সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
 

কয়, “কত মানুহ মোৰ ওপৰেদিয়েই যাব লাগিছে, তোমালোক গ’লে নো কি হানি আছে। যোৱা আইহঁত, মোক ডেইয়েই যোৱাঁ।” কিন্তু তেওঁলোক সেইদৰে যাবলৈ অসন্মত হ'লে সি অলপ কাতি হৈ বাট এৰি দিয়ে, আৰু সেই পিনেই দুয়ো গুচি যায়। এইদৰে বহুত দিন যোৱাত এদিন শিয়াল পগলাই ভাবিলে, “আজি বাট এৰি নিদিওঁ৷” ইয়াকে ঠিক কৰি সেই সেইদিনাও আগৰদৰে বাটত পথালি দি পৰি থাকিল। ৰজাৰ জীয়েকে তো নামাতেই; পাতৰৰ জীয়েকে মাত লগালে, ‘হেৰ পোক-লগা। বাট এৰি দে। নিতৌ তই কি এইদৰে মাজ বাটত পথালি দি পৰি বাট ভেটি থাক? বাট এৰি দে; নহলে ঠিক কৈছোঁ, আজি বুঢ়ীমাৰে তোক ডেই গুচি যাম।” এই কথা শুনি শিয়াল-পগলাই ক’লে, “যোৱা আইটি যোৱাঁ, কত মানুহ ডেই যাব লাগিছে, তুমি গলে নো কি হ'ল? মই উঠিব নোৱাৰো, তুমি ডেই যোৱা।” এই কথা শুনি পাতৰৰ জীয়েকৰ খং উঠি তাৰ বুকুতে তাই ভৰি দি গুচি গ'ল। কিন্তু ৰজাৰ জীয়েকে নামাতিলে নচলাত পৰিলে দেখি লাহেকৈ মাত লগালে, “শিয়াল-পগলা, মোক অলপ বাট এৰি দিয়াঁ দেও হে। বেলি হ'ল, ঘৰত খং কৰিব।” সি উত্তৰ দিলে— “যোৱা আইটী মোক ডেইয়েই যোৱাঁ, তোমাৰ লগৰীয়া সখীয়েৰাইতো বুকুত ভৰি দিয়েই গ'ল, তুমিও যোৱাঁ, একো হানি নাই।” ৰজাৰ জীয়েকে মিহিকৈ উত্তৰ দিলে, “মই সেইদৰে নেযাওঁ দেও হে; তেওঁ গ'ল, যাওক; মইতো আৰু মোৰ সখী নহওঁ। মোক কৃপা কৰি অলপ কাতি হৈ বাট এৰি দিয়াঁ দেও হে।” ৰজাৰ জীয়েকৰ কথা শুনি শিয়াল-পগলাই ক’লে, “তুমি যদি মোলৈ আহিম বুলি সইত খোৱা তেহে মই বাট এৰি দিম, নহলে নিদিওঁ। তোমাৰ মন যায় যদি ডেইয়েই যোৱা।” শিয়াল-পগলাৰ কথা শুনি ৰজাৰ জীয়েকে মহা মস্কিলত পৰি ভালেখিনি বেলি ভাবি থাকি নিৰুপায় হৈ শেষত ক’লে, “বাৰু সইত সইত তিনি সইত খাই কৈছোঁ তোমালৈ আহিম। এতিয়া তুমি মোক বাট এৰি দিয়াঁ।” ৰজাৰ জীয়েকে তালৈ আহিম বুলি সইত খালত শিয়াল-পগলাই বাট এৰি দিলে।

 ৰজাৰ জীয়েক ঘৰ পায়েই পোনেই ৰোহঘৰত সোমালগৈ। ৰজাৰ