সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
 

সেইদৰে তাৰ ঘৈণীয়েক সোণপাহীকো শাহুৱেক আৰু জাক কিজনীয়ে মূৰৰ ফুলৰ দৰে ঘৰৰ ভিতৰত ৰাখিছিল; কাৰণ তাই এজনী তাঁত-সূতত বৰ কাজী আছিল।

 লাহে লাহে ৰুদাই-ডাবহী পো-বোৱাৰী নাতি-পুতিৰে একুৰি ষোলটা হ'ল। এনে স্থলত মানুহে ভাবিব পাৰে যে ৰুদাই-ডাবহীয়ে ৰজা- ৰাণীৰ দৰে বহি থাকি পো-বোৱাৰীৰ ওপৰত খাবলৈ ধৰিলে; কিন্তু ৰুদাই-ডাবহী তেনে বিধৰ মানুহ নাছিল। বয়স হৈছিল বুলিও সিহঁতে আগৰ দুখ কৰা স্বভাৱ এৰা নাছিল। সকলো কামতে বুঢ়া-বুঢ়ীহে আগ ডেকা গাভৰুসকল তেওঁলোকৰ পাছে পাছে হে গৈছিল। এদিন ৰুদায়ে হাঁহ-পাৰ মৰাই ৰৌ-চিতল অনাই, গাখীৰ-গুড় গোটাই লৰাকিটাৰে দেখা-শুনাকৈ সুন্দৰৰূপে ভাত এসাঁজ খাবৰ আয়োজন কৰি ঘৈণীয়েকক ৰান্ধিবলৈ দিলে। ঘৈণীয়েকে নানাৰকমৰ মচলা দি ভজা-পোৰা মাছ মঙহ, মাহ, আদখৰীয়া, টেঙাদিয়া আদি সুন্দৰৰূপে ৰান্ধি ৰ'দাই আৰু পুতেকহঁতক খুৱাই, শেহত বোৱাৰীয়েকহঁতৰ লগত নিজে খালে। ইপিনে ৰুদায়ে চ’ৰাঘৰত বহি তামোলৰ বঁটা আগত লৈ সকলোটিকে গোটাই সুধিলে, “বোপাহঁত! ম‍ই আজি কিয় এইদৰে ভোজ খালোঁ, তহঁতে ইয়াৰ কিবা জান নে?” সিহঁতে ক'লে, “পিতাদেউ! আমি ইয়াৰ একো সম্ভেদ :নাপাওঁ; আপুনি ক'লেহে জানিব পাৰিমহঁক।” ৰুদায়ে ক'লে, “মই তহঁতক যি সুধিম সেই কথা ভালকৈ গমি সঁচা কবি। বোপা ৰহাই, কচোন বাৰু, তই কাৰ যহত নো চাউল কঠা খাইছ?” সি ক'লে, “পিতা! ম‍ই ঠিককৈ কৈছোঁ আপোনাৰ যহতহে খাইছোঁ।” এইদৰে তাৰ পিছৰ চাৰিটাক সুধিলত সিহঁতেও ৰহায়ে কোৱা কথাকে ক'লে। সেই উত্তৰত ৰুদায়ে বৰ সন্তোষ পালে। শেহত নুমলীয়া পুতেক নোমলক ৰুদায়ে সুধিলে, “বোপা! তই কচোন, কাৰ বলত নো চাউল-কঠা খাইছ?' নোমলে একে আষাৰে কৈ উঠিল, “পিতাদেউ, কোনে কাৰ বলত খাব পাৰে? সকলোৱে আপোন বলত হে খায়।” তাৰ ঘৈণীয়েক সোণপাহীয়েও গিৰিয়েকে কোৱা কথাকে ক'লে। তেতিয়া ৰুদাইৰ মূৰত বজ্ৰপাত হোৱাৰ দৰে হৈ সি কিছুমান পৰ তবধ লাগি থাকি বৰ