’লে, “তুমি যদি মোলৈ আহিম বুলি সইত খোৱা তেহে মই বাট এৰি দিম, নহলে নিদিওঁ। তোমাৰ মন যায় যদি ডেইয়েই যোৱা।” শিয়াল-পগলাৰ কথা শুনি ৰজাৰ জীয়েকে মহা মস্কিলত পৰি ভালেখিনি বেলি ভাবি থাকি নিৰুপায় হৈ শেষত ক’লে, “বাৰু সইত সইত তিনি সইত খাই কৈছোঁ তোমালৈ আহিম। এতিয়া তুমি মোক বাট এৰি দিয়াঁ।” ৰজাৰ জীয়েকে তালৈ আহিম বুলি সইত খালত শিয়াল-পগলাই বাট এৰি দিলে।

 ৰজাৰ জীয়েক ঘৰ পায়েই পোনেই ৰোহঘৰত সোমালগৈ। ৰজাৰ [ ১৩৮ ] জীয়েকক বিচাৰি নাপাই জীয়েকৰ সখীয়েকক সোধাত সখীয়েকে ক’লে, “শিয়াল-পগলা বুলি পোক-লগা মানুহ এটা বাটত পৰি বাট ভেটি আছিল। মই তাৰ বুকুতে ভৰি দিয়েই গুচি আহিলোঁ, কিন্তু সখী নাহি তাতে তাৰে সৈতে খান্ধ কৰি আছিল। এতিয়াও তাতে থাকিব পায়।” এই কথা শুনি ৰজা তালৈ গৈ তাতো জীয়েকক নাপাই, ৰোহ - ঘৰত চাই তাতে পালে। “তোৰ কি হ'ল? কিয় ৰোহ-ঘৰত পৰি আছ? বুলি ৰজাই জীয়েকক সুধিলত জীয়েকে ক'লে, “দেউতা, আপুনি মোক যদি শিয়াল-পগলালৈ বিয়া দিয়ে, তেহে মই ভাত খাম, ন’হলে নাখাওঁ, নাখাই মৰি যাম।” ৰজাই অনেক বুজাই-বৰাইও জীয়েকৰ মনৰপৰা সেই সঙ্কল্প এৰুৱাব নোৱাৰি শেষত নিৰুপায় হৈ “বাৰু শিয়াল-পগলালৈকে তোক বিয়া দিম, এতিয়া আহ, ভাত খাহি।” বুলিকৈ জীয়েকক মাতি আনিভাত খুৱালেহি। পিছে ৰজাই এই কথা পাত্ৰ-মন্ত্ৰী সভাসদসকলক মাতি আনি ক'লত তেওঁলোকে ক’লে “মহাৰাজে যেতিয়া দিম বুলি সৈ কাঢ়িছে, আইদেওক শিয়াল-পগলালৈ দিবই লাগিব। কিন্তু মহাৰাজে এটা কাম কৰক— চাৰিওফালৰপৰা ৰজাৰ কোঁৱৰসকলক নিমন্ত্ৰণ কৰি আনি স্বয়ম্বৰ পাতি আইদেউক নোৱাই-ধুৱাই শুকুলী হাতীত তুলি তেওঁৰ হাতত মালা দি স্বয়ম্বৰ-সভালৈ পঠিয়াই দিয়ক। তেওঁ যাকে মন যায় তাৰে ডিঙিত মালা দি বৰক, সেয়ে মহাৰাজৰ জীয়েকক পাব। তেওঁ যদি শিয়াল-পগলাৰ ডিঙিতে মালা দিয়ে সিয়েই তেওঁক পাওক, তেতিয়া আৰু স্বৰ্গদেৱৰ গাত প্ৰত্যবায় নাথাকে।

 পাত্ৰ-মন্ত্ৰী সভাসদসকলৰ মন্ত্ৰণা শুনি ৰজাই জীয়েকক নোৱাই- ধুৱাই শুকুলী হাতীত তুলি দি সভালৈ পঠিয়াই দিলে। জীয়েকে সভালৈ আহি কাৰো ডিঙিত মালা নিদি, সভাৰ আগচোতালত পৰি থকা শিয়াল- পগলাৰ ডিঙিত মালা দিলে। এই কথা দেখি সকলোবোৰ ৰজাই ছিঃ ছিঃ কৰি কন্যাৰ বাপেক ৰজাক গৰিহণা দি সভাৰপৰা গুচি গ'ল।

 ইয়াৰ পিছত ৰজাই দূৰত এটা ঘৰ সজাই বন্দী বেটী লগত দি জীয়েক-জোঁৱায়েকক তাতে থৈ দিলে। পাতৰৰ জীয়েকে মাজে মাজে সখীয়েকক চাবলৈ আহি বাহিৰৰপৰা মাতে— “সখী, তোমাৰ সেই [ ১৩৯ ] পোক-লগাটো ঘৰৰ ভিতৰত আছে নে? আছে যদি মই ঘৰৰ ভিতৰলৈ আৰু নাযাওঁ; তুমিয়েই এখন্তেক ওলাই আহাঁ, তোমাক চাই গুচি যাওঁ।”

 এইদৰে কিছুদিন থকাৰ পিচত এদিন শিয়াল-পগলাই গা ধুবলৈ তপত পানী বিচাৰি লিগিৰীজনীক পানী তপতাই আনি দিবলৈ কলে। লিগিৰীয়ে পানী আনিলত, শিয়াল-পগলাই তাইক পানী থৈ যাবলৈ ক'লত লিগিৰীজনীয়ে তাৰপৰা গৈ আঁতৰৰ পৰা লুকাই থাকি, সি গা ধোৱা চাই আছিল। এনেতে শিয়াল-পগলাই তাৰ মোটটোৰ মুখৰডোখৰ গুচাওঁতেই মুখখন ডিঙিলৈকে ওলাই জোনটো জিলিকাদি জিলিকিবলৈ ধৰিলত, তাই দেখি লৰি গৈ ৰজাৰ জীয়েকৰ আগত ক’লেগৈ— “আইচ্‌ লৰি আহক, চাওকচোন! তেওঁ কিবা মোট পিন্ধিহে ভেশচন কৰি আছিল।

 এই কথা শুনি ৰজাৰ জীয়েকে লৰি আহি দেখিলে যে লিগিৰীৰ কথা সঁচা। ঠানুৱা গিৰিয়েকৰ ৰূপ চাৰিওফালে চিটিকি পৰিছে। তেওঁ লৰালৰিকৈ আহি গিৰিয়েকৰ মোটটো ফালি পেলাই দি হুৰ্‌ হুৰ্‌ কৰে গাত পানী ঢালি ঘঁহি-পিহি দিলে; আৰু তেতিয়াই তেল-টেঙা অনাই ঘঁহি চাফ-চিকুণ কৰি কাপোৰ কানি পিন্ধাই দিলত গিৰিয়েক দিপ্ লিপ পুৰুষজন হ'ল।

 ইয়াৰ পিছত গিৰীয়েকে ঘৈণীয়েকৰ আগত আগৰপৰা গুৰিলৈকে তেওঁৰ সকলো কথা ক'লে। লিগিৰীয়ে লৰি গৈ ৰজাৰ মাদৈক ক'লে— “মাদৈ, আহক চাওকহিচোন আপোনাৰ জোঁৱায়েকক। তেওঁ কিবা ভেশচন কৰি হে আজি অতদিন আছিল। আজি আইচুৱে তেওঁক গা ধুৱাই দিছে, যেনেকৈ হে তেওঁ জিলিকিছে, বেলিটোলৈকে চাব পাৰি তেওঁ আপোনাৰ জোঁৱায়েকৰ ফালে চাব নোৱাৰি।” এই কথা শুনি, লিগিৰীজনীয়ে তেওঁক ঠাট্টা কৰিছে বুলি মাদৈয়ে হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে। ৰজাই মাদৈৰ কান্দোন শুনি লৰি আহি কি হৈছে বুলি সুধি সেই কথা শুনি একেলৰেই জীয়েক-জোঁৱায়েকৰ ঘৰ ওলালগৈ। তেওঁ গৈ দেখে যে কথা সঁচা। তেতিয়া মাদৈও আহি তাতে ওলাই আনন্দত জীয়েক জোঁৱায়েকৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে। [ ১৪০ ] ৰজাই জোঁৱায়েকৰ মুখৰপৰা তেওঁ এজন ৰজাৰ কোঁৱৰ বুলি জানি বৰ ৰং পালে।

 নগৰত এই কথা বিয়পি পৰিলত ৰজাৰ জোঁৱায়েকক চাবলৈ মানুহ ভাগি পৰিলহি। মানুহৰ হেঁচা কমিলত গধূলি পৰত পাতৰৰ জীয়েক ওলালহি। পাতৰৰ জীয়েকে এই কথা কোনোমতে পতিওৱা নাছিল। তাই ভাবিছিল এইটো কিবা মিছাকৈয়ে এটা ঢৌ তুলি দিছে। তাকে ভাবি তাই আহি সখীয়েকক মাতি সুধিলে, “হয় নে দেও হে! তোমাৰ পোকলগাটো হেনো বৰ ধুনীয়া হৈ পৰিছে?” “কিয়নো ঠাট্টা কৰা দেও হে?” বুলি ৰজাৰ জীয়েকে সখীয়েকক কৈ মনে মনে থাকিল। পিছে ৰজাৰ জীয়েকৰ গিৰিয়েকে পাতৰৰ জীয়েকক ভিতৰলৈ মাতি নিবলৈ ঘৈণীয়েকক ক'লত পাতৰৰ জীয়েকে সখীয়েকক সুধিলে— “সখী, তোমাৰ পোকলগা শগুণে খোৱা ধুনীয়াটো ভিতৰতে আছে নেকি?” ৰজাৰ জীয়েকে লাহেকৈ “নাই” বুলি ক'লত পাতৰৰ জীয়েক ঘৰৰ ভিতৰলৈ সোমাই গ'ল। পাতৰৰ জীয়েকক ঘৰৰ ভিতৰত পাই ৰজাৰ জোঁৱায়েকে ধৰি তাইক নাক-কাণ কাটি খেদি পঠিয়াই দিলে। পাতৰৰ জীয়েকে কান্দি-কাটি তাইৰ ঘৰলৈ গৈ, কটা নাক-কাণ বাপেকক দেখুৱাই সেই কথা ক'লত পাতৰে ৰজাৰ আগত গোচৰ দিলেহি। পাতৰৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। ৰজাই তেতিয়াই জীয়েকৰ ঘৰলৈ গৈ জীয়েকক সুধিলে, “জোঁৱাইয়ে পাতৰৰ জীয়েকৰ নাক-কাণ কাটিব কোন?” জীয়েকে উত্তৰ দিলে, “আপুনি নো এই কথা সুধিবৰ কোন? ৰজাই এনে উত্তৰ শুনি তধা লাগি ক'লে— “মই কোন তই নাজান? মই ৰজা।” জীয়েকে উত্তৰ দিলে— “মোৰ গিৰিহঁতও মহাৰাজা বিক্ৰমাদিত্যৰ পুতেক মহাৰাজা।” বিক্ৰমাদিত্যৰ নাম শুনিয়েই ৰজা জঁয় পৰি গ'ল। তেওঁ তেতিয়া জোঁৱায়েকৰ আঁতিগুৰি বুজি লৈ ক'লে, “তেওঁ দেখোন পাতৰৰ জীয়েকৰ হে নালাগে আমাৰও নাক-কাণৰ গৰাকী। তেওঁৰ আগত আমি নো কি এখুদমান ৰজা।” এইবুলি ৰজাই জোঁৱায়েকক বৰ মান সৎকাৰ কৰিলত, জোঁৱায়েকে তেতিয়া নিজৰ আঁতিগুৰি, আৰু কিয় তেওঁৰ ৰাজ্য এৰি তেওঁ এইদৰে বলিয়া হৈ ঘুৰি [ ১৪১ ] ফুৰিছিল ইত্যাদি সকলো কথা শহুৰেকৰ আগত ভাঙি-পাতি ক’লে; আৰু পাতৰৰ জীয়েকে তেওঁক কেনেকৈ সদায় অপমান কৰি আছিল আৰু সেইবাবেহে যে তেওঁ তাইৰ নাক-কাণ কাটিলে এই কথাও ক'লে। এইবোৰ কথা শুনি শহুৰেক ৰজাই জোঁৱায়েকক আনি নিজৰ সিংহাসনত বহুৱাই নিজে নামনিৰ খাটোলাত বহিল। ইয়াৰ পিছত ৰজাই কন্যাদানৰ ভোজ দিবলৈ ন-কুৰি হজুৱাক ন-কুৰি পহু মাৰি আনিবলৈ হাবিলৈ পঠিয়ালে। হজুৱাবোৰে পহু নাপাই, গধূলি উভতি আহি ৰজাৰ জোঁৱায়েকৰ আগত দীঘল দি পৰি ক'লে, “আমাক ৰাখক! আমি পহু নাপালোঁ বুলি ক'লে ৰজাই আমাক কাটিব।” জোঁৱায়েকে হজুৱাহঁতক অভয় দিলত সিঁহত ৰাতি তাতে থাকিল। বিক্ৰমাদিত্য ৰজাৰ পুতেকে সেই ন-কুৰি হজুৱাৰ টিকাত চাব দি সিহতক নিজৰ কৰি ল'লে আৰু পিছদিনা নিজে হাবিলৈ গৈ ন-কুৰি পহু মাৰি আনি শহুৰেকক দি বৰ ভোজ পতাই সকলোকে খুৱালে।

 বিক্ৰমাদিত্য ৰজাৰ পুতেক কিছুমান দিন তাতে থাকি, তাৰ পিছত নিজৰ ঘৰলৈ যাবলৈ ওলাল। শহুৰ-শাহুৱেকক বিদায় লৈ তেওঁ যৌতুকত পোৱা বেটি-বন্দী লা-লগুৱা, দোলা-ঘোঁৰাৰে সৈতে সেই ন-কুৰি হজুৱা লগত লৈ ঢোল, খোল, বায়নে তলৰ মাটি ওপৰকৈ যাবলৈ ধৰিলে। বিক্ৰমাদিত্যৰ পুতেক এইদৰে গৈ নিজৰ ঘৰৰ ওচৰ পালত অলৰ অথৰ বুঢ়ীমাকে ভয় খাই চুচৰি- বাগৰি কোনোমতে গৈ বাৰী-চুকৰ হাবিত সোমালগৈ। পুতেকে ঘৰ পাই মাকক নেদেখি বিচাৰি বাৰী-চুকৰ হাবিত পাই, নিজৰ চিনাকি দি আৰু নিৰ্ভয় দি উলিয়াই আনিলে। ইয়াৰ পিছত তেওঁ নিজৰ ৰাজ্যখন ভালকৈ পাতি লৈ মহাপয়োভৰেৰে ৰাজত্ব কৰিবলৈ ধৰিলে; আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰা সেই ভোজ ৰজাৰ মন্ত্ৰীকেইজনক মতাই অনাই নিজৰ মন্ত্ৰী পাতি বিষয় -বাসনা দি ৰাখিলে। ভোজ ৰজাৰ জীয়েকক হাৰীটোৰ সৈতে ধৰাই আনি একেটা গাঁততে পুতি মাৰিলে; আৰু আগেয়ে পুখুৰীত থৈ যোৱা ৰূপবোৰ উলিয়াই আনি অকণ্টকা ৰাজ্য ভোগ কৰিবলৈ ধৰিলে। [ ১৪২ ]

পঞ্চবিংশ সাধু

ৰজাৰ ল'ৰা আৰু শিয়াল

 এক ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰপৰা বাজ হ'ল। তেওঁ সেইদৰে দুই-তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, “হেৰৌ! খোলাকটিৰ মূৰ খোৱা হেৰৌ মোৰ ঘোঁৰাই ভয় খাব; আঁতৰ হ! নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ জোৰা ভাঙিম!” শিয়ালে উত্তৰ দিলে, “মই আঁতৰ হ'ব নোৱাৰোঁ। তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা।” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি ল'ৰাই তেওঁৰ ঘোঁৰা এফলীয়াকৈ লৈ গ'ল কিন্তু যাওঁতে কৈ গ'ল “থাক, তই আজি থাক। আজি নিশা হ'ল, তোক আৰু নোজোকাওঁ; মই ঘূৰি আহোঁগৈ; দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰে। ৰজাৰ ল'ৰাৰ কথা শুনি শিয়ালেও ক'লে, “যা যা ঘূৰিয়েই আহগৈ! তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম।”

 এইদৰে চুপতা চুপতি কৰি ৰজাৰ ল'ৰা গাঁৱৰ ফালে গুচি গ'ল। শিয়ালও তাতে বহি থাকিল। বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল'ৰা এক গৃহস্থৰ ঘৰত আলহী হ'বলৈ বুলি সোমাল। সোমাই যাওঁতেই তেওঁ তেওঁৰ ঘোঁৰাটো গৃহস্থক নোকোৱাকৈ সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ শুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি লৈ ৰাতিটো পৰি থাকিল। পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে তাত এটা ঘোঁৰা বন্ধা আছে। ঘোঁৰাটো দেখিয়েই সি ৰিঙিয়াই ক'বলৈ ধৰিলে— “ঔ আমাৰ তেলীশালে ঘোঁৰা এটা জগালে ঔ।” এইবুলি [ ১৪৩ ] বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে। এনেতে ৰজাৰ ল'ৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোঁৰাটো গৃহস্থই নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি ক'লে, “কে’লেই, এইটো মোৰ ঘোঁৰা। কালি ৰাতি ম‍ই আহোঁতে লৈ আহিছিলোঁ আৰু ইয়াতে বান্ধি থৈ গৈছেলোঁ। ক'ৰ তোমাৰ তেলীশালে ঘোঁৰা জগালে হেঁ? দিয়া মোৰ ঘোঁৰাটো মই লৈ যাওঁ!” যেই ৰজাৰ ল'ৰাই এইদৰে ক'লে, গিৰিহঁতে তেওঁক গালি-শপনি পাৰি সাং কৰিলে আৰু মাথোন ছুই হে নিকিলালে। শেহত ৰজাৰ ল'ৰাই একো উপায় নাপাই সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলেত, সি তাৰ তেলীশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষী-বাদি দিলে। ৰজাই ৰজাৰ ল'ৰাক “তোমাৰ কোন সাক্ষী আছে” বুলি সুধিলত, ৰজাই ল'ৰাই ক'লে, “মোৰ সাক্ষী কোনো নাই। ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলো, কোনেও দেখা নাছিল।” ৰজাই ক'লে, “তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ। তুমি ঘোঁৰা অনাই নাই আৰু এইটো ঘোঁৰা তোমাৰ নহয়।” এই কথা শুনি ৰজাৰ ল'ৰাই বিমোৰত পৰি অলপ ভাবি থাকি মাত লগালে, “সৰ্গদেও, মই ঘোঁৰা অনা সঁচা। মই ৰাতি ঘোঁৰা আনিছিলোঁ, সেইদেখি মোক কোনেও দেখা নাছিল; আৰু দেখিছিল যদিও মই হ'লে দেখা নাছিলোঁ। বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল। সৰ্গদেৱৰ আদেশ হ'লে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ।” ৰজাই উত্তৰ দিলে, “ বেছ কথা, যোৱা, শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাঁগৈ৷”

 ৰজাৰ ল'ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ'ল। গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰ দৰেই ভেম জুৰি বহি আছে। ৰজাৰ ল'ৰাই ইফালৰপৰা আমন-জিমনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে— “কি হেঁ ৰজাৰ পোৱালি। বোলোঁ এইবাৰ দেখোন শেনৰ [ ১৪৪ ] এক জাত হে একা? ঘোঁৰা ডোখৰ গ'ল?” শিয়ালৰ এই কথা শুনি ৰজাৰ ল'ৰাই ক'লে, “মোক ক্ষমা কৰিবা, মই তোমাক বৰ কেটেৰা মাত দি গৈছিলোঁ। মই বৰ বিপদত পৰিছোঁ; সেইদেখিহে তোমাৰ কাষলৈ আহিছোঁ। মোক বিপদৰপৰা উদ্ধাৰ কৰিব লাগে।” শিয়ালে ক'লে, মোৰ খং নাই। তোমাৰ কি হ'ল কোৱাঁ? পাছে ৰজাৰ ল'ৰাই ক’ত সোমাছিলগৈ, কেনেকৈ গিৰিহঁতে তেওঁৰ ঘোঁৰা ৰাখিলে, আগৰপৰা গুৰিলৈকে সকলোবোৰ কথা ক'লত, শিয়ালে মন দি শুনি ক’লে, “তুমি এতিয়া যোৱা। আজি মই নাযাওঁ, কাইলৈ ম‍ই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোঁৱাগৈ।”

 পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ, আলিৰ কাষত পৰি ছাই এসোপাত লুটিবাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চ'ৰাত ওলালগৈ। ৰজাই শিয়ালক দেখি সুধিলে, “কি হে ডেকা ৰজা! আজি বোলোঁ নো তোমাৰ সভালৈ অহা পলম হ'ল কিয়?” শিয়ালে ক'লে, “সৰ্গদেও, আজি মোৰ দুখৰ কথা নো কি ক’ম? আজি সাগৰত জুই লাগি কি হৈছে! —গোটেইখন ৰাঙলী হৈ পৰিছিল। ইমান পৰ মই জুই নুমাওঁতে হাইৰাণ হ'লোঁ। সেই হে মোৰ গাৰ এই অৱস্থা হ'ল আৰু অহাত পলম হ'ল।” শিয়ালৰ কথা শুনি ৰজাই ক'লে, “আমাৰ ডেকা ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়। ক'ৰবাত সাগৰত নো জুই লাগিব পাৰে নে?” শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে, “সৰ্গদেও পানীত যে জুই লাগিব নোৱাৰে, কাঠৰ তেলীশালে নো কেনেকৈ ঘোঁৰা এটা জগাব পাৰে?” শিয়ালৰ মুখৰপৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে; আৰু তেতিয়াই ৰজাই ঘোঁৰাটো ৰজাৰ ল'ৰাক দি পঠিয়াই দিলো। ইয়াৰ পিছত শিয়ালেৰে সৈতে সখি বন্ধাই ৰজাই ৰজাৰ ল'ৰা নিজ দেশলৈ গুচি গ'ল। [ ১৪৫ ]

ষষ্ঠবিংশ সাধু

সোন-বৰিষ ৰজা

 এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল। ক্ৰমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে, মাথোন বাকী ৰ'ল নুমলীয়াটো। অনেক চাই চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ তাইক বিয়া কৰাই আনিলে।

 ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল। তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল, আৰু ঘৰত অপায় -অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ'ল। কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ। পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা, নৰীয়া- পৰীয়া, অপায়-অমঙ্গল, তেহে তেওঁ শান্তি কৰম, তুলসী দিয়া আদি কাজ-কাম পাতি বুঢ়াৰ পৰা উলিয়াব পাৰে। তাৰে মূৰ মৰিল দেখি পুৰোহিত চিন্তাত পৰিল, তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হ'ল। তেওঁৰ ঘৰখনত ল'ৰা-ছোৱালী পো-পোৱালী এবোজা, বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তি আছিল, এতিয়া তাৰে ভিকাচন ভাগিবৰ আগন্তুক হৈছে দেখি বামুণৰ মনত মহা আতঙ্ক সোমাল। সেইদেখি পুৰোহিতে একোকে উপায় নাপাই এজন গণকৰ ঘৰলৈ গৈ নিজৰ দুখৰ কথা গণকক কৈ ৰূপ এটকা আৰু ভোজনী এটা দি, বুঢ়াৰ ঘৰত এনে হোৱাৰ কাৰণ কি গণি-পঢ়ি চাই উলিয়াবলৈ ক'লে। গণকে তেওঁৰ পুথি-পাঁজী মেলি ভালেখিনি গণি-পঢ়ি চাই পালে যে বুঢ়াৰ ঘৰত লক্ষ্মী সোমাইছে, সেইদেখিহে এনেকুৱা হৈছে আৰু সেই লক্ষ্মীজনী হৈছে বুঢ়াৰ নুমলীয়া বোৱাৰীয়েক। গণকৰ কথা শুনি পুৰোহিত বাপুৱে সুধিলে— “পিছে ইয়াৰ নো কি ব্যৱস্থা হ'ব এতিয়া? মই দেখোন বিপাঙে মৰিলোঁ। খাবলৈ নাপায়েই মই মৰিম দেখিছোঁ। ইয়াৰ এটা [ ১৪৬ ] উপায় কৰি দিয়ক! মই মোৰ এবাহ ল'ৰা-ছোৱালীৰে সৈতে বামুণীজনীক কৰোঁ কি?” বামুণৰ আতঙ্কৰ কথা শুনি গণকে বামুণক আশ্বাস দি কড়ি এমুঠি উলিয়াই মাৰি পঠিয়াই আকৌ ভালকৈ গণিবলৈ লাগিল। গণি অঁতাই গণকে ক'লে— “পাইছোঁ, উপায় পাইছোঁ। তুমি থিৰ হোৱাঁ। তুমি যদি বুঢ়াৰ বাৰীৰ দক্ষিণফালৰ ভলুকা বাঁহজোপাৰ এটা বাঁহ আনিব পাৰা তেনেহ'লে বুঢ়াৰ ঘৰত মানুহ মৰিব।” এই কথা শুনি পুৰোহিতে অলপ উশাহ পাই বুঢ়াৰ ঘৰলৈ গৈ বুঢ়াক সেই বাঁহজোপাৰ বাঁহ খুজিলে আৰু বুঢ়াইও তেওঁক বাঁহ এটা দিলে। কিন্তু এইকথা বুঢ়াৰ সৰু বোৱাৰীয়েকে শুনিবলৈ পাই সেই বাঁহটোৰ পাত খাবৰ নিমিত্তে তেওঁলোকৰ কপিলী গৰুজনী এৰি দিলে আৰু গৰুজনী বাঁহপাত খাই ঘৰলৈ গুচি আহিল।

 এইদৰে এমাহমান গ'ল, কিন্তু পুৰোহিত বামুণে আচৰিত মানিলে যে বুঢ়াৰ ঘৰত কাৰো নৰীয়াও নহ'ল কোনো নমৰিলও। মনৰ দুখত মনতে টোপোলা বান্ধি লৈ বামুণে আকৌ টক্‌টুক্ কৰে গণকৰ ঘৰ ওলালগৈ। গণকে “কি হ’ল, কিয় আকৌ আহিলা?” বুলি বামুণক সুধিলত বামুণে হুমুনিয়াহ কাঢ়ি ক'লে— “এ, কিনো কম, কি নো শুনিবা! আজি এমাহ হ'লহি, আপুনি কোৱাৰ দৰে সেই বাঁহজোপাৰ পৰা বাঁহ এটাও আনিলোঁ, কিন্তু ক'তা? কাৰো দেখোন একো নহ'ল? সিফালে খাবলৈ নাপাই মোৰ ঘৰত ল'ৰা-ছোৱালী মখাৰ হা-হা কা- কা লাগিছে। মই ক’লৈ যাওঁ কৰো কি?” এই কথা শুনি গণকে আচৰিত মানি আকৌ পুথি-পাঁজি মেলিলে। কিছুপৰ গণি-পঢ়ি চাই তেওঁ বামুণক ক'লে— “অ’! এটা কথা হ'ল— বাঁহটোৰ পাত কপিলী গৰু এজনীয়ে খালে, আৰু লক্ষ্মী সেই কপিলীৰ গাতে ৰ'ল। এতিয়া যদি তুমি গাইজনী বুঢ়াৰ ঘৰৰ পৰা আনিব পাৰা তেনেহ'লে মোৰ কথা ফলিয়ায় নে নফলিয়ায় চাবা।” গণকে এই বুলি ক'লত পুৰোহিতে আকৌ বুঢ়াৰ আগত ক’লেগৈ যে “মোৰ এটা ল'ৰা উপজিছে, তাক গাখীৰ কিনি

খুৱাবলৈ মোৰ শকতি নাই। আপুনি যদি আপোনালোকৰ আশ্ৰিত দুখীয়া বামুণক মৰম কৰি কপিলী গাইজনী দিয়ে, তেন্তে দৰিদ্ৰ ব্ৰাহ্মণ সন্তানে [ ১৪৭ ]
[ ১৪৮ ] গাখীৰ খাই জীয়ে।” বামুণৰ কথা শুনি বুঢ়াই “বাৰু নিয়ক।” বুলি কপিলী গাইজনী তেতিয়াই দি দিয়ে। এই কথাতো সৰু বোৱাৰীয়েকে শুনিবলৈ পাই লৰালৰিকৈ গৰুজনীৰ চকুৰ লোৰে তেওঁৰ ৰিহাৰ আঁচলৰ দহিকটা এডাল তিয়াই সেইডাল ৰিহাৰ আগত বান্ধি থৈ দিলে।

 এইবাৰো পুৰোহিত বামুণে গাইজনী লৈ গৈ মাহেক বাট চাই আছে, কিন্তু বুঢ়াৰ ঘৰত অপায়-অমঙ্গলৰ উম্‌ঘামেই নাই। তেওঁ এনে দেখি চন মুৰ কৰি আকৌ গণকৰ কাষ পালেগৈ। গণকে আকৌ পুথি- পাঁজি মেলিলে, আকৌ ধান এমুঠি লৈ “সইত কৰা ধৰম কৰা” মঙ্গল চাবলৈ লাগিল। কিছুমান পৰ গণি-পঢ়ি গণকে মাত লগালে— “অ’! এটা কথা হ'ল— তুমি বুঢ়াৰ ঘৰৰ পৰা আনিবৰ সময়ত বুঢ়াৰ সৰু বোৱাৰীয়েকে তাইৰ ৰিহাৰ দহিকটা এডাল উলিয়াই সেই গৰুজনীৰ চকুৰ লোৰে সেই দহিকটাডাল তিয়াই ৰিহাৰ আগত বান্ধি থ'লে, সেইদেখি লক্ষ্মী সেই ৰিহাখনতে ৰ'ল। এতিয়া যদি তুমি সেই ৰিহাখন আনিব পাৰা তেনেহ'লে তোমাৰ মনস্কাম সিদ্ধি হ'ব, নতুবা নহয়। এই কথা শুনি বামুণে আকৌ গৈ বুঢ়াক ক'লেগৈ বোলে “মোৰ ছোৱালীজনী সবাহলৈ যাবলৈ ওলাইছে, ভাল ৰিহা নাই দেখি আজি পূৱাৰে পৰা তাই উচুপি উচুপি কান্দিব লাগিছে; আপোনাৰ সৰু বোৱাৰীয়েকৰ গাৰ ৰিহাখন যদি দিয়ে তেন্তে বৰ উপকাৰ হয়, নহ'লে সেই আপদীয়া ছোৱালীজনীয়ে আজি মোৰ সুৰ্তি হেৰুৱাব। এই কথা শুনি তেতিয়াই বুঢ়াই সৰু বোৱাৰীয়েকক কৈ তাইৰ গাৰ ৰিহাখন বামুণক দিয়ালে। সৰু বোৱাৰীয়েকে বামুণৰ টেঙৰালি ভালকৈ বুজিব পাৰি লৰালৰিকৈ সেই দহিকটাডাল খাই থৈ ৰিহাখন বামুণক দিলে।

 এইদৰে আৰু এমাহ গ'ল তথাপি বুঢ়াৰ ঘৰত কোনো নমৰে, কাৰো নৰীয়া-পৰীয়া নহয়। বামুণ নিৰুপায়। এইবাৰ আৰু তেওঁৰ খং উঠিল। খঙত জ্বলি-পকি আকৌ বামুণ লৰি গৈ গণকৰ ঘৰত ওলালগৈ। গণকক দেখিয়ে বামুণে জোক জোক কৰে ধৰিলে, “বুজিছা নে বোলোঁ, তুমি বৰ মিছা কথা কোৱাঁ হেঁ! বাঁহ আনিবলৈ ক'লা বাঁহ আনিলোঁ, [ ১৪৯ ] ৰিহা আনিবলৈ ক'লা ৰিহা আনিলোঁ, তথাপি দেখোন বুঢ়াৰ ঘৰত কাৰো মূৰৰ ছিগা চুলি এডালো সৰা নাই? কিবা তুমি পেংলাই কৰিছা নেকি? এনেবোৰ কথা ভাল নহয় বোলোঁ।” বামুণৰ কথা শুনি গণকো অবাক! কি কৰে? আকৌ পুথি-পাঁজি মেলি মাটিত আক পাতি গণিবলৈ লাগিল। গণি-পঢ়ি অঁতাই গণকে বামুণক ক’লে, “মিছাতে মোৰ ওপৰত খং কৰিছা। ম‍ই গণি-পঢ়ি ঠিক কথাকে কৈছিলোঁ বুঢ়াৰ সেই বোৱাৰীয়েকে ৰিহাখন তোমাক দিয়াৰ আগতে তাৰ আগত থোৱা দহিকটাডাল খাই পেলালে। এতিয়া যদি কিবা এটা বুদ্ধি কৰি তুমি তাইক মাৰিব পাৰা তেনেহ'লে হে তোমাৰ কাৰ্য সিদ্ধি হ'ব, নতুবা নহয় নিশ্চয় জানিবা। তুমি আৰু মোৰ ওচৰলৈ নাহিবা, মোৰ আৰু গণিব-পঢ়িবলৈ একো নাই।” গণকৰ এই উত্তৰ শুনি বামুণে মুখ ওন্দোলাই তাৰ পৰা উঠি গুচি আহিল।

 ইয়াৰ পিছত বামুণে অনেকে চিন্তিলে। বুঢ়াৰ বোৱাৰীয়েকক মাৰিবলৈ একো এটা ভাল বুধি তেওঁৰ আৰু নোলায়। কিন্তু ভাবোঁতে ভাবোঁতে বামুণৰ মূৰৰপৰা অন্ততঃ ওলাল এটা বুধি। বুধিটো ওলালতে বামুণে বুঢ়াক ক'লেগৈ, “আজি ৰাতি মই এটা বৰ ভয়ানক সমাজিক দেখিলো সামাজিকটো যতবাৰ মোৰ মনত পৰিছে, ততবাৰ মোৰ বুকুত খুন্দা মাৰি ধৰিছে।” বুঢ়াই আস্ত-বেস্তকৈ সুধিলে, “কিনো সামাজিক কোৱাচোন?” বামুণে ক'লে— ক'বলৈ আৰু নাই! বৰ দুঃস্বপ্ন! বৰ বেয়া সপোন! পুৱঁতীয়া নিশা মোৰ মূৰশিতানতে বহি পকা থেকেৰাটো যেন বুঢ়া মানুহ এজনে মোৰ মূৰত হাত দি ক'লে— “আজি বৰ কথা এটা, সময় থাকোঁতেই তোমাক ক'বলৈ আহিলোঁ— তুমি যি ঘৰ বৰ চহকী মানুহৰ কুল-পুৰোহিত, সেইঘৰ মানুহৰ ঘৰত বৰ কুলক্ষণ এটা সোমালহি। তাৰ ফলত সেই মানুহঘৰ এতিয়া অতি শীঘ্ৰে উজাৰ হয়। সেই কুলক্ষণটো বুঢ়াৰ সৰুজনী বোৱাৰীয়েক। তাই বৰ কুলক্ষণী শাঁখিনী গজমূৰীয়ানী তিৰোতা। তাই মানুহঘৰ খাবলৈহে আহিছে; সোনকালে তাইক নাতৰালে এনেঘৰ মানুহ এতিয়া জয় পাতে ক্ষয় হ'ব।” বুঢ়াই [ ১৫০ ] বামুণক সুধিলে, “তেখেতেনো ইয়াৰ এটা উপায় নিদিলে নে?” বামুণে ক’লে, “এটা উপায় দিছে, যদি আপুনি কৰিব পাৰে। কিন্তু বৰ টান কাম।” বুঢ়াই ক’লৈ, “কৰিম কোৱা।” বামুণে ক’লে— “তেওঁ ক’লৈ, যদি বুঢ়াই বোৱাৰীয়েকক কটাই পেলাব পাৰে, তেনেহ'লে ঘৰখন ৰক্ষা পৰিব, নহ'লে সৰ্বনাশ।” এই কথা শুনি বুঢ়াই ভালেখিনিপৰ টলকা মাৰি থাকি, মনতে অনেক কথা গপি-গুণি থাকি মাত লগালে, “কি কৰিম, ঘৰখন ৰক্ষা কৰাটোৱেই হে মোৰ উচিত। এটাৰ লগতে ঘৰে ঘৰোৱাহ যোৱাতো উচিত নহয়। ঘৰে ঘৰোৱাহৰ নিমিত্তে লাগিলে এটা যোৱাটোৱেই ভাল।” এইবুলি বুঢ়াই পুতেকহঁতক মতাই আনি পুৰোহিত বামুণে দেখা সপোনৰ কথা ক'লে। বাপেকৰ কথা শুনি পুতেকহঁতেও অনেক ভাবি-চিন্তি সৰু বোৱাৰীয়েকক কটাই ঘৰখন ৰক্ষা কৰাটোকেই থিৰ কৰিলে; আৰু সেই কামৰ ভাৰ সিহঁতে সৰু বোৱাৰীয়েকৰ গিৰীয়েক সৰু ভায়েকৰ হাতত দিলে। বুঢ়াৰ সৰু পুতেকটো বৰ হোজা আৰু বাপেক আৰু ককায়েকহঁতৰ বাধ্য আছিল। সেইদেখি সি আপোন হাতেৰে ঘৈণীয়েকক কাটিবলৈ মান্তি হ'ল।

 বুঢ়াৰ সৰু পুতেকে ঘৈণীয়েকক কাটিবলৈ, তাই নেদেখাকৈ দিনতে দা এখন ধৰাই শোৱাপাটীৰ গাৰুৰ তলত থৈ দিলে। ৰাতি খাই- বৈ গিৰীয়েক-ঘৈণীয়েক পাটীত শুলে। ঘৈণীয়েকৰ টোপনি আহিল। গিৰীয়েকে ৰাতি দুপৰত উঠি লাহেকৈ গাৰুৰ তলৰ পৰা দাখন উলিয়াই লৈ ঘৈণীয়েকৰ ডিঙিত কোব মাৰি দিব খোজোঁতেই, শোৱনি ঘৰটোৱে মাত লগালে— “হে হে নাকাটিবা! হে হে নাকাটিবা! হে হে নাকাটিবা!” তিনিবাৰ ঘৰটোৱে এইদৰে মাতিলত গিৰীয়েকে আচৰিত হৈ ঘৈণীয়েকক নাকাটি, দাখন গাৰুৰ তলতে আকৌ সুমুৱাই থৈ শুই থাকিল।

 ৰাতি তিনিপৰমানত আকৌ টোপনি ভাগিল। সি আকৌ লাহেকৈ উঠি দাখন লৈ টোপনিত লালকাল ঘৈণীয়েকৰ ডিঙিত কোব [ ১৫১ ] মাৰিবলৈ দাঙিলে, এনেতে ওচৰতে জ্বলি থকা চাকিটোৱে মাত লগালে— “হেৰ নাকাটিবি। নাকাটিবি। নাকাটিবি।” এইবাৰ ঘৈণীয়েকে সাৰ পাই চকু মেলিলে। তাই দেখিলে, গিৰীয়েকৰ হাতত চোকা কপি- দাখন জিলিকি আছে। কি কৰা? কি কৰা?” বুলি ঘপ্কৰে শোৱাপাটীৰ পৰা উঠি গিৰীয়েকৰ হাতত ধৰিলে। গিৰীয়েকে উত্তৰ দিলে— “ তোক কাটিবলৈ ধৰিছিলোঁ। দুবাৰ। প্ৰথমবাৰ ঘৰটোৱে হাক দিলত হে থমকি ৰ'লোঁ।” গিৰীয়েকে উত্তৰ দিলে, “একো অপৰাধ কৰা নাই, কিন্তু বোপাই আৰু ককাইহঁতে তোক কাটিবলৈ মোক হুকুম দিয়ৰ বাবেহে কাটিব খুজিছিলো।” ইয়াৰ পিছত ঘৈণীয়েকে গিৰীয়েকৰ হাতৰ পৰা দাখন কাঢ়ি নি তাক সুধি সকলো কথা জানি লৈ ক'লে, আপুনি মোক নাকাটিব। মই নিৰ্দোষী। মই কেতিয়াও কুলক্ষণী নহওঁ। পুৰোহিতে বামুণৰ উপাৰ্জনৰ বাটত মই কাঁইট হৈছো, দেখি সি চক্ৰান্ত কৰি মিছাকৈয়ে মোৰ শহুৰ আৰু জেঠালহঁতক এইদৰে বুজাই মোক বধি তাৰ বাট মোকোলাই ল'বলৈ চেষ্টা কৰিছে। আপুনিও আচল কথাটো নুবুজিহে এনে অন্যায় কামটো কৰি পপীয়া হ'বলৈ গৈছিল। মোক কাটিব নালাগে; আহক আমি এই ঘৰৰ পৰা ওলাই গুচি যাওঁগৈহঁক। তেওঁলোক সুখেৰে খাই-মেলি থাওক।” ঘৈণীয়েকৰ কথাত গিৰিয়েক মান্তি হ’লত, তেতিয়াই দুয়ো সেই ঘৰৰ পৰা ওলাই গুচি গ'ল৷ ঘৈণীয়েকে লগত এডাল জৰী আৰু এখন জালৰ বাহিৰে আন একো লোৱা নাছিল।

 গিৰিয়েক-ঘৈণীয়েক দুয়ো গৈ এখন অটব্য অৰণ্যত সোমালগৈ। গোটেই দিনটো ফুৰি ফুৰি দুয়োৰো বৰ ভাগৰ লাগিছিল। ঘৈণীয়েক সগৰ্ভা আছিল, সেইদেখি তাই এজোপা গছৰ তলত বহিলগৈ। ঈশ্বৰৰ ইচ্ছাত তাইৰ তেতিয়াই তাতে প্ৰসৱ বেদনা হ'ল আৰু তাই এটি ল'ৰা প্ৰসৱ কৰিলে। ল'ৰাটি প্ৰসৱ হোৱাৰ পিছত তাইৰ বৰকৈ পিয়াহ লাগিল। তাই গিৰিয়েকক ক'লে, “মোৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে, মোক পানী এটোপা আনি দিয়ক।” গিৰিয়েকে ওচৰত পানী বিচাৰি নাপাই [ ১৫২ ] এজোপা গছত উঠি চাৰিওফালে চাই দেখিলে যে বহুত দূৰৈত বিল এখন আছে। বিলখন দেখিবলৈ পাই সি ঘৈণীয়েকক ক'লে, “সৌফালে দূৰৈত এখন বিল দেখিবলৈ পাইছো; যাওঁ তাৰেপৰা পানী লৈ আহোগৈ।” এইবুলি সি ঘৈণীয়েকক তাতে এৰি পানী আনিবলৈ গ'ল। কিছুমান বেলিৰ মূৰত সি বিলখন পাই দেখিলে যে তাত এটা তিনি ঠোঁটীয়া চৰাই আছে। সেই চৰাইটোৱে তাক দেখি ক'লে— “তিনি ঠোটেৰে মাছ খাওঁ, কিৰূপে জীওঁ?” চৰাইটোৰ এই কথা শুনি সেই মানুহটোৱে ভাবিলে যে ই এটা প্ৰাণীয়ে যদি তিনি ঠোঁটেৰে মাছ খাইও জীয়াই থাকিব নোৱাৰে তেনেহ'লে আমি আজি দুটাৰ ঠাইত তিনিটা হ'লোঁ, আমি নো তিনিটা কেনেকৈ জীম? ইয়াকে ভাবি সি আৰু তাৰপৰা উভতি নাহি সেই পিনেই গুচি গ'ল। গৈ এখন দেশ পাই সি এক বামুণৰ ঘৰত হালোৱা হৈ ৰ'লগৈ।

 ইফালে ঘৈণীয়েকে গাৰ বিচেষ্টাত গছৰ তলত পানী পানী কৰি গিৰীয়েকলৈ বাট চাই আমনি লাগি, গিৰিয়েক বহুত পৰতো উভতি নহা দেখি, কেঁচুৱা কোলাত লৈ নিজেই লাহে লাহে গিৰিয়েকে যোৱা বাটেদি ধৰিলে। গৈ সেই বিলখন পাই দেখিলে যে তাত তিনি ঠোঁটীয়া চৰাই এটা আছে। তাইক চৰাইটোৱে দেখা মাত্ৰকে মাত লগালে— “তিনি ঠোটেৰে মাছ খাওঁ, কিৰূপে জীওঁ?” এইবুলি তিনিবাৰ চৰাইটোৱে মাতিলত সেই কথা শুনি ঘৈণীয়েকে বুজিলে যে তাইৰ অজলা গিৰীয়েকে এই চৰাইটোৰ এনেকুৱা কথা শুনিহে তিনিটা প্ৰাণী পুহিবৰ ভয়ত ক'ৰবালৈ গুচি গ'ল। ইয়াকে ভাবি তাই শোক কৰি, সেই বিলৰে চলুচেৰেক পানী খাই, তাতে গা-পা ধুই অলপ জিৰাই-শঁতাই লৈ তাইৰ লগত থকা জালখনেৰে সেই চৰাইটো ধৰি লৈ লাহে লাহে তাৰপৰা গুচি গ'ল। তাই দুখে-কষ্টে গৈ গৈ এক ৰজাৰ মালিনীৰ ঘৰ পালেগৈ। মালিনীয়ে তাইৰ ৰজাৰ মালিনীৰ ঘৰ পালেগৈ। মালিনীয়ে তাইৰ দুখ পতিয়াই নিৰাশ্ৰয়ক আশ্ৰয় দি তাইক নিজৰ ঘৰতে মৰম-বেথা কৰি ৰাখিলে। [ ১৫৩ ]  একদিনাপ্ৰতি ল'ৰাৰ মাকে মালিনীক ক'লে, “বাই ম‍ই কিমাননো তোমাৰ ঘৰত বহি বহি খাম? আজিৰপৰা ম‍ই নগৰত খুজি-মাগিয়েই চাউল একো মুঠি আনিমগৈ।” এইবুলি তাই মাগিবলৈ ওলাই গ'ল। তাইৰ ল'ৰাটো তেতিয়া বহিব পৰা হৈছিল। সেইদেখি তাই ল'ৰাটোক মালিনীৰ ওচৰত বহুৱাই থৈ, মালিনীক কৈ গ'ল— “বাই, মোৰ ল'ৰাটো চাবা।” মাক গ’লত, ল'ৰাটোৱে হাতেৰে খুচৰি খুচৰি মাটি খাবলৈ ধৰিলে। এনেতে ল'ৰাটোৰ ফালে মালিনীৰ এবাৰ চকু পৰিলত মালিনীয়ে দেখিলে যে সি যিবোৰ মাটি মুখৰপৰা উকলিয়াই দিছে সেইবোৰ একোচেকুৰা সোণ হৈ ওলাইছে। মালিনীয়ে এই কথা দেখি আঁচৰিত হ'ল। তাই ভাবিলে “এইটো তো বঢ়িয়া কথা— ল'ৰাটো যদি সদায় মই মোৰ লগত ৰাখি থওঁ তেন্তে মই সদায় এইদৰে তাৰপৰা সোণ পাম। তাৰ মাক আজি আছে, কাইলৈ নাই; এতেকে ল'ৰাটো ৰাখি থ'ব লাগিল।” ইয়াকে ভাবি মালিনীয়ে ল'ৰাটোক কোলাত লৈ বৰকৈ মৰম কৰি গুড় চেলেকাবলৈ ধৰিলে। গুড় চেলেকিবলৈ পাই ল'ৰাটোৱে মালিনীৰ কোলাৰ পৰা ননমাই হ'ল। এনেতে ল'ৰাটোৰ মাক ওলালহি। মাকে ল'ৰাটোক মালিনীৰ কোলাৰপৰা ল'বলৈ হাত মেলিলত সি মাকৰ কোলালৈ নহাই হ'ল। কোনোমতেই মাকে ল'ৰাটো মালিনীৰ কোলাৰপৰা আনিব নোৱাৰিলে; আৰু মালিনীয়ে তেনে হোৱা দেখি চল পাই তাৰ মাকক ডহ-ডহীয়াকৈ ক'লে যে “এইটো মোৰহে ল'ৰা, তোৰ নহয়।” ল'ৰাটোৰ নিমিত্তে লাহে লাহে মালিনীৰ আৰু ল'ৰাৰ মাকৰ মাজত বৰ দ্বন্দ্ব লাগিল। মালিনীয়ে বোলে সেইটো তাইৰ নিজৰ ল'ৰা আৰু ল'ৰাৰ আচল মাক নিৰুপায় হৈ সেই দেশৰ ৰজাৰ ওচৰ পালেগৈ আৰু তাই ৰজাৰ আগত মালিনীৰ ওপৰত গোচৰ কৰিলে৷ ৰজাই পাত্ৰ-মন্ত্ৰী সভাসদসকলেৰে সৈতে বৰ-চ'ৰাত বহি গোচৰ সুধি একোকে ঠিক কৰিব নোৱাৰি বিমোৰত পৰিল। অন্তত মন্ত্ৰীয়ে ক'লে, “সৰ্গদেউ, এটা কাম কৰা যাওঁক। ল'ৰাটো সিহঁতৰ আগতে বহুৱাই দিয়া হওক। ল'ৰাটো দেখি দুইজনীৰ ভিতৰৰ যি জনীৰে পিয়াহ ওলাব [ ১৫৪ ] সেইজনীয়েই তাৰ আচল মাক।” মন্ত্ৰীৰ কথামতে কৰা হ'লত দেখা গ'ল ল'ৰাটোৰ আচল মাকৰ পিয়াহ ওলাই তাইৰ বুকুৰ সাত তৰপ কাপোৰ তিতি গৈছে, আৰু মালিনীৰ কাপোৰ শুকান। ইয়াকে দেখি ৰজাই তেতিয়া আচল মাকক ল'ৰাটো দি দিলে। মাকে হেৰোৱা মাণিক পুতেকক পাই ৰজাক আশীৰ্বাদ দি গুচি গ'ল আৰু সেই নগৰৰে এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ থাকিলগৈ।
 এইদৰে কিছুকাল যোৱাৰ পিছত, সেই নগৰৰ ৰজা ঢুকাল। ৰজাৰ ল'ৰা নাছিল; সেইদেখি পাত্ৰ-মন্ত্ৰীসকলে ৰজা পাতিবলৈ ৰজাৰ যোগ্য সুলক্ষণীয় ল'ৰা এটা বিচাৰিবলৈ ধৰি সেই ল'ৰাটোকে তেনে-যেন দেখি আনি সিংহাসনত বহুৱাই ৰজা পাতি সেৱা কৰিলে; আৰু মাককো নি ৰাজঘৰত থ'লে। ল'ৰাটোৰ নাম সোণ-বৰিষ ৰজা হ'ল।
 একদিনাপ্ৰতি সোণ-বৰিষ ৰজাই মাকক সুধিলে, “আই, মোৰ নো বোপাই নাই নে?” মাকে উত্তৰ দিলে, “আছিল, কিন্তু তেওঁ ক’লৈ গ'ল ক'ব নোৱাৰোঁ, এইবুলি মাকে পুতেকৰ আগত তেওঁলোকৰ আগৰপৰা গুৰিলৈকে সকলো বৃত্তান্ত ক'লে। মাকে সোণ-বৰিষ ৰজাক ক’লে, “তুমি এটা পুখুৰী খনাওঁ বুলি ৰাজ্যত জাননী দি কোৱা যে, যি পুখুৰী খানিবলৈ আহিব, মানুহটোৱে প্ৰতি॥0 অনাকৈ পইচা আৰু এমহাকৈ সোণ দিয়া যাব।” ৰাজমাওৰ কথামতে সোণবৰিষ ৰজাই জাননী দিলত অনেকে পুখুৰী খানিবলৈ আহিল। ৰজাৰ মাকে পুখুৰীৰ পাৰতে সেই তিনি-ঠোঁটীয়া চৰাইটো বন্ধাই থৈ কোটোৱালক ক'লে, “যি এই চৰাইটোৰ মাত শুনি কোৰৰ নালত মূৰ থৈ বেজাৰ কৰিব তাকে মোৰ ওচৰলৈ ধৰি লৈ আহিবি।”
 যি বামুণৰ ঘৰত সোণ-বৰিষ বাপেকে হালোৱা হৈ আছিল সেই বামুণে, ৰজাই পুখুৰীখনোৱা আৰু খানিবলৈ গ'লে পইচা আৰু সোণ দিয়া কথা শুনি তেওঁৰ হালোৱাটোকো পুখুৰী খানিবলৈ পঠিয়াই দিলে। সেই হালোৱাই পুখুৰী খানিবলৈ আহি তাতে সেই তিনি-ঠোঁটীয়া [ ১৫৫ ] চৰাইটো দেখি আৰু তাৰ মাত শুনি তাৰ আগৰ কথা মনত পৰি কোৰৰ নালত মূৰ দি বেজাৰ কৰিবলৈ ধৰিলত, ৰজাৰ কটোৱালে তাক ধৰি আনি ৰাজমাওৰ আগত দিলেহি। ৰজাৰ মাকে তাক দেখিয়েই চিনি পাই তাক ভিতৰলৈ নি ভাত-পানী খুৱাই নিজৰ চিনাকি দি সকলো কথা কলত, সি আনন্দতে কান্দি পেলালে। ৰজাৰ মাকে তেতিয়া গিৰিয়েকক ক'লে “মোক কুলক্ষণী বুলি কাটিবলৈ তোমাক লগাই দিয়াসকলৰ এতিয়া বিচাৰ লোৱাঁ।"
 ইয়াৰ পিছত সোণ-বৰিষ উঠি-ৰজা হৈ বাপেকক তেওঁ বহি-ৰজা পাতিলে; আৰু আগৰ ঘৰত মানুহৰ বিচাৰ-খোচাৰ কৰি ইয়াকে পালে যে সকলো ধ্বংস হৈ মৰি-হজি ঢুকাল— মাত্ৰ ককায়েক এটা আছে। বাপেকৰ ককায়েকক সোণবৰিষে অনাই নিজৰ লগতে ভালকৈ ৰাখিলে আৰু সেই পুৰোহিত বামুণ আৰু গণকক ধৰাই আনি শূলত দিয়ালে।


সপ্তবিংশতি সাধু

বেটুকোঁৱৰ

 এজন ৰজা আছিল। তেওঁৰ সাতজনী কুঁৱৰী। কাৰো ল'ৰা- ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ। ৰজাই অনেক পূজা- পাতল, অনেক দান-দক্ষিণা কৰিলে, তথাপি তেওঁৰ ল'ৰা-ছোৱালী একোকে নহ'ল।
 এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন বুঢ়া মানুহে কৈছে, “তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তিয়নিৰে সাতবাৰ তমঃ তমঃ বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি। সেই [ ১৫৬ ] টেমাটোৰ ভিতৰত এটা গোলাপ জামু থাকিব। সেই জামুটো আনি তুমি তোমাৰ সাতোজনী তিৰোতাক খাবলৈ দিবাঁ; তেওঁলোকে খালেই তেওঁলোকৰ ল'ৰা হব।” ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই সেইদৰে নৈত গা ধুই সাতবাৰ তমঃ তমঃ কৰিলত ৰঙা টেমা এটা তেওঁৰ হাতত পৰিলহি আৰু সেই টেমাটো মেলি তাত জামু এটা পাই আনি সাতোজনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে। কুঁৱৰীহঁতে জামুটো খাবলৈ গা ধুবলৈ গ'ল আৰু গা ধুই আহি ভগাই খালেহি; কিন্তু সৰুজনী অহাত পলম হোৱা বাবে তাইলৈ নথ'লে। সৰু কুঁৱৰীজনীক আন কেইজনী কুঁৱৰীয়ে আগৰেপৰা দেখিব নোৱাৰিছিল আৰু ৰজাৰো তাই এলাগী আছিল; সেইদেখি আন কেইজনীয়ে তাই অহাত অলপ পলম হ'লতে তাৰে চেলু লৈ তাইলৈ জামুৰ ভাগ নথ’লে। সৰুজনীয়ে গা ধুই আহি আনকেইজনীক জামুৰ ভাগ খুজিলত, সিহঁতে তাইক জোকোৰা মাৰি ক’লে, তোলৈ আমি জামু লৈ বহি থাকিম নেকি? আগেয়ে নাহিলি কেলৈ? এই কথা শুনি সৰুজনীয়ে চকুৰ পানী উলিয়াই, ওচৰতে পৰি থকা জামুৰ বেটুটোকে খালে।
 সময়ত এটাইকেউজনী কুঁৱৰীৰ একোটাকৈ ল'ৰা হ'ল। ল'ৰাকেইটা লাহে লাহে ডাঙৰ হৈ আহিল। এদিন এটা ফকিৰ ক'ৰবাৰ পৰা আহি ৰজাক ক'লে, “সৰ্গদেউ, আপোনাৰ ঘৰ দেখি বৰ সন্তোষ পালোঁ, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই দেখি দুখ পালোঁ। আপোনাৰ ঘৰত-
 সোণ গছ, ৰূপৰ পাত॥
 সাত টিলিকিত ম'ৰাৰ নাচ॥
 নাই। এনেকুৱা গছ এজুপি নথকাৰ বাবে আপোনাৰ ঘৰ সম্পুৰ্ণ হোৱা নাই।” এই কথা শুনি ৰজাই তেতিয়াই কোঁৱৰহঁতক মাতি আনি তেনেকুৱা গছ এজোপা বিচাৰি আনিবলৈ পঠিয়াই দিলে। ৰজাৰ ল'ৰাহঁতে নাওদুনি লৈ খোৱা-লোৱাৰ সঁজুলি ভৰাই দি যাবলৈ ওলাইছে, [ ১৫৭ ] এনেতে এলাগী কুঁৱৰীৰ পুতেক বেটুকোঁৱৰে আহি ককায়েকহঁতক ক’লে, “ককাইহঁত, মোকো লগতে নে।” বেটুকোঁৱৰে লগত যাবলৈ বৰকৈ কাকুতি-মিনতি কৰিবলৈ ধৰিলত ককায়েকহঁতে তাকো নাৱৰ চৰঠতে পৰি থাকিবি বুলি তুলি লৈ গ'ল।

 নৈয়েদি গৈ গৈ সিহঁতে ডাঙৰ আমগছ এজোপা পালেগৈ। গছজোপাত আমবোৰ সেন্দুৰীয়া হৈ পকি আছে। সেই আমগছৰ তলতে সিহঁতে নাও বান্ধি আম খাই ইফাল-সিফালকৈ থাকোতে, বেটুকোঁৱৰে আমগছৰ গুৰিত এটা ডাঙৰ গাঁত দেখিলে। সি গাঁতটো দেখি তাত কি আছে চাবৰ মন কৰি ককায়েকহঁতক ক'লে, “মই এই গাঁতটোত সোমাই নামি যাওঁ, ইয়াত কি আছে চাওঁগৈ। তহঁতে ম‍ই নাহোঁ মানে নাও নেমেলিবিহঁক দেই।” এইবুলি কৈ সি লেজু এডাল গাঁতটোত এৰি দি লাহে লাহে তাতে ধৰি গাঁতৰ তললৈ নামি গ'ল। গৈ গৈ অন্তত সি এখন বৰ নগৰ পালেগৈ। নগৰখনত সি মানুহ-দুনুহ একো নেদেখিলে; মাত্ৰ কিছুমান হাড়-মূৰ চাৰিওফালে পৰি থকা দেখিলে। সি ভয়ে ভয়ে গৈ দেখিবলৈ ভাল ডাঙৰ ঘৰ এটাত সোমালগৈ আৰু ঘৰটোৰ ভিতৰত এখন ছালপীৰাৰ ওপৰত এজনী সুন্দৰী কন্যা অকলে শুই থকা দেখিলে। ছোৱালীজনীৰ ভৰিৰ ফালে এটা বগা চোঁৱৰ আৰু মূৰ-শিতানৰ ফালে এটা ক'লা চোঁৱৰ আছিল। ক’লা চোঁৱৰটোৰে ছোৱালীজনীক বিচিলত তাইৰ নাক-কাণৰপৰা তেজ ওলাল। তাকে দেখি সি ভয় খাই ভৰিপঠানৰ ফালৰ চোঁৱৰটোৰে বিচি দিলে। সেইটোৰে বিচিলত ছোৱালীজনীয়ে উস্ উস্‌কৈ পাৰ্টীৰ পৰা উঠি বহিল।

 কন্যাজনীয়ে বেটুকোঁৱৰক দেখি আঁচৰিত হৈ সুধিলে, “তুমি কোন?” কোঁৱৰে তাৰ বিষয়ে সকলো কথা তাইক ভাঙি ক'লত তাই ক’লে, “তুমি এতিয়াই যোৱা, নহ'লে তোমাক ৰাক্ষসে খাব। এইখন ৰাক্ষসৰ দেশ। আজি তিন দিন হৈছে, ৰাক্ষসে এই নগৰৰ মানুহ এটাইবোৰ খালে। কেৱল মোকহে সিহঁতে নোখোৱাকৈ এৰিছে। সিহঁত এতিয়া [ ১৫৮ ] চৰিবলৈ গৈছে। মোক সিহঁতে যাবৰ সময়ত এটা চোঁৱৰেৰে বিচি জীয়ায়।” কোঁৱৰে ক'লে, “এতিয়া তেন্তে কি হ'ব? সিহঁত আহি ওলায়হি যদি” কন্যাই ক’লৈ, “হওঁতে সিহঁত আহিবৰ হৈছে; তুমি সেই সৰিয়হৰ ডুলিটোৰ ভিতৰতে সোমাই থাকা।” এই কথা শুনি কোঁৱৰ গৈ সৰিয়হৰ ডুলিৰ ভিতৰত সোমাই থাকিল। যোৱাৰ আগেয়ে কোঁৱৰে ক’লা চোঁৱৰেৰে বিচি ছোৱালীজনী মাৰি থৈ গ'ল। এনেতে ৰাক্ষসবোৰ ওলালহি। সিহঁতে ছোৱালীজনীক বগা চোঁৱৰেৰে বিচি জীয়াই লৈ সুধিলে, “মানুহৰ গোন্ধ পাইছোঁ দেখোন একা?” তাই ক'লে “ময়েই হে মানুহ ইয়াত আছোঁ, মোৰেই গোন্ধ পাইছাহঁক। লাগে যদি মোকে মাৰি খা।” “তোক নামাৰি ৰাখিছোঁ, কিয় খাম?” বুলি ৰাক্ষসে ক'লে।

 কোঁৱৰে ৰাতিটো কষ্টে-মষ্টে সৰিয়হৰ ডুলিতে কটাই পিছদিনা ৰাতিপুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত তাৰপৰা ওলাই আহি ছোৱালীজনীক জীয়াই লৈ ক'লে, “মই তোমাক ৰাক্ষসৰ হাতৰপৰা সৰুৱাই নিম বুলি ভাবিছোঁ। ইহঁতক কেনেকৈ মাৰিব পাৰি তুমি ক’ব পাৰা নে?” কন্যাই “নোৱাৰোঁ” বুলি ক'লে। কোঁৱৰে ক'লে “আজিও মই সৰিয়হৰ ডুলিতে সোমাই থাকোঁ, সিহঁত আহিলে তুমি এটা বুধি উলিয়াই পাৰা যদি সেইটো সুধি জানি লোৱাঁ।” কন্যা এই কথাত মান্তি হ'ল। সেইদিনা গধূলি ৰাক্ষসবোৰ আহি সিহঁতে তাইক জীয়ালতে তাই কান্দিবলৈ ধৰিলে। সিহঁতে “কিয় কান্দিছ”? বুলি সুধিলত তাই ক'লে, “মোৰ বৰ মনত দুখ লাগিছে। মোৰ আই-বোপাই, মিতিৰ-কুটুম কোনোৱেই নাই। এতিয়া তোমালোকেই মোৰ আপোন হৈছা। এতেকে তোমালোকৰ বাবে মোৰ মনত চিন্তা হয়, যদি তোমালোকক কোনোবাই ক'ৰবাত মাৰে, তেন্তে মোৰ গতি কি হ’ব?” ৰাক্ষসহঁতে তাইক আশ্বাস দি ক’লে, “তই একো চিন্তা নকৰিবি, আমাক কোনেও মাৰিব নোৱাৰে। আমাৰ জীৱটো সৌ পুখুৰীটোৰ মাজৰ পানীৰ তলত এটা টেমাৰ ভিতৰত ভোমোৰা হৈ আছে। কোনোবাই যদি গৈ পুখুৰীত নামি সাতবাৰ তমঃ তমঃ বুলি মাতে তেনেহ'লেহে সি টেমাটোৰ ভিতৰপৰা ওলাই [ ১৫৯ ] আহিব আৰু তেতিয়া যদি ভোমোৰাটো কোনোবাই একেকোবেই কাটি তাৰ তেজ চৰু এটাত ধৰিব পাৰে তেহে আমি মৰিমহঁক।”

 পিছদিনা পুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত বেটুকোঁৱৰে ডুলিৰপৰা ওলাই কন্যাজনীক জীয়ালত, ৰাক্ষসবোৰক কেনেকৈ মাৰিব পাৰি সেই কথা কন্যাই কোঁৱৰক ক'লে। তেতিয়াই কোঁৱৰে হাতত তৰোৱাল এখন আৰু চৰু এটা লৈ পুখুৰীত নামিলগৈ আৰু সাতবাৰ তমঃ তমঃ বুলি মাতিলত ভোমোৰাটো ওলাই আহিল। ভোমোৰাটো কোঁৱৰে তৰোৱালেৰে একে কোবেই কাটি তাৰ তেজ চৰুত ধৰিলতে, ইপিনে গিৰিং গিৰিং শব্দ হ'বলৈ ধৰিলে। ৰাক্ষসবোৰ যেয়ে আছিল ত’তে পৰি পৰি মৰিল। কোঁৱৰে পুখুৰীৰপৰা উঠি কন্যাৰ ওচৰ পালেহি। কন্যাৰ মহা আনন্দ।

 ইয়াৰ পিছত কোৱঁৰে কন্যাক সোণৰ গছ, ৰূপৰ পাত, সাত টিলিকিত ম'ৰাৰ নাচ' এনেকুৱা গছ ক'ত আছে বুলি সুধিলত কন্যাই কোঁৱৰক সেই গছ দেখুৱাই দিলে; আৰু দুটা পুখুৰী দেখুৱাই দিলে, এটাৰ পানী কাৰবাক খুৱাই দিলে খাওঁতাজন এটা হালধীয়া চৰাই হৈ উৰি ঘৰৰ চটিৰ ওপৰত উঠি বহি থাকেগৈ; অইনটোৰ পানী খুৱালে আকৌ মানুহ হয়। এইবোৰ বস্তুৰে সৈতে কন্যাজনীক কোঁৱৰে পেৰা এটাৰ ভিতৰত সুমাই ল'লে। তাৰ পিছত সি লেজুডাল ধৰি ধৰি গাঁতত উঠি আহি আমতল ওলালহি। এনেতে সি দেখিলে যে তাৰ পেৰাটো সি পাহৰি এৰি আহিল। সেইদেখি সি ককায়েকহঁতক নাও নেমেলিবলৈ কৈ আকৌ গাঁতেদি নামি পেৰাটো আনিবলৈ গ'ল৷ ইফালে ককায়েকহঁতে নাও মেলি দিলে।

 কোঁৱৰে পেৰাটো লৈ আহি দেখিলে যে নাও নাই। সি মহা বিপাঙত পৰি পেৰাটো লৈ আকৌ গাঁতেদি নামি গ'ল। গৈ দেখে, এঠাইত এটা গৰুণ্ডই মৰা ৰাক্ষস এটা খাই আছে। কোঁৱৰে গৰুণ্ডৰ ওচৰ চাপি নিজৰ বিপদৰ কথা গৰুণ্ডক কৈ খাটিলে যে পেৰাটোৰে সৈতে [ ১৬০ ] যেন গৰুণ্ডই তাক কান্ধত তুলি বাপেকৰ ৰাজ্যত থৈ আহে। সি অনেক কাকুতি-মিনতি কৰাত গৰুণ্ডই মান্তি হৈ ক'লে, “ৰ এথোন, মোৰ ভোক গুচা নাই, এনেকুৱা আৰু একুৰিৰাক্ষস খাই লওঁ।”

 একুৰি ৰাক্ষস খাই গৰুণ্ডই বেটুকোঁৱৰক পেৰাটোৰে সৈতে কান্ধত লৈ ৰজাৰ নগৰত থৈ গ'ল। ৰজাৰ নগৰত মহা হুলস্থুল। ডা-ডাঙৰীয়া, লা-লগুৱাকে আদি কৰি সকলো ৰজাৰ বৰচ'ৰাত চাপিলহি, ৰজাৰ কোঁৱৰহঁতে কি আনিছে চাবলৈ। বেটুকোঁৱৰ পেৰাটোৰ সৈতে চ'ৰাৰ এচুকত বহি আছে। ৰজাই পুতেকহঁতক মাতি আনি সিহঁতে কি আনিছে সুধিলত, সিহঁতে একো দেখুৱাব নোৱাৰিলে। তাৰ পিছত ৰজাই বেটুকোঁৱৰক সুধিলত বেটুকোঁৱৰে পেৰা মেলি সেই সোণৰ গছ, কন্যাজনী আৰু আন বস্তু দেখুৱালে। ৰজাই বৰ সন্তোষ পাই বেটুকোঁৱৰক উঠি ৰজা পাতি নিজে বহি-ৰজা হ'ল; আৰু ই কেইটা কোঁৱৰক খেদাই দিলে।

অষ্টবিংশতি সাধু

ছয় সখিয়েক, এক ৰাক্ষসী

 এখন নগৰত পাঁচটা ডেকা ল'ৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দ্বন্দ্ব কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল। সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল'ৰা এটাও ওলাল। এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম-চেনেহ নেপাইছিল দেখি তাৰ মনতো বিৰকতি লাগি আছিল। এতিয়া ছয়োটাই সখি বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰোঁ বুলি কথা বান্ধি ল'লে।

 সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে বাটতে ৰাতি হ'ল। বাটত যাওঁতে গধূলিপৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে ক'ৰবাৰ [ ১৬১ ] পৰা এজনী ফিন্দখোৱা ওহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে। সিহঁতে এজোপা বৰ-গছৰ তলত থাকি ৰাতিটো কটাবলৈ মন কৰি ৰ'লত দেখিলে যে ছাগলীজনীও তাতে ৰ'ল। ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থ'লে আৰু কোৱা-মেলা কৰিলে যে “ভালেই হ'ল ৰাতি এইৰ গাখীৰ খীৰাই খামহঁক।” অলপ ৰাতি হ'লত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে আৰু এটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল। ছাগলীজনী আচলতে ৰাক্ষসী আছিল। ৰাতি দুপৰ হ'লত তাই মনে মনে নিজ মূৰ্তি ধৰি ৰাক্ষসী হৈ ছয় সখিয়েকৰ এটাক খাই থৈ আকৌ ছাগলী ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল। ৰাতি পুৱালত সিহঁতে উঠি লগৰ সখিয়েক এটাক নেদেখি ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়েই পলাই গ'ল। নাইকিয়া হোৱা সখিয়েকৰ কাৰ্যক গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওঁক বুলি ছাগলীজনী মেলি দিলে। কিন্তু অলপ গৈ দেখিলে যে ছাগলজনীয়ে সিহঁতৰ পিছ নেৰা হ'ল।

 সেইদিনা ৰাতি হ'লত পাঁচ সখিয়েক আকৌ আগৰদৰে গছ এজোপাৰ তলতে শুই থাকিল আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থ'লে। সেই নিশাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰদৰে পাঁচ সখিয়েকৰ এটাক খালে আৰু বাকী কেইটাই সেই কথা গমকে ধৰিব নোৱাৰিলে। পুৱা চাৰি সখিয়েকে আকৌ সিহঁতৰ ভিতৰৰ এটাক নেদেখি সিয়ো বিশ্বাসঘাটকতা কৰি সিহঁতক এৰি গ'ল বুলি বেজাৰ কৰিলে আৰু সিহঁতে চাৰিওজনৰ ভিতৰত কোনেও আৰু কাকো নেৰোঁ বুলি শপত খালে।

 সেইদিনাও গধূলি হ'লত চাৰি সখিয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল; কিন্তু ৰাতি আকৌ আগৰ দৰে ঘটিল, তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত [ ১৬২ ] সোমাল। ৰাতিপুৱা বাকী তিনিজনে পুনৰ তেনে ঘটনা ঘটা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে। সেই ৰাতিও পূৰ্বৱতে তেওঁলোক এজোপা গছৰ তলত শুই থাকোতে তিনিজনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে। ৰাতিপুৱা বাকি থকা দুই সখিয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে।

 গধূলি দুয়ো আগৰদৰে আকৌ এজাপা গছৰ তলত থিতি হ’ল আৰু খাই-বৈ শুই থাকিল; কিন্তু মনত নানা ভাৱনা-চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল। এনেতে ৰাতি দুপৰ হ'ল। ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ মূৰ্তি ধৰিলে। যেই তাই এজনক খাবলৈ ধৰিলে, সি ৰাক্ষসীক কাকূতি কৰিবলৈ ধৰিলে, “মোক নাখাবা, নাখাবা” বুলি। কিন্তু এক নিমিষতে তাৰ মাত মাৰ গ'ল, সি ৰাক্ষসীৰ পেটলৈ গ'ল। কাণ্ড দেখি ভয়ত সিজন নিঃসাৰে পৰি থাকিল। এতিয়া যিজন বাকী ৰ'ল, সেইজন হৈছে ৰজাৰ সেই এলাগী কুঁৱৰীৰ পুতেক। ৰাতি পুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনী তাতে এৰি থৈ ঘৰমুৱা হৈ খোজ ল'লে। অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে। মাৰি এডাল লৈ সি ছাগলীজনী ইমানকৈ খেদালে কিন্তু একোপধ্যে ৰাক্ষসীছাগলী তাৰ পিছ নেৰা হ'ল। শেষত সি কোবা-কুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমালগৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে। কোঁৱৰে উধাতু খাই গৈ ৰজাৰ আগতে ওলাই সকলো কথা ক'লত, তাৰ পিছত যোৱা ছোৱালীজনীয়েও সেইবোৰ মিছা বুলি ৰজাক ক'লে। ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ল'লে। বাপেকৰ ব্যৱহাৰত মৰ্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ।

 এমাহমানৰ ভিতৰতে ৰজাই দেখিবলৈ পালে যে ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে। ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে [ ১৬৩ ] তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতি এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে। তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা; তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁৰ মৰমৰ ৰাণী পাতিছে সেইজনী ৰাক্ষসীহে। ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি ক'লে যে যদি সি সেই ৰাক্ষসীৰ হাতৰপৰা তেওঁক সৰুৱাই দিব পাৰে তেন্তে তাক তেওঁ উঠি-ৰজা পাতিব। পুতেকে এই কথা শুনি “বাৰু চেষ্টা কৰি চাওঁ” বুলি ওলাই গৈ এখন নৈৰ কাণত বহি ভাবি আছে। এনেতে এটা চিলনী ক'ৰবাৰ পৰা উৰি আহি তাৰ ওচৰতে পৰি তাক ক’লে যে “তুমি কিয় এইদৰে ভাবি আছা; তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিনচেৰেকৰ বাট গ'লে এখন ৰাক্ষসৰ দেশ পাবাগৈ। তাতে এই ৰাক্ষসী-ৰাণীৰ মাক থাকে। মাকৰ নাম মালতী আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী। তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য সিদ্ধি হ'ব।” এইদৰে যি যি কৰিব লাগিব চিলনীয়ে তাক শিকাই দিলে। চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইতবহি⸺

“আলতী মাক মালতী ঐ!
জীয়েৰৰ ন'ৰীয়া টান!”

বুলি বিনাই কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি মালতী ওলাইআহি তাক সুধিলে, “তই কোন? আলতীৰ কি হৈছে? কিয় কান্দিছ?” কোঁৱৰে উত্তৰ দিলে— “মই মালতীৰ পুতেক। তেওঁৰ বৰ মৰামুছা নৰীয়া! সেইদেখি মোৰ বুঢ়ী আইক বাতৰি দিবলৈ আহিছোঁ। তুমিনো কোন?” মালতীয়ে ক'লে, “ময়েই মালতী।” এই কথা শুনি কোঁৱৰে বৰকৈ কান্দিবলৈ ধৰিলত, মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গ'ল। কিন্তু কোঁৱৰে বৰকৈ কান্দি কান্দি মালতীক ক’বলৈ ধৰিলে, “বুঢ়ীআই, মোৰ আইৰ ইমান নৰীয়া মই দেখি আছিলোঁ [ ১৬৪ ] এতিয়ামানে তেওঁ কিজানি ঢুকালেই।” এই কথা শুনি মালতীয়ে তাক বুজনি দি ক’লে, “মোৰ সোণাই, তই বেজাৰ নকৰিবি তোৰ মাৰ মৰিব নোৱাৰে। মই তোৰ মাৰৰ দেহ-লাও তোক দেখুৱাওঁ আহ।” এইবুলি চোৰ-চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহ-লাওটো দেখুৱাই ক’লে, “এইটো দেহ- লাওঁ মোৰ, সেইটো মাৰৰ, সৌ কেইটা মোমায়েৰহঁতৰ। বোপাই, এই দেহলাওকেইটা নাকাটিলে আমি কোনো নমৰোঁ। তই মিছাতে কিয় বেজাৰ কৰিছ?” ইয়াৰ আগেয়ে চিলনীৰ বুধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল। সি তৎক্ষণাত সেইখন উলিয়াই লৈ তাৰে ঘেচ্ ঘেচ্ কৰে দেহ লাওকেইটা কাটি পেলালে। কটা মাত্ৰকে ধুপ্ ধুপ্ কৰে ৰাক্ষসবোৰ পৰি মৰিল। ইফালেও ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধুপুৰকৰে পৰি মৰি থাকিল।

 ইয়াৰ পিচত এলাগীৰ কোঁৱৰক বাপেকে উঠি ৰজা পাতি নিজে বহি-ৰজা হৈ সুখেৰে থাকিল।


উনত্ৰিংশ সাধু

ককা-দেউতা।— “বোপাই ঔ, কাইলৈ মই তীৰ্থলৈ যাবলৈ থিৰ কৰিছোঁ। বৰ বুঢ়া হৈ আহিছোঁ, আৰ নো কিমান দিন জীয়াই থাকিম এতেকে কিছুমান দিন আৰু তই সাধু শুনিবলৈ নাপাৱ। ঈশ্বৰে ভালে- কুশলে ওভোতাই আনিলে আকৌ এইদৰে সাধু শুনিবলৈ পাবি; নহ'লে নাই।”

 নাতিল'ৰাই ককাকৰ কথা শুনি বেজাৰ কৰি ক'লে— “ককাদেউতা, ঈশ্বৰে নিশ্চয় তোমাক ভালে-কুশলে আনি আকৌ আমাক দিব। মই ঈশ্বৰৰ চৰণত তোমাৰ ভালৰ অৰ্থে নিতৌ প্ৰাৰ্থনা কৰি থাকিম। আজি কোৱা ককাদেউতা তোমাৰ শেষ সাধুটো।” ককাকে উত্তৰ দিলে— “মোক চুমা এটা দে, আৰু শুন”— [ ১৬৫ ]

দুই ৰাজপুত্ৰ

 এক ৰজাৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ দুটা ল'ৰা। সৰুজনীৰ ল'ৰা-ছোৱালী একো নাছিল। ল'ৰা দুটা ওপজাৰ কিছু দিনৰ পিছতে বৰ কুঁৱৰী মৰিলত সিহঁতক ডাঙৰ-দীঘল কৰাৰ ভাৰ সৰু কুঁৱৰীৰ গাত পৰিল। সৰু কুঁৱৰীয়ে ল'ৰা দুটাক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল যদিও পেটে সমন্বিতে সিহঁতক তেওঁ দেখিব নোৱাৰিছিল। সেইদেখি সদায় সিহঁতৰ দায়-জগৰৰ কথা বাপেকক লগাই আছিল।

 এদিন ৰজাই পহু মাৰিবলৈ গ'ল। ল'ৰা দুটিয়ে সেই কথা শুনি “দেউতাই পহু মাৰিবলৈ গৈছে, খাম ঔ খাম” বুলি দেও দি নাচি ফুৰিছিল। কিন্তু দুৰ্কপালৰ গুণে ৰজাই সেইদিনা এটাও পহু মাৰিব নোৱাৰিলে। ৰজাই উভতি আহি সেই কথা ঘৈণীয়েকৰ আগত ক'লত, ঘৈণীয়েকে ক’লে “নেপাবতো আপোনাৰ যিহে খকুৱা ল'ৰা, আপুনি যোৱাৰেপৰা সিহঁতে ‘খাম ঔ! খাম ঔ!’ কৰি আছে! এনেকুৱা আপদীয়া ল'ৰাক খেদাই দিয়া হে উচিত।” পহু নেপাই আৰু ওৰেদিনটোৰ পৰিশ্ৰমৰ ভাগৰত ৰজাৰ মনটো বেয়া লাগি আছিল; সেইবাবে অনেক বেয়া-বেয়াকৈ ঘৈণীয়েকে ল'ৰা দুটাৰ বিৰুদ্ধে লগালত ৰজাই খপ্ কৰে ক’লে, “দিম কাইলৈ সিহঁতক খেদাই।” বাপেকৰ মুখৰ এই কথাষাৰ সৰু ল'ৰাটিয়ে কেনেবাকৈ শুনি তাৰ মনত বৰ বিৰক্তি লাগিল। সি ৰাতিয়েই তাৰ ককায়েকক ক’লে, “ককাইদেউ, দেউতাই মাহীৰ কথা শুনি কাইলৈ আমাক ঘৰৰপৰা খেদাই দিব খুজিছে। আমি যেন ইয়াত কিবা কেলেহুৱা চপনীয়া হে। মই কওঁ, আমি ইয়াত আৰু থকাটো উচিত নহয়; আমাক খেদোৱাৰ আগতেই আমি গুচি যাওঁগৈ আহাঁ৷” ভায়েকৰ কথাতে ককায়েকে হয় দিলত দুয়ো সেই ৰাতিয়েই পলাই গুচি যোৱাকে থিৰ কৰি, ঘোঁৰাশালৰপৰা দুটা ঘোঁৰা লৈ আৰু হাতত দুখন তৰোৱাল লৈ ওলাই গ'ল। [ ১৬৬ ]  সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে এঠাইত ৰাতি পুৱাল। ভায়েকে ককায়েকক ক'লে, “ককাইদেউ মোৰ বৰ পিয়াহ লাগিছে, ইয়াত ক'ৰবাত পানী পায় নে চোৱাচোন। পিয়াহত মোৰ অণ্ঠ-কণ্ঠ শুকাই নিছে; এটোপা পানী নাখালে মই আৰু যাবই নোৱাৰোঁ।” ককায়েকে গছ এজোপাৰ ওপৰত উঠি চাৰিওফালে চাই অলপ দূৰত এখন নৈ দেখা পালে। তেতিয়া সি গছৰপৰা নামি আহি, ভায়েকক তাতে থাকিবলৈ কৈ পানী আনিবলৈ গ'ল।

 ককায়েকে গৈ নৈৰ কাষ পাওঁতেই দেখিলে যে বাটতে শুকুলী হাতী এজনী শুই আছে। সি হাতীজনীক ক'লে, “হেৰ’ উঠ! মোক বাট এৰি দে! মোৰ ভাইটিৰ বৰ পিয়াহ লাগিছে, বেগতে ম‍ই পানীএটোপা আনি তাক খাবলৈ দিওঁ৷” শুকুলী হাতীজনীয়ে উত্তৰ দিলে, “কত বাটৰুৱা মানুহ মোৰ ওপৰেদিয়েই ডেই গৈছে, তুমিও যোৱাঁ, তুমি নো গ'লে কি হ'ল? মই উঠিব নোৱাৰোঁ, মোৰ বৰ ভাগৰ লাগিছে দেখি শুই আছোঁ।” হাতীৰ কথা শুনি ৰজাৰ বৰটো ল'ৰাই আগ-গুৰি নাভাবি হাতীজনী ডেই যাবলৈ বুলি তাইৰ পিঠিত ভৰি দিলতে হাতীজনীয়ে তাক পিঠিত লৈ থিয় হ'ল আৰু লৰি যাবলৈ ধৰিলে। বৰ কোঁৱৰে তাক পিঠিৰ পৰা নমাই দিবলৈ হাতীজনীক ক'লে হে ক'লে, তথাপি হাতীয়ে ননমাই তাক লৈ গুচি গ'ল৷

 সেই দেশৰ ৰজাজন দুদিনমানৰ আগেয়েই হঠাৎ ঢুকাইছিল। ৰজা অপুত্ৰক আছিল দেখি ৰাজপাটত বহিবলৈ কোনো নথকা বাবে পাত্ৰ - মন্ত্ৰী সভাসদসকলে ভাল চাই ৰজাৰ ল'ৰা এজন বিচাৰি চাৰিওফালে মানুহ পঠিয়াইছিল। ৰজাৰ শুকুলী হাতীয়েও ৰজাৰ ল'ৰা বিচাৰি আহি সেইদৰে বাটতে পৰি আছিল। সেইদেখি তাই এই সৰ্বসুলক্ষণীয়া ৰজাৰ ল'ৰাটি দেখি পিঠিত তুলি লৈ গুচি গ'ল।

 বৰকোঁৱৰে যেতিয়া দেখিলে যে হাতীজনীয়ে তাৰ কাকূতি- মিনতি একোলৈকে কাণ নিদি তাক লৈ গৈছে, নিৰুপায় হৈ তাৰ গাৰ চেলেং কাপোৰখন ডোখৰ ডোখৰকৈ ফালি তাৰে একোডোখৰ বাটে [ ১৬৭ ] বাটে পেলাই যাবলৈ ধৰিলে, যাতে তাৰ ভায়েকে সেই চিনে চিনে গৈ তাৰ ওচৰ ওলাবগৈ পাৰে।

 শুকুলী হাতীয়ে বৰকোৱৰক লৈ গৈ ৰাজপাটত তুলি দিলত পাত্ৰ- মন্ত্ৰীসকলে তাক ৰজা পাতি সেৱা কৰিলে।

 ইফালে ভায়েকে বাট চাই চাই ককায়েকক নেদেখি ঘোঁৰাত উঠি বিচাৰি আগবাঢ়ি আহি নৈ পালেহি। নৈতে সি পানী খাই পিয়াহ গুচাই লৈ ককায়েকৰ চেলেঙৰ খুটুৰাবোৰ দেখি সেই চিনে চিনে গৈ ৰজাৰ নগৰ পালেগৈ। সি নগৰ সোমালতে ৰজাৰ চহিচে তাক ঘোঁৰাচোৰ বুলি ধৰি ঘোঁৰাটো কাঢ়ি লৈ, তাক মাৰি-কিলাই খেদাই দিলে। সৰু কোঁৱৰে কান্দি-কাটি এজনী মালিনীৰ ঘৰত আশ্ৰয় ল'লেগৈ। মালিনীৰ তালৈ মৰম লাগি খুৱাই-বুৱাই তাক ৰাখিলে।

 ইয়াৰ দিনচেৰেকৰ পিছত, সৰু কোঁৱৰে বাটত ফুৰোঁতে বামুণৰ গৰখীয়া ল'ৰা এটাই গধূলি অকলৈ গৰু লৈ অহা দেখি হাতৰ লাখুটিডালেৰে টাঙোন মাৰি গৰখীয়া ল'ৰাটো মাৰি গৰখীয়াৰ কাণৰ কেৰুযোৰ আৰু গাৰ কাপোৰখন সোলোকাই লৈ নিজে পিন্ধি গৰু লৈ বামুণৰ ঘৰ ওলালহি। গধূলি মুনিচুনি বেলিকা সি বামুণৰ ঘৰৰ আগচোতাল পাই মাত লগালে, “আই, মোৰ জ্বৰ উঠিছে, গৰু কেইটা চাওক, মই শুই থাকোঁ। এইবুলি সি ঘৰৰ চুকতে সোমাই শুই থাকিল। বামুণ বামুণীয়ে খাই-বৈ শুলত ৰাতি উঠি সি বামুণৰ ঘৰত ক'ত কি কি বস্তু আছিল সোপাকে চাই ল'লে। সেইদেখি বামুণ বামুণীয়ে তাক আগৰ নিজৰ গৰখীয়া ভাবি যি বস্তুকে আনিবলৈ কয়, যিহকে কৰিবলৈ কয়, তাকে সি আনিব আৰু তাকে কৰিব পৰা হ'ল। সি যিটো বস্তু আনিব নোৱাৰিছিল, সেইটো সি বৰ জ্বৰৰ তাপত পাহৰিলো বুলি কৈ গা সাৰিছিল; আৰু হোজা বামুণীয়ে সেইদেখি তাক একো সন্দেহ নকৰিছিল।

 এদিন সি নৈত তাৰ গাটো ভালকৈ ঘঁহি-পিহি ধুবলৈ বুলি [ ১৬৮ ] বামুণীক খুজি খাৰণী এটোপা লৈ গা ধুই আছিল; এনেতে ওচৰতে ৰজাৰ ঘাটত ৰজাৰ ভনীয়েকেও গা ধোৱক। সৰু কোঁৱৰে খাৰণী ঘহি নৈত গা ধুলত তাৰ গাটোৰ মলি গুচি বৰণ কেঁচা-সোণৰ বৰণ যেন হ'ল। ৰজাৰ ভনীয়েকে তাক তেনেকুৱা দেখি ৰজাৰ কোঁৱৰ বুলি চিনি পাই, পানীত বুৰ মাৰি আহি তাৰ কাণৰ কেৰুযোৰ চুৰ কৰি লৈ গ'ল আৰু নিজৰ মনতে তাক স্বামী বুলি বৰিলে।
 ইয়াৰ পিছত গৰখীয়া সৰু কোঁৱৰ ঘৰলৈ আহিলত, বামুণীয়ে তাৰ “কেৰুযোৰ কলৈ গ'ল” বুলি তাক সুধিলত, সি “পানীত পৰি হেৰাল” বুলি ক'লে। কিছুমান দিনৰ মূৰত ৰজাই ভনীয়েকৰ সয়ম্বৰ পাতিলে। বামুণে গৰখীয়াক ক'লে, “হেৰ আজি ৰজাৰ ভনীয়েকৰ সয়ম্বৰ, আহচোন আমিও চাবলৈ যাওঁহঁক।” এইবুলি বামুণ গৰখীয়াৰে সৈতে সেই সয়ম্বৰলৈ গ'ল। ৰজাৰ ভনীয়েকে সয়ম্বৰ সভালৈ আহিয়েই বামুণৰ গৰখীয়াক দেখি সেই তেওঁ গা ধোওঁতে দেখা ল'ৰাটোৱেই বুলি চিনি পাই তাৰ ডিঙিত মালা দিলে।
 দেশ-বিদেশৰ পৰা অহা আনবোৰ ৰাজকোঁৱৰে ৰজাৰ ভনীয়েকৰ পৰা মালা পাবলৈ আশা কৰি মূৰ দোৱাঁই থাকোতেই গ'ল। ৰজাৰ ভনীয়েকে গৰখীয়াৰ মূৰত মালা দি গৰখীয়াক স্বামী বৰা দেখি সকলোৱে লাজত তললৈ মূৰ কৰি ৰ'ল। আৰু ৰজাই বৰকৈ অপমান পাই ভনীয়েকক খেদাই দিলে।
 গৰখীয়া ল'ৰা ঘৈণীয়েকেৰে সৈতে হাবিৰ ফালে গুচি গৈ হাবিতে ঘৰ এটা সাজি থাকিল। ইফালে ককায়েক ৰজাই ভায়েকৰ শোকত পাটীৰপৰা উঠিবই নোৱাৰা হ'ল। তেওঁৰ ভায়েকটি অৰ্থাৎ‍ সৰু কোঁৱৰ দেখিবলৈ হৰিণা পহুটি যেন আছিল। আৰু ভনীয়েক অৰ্থাৎ তেওঁ যিজন ৰজাৰ ৰাজপাটত বহি ৰজা হৈছিল সেই ৰজাৰ জীয়েকও (যাক গৰখীয়াই লৈ গ'ল) দেখিবলৈ এজনী হৰিণা পহু যেন আছিল। সেইদেখি তেওঁ এহাল হৰিণা পহু চাই থাকি মন জুৰাবলৈ ইচ্ছা কৰি পহু এহাল ধৰি আনিবলৈ হাবিলৈ মানুহ পঠিয়ালে। সেই মানুহৰে এজোৰা এদিন সৰু [ ১৬৯ ] কোঁৱৰ তেওঁৰ ঘৈণীয়েকেৰে সৈতে থকা হাবিত ওলালগৈ। তেঁওলোক ক'ৰ মানুহ কিয় হাবিলৈ আহিছে বুলি সৰু কোঁৱৰে পহু বিচৰা মানুহজোৰাক সুধিলত সিহঁতে ক'লে যে আমাৰ ৰজাৰ বৰ নৰীয়া। সেইদেখি তেওঁ হৰিণা পহু চাবৰ মন কৰি এহাল হৰিণাপহু বিচাৰি লৈ যাবলৈ আমাক হাবিলৈ পঠিয়াইছে। সৰু কোঁৱৰৰ ঘৈণীয়েকে তেওঁৰ গিৰীয়েকৰ পৰা ককায়েক-ভায়েকৰ আতিগুৰি আৰু পিছৰ সকলো বৃত্তান্ত শুনি থৈছিল। সেইদেখি তেওঁ ৰজাকে গিৰিয়েকৰ সেই হেৰোৱা ককায়েক বুলি বুজিছিল। এতিয়া সুবিধা বুজি তেওঁ সেই মানুহজোৰাক ক’লে “তোমালোক কাইলৈ পুৱাই ইয়ালৈ আহিবা, আমাৰ এহালি হৰিণাপহু আছে, আমি তাকে দিম। এই কথা শুনি মানুহজোৰা উভতি গ'ল। ৰাতি পুৱালত মানুহজোৰা আহি তেওঁলোকক হৰিণাপহু খুজিলত, তেওঁ সিহঁতক ক’লে, “ তোমালোক আগবাঢ়া আমি এতিয়া তোমালোকৰ পিছে পিছে হৰিণাপহু লৈ যাব লাগিছোঁ।”

 সৰুকোঁৱৰৰ ঘৈণীয়েকে ভেশচন কৰি আৰু গিৰিয়েকক মূৰে গায়ে কাপোৰ দি ঢাকি লৈ ৰজাৰ ঘৰ ওলালগৈ। তেওঁ গৈয়েই ৰজাৰ ওচৰ পাই ৰজাক ক'লে, “মই হৰিণাপহু আনিছোঁ, এটা ঘৰৰ ভিতৰত এখন আঁৰ কাপোৰ তৰাই দিয়ক আৰু ওচৰতে এটা চাকি লগোৱাই দিয়ক। মই আঁৰ কাপোৰৰ ভিতৰত আষাৰচেৰেক কথা কৈ স্বৰ্গদেৱৰ আগত পহু উলিয়াই দিম।” এইবুলি ক'লত ৰজাই সেইদৰেই দিহা কৰাই দিয়ালে। ইয়াৰ পিছত সৰু কোঁৱৰৰ ঘৈণীয়েকে আঁৰ-কাপোৰৰ ভিতৰত সোমাই চাকিটোক সম্বোধন কৰি ক'বলৈ ধৰিলে—

 “শুনিছা বন্তি! —আই আছিল পাটমাদৈ, বোপাই আছিল ৰজা! পাটৰ কাপোৰ ঘিণত নিপিন্ধিলোঁ, এতিয়া হলোঁহি প্ৰজা॥

 এক এনেকৈ কুটীল মাহীয়ে এনেকৈ দিলে খেদি। এক এনেকৈ ৰাতিয়েই হালিয়ে ঘোঁৰাত আহিলো উঠি।

এক এনেকৈ বাটত আহোঁতে ভাইৰ পিয়াহ লাগিলে।
পানী বিচাৰি আহোঁতে ককাইক ভুৱা দি শুকুলী নিলে॥

[ ১৭০ ]

এক এনেকৈ ওৰে বাটটোৱে ককায়ে চেলেং ফালে।
এক এনেকৈ চিনে চিনে আহি ভায়েকে ওচৰ পালে॥
এক এনেকৈ ঘোঁৰা—চহিচে ঘোঁৰা চোৰ বুলি ধৰি।
এক এনেকৈ মাৰি-কিলাই ঘোঁৰাটো ল’লে কাঢ়ি॥
এক এনেকৈ বামুণৰ ঘৰত গৰুৰ গৰখীয়া হ'লা।
এক এনেকৈ সয়ম্বৰ পাতি ডিঙিত পালে মালা॥
এক এনেকৈ হৰিণা বুলি টেকেলাই আনিছে ধৰি॥"

 সৰু কোঁৱৰৰ ঘৈণীয়েকে বিনাই বিনাই এইখিনি গালতে ৰজাই একে চাবেই উঠি আঁৰ কাপোৰৰ ভিতৰত সোমাল আৰু ভায়েকক দেখি চিনি পাই ডিঙিত গবা মাৰি ধৰিলে। ভনীয়েককো ৰজাই চিনি পাই ডিঙিত ধৰি হুক্ হুককৰে কান্দিবলৈ ধৰিলে। তেতিয়াই ৰজাৰ নৰীয়া ভাল হ'ল। ৰজাই তেতিয়া নগৰত ঢোল পিতাই শুনাই দিলে যে আজিৰ পৰা কোনো মানুহে বিদেশী মানুহক ৰজাৰ ওচৰলৈ ননাকৈ নামাৰিব, নিকিলাব। ভায়েকক কিলাই মিহিচটোৱে ঘোঁৰাটো কাঢ়ি লৈ গৈছিল তাক ধৰাই আনি চমতাৰে কোবাবলৈ আজ্ঞা দিলে আৰু ভায়েকক উঠি- ৰজা পাতি তেওঁ বহি-ৰজা হ'ল। ভনীয়েককো বৰ মৰম কৰি নিজৰ দোষৰ ক্ষমা মাগিলে।

 ইয়াৰ পিছত দুই ভায়েকে বাপেকৰে সৈতে দেখা কৰিবলৈ বাপেকৰ ৰাজ্যলৈ গ'ল। পুতেকহঁত ৰজা হৈ মহাপয়োভৰেৰে আহিছে শুনি বাপেকে বৰ ৰং পাই সিহঁতক সাদৰি সাদৰি নি ঘৰত সুমালে। মাহীয়েকেও বাহিৰে দেখুৱাই সিহঁতক তেতিয়া মৰম কৰিবলৈ ধৰিলে।

 গধূলি ৰজাই পুতেকহঁতেৰে সৈতে ভাত খাবলৈ বহিল। কিন্তু বৰটো ল'ৰাই বুজিছিল, যে যদিও মাহীয়েকে তেওঁলোকক মুখেৰে মৰম কৰি আদৰ দেখুৱাইছে, আচলতে মাহীয়েকৰ বুকুত সাঁতকুৰা জুই জ্বলিছে। গতিকে মাহীয়েকে তেওঁলোকৰ অনিষ্ট কৰিবলৈ খুব যত্ন কৰিব। সেইদেখি ককায়েকে ভাত খাবলৈ যোৱাৰ আগতে ভায়েকক [ ১৭১ ] মনে মনে ক'লে, “মই নক'লে তুমি ভাতৰ গৰাহ মুখত নুতুলিবা।” ভাতৰ পাতত দুই ভায়েকে হাত দি বহি থকা দেখি বাপেকে তেওঁলোকক সুধিলে, “কি হ'ল? ভাত নাখাৱহঁক কিয়।” বৰ কোঁৱৰে ক’লে, দেউতা আমি ভাত খাব নোৱাৰো, ভাতত বিহ দিয়া আছে।” ৰজাই সেইটো ভয় মিছা বুলি উৰাই দিলত, ককায়েকে তাৰে এগৰাহ ভাত ওচৰতে থকা মেকুৰীজনীক খাবলৈ দিলত, মেকুৰীজনীয়ে ভাতগৰাহ খাই থিতাতে মৰি থাকিল। বাপেকে তেতিয়া কুঁৱৰীক কাটিবলৈ হুকুম দিলে।

 ইয়াৰ পিছত কিছুমান দিন বাপেকৰ ৰাজ্যতে দুই কোঁৱৰে মহাসুখে খাই-বৈ থাকি নিজৰ ৰাজ্যলৈ উভতি আহি ৰাজ্য পালন কৰিবলৈ ধৰিলে। [ ১৭২ ]

এক এনেকৈ ওৰে বাটটোৱে ককায়ে চেলেং ফালে।
এক এনেকৈ চিনে চিনে আহি ভায়েকে ওচৰ পালে॥
এক এনেকৈ ঘোঁৰা-চহিচে ঘোঁৰা-চোৰ বুলি ধৰি।
এক এনেকৈ মাৰি-কিলাই ঘোঁৰাটো ল'লে কাঢ়ি॥
এক এনেকৈ বামুণৰ ঘৰত গৰুৰ গৰখীয়া হ'লা।
এক এনেকৈ সয়ম্বৰ পাতি ডিঙিত পালে মালা॥
এক এনেকৈ হৰিণা বুলি টেকেলাই আনিছে ধৰি॥”

 সৰু কোঁৱৰৰ ঘৈণীয়েকে বিনাই বিনাই এইখিনি গালতে ৰজাই একে চাবেই উঠি আঁৰ কাপোৰৰ ভিতৰত সোমাল আৰু ভায়েকক দেখি চিনি পাই ডিঙিত গবা মাৰি ধৰিলে। ভনীয়েককো ৰজাই চিনি পাই ডিঙিত ধৰি হুক্ হুককৰে কান্দিবলৈ ধৰিলে। তেতিয়াই ৰজাৰ নৰীয়া ভাল হ'ল। ৰজাই তেতিয়া নগৰত ঢোল পিতাই শুনাই দিলে যে আজিৰ পৰা কোনো মানুহে বিদেশী মানুহক ৰজাৰ ওচৰলৈ ননাকৈ নামাৰিব,নিকিলাব। ভায়েকক কিলাই যি চহিচটোৱে ঘোঁৰাটো কাঢ়ি লৈ গৈছিল তাক ধৰাই আনি চমতাৰে কোবাবলৈ আজ্ঞা দিলে আৰু ভায়েকক উঠি-ৰজা পাতি তেওঁ বহি-ৰজা হ'ল। ভনীয়েককো বৰ মৰম কৰি নিজৰ দোষৰ ক্ষমা মাগিলে।
 ইয়াৰ পিছত দুই ভায়েকে বাপেকৰে সৈতে দেখা কৰিবলৈ বাপেকৰ ৰাজ্যলৈ গ'ল। পুতেকহঁত ৰজা হৈ মহাপয়োভৰেৰে আহিছে শুনি বাপেকে বৰ ৰং পাই সিহঁতক সাদৰি সাদৰি নি ঘৰত সুমালে। মাহীয়েকেও বাহিৰে দেখুৱাই সিহঁতক তেতিয়া মৰম কৰিবলৈ ধৰিলে।
 গধূলি ৰজাই পুতেকহঁতেৰে সৈতে ভাত খাবলৈ বহিল। কিন্তু বৰটো ল'ৰাই বুজিছিল, যে যদিও মাহীয়েকে তেওঁলোকক মুখেৰে মৰম কৰি আদৰ দেখুৱাইছে, আচলতে মাহীয়েকৰ বুকুত সাঁতকুৰা জুই জ্বলিছে। গতিকে মাহীয়েকে তেওঁলোকৰ অনিষ্ট কৰিবলৈ খুব যত্ন কৰিব। সেইদেখি ককায়েকে ভাত খাবলৈ যোৱাৰ আগতে ভায়েকক [ ১৭৩ ] মনে মনে ক’লে, “ম‍ই নক’লে তুমি ভাতৰ গৰাহ মুখত নুতুলিবা।” ভাতৰ পাতত দুই ভায়েকে হাত দি বহি থকা দেখি বাপেকে তেওঁলোকক সুধিলে, “কি হ'ল? ভাত নাখাৱহঁক কিয়।” বৰ কোঁৱৰে ক'লে, দেউতা আমি ভাত খাব নোৱাৰো, ভাতত বিহ দিয়া আছে।” ৰজাই সেইটো ভয় মিছা বুলি উৰাই দিলত, ককায়েকে তাৰে এগৰাহ ভাত ওচৰতে থকা মেকুৰীজনীক খাবলৈ দিলত, মেকুৰীজনীয়ে ভাত গৰাহ খাই থিতাতে মৰি থাকিল। বাপেকে তেতিয়া কুঁৱৰীক কাটিবলৈ হুকুম দিলে।

 ইয়াৰ পিছত কিছুমান দিন বাপেকৰ ৰাজ্যতে দুই কোঁৱৰে মহাসুখে খাই-বৈ থাকি নিজৰ ৰাজ্যলৈ উভতি আহি ৰাজ্য পালন কৰিবলৈ ধৰিলে।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. (এই সাধুটো শ্ৰীযুত বাচাৰাম খাডন্দে তেওঁৰ বুঢ়ীমাকৰ মুখে শুনিছিল। মৰণ কাললৈকে বুঢ়ীমাকৰ দাঁত আছিল। অইন কি তেওঁৰ গাৰ নোমবোৰো পকিছিল। তেওঁক গাঁৱৰ মানুহে পকী-মূৰী আই বুলিছিল। সেইবাবে তেওঁ থকা ঠাইডোখৰক আজিলৈকে পকামূৰা বোলে।)