সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
 

ৰজাঘৰীয়া সকলোৱে হৰ্ষ পালে; কাৰণ ৰজাৰ পুতেকে ইমান সুৰীয়াকৈ ৰাগ দিছিল যে, এনে শুৱলা সুৰীয়া ৰাগ তেওঁলোকে আৰু আগেয়ে কেতিয়াও শুনা নাছিল। ৰজাৰ এজনী গাভৰু ছোৱালী আছিল। ৰাগটিয়ে সেই ছোৱালীজনীৰ মনটোহে সৰহকৈ বিন্ধিলে। ছোৱালীজনী ৰাগ শুনি ইমান মোহিত হৈছিল যে, তেওঁ লাজ-কাজ এৰি, সেই ৰাগ দিয়া অতিথি ডেকাজনৰ লগত তেওঁক বিয়া দিব লাগিব বুলি মাকক ক'লে আৰু নিদিলে আত্মঘাতী হ'ব বুলি ক'লে। মাকে জীয়েকৰ কথা শুনি অসন্তোষ মনেৰে বুজাবলৈ ধৰিলে— “আই! তুমি ৰজাৰ জীয়াৰী হৈ অচিনাকি মানুহৰ লগত বিয়া সোমাব খোজা, ই বৰ বেজাৰৰ কথা অতিথিৰ জাতি-কুলৰ ঠিক নাই, স্বভাৱ-চৰিত্ৰৰ বিষয়ে আমি একো নাজানো, এনে থলত যদি আমি তোমাক সেই আলহীলৈ বিয়া দিওঁ তেন্তেনো লোকে আমাক কি বুলিব? এতেকে তুমি তেনে কথা নক'বা।” কিন্তু জীয়েকে মাকৰ বুজনি নুশুনিলে। জীয়েকে ক'লে যে তেওঁক আলহীলৈ বিয়া নিদিলে তেওঁ প্ৰাণ এৰিব। মাকে জীয়েকৰ কথাত বিবুধি হৈ ৰজাৰ আগত সেই কথা ক'লেহি। ৰজায়ো মনত বেয়া পাই, জীয়েকক মতাই নি কত বুজাবলৈ ধৰিলে, কিন্তু জীয়েকে সেই বুজনিও নমনাত পৰিল। অন্তত ৰজাই ৰাণীয়ে একো উপায় নাপাই আলহীলৈকে জীয়েকক বিয়া দিবলৈ সন্মত হৈ জীয়েকক ক’লে, “আই অ’ যি থাকে কপালত, তোৰ কথামতে আলহীৰ লগতে তোক বিয়া দিম, আজি ৰাতি শুই থাকগৈ।” এইবিলাক গোলমালৰ পিছত তিনিওজনাই নিজ নিজ ঠাইত শুলেগৈ, কিন্তু ৰাতি এজনৰো টোপনি নাহিল। তিনিওজনাই এইবিলাক কথা ভাবি-চিন্তি থাকোতেই ৰাতি পুৱাল। ৰাতিপুৱা সকলো নিজ নিজ শোৱাপাটী এৰি উঠি আহিল। আলহীজোৰা ৰাতিপুৱা কোনোবাফালে গুচি যায় বুলি সিহঁতক ৰাখিবৰ নিমিত্তে ৰজাই বান্দী এজনীক মাতি আনি ক'লে, “আজি ৰাতি আমাৰ আলহী দুজনৰ কোনজনে ৰাগ দিছিল সেইজনক মাতি আন।” ৰজাৰ আদেশ শুনি বান্দীজনী আলহী থকা ঘৰলৈ গ'ল। সিফালে মন্ত্ৰীৰ ল'ৰাই শোৱাপাটি এৰি উঠি আহিছে, ৰজাৰ ল'ৰা উঠাই নাই। এনেতে বান্দীজনীয়ে মন্ত্ৰীৰ ল'ৰাক সুধিলে, “আজি ৰাতি কোনজনে ৰাগ দিছিলা? ৰজাই মোক