পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9 আন উপায় নাই। সিন্ধি দিলেও, বাপেক নিজেই চোৰ গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হ’ব। ইয়াকে ভাবি আন এটা উপাই চিন্তি সি ওচৰৰ হাবিৰপৰা কেইডালমান দীঘল নল আনিলে। নলকেইডাল লৈ লাহেকৈ সি চালৰ ওপৰত উঠিল আৰু য'ত লোটা- বাটিবিলাক আছিল ঠিক সেইপিনেই এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি লোটা-কলহৰ পানীবিলাক নলেৰে শুহি আনিলে। শেহত বাপেকে সিমানতো সাৰ নোপোৱা দেখি বিন্ধাটো ডাঙৰ কৰি সেইপিনেই সৰকি বেৰেদি বগাই ভিতৰ সোমাল; আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লোটা কলহবোৰ বাহিৰলৈ উলিয়ালে। সিমানতো বাপেকে সাৰ নোপোৱা যেন দেখি সি এডাল জৰী আনি বাপেকক হাতে-ভৰিয়ে বান্ধিলে আৰু এনেভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাটীত শুয়েই আছে নে কি কৰিছে গমকে ধৰিব নোৱাৰিলে। যেতিয়া সি বুঢ়াক মাটিত থ’লেহি তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ শলাগি বস্তুবিলাক ভিতৰ সুমাই শুই থাকিল। এইদৰে বাপেক-পুতেকে নিজ বৃত্তি চলাই-মেলি অনেক দিন আছে। এদিন বাপেক-পুতেক দুয়ো ৰজাৰ ঘৰত ৰাণীৰ অলঙ্কাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ। বহুত আঁতৰৰ পৰা সিহঁতে সিন্ধিটো লৰালৰিকৈ খানি নি ৰাণী শুই থকা পালেঙৰ তলত ওলালগৈ। বাপেক পুতেক দুয়ো পালেঙৰ তলৰপৰা চাই দেখিলে যে বেটী দুজনীৰ টোপনি আহিছে, চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে, ৰাণীয়েও টোপনিত ঘোৰ্ঘোৰাব লাগিছে। ইফালে পালী-পহৰীয়াও নাই। এনেতে বাপেকে পালেঙৰ তলৰপৰা ওলাই ৰাণীৰ গাৰ অলঙ্কাৰবিলাক সোলোকাই আনি পুতেকৰ হাতত দিলে; কিন্তু ডিঙিৰ হাৰধাৰ থাকি গ’ল। সেইদেখি পিছবাৰ সেই হাৰধাৰ আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতেই ৰাণীয়ে সাৰ পাই “কোন কোন” বুলি উঠিল। এনেতে চোৰক মোৰে পালে। পালী পহৰীয়াও জাঁপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি। বুঢ়া সাৰিবৰ উপক্ৰম কৰি সিন্ধিত সোমাওঁতেই তাৰ