সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
 

তেওঁক নিবলৈ কৈছে, সোনকালে ওলোৱা।” মন্ত্ৰীৰ ল'ৰাই ভাবিলে, ৰজাই যদি ৰাগ দিয়া বাবে কিবা বেবেৰিবাং লগাই জগৰতহে পৰিব পাৰে, এতেকে পাৰো যদি মই নিজৰ গাতে দায় লৈ কৈ-মেলি সাৰি আহোঁ আৰু নোৱাৰোঁ যদি তেওঁৰ হকে ময়েই বিপদত পৰোঁ, তেৱেঁই ভালে-কুশলে থাকি ৰাজ্যলৈ উভতি যাওক। ইয়াকে ভাবি, ৰাগ দিয়া মানুহজন ময়ে বুলি গাত লৈ মন্ত্ৰীৰ ল'ৰা বান্দীজনীৰ লগত ৰজাৰ ঘৰৰ ভিতৰলৈ গ'ল। মন্ত্ৰীৰ ল'ৰাক ৰজাৰ আগত শোধাই দিয়া হ'লত ৰজাই তেওঁক সুধিলে, “আজি ৰাতি তুমি ৰাগ দিছিলা নে?” মন্ত্ৰীৰ ল'ৰাই উত্তৰ দিলে, “হয় স্বৰ্গদেউ।” উত্তৰ শুনি ৰজাই এডোখৰ ভাল ঠাই দেখুৱাই ক’লে, “তুমি মোৰ দোচোৰা আদেশ নুশুনালৈকে এই ঠাইতে বহি থাকা।” মন্ত্ৰীৰ ল'ৰায়ো ঈশ্বৰক চিন্তি ৰজাই দেখুওৱা ঠাইখিনিতে বহি থাকিল।

 ইফালে ৰজাৰ ল'ৰাই টোপনিৰ পৰা সাৰ পাই দেখে যে, তেওঁৰ সখিয়েক ওচৰত নাই। সখিয়েকক নেদেখি তেওঁ বিচূৰ্তি হ'ল। নানাৰকম শোক, দুখ ভাবনাই তেওঁৰ মন খলক লগালে। ৰজাব ল'ৰাই ভাবিবলৈ ধৰিলে, আজি ইমান দিন সখিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ম‍ই মহা সুখে কটালোঁ; এতিয়া সখিয়ে মোক এনে বিপদত পেলাইনো মোক এৰি ক'লৈ গ'ল? আৰু মইনো এতিয়া অকলে কলৈ যাওঁ, ক'ত থাকোঁ? ঈশ্বৰেনো মোক বিপদত পেলাবলৈহে এই বিদেশলৈ লৈ আহিছিল নেকি? এইবিলাক কথা ভাবি-চিন্তি তেওঁ ৰজাৰ ঘৰৰপৰা বাহিৰ ওলাল আৰু গোটেই নগৰতে সখিয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে। দিনৰ দিনটো ভাত-পানী এৰি ৰজাৰ ল'ৰাই সখিয়েকক বিচাৰি ক’তো নেপাই শেহত গধূলি বেলিকা সেই ৰজাৰ নগৰৰে এজন সাউদৰ ঘৰত ওলালগৈ। সাউদে গধূলি পৰত তেওঁক অহা দেখি ক'ৰপৰা আহিছে সুধিলে। ৰজাৰ ল'ৰাই “মই অকলশৰীয়া মানুহ, মোৰ ঘৰ-দুৱাৰৰ ঠিক নাই, য'তে পাওঁ ত'তে থাকো” বুলি মিছাকৈয়ে চিনাকি দিলে। তেতিয়া সাউদে সুধিলে, “যদি তোমাৰ ঘৰ-দুৱাৰ ঠিক নাই, তেনেহ'লে ময়ে ৰাখোঁ, মোৰ ইয়াতে থাকা।” ৰজাৰ ল'ৰায়ো “ৰাখিলে থাকিবও পাৰোঁ ”