পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল'লে। সেই দিনাৰপৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰো মহা মিত্ৰ হ’ল। এদিন পাৰ্বতীৰ বাঘে সমাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক’লৈ, “স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পা। যা খা গৈ।” বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰপৰা হাতী পানী খাবলৈ আহিলত বাঘে হাতীক ক’লে, “ককাই, আজি তোৰ মূৰটো সমাজিকত খাইছিলো, পিছে ডিঠকতো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে; এতেকে এতিয়া মই তোক খাওঁ। তই কি কৰ কৰি ল বেগতে।” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ’ল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক ক’লে, “বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই; কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেউক সুধি লওঁ। এতেকে ব’লা আমি তিনিও মহাদেউৰ ওচৰলৈ যাওঁ।” বাঘ ফেঁচাৰ কথাত সন্মত হ'লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সোধাত ফেঁচাই চক্‌মক্‌ খাই সাৰ পোৱা যেন দেখুৱাই ক’লে, “প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলোঁ; পাছে ডিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম?” মহাদেৱে ক’লে, “স্বপ্নত পালি বুলিয়েই পাবি নে? নেপাৱ।” ফেঁচাই ক’লৈ, “কিয়, তেনেহ'লে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি ডিঠকত খাবলৈ পালে?” মহাদেৱে ক'লে, “অ, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে।” এনেতে হাতী আৰু বাঘ আহি ওলালহি। বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ'ল, হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল।