পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কান্ধতকৈ আনি ৰজাৰ বৰ-চ’ৰাতে বহুৱাই থৈ গুছি গ'ল। পিছদিনা ৰাতিপুৱাই আকৌ সি গৈ বৰচ’ৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ। ৰাতিপুৱা ৰজাৰ মানুহবিলাক উঠি দেখে যে, ৰজাৰ পুৰোহিতে চোৰে নিয়া ৰজাঘৰীয়া অলঙ্কাৰবোৰ পিন্ধি ৰজাৰ চ’ৰাত বহি আছে। এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ। ৰজা লৰালৰিকৈ আহি দেখে যে কথা সঁচা; পুৰোহিতে ক’লে যে কোনে তেওঁক ৰাতি সেইদৰে তাত বহুৱাই থ'লে তেওঁ ক'ব নোৱাৰে। ৰজাই ঘাই বিষয়াসকলেৰে সৈতে মেলত বহিল। শেষত কোনোমতে চোৰ উলিয়াবৰ বুধি নাপাই ৰজাই চোৰক ধন্যবাদ দিব লগাত পৰিল। তেতিয়া ৰজাই ক’লে যে, “যদি মই এই চোৰটোক পাওঁ, তেন্তে সত্যে সত্যে কৈছোঁ তাক মোৰ ডেকা মন্ত্ৰী পাতিম।” এই কথা শুনি বৰচোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি পৰি ক’লে, “স্বৰ্গদেউ! কাটক বা মাৰক, ময়ে সেই চোৰ”। পাত্ৰ-মন্ত্ৰী সকলো আচৰিত হ’ল, ৰজাই অবাক। কিন্তু এতিয়া আৰু কি প্ৰতিজ্ঞা কৰিলে যেতিয়া তেওঁ তাক ডেকা-মন্ত্ৰী পাতিব কৰিব? লগীয়া হ'ল। ককা। নাতি। ককা। - ১১ - - চতুৰ্থ সাধু “কালিৰ সাধুটো কেনে লাগিল। দীঘল নহয় নে?” “ভাল লাগিছে; কিন্তু আৰু অলপ দীঘল হোৱাহেঁতেন আৰু ভাল হ'লহেঁতেন। আজি কিন্তু তাতকৈও এটা দীঘল ক’ব লাগিব।” “কওঁ শুন।”