সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
 

মাজৰ আলিত গা ৰ'দাই থকা দুৰাকাছ এটা কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, “বান্ধ, এটা দুৰাকাছ দেখিছোঁ।” কণাই ক’লে, “নামা, নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাঁগৈ; কোনে জানে সিও সময়ত উপকাৰ দিব পাৰে।” কণাই এইদৰে পাচি দিলত কুঁজাই হাততসাৰে ভৰিতসাৰে গৈ কাছটো খপ্‌কৰে ধৰি লুটিয়াই পেলালে, আৰু পেলায়েই তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো ধৰি লৈ আহিল।

 এইদৰে দুয়ো গৈ গৈ গধূলিপৰত এক মহা অৰণ্যত ওলালগৈ। সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুঁজাই কণাক ক'লে, “বান্ধ, এইখন মহা অৰণ্য; গধূলিও হৈ আহিছে; তোমাৰো ভাগৰ লাগি আহিছে; ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ; ইয়াতে থাকি ৰাতিটো কটাওঁহঁক আহাঁ।” কণাইও “বাৰ” বুলি কুঁজাৰে সৈতে গৈ সেই ঘৰৰ দূৱাৰ-মুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুঁজাই খপ্‌কৰে বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি খুন্দি বান্ধি পেলালে। দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল; আৰু তেতিয়া সি দেখিলে মহাবিপদ, কোনোবাই বাহিৰৰ পৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰতে বন্দী কৰি পেলালে। সি যে এনেকৈ ঠেকত পৰিব, এইকথা ৰাক্ষসে আগেয়ে নাভাবিছিলেই; এতিয়া সেইদেখি সি নিৰুপায় হৈ ঘৰৰ ভিতৰতে ডেডাউৰিবলৈ ধৰিলে। ডেডাউৰি শুনি কণা আৰু কুঁজা দুয়ো ওফাইদাং মাৰি বাহিৰৰপৰা মাত লগালে, “ভাই, আমি তোৰ ডাবিলৈ ভয় কৰা ভকত নহওঁ! আমি তোতকৈও ডাঙৰ বীৰ; তোৰ নিচিনাটোক আমি আমাৰ টুণৰ টেমিত ভৰাই থৈ চূণেৰে সৈতে পাণত সানি খাই থব পাৰোঁ বুলি জানিবি। তোক মোহাৰি মাৰিলে আমাৰ হাতত গোন্ধৰ ৰাহিৰে একো চিনেই নাথাকিব।” সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰ পৰা ক’লে, “তহঁত যে ইমান ডাঙৰ বীৰ তাৰেই বা চিন কি?” সিহতে উত্তৰ দিলে, “তই যে ইমানকৈ ভিতৰত দমদমাই আছ, তয়েই যে বৰ বীৰ তাৰেই বা চিন কি!” এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰপৰা চুলি এডাল উঘালি ঘৰৰ বাৰ আৰু ছালৰ পানী পাছৰ মাজৰ সুৰুঙাইদি